Join WhatsApp

Join Now

Join Telegram

Join Now

ধাতু বিভাজন । Classification of Roots in Assamese 2026

By Nzmina Begum

Published On:

ধাতু বিভাজন । Classification of Roots in Assamese

অসমীয়াত ধাতু বিভাজন Classification of Roots in Assamese

ধাতু বিভাজন Classification of Roots in Assamese: আজি আমি এই লিখনিত (ধাতু বিভাজন । Classification of Roots) বিষয় আলোচনা কৰিব প্রাইস কৰিছো। আশা কৰো সহায় হব, আৰু আপুনি সঠিক জেগাত উপনীত হৈছে।

👉 Read also:

যি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে ক্ৰিয়া বোলে। পুৰুষ, প্ৰকাশৰ ধৰণ, উদ্দেশ্য আৰু কাল অনুযায়ী ক্ৰিয়াৰ ৰূপৰ সলনি হয়। যেনে–

মই  ভাত খাওঁ।

তুমি ভাত খালা।

তেখেতে ভাত খাব।

ওপৰৰ বাক্যবোৰত থকা ‘খাওঁ, ‘খালা’, ‘খাব’ আদি ক্ৰিয়া পদ। এই পদবোৰৰ ‘খা’ ক্ৰিয়া পদৰ মূল ৰূপ।

ক্ৰিয়াৰ মূল ৰূপকে ধাতু (Root) বোলে। বাক্য এটিত ক্ৰিয়াৰ গুৰুত্ব যথেষ্ঠ কিয়নো ক্ৰিয়া নোহোৱাকৈ কোনো বাক্য হ’ব নোৱাৰে। বিভক্তি যোগ হৈ ক্ৰিয়া এটাই ভিন ভিন সময়ত ভিন ভিন ৰূপ লয়। কিন্তু প্ৰতিটো ক্ৰিয়াৰে একোটা মূল ৰূপ আছে।উদাহৰণ– কৰ, খা, ধৰ, কান্দ, চৰ, উৰ, উঠ, বহ, লিখ, দেখ, দে, যা  ইত্যাদ।

বৈশিষ্ট্য অনুযায়ী অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) মৌলিক বা সিদ্ধ ধাতু (Primary Roots)

(২) মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots) আৰু

(৩) যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots)।

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

মৌলিক বা সিদ্ধ ধাতু (Primary Roots)

যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। উদাহৰণ– , আহ, শুন, কৰ, যা, বহ, হাঁহ, পঢ়  ইত্যাদি।

মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots)

মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– মনকৰ, ক্ষতিকৰ, লাভকৰ,  ভিক্ষাকৰ,  ৰক্ষাকৰ,  ইত্যাদি।

যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots)

মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে যৌগিক ধাতু বোলে।  উদাহৰণ–

ধৰ —- ধৰা

চৰ — চৰা

ডবি — ডবিয়া

দি —- দিয়া

কিল — কিলা

লাঠি — লঠিয়া

বৈশিষ্ট্য অনুযায়ী যৌগিক বা সাধিত ধাতু তিনিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) পাঁচনী ধাতু (Causative)

(খ) নাম ধাতু (Denominative) আৰু

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) পাঁচনী ধাতু (Causative)

আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে। যেনে ঃ

ধৰ— ধৰা

খা —- খুৱা

কৰ — কৰা

দি — দিয়া  ইত্যাদি।

(খ) নাম ধাতু (Denominative)

বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। উদাহৰণ–

মৰ —- মৰা

ডবি — ডবিয়া

চৰ — চৰা

লাঠি — লঠিয়া  ইত্যাদি।

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic)

কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে।  উদাহৰণ–

কিনকিনা (বৰষুণৰ শব্দ)

কলকলা (পানী বৈ যোৱাৰ শব্দ)

গিৰগিৰা (মেঘৰ শব্দ)

ডুম ডুম (ঢুলৰ শব্দ)  ইত্যাদি।

অনুশীলনী

(১) ধাতু বুলিলে কি বুজা?

(২) ধাতু কেই প্ৰকাৰৰ ?

(৩) মৌলিক ধাতু কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  মিশ্ৰ  ধাতু কাক বোলে? বুজাই লিখা।

(৫)  যৌগিক ধাতু কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  যৌগিক ধাতু কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৭) তলত দিয়া ধাতুবোৰৰ মূল (ধাতুৰূপ) কি কোৱা।

দিয়া, লঠিয়া, কিলা, খুওৱা, ধৰা, ডবিয়া, চৰা,  পঢ়া, মাৰিলে।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ (ধাতু বিভাজন। Classification of Roots) যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

3 thoughts on “ধাতু বিভাজন । Classification of Roots in Assamese 2026”

Leave a Comment