Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত পদ Parts of Speech in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়াত পদ Parts of Speech in Assamese

অসমীয়াত পদ Parts of Speech in Assamese

অসমীয়া ভাষাত, ‘পদ Parts of Speech’ বুলি সেই শব্দবোৰক কোৱা হয় যিবোৰ বাক্য গঠন কৰিবলৈ ব্যৱহৃত হয়। প্ৰত্যেক শব্দৰ নিজস্ব এক ভাষাগত ভূমিকা থাকে, আৰু সেই অনুসৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়। আজি আমি এই লিখনিত পদ Parts of Speech আলোচনা কৰিব প্রাইস কৰিছো।

👉 Read also:

কিছুমান অৰ্থপূৰ্ণ শব্দ যেতিয়া ব্যাকৰণিক বিধি মতে লগলাগি কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক বাক্য (Sentence) বুলি কোৱা হয়। কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একো একোটা পদ (Parts of Speech)। উদাহৰণ–

ৰাম এজন ভাল ল’ৰা।

ওপৰৰ বাক্যটোত চাৰিটা অৰ্থব্যঞ্জক শব্দ আছে, যথা– ‘ৰাম’, ‘এজন’, ‘ভাল’ আৰু ‘ল’ৰা’। ইয়াৰ প্ৰতিটো শব্দই একো একোটা পদ।

গঠন আৰু বৈশিষ্ট্য অনুযায়ী অসমীয়া পদবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনে–

(১) সব্যয় পদ (Declinables) আৰু

(২) অব্যয় পদ (Indeclinables)

বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যুক্ত হৈ বাক্য ভেদে ভিন ভিন ৰূপ  গ্রহণ কৰা শব্দবোৰক সব্যয় পদ বোলে। উদাহৰণ–

গনেশ এজন শিক্ষক। ভাল শিক্ষকে ভালদৰে পঢ়ায়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰে।

উপৰি উক্ত প্ৰথম বাক্যটোত ‘শিক্ষক’ এটি পদ । এই পদটি দ্বিতীয় আৰু তৃতীয় বাক্যত ৰূপ সলাই ক্ৰমে ‘শিক্ষকে’ আৰু ‘শিক্ষকক’ হৈছে। অৰ্থাৎ ‘শিক্ষক’ পদটিৰ লগত দ্বিতীয় আৰু তৃতীয় বাক্যটিত বিভক্তি যোগ হৈছে।  সেয়ে ‘শিক্ষক’ পদটি সব্যয় পদ।

বিঃদ্ৰঃ বাক্যত ব্যৱহাৰ হোৱা শব্দৰ পিছত যোগ হোৱা চিনবোৰক বিভক্তি বোলে।

আনহাতে বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যোগ নোহোৱা আৰু বাক্য ভেদে ভিন্ন ৰূপ গ্রহণ নকৰা শব্দবোৰক অব্যয় পদ বোলে। উদাহৰণ–

ৰাজু বা প্রীতি তালৈ যোৱা।

ৰামু  আৰু তপু দুয়োজনেই ভাল ল’ৰা।

উক্ত বাক্য দুটাত ব্যৱহাৰ হোৱা ‘বা’ আৰু ‘আৰু’ পদ দুটি অব্যয় পদ। এই পদটিৰ লগত কোনো বিভক্তি যোগ হোৱা নাই।

অসমীয়া ভাষাৰ পদবোৰক মুঠতে পাঁচ ভাগত  ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য (Noun)

(২) সৰ্বনাম (Pronoun)

(৩) বিশেষণ (Adjective)

(৪) ক্ৰিয়া (Verb) আৰু

(৫) অব্যয় (Indeclinables)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। বিশেষ্য (Noun)

যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। অৰ্থাৎ নাম মাত্ৰেই বিশেষ্য। উদাহৰণ–

দিবেন এজন ল’ৰা।

হীৰা মূল্যবান ধাতু।

মাদ্রাজ ডাঙৰ চহৰ।

ক্ষমা মহান গুণ।

উক্ত বাক্যবোৰত ‘দিবেন’, ‘হীৰা’, ‘মাদ্রাজ ’, ‘ক্ষমা ’ আদি শব্দই ক্ৰমে মানুহৰ নাম, ধাতুৰ নাম, ঠাইৰ নাম আৰু গুণৰ নাম বুজাইছে। এইবোৰেই একো একোটা বিশেষ্য।

২। সবৰ্বনাম (Pronoun)

বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বোলে। উদাহৰণ–

দিব্য এজন ভাল ছাত্ৰ।

তেওঁ অষ্টম শ্ৰেণীত পঢ়ে।

ওপৰৰ দুটা বাক্যৰ প্ৰথমটোত ব্যৱহাৰ হোৱা ‘দিব্য’ পদটো বিশেষ্য পদ। দ্বিতীয় বাক্যটোত ব্যৱহাৰ হোৱা ‘তেওঁ’ পদটি সবৰ্বনাম। কিয়নো ‘তেওঁ’ পদটি ‘দিব্য’ পদৰ সলনি ব্যৱহাৰ কৰা হৈছে।

কিছুমান বিশেষ্য পদৰ উদাহৰণ হ’ল– তাই, আমি, সি, তেওঁ, সিহঁত, তেওঁলোক, আমালোক, আপোনালোক, তেখেত, তেখেতসকল ইত্যাদি।

৩। বিশেষণ (Adjective)

যি পদে কোনো বিশেষ্য বা সর্ব্বনাম পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলে। উদাহৰণ–

কনক এজন ভাল ল’ৰা।

গীতা এজনী দুষ্ট ছোৱালী।

ডালিমটো পকা।

তত চাৰিখন কিতাপ আছে।

মোক দুই লিটাৰ মিঠাতেল দিয়া।

ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘ভাল’ ‘দুষ্ট’, ‘পকা’, চাৰিখন’, ‘দুই লিটাৰ’ আদি শব্দবোৰে ক্ৰমে গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদিক বুজাইছে। এইবোৰেই বিশেষণ পদ।

৪। ক্ৰিয়া (Verb)

যি পদে কোনো কাম কৰা বা নকৰা অৰ্থ বুজায় তাকে ক্ৰিয়া বোলে। যেনে–

আমি আম খাওঁ।

তোমালোক আহিলা।

তাই এখন চিঠি লিখিছে।

সিহঁতে কামটো নকৰিলে।

ওপৰৰ বাক্যবোৰত ‘খাওঁ’, ‘আহিল’, ‘লিখিছে’, ‘নকৰিলে’ আদি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজাইছে। এই পদবোৰেই ক্ৰিয়া।

৫। অব্যয় পদ (Indeclinables)

বাক্যত ব্যৱহাৰ হওঁতে যি পদৰ লগত কোনো বিভক্তি যোগ নহয় তাকে অব্যয় পদ বোলে। উদাহৰণ–

ৰাজেন অথবা তেওঁৰ ভাইটিয়ে খিৰিকীটো ভাঙিলে।

ৰাম আৰু যদু দুয়ো বন্ধু।

তেওঁ বা তেওঁৰ  বন্ধুয়ে  ভাল খেলে।

উক্ত বাক্য দুটাত ‘অথবা’,  ‘নাইবা’ ‘আৰু’ ‘বা’ – পদকেইটি অব্যয় পদ।

অনুশীলনী

(১) পদ কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে?

(৩) সব্যয় পদ বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৪) অব্যয় পদ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫) বিশেষ্য বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।।

(৬)  সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৭)  বিশেষণ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৮) ক্ৰিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৯) তলত দিয়া বাক্যবোৰৰ কোনটো কি পদ লিখা–

(ক) সিহঁত ভাল।

(খ) সি এজন গুণী ছাত্র।

(গ) তাত তিনিখন কিতাপ আছে।

(ঘ) ৰাজেন এজন ভাল ডাক্টৰ।

(ঙ) তুমি বা তাই দোষী।

(চ) দিল্লী ভাৰতৰ ৰাজধানী।

(ছ) তোমাৰ দেউতা এজন ভাল খেলুৱৈ।

(জ) সোন এবিধ মূল্যবান ধাতু।

(ঝ) দয়া এক মানৱীয় গুণ।

(ঞ) তুমি বা তোমাৰ ভন্টীয়ে কামটো কৰিলে।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

2 thoughts on “অসমীয়াত পদ Parts of Speech in Assamese 2026”

Leave a Comment