Join WhatsApp

Join Now

Join Telegram

Join Now

কার্যপালিকা Class 11 Political Science Chapter 4 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কার্যপালিকা‘ পাঠটিৰ Class 11 Political Science Chapter 4 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

কার্যপালিকা Class 11 Political Science Chapter 4 Solutions

কার্যপালিকা Class 11 Political Science Chapter 4 Solutions Notes

👉 Read Also:

কার্যপালিকা

শাখা-ক অধ্যায়-৪

অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। এটি সংসদীয় কাৰ্যপালিকাৰ অৰ্থ হ’ল-

(ক) এটি সংসদ থকা কার্যপালিকা।

(খ) সংসদৰ দ্বাৰা নিৰ্বাচিত কাৰ্যপালিকা।

(গ) সংসদ য’ত কার্যপালিকা হিচাপে কার্যনির্বাহ কৰে।

(ঘ) সংসদ সংখ্যাগৰিষ্ঠৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰা কার্যপালিকা।

উত্তৰঃ (ঘ) সংসদ সংখ্যাগৰিষ্ঠৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।

২। কার্যপালিকা কি?

উত্তৰঃ আইন কাৰ্যকৰীকৰণৰ লগত জড়িত চৰকাৰৰ বিশেষ অংগটোৱেই হ’ল কার্যপালিকা।

৩। নামমাত্র কার্যপালিকাৰ এটি উদাহৰণ দিয়া।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি।

৪। একক কার্যপালিকাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি।

৫। ৰাষ্ট্ৰপতি শাসন ব্যৱস্থাত প্রকৃত কার্যপালিকা কোন?

উত্তৰঃ ৰাষ্ট্ৰপতি।

৬। বহুব্যক্তি কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ চুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পৰিষদ।

৭। সংসদীয় গণতন্ত্ৰত চৰকাৰৰ প্ৰধান কোন?

উত্তৰঃ প্রধান মন্ত্রী।

৮। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ মতে ভাৰতৰ এজন উপৰাষ্ট্ৰপতি থাকিব?

উত্তৰঃ ৬৩ নং অনুচ্ছেদমতে।

৯। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

উত্তৰঃ ৫ বছৰ।

১০। ৰাষ্ট্ৰপতি পদ প্রার্থীৰ বাবে নিম্নতম বয়স কিমান?

উত্তৰঃ ৩৫ বছৰ।

১১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতি পদৰ ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ ৫২ নং অনুচ্ছেদত।

১২। ভাৰতত চৰকাৰৰ মুৰব্বী কোন?

উত্তৰঃ প্রধান মন্ত্রী।

১৩। উত্তৰাধিকাৰী সূত্রে মনোনীত কাৰ্যপালিকাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ইংলণ্ডৰ ৰজা বা ৰাণী।

১৪। সংসদীয় কার্যপালিকা থকা এখন দেশৰ নাম লিখা।

উত্তৰঃ ভাৰতবর্ষ।

১৫। মন্ত্ৰী পৰিষদৰ বৈঠক কোনে আহ্বান কবে?

উত্তৰঃ প্ৰধান মন্ত্রীয়ে।

১৬। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্রধান বিচাৰপতিয়ে।

১৭। ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাবে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

১৮। ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন?

উত্তৰঃ ৰাষ্ট্ৰপতি।

১৯। ভাৰতৰ প্ৰধান মন্ত্রীক কোনে নিয়োগ কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

২০। ৰাষ্ট্ৰপতিৰ পদ শূন্য হ’লে কোনে সেই দায়িত্ব পালন কৰে?

উত্তৰঃ উপ-বাষ্ট্রপতিয়ে।

২১। ৰাষ্ট্ৰপতিক কোনে পদৰ পৰা অপসাৰণ কৰিব পাৰে?

উত্তৰঃ সংসদে।

২২। কি নির্বাচন পদ্ধতিত ৰাষ্ট্ৰপতিক নির্বাচন কৰা হয়?

উত্তৰঃ পৰোক্ষ নির্বাচন পদ্ধতিত।

২৩। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে কোরা হৈছে?

উত্তৰঃ ৩৬৫ নং অনুচ্ছেদত।

২৪। ৰাজ্যিক শাসন ব্যবস্থাত কোনে স্বেচ্ছাধীন ক্ষমতা ভোগ কৰে?

উত্তৰঃ ৰাজ্যপালে।

২৫। সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীক নিয়োগ কৰা হয়?

উত্তৰঃ ১৬৪ নং অনুচ্ছেদ অনুসৰি।

২৬। ৰাজ্যিক মন্ত্রীসভাত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ ৰাজ্যপালে।

২৭। ৰাজ্যপালক কোনে নিয়োগ কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

২৮। ৰাজ্যপালক কোনে অপসাৰিত কৰিব পাৰে?

উত্তৰঃ ৰাজ্যিক বিধান সভাই।

২৯। ৰাজ্যপালৰ কার্যকাল কিমান?

উত্তৰঃ ৫ বছৰ।

৩০। ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰঃ ২ জন।

৩১। ৰাজ্যসভাৰ পদেন সভাপতি কোন?

উত্তৰঃ উপৰাষ্ট্ৰপতি।

৩২। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান জন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰঃ ১২ জন।

৩৩। কোনো মন্ত্রী সংসদৰ সদস্য নহ’লে কিমান দিনৰ ভিতৰত সদস্য হ’ব লাগে?

উত্তৰঃ ছয় মাহৰ ভিতৰত।

৩৪। উপৰাষ্ট্ৰপতি নির্বাচনত বিধান সভাৰ সদস্যই অংশ গ্রহণ কৰিব পাৰেনে?

উত্তৰঃ নোৱাৰে।

৩৫। ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত কোনে ৰাষ্ট্ৰপতিৰ কাম চলায়?

উত্তৰঃ উচ্চতম ন্যায়লায়ৰ মুখ্য ন্যায়াধীশে।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। কার্যপালিকা বুলিলে কি বুজায়?

উত্তৰঃ চৰকাৰৰ যি অংগই প্রশাসনীয় কার্যচোৱা-চিতা কৰে, তাকে কার্যপালিকা বোলে। ৰাষ্ট্ৰপ্রধান, মন্ত্রীসকল আৰু প্রশাসনৰ কর্মচাৰীসকলক লৈ কার্যপালিকা গঠন হয়।

২। ৰাজনৈতিক কার্যপালিকা কি?

উত্তৰঃ নিৰ্বাচন, মনোনয়ন বা উত্তৰাধিকাৰী সূত্রে লাভ কৰা শাসনৰ শীর্ষ পদাধিকাৰী ব্যক্তিজনেই হৈছে ‘ৰাজনৈতিক কাৰ্যপালিকা’। ৰাজনৈতিক কাৰ্যপালিকাৰ কাৰ্যকালৰ নির্দিষ্ট সময় থাকে। তেওঁলোক নিজ কার্যকলাপৰ বাবে জনাধাৰণৰ ও চৰত দায়বদ্ধ থাকে।

৩। অৰাজনৈতিক বা স্থায়ী কার্যপালিকা কি?

উত্তৰঃ প্রশাসনত স্থায়ীভাবে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলেই হ’ল অৰাজনৈতিক বা স্থায়ী কার্যপালিকা। প্রতিযোগিতামূলক পৰীক্ষাৰ যোগেদি নিযুক্তি লাভ কৰা অসামৰিক সেৱাৰ বিষয়াসকল তথা আমোলাসকল হৈছে ৰাজনৈতিক কার্যপালিকা। তেওঁলোক স্থায়ী কর্মচাৰী আৰু প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰে বাবে তেওঁলোকক ‘স্থায়ী কার্যপালিকা’ বুলি কোৱা হয়।

👉 Read Also:

৪। ৰাজ্যপালৰ পদ প্রার্থীৰ দুটা অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যপাল পদৰ প্রার্থী এজনৰ থাকিব লগা দুটা অর্হতা
হৈছে:

(১) প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

(২) প্রার্থীজনৰ বয়স কমেও ৩৫ বছৰ হ’ব লাগিব।

চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। ভাৰতৰ ৰাষ্ট্ৰপতিক কেনেকৈ তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী। কোনো গুৰুতৰ অপৰাধৰ বাহিৰে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ আনিব নোৱাৰি। বিশেষকৈ অসৎ ব্যৱহাৰ, অযোগ্যতা, সংবিধান উলংঘা বা দেশদ্রোহীতা আদি অপৰাধত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ আনিব পাৰি।
এনে অভিযোগ সংদৰ যিকোনো সদত উত্থাপন কৰিব পাৰি। মহাঅভিযোগ প্রস্তার উত্থাপনৰ বাবে যিখন সদনে অভিযোগ আনে সেই সদনৰ কম পক্ষেও এক চতুর্থাংশ সদস্যৰ দ্বাৰা স্বাক্ষৰিত এক জাননী ১৪ দিন আগতে ৰাষ্ট্ৰপতিলৈ প্রেৰণ কৰিব লাগে। এনে মহাঅভিযোগ সেই সদনত পুংখানুপুংখভাৱে পৰীক্ষা কৰি দুই তৃতীয়াংশ সদস্যৰ সমর্থনত গৃহীত হ’ব লাগে। এনেদৰে এখন সংসদত প্রস্তাৱটো গৃহীত হোৱাৰ পিছত আনখন সদনলৈ অনুসন্ধান আৰু গ্ৰহণৰ বাবে পঠাব লাগে। আনখন সদনেও প্রস্তাৱটো দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত গৃহীত কৰিলে ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব লাগে।

২। ভাৰতবৰ্ষত অসামৰিক সেৱাৰ বিষয়াসকলক কোনে বাছনি কবে? ভাৰতবৰ্ষত কি কি অসামৰিক সেৱাৰ প্ৰচলন আছে?

উত্তৰঃ ভাৰতবৰ্ষত অসামৰিক সেৱাৰ বিষয়াসকলক কেন্দ্রীয় লোকসেৱা আয়োগে বাছনি কৰে।
ভাৰতত তিনি প্ৰকাৰৰ অসামৰিক সেৱাৰ প্রচলন আছে। যেনে-

(ক) সৰ্বভাৰতীয় সেবা।

(খ) কেন্দ্রীয় সেৱা আৰু

(গ) ৰাজ্যিক সেরা।

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। মন্ত্রী পৰিষদ কিদৰে গঠন কৰা হয়? ইয়াৰ কাৰ্যাবলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৭৫ নং অনুচ্ছেদ অনুযায়ী সাধাৰণ নির্বাচন হৈ যোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাগৰাকীক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। প্ৰধানমন্ত্ৰীৰ পৰামর্শ অনুযায়ী ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রীসকল যিকোনো এটা সদনৰ সদস্য হ’ব লাগে। ২০০৩ চনত সংবিধানৰ ৯১ তম সংশোধনীৰ দ্বাৰা চৰকাৰ গঠন কৰা দলৰ মুঠ ১৫ শতাংশ সদস্যই মন্ত্রীসভা গঠন কৰিব লাগে। মন্ত্ৰী পৰিষদত তিনি শ্ৰেণীৰ মন্ত্ৰী থাকে। যথাঃ কেবিনেট পর্যায়ৰ মন্ত্রী, ৰাজ্যিক মন্ত্রী আৰু উপমন্ত্রী। প্রধান মন্ত্ৰীৰ নিত্যান্ত আস্থাভাজন আৰু অভিজ্ঞসকলক কেবিনেট পর্যায়ৰ মন্ত্রী হিচাপে নিয়োগ কৰা হয়। প্রধান মন্ত্রীয়ে কেবিনেটৰ সভাত সভাপতিত্ব কৰে। মন্ত্রীপৰিষদক প্রকৃত কাৰ্যপালিকা বুলি ধৰা হয়। মন্ত্ৰী পৰিষদৰ কার্যাবলী সংক্ষেপে তলত দিয়া ধৰণৰ-

(১) নীতি নির্ধাৰণ: শাসন ব্যৱস্থাৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি নির্ধাৰণ কৰাটো মন্ত্ৰী পৰিষদৰ প্ৰধান কাম।

(২) শাসন বিভাগ পৰিচালনা: মন্ত্রীপৰিষদে দেশৰ শাসন বিভাগক পৰিচালনা কৰে। ইচৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধন কৰে আৰু বিভিন্ন দপ্তৰৰ তত্ত্বাৱধান কৰে।

(৩) আইন প্রণয়ন: মন্ত্রী পৰিষদৰ আন এক কাম হৈছে আইন প্রণয়ন কার্য নিয়ন্ত্ৰণ কৰা। সংসদত উত্থাপন কৰিব লগা আইন বিষয়ক প্রস্তাৱসমূহ মন্ত্রীসকলে কৰিব লগা হয়।

(৪) বৈদেশিক নীতি নির্ধাৰণ: মন্ত্রীপৰিষদে বৈদেশিক নীতি ৰচনা কৰে। বিদেশৰ লগত সম্পর্ক কেনে হব সেই বিষয়ে মন্ত্রী সভাই সিদ্ধান্ত গ্রহণ কৰিব লাগে।

(৫) নিযুক্তি নিয়ন্ত্রণ: চৰকাৰৰ গুৰুত্বপূর্ণ পদসমূহত নিযুক্তিৰ বাবে মন্ত্রীসভাই উপযুক্ত ব্যক্তিৰ বাছনি কৰে। সেইদৰে মন্ত্রী সভাই উচ্চ পদস্থ বিষয়াৰ নিযুক্তি, স্থানান্তৰ আৰু নিয়ন্ত্রণ কৰে।

(৬) জৰুৰীকালীন ক্ষমতাঃ ৰাষ্ট্ৰত জৰুৰীকালীন অবস্থা ঘোষণা কৰাৰ পিছত ৰাষ্ট্ৰৰ সকলো ক্ষমতা বাস্তৱিকতে মন্ত্রীপৰিষদৰ হাতলৈ গুচি যায়। এনে অৱস্থাত মন্ত্ৰী পৰিষদেই সময় শাসক হৈ পৰে।

(৭) বিত্তীয় ক্ষমতা: চৰকাৰৰ আয়-ব্যয়ৰ বাবে মূলতঃ মন্ত্রী পৰিষদেই দায়ী। বছৰৰ আয়-ব্যয়ৰ তালিকা বিত্ত মন্ত্রীয়ে তৈয়াৰ কৰি সংসদত উত্থাপন কৰিব লাগে। সেইদৰে অর্থনৈতিক পৰিকল্পনা মন্ত্ৰী পৰিষদৰ উদ্যোগতে প্রস্তুত কৰা হয় আৰু কাৰ্যকৰী কৰা হয়।

২। প্রধান মন্ত্ৰীৰ ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৭৫ নং অনুচ্ছেদ অনুযায়ী সাধাৰণ নির্বাচন হৈ যোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাগৰাকীক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। শাসন ব্যৱস্থাত প্রধান মন্ত্রীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁৰ ক্ষমতা আৰু কার্যাবলী তলত আলোচনা কৰা হ’ল:

(১) মন্ত্ৰী পৰিষদ গঠন: প্রধান মন্ত্ৰীৰ প্ৰথম আৰু প্রধান কামটো হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। প্রধান মন্ত্রীয়ে বাছনি কৰি দিয়া মতে বাষ্ট্রপতিয়ে মন্ত্ৰী পৰিষদৰ সদস্য সকলক নিয়োগ কৰে।

(২) দপ্তৰ বিতৰণ: মন্ত্ৰী পৰিষদ গঠন কৰাৰ পিছত প্রধান মন্ত্ৰীয়ে মন্ত্রীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। দপ্তৰ বিতৰণৰ ক্ষেত্রত প্রধান মন্ত্রীয়ে মন্ত্রীসকলৰ ব্যক্তিগত ইচ্ছা, দলীয় স্থান আৰু প্ৰভাৱৰ ওপৰত লক্ষ্য ৰাখিব লাগে।

(৩) মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ সাল-সলনি প্রধান মন্ত্রীয়ে নিজ ইচ্ছামতে মন্ত্রীসকলক সাল-সলনি কৰিব পাৰে। মন্ত্রী পৰিষদৰ নেতা নিচাপে তেওঁ যিকোনো মন্ত্রীক মন্ত্ৰী পৰিষদৰ পৰা বাদ দিব পাৰে বা নতুন মন্ত্রী মনোনীত কৰিব পাৰে।

(৪) মন্ত্ৰী সভাৰ সভাপতি: প্রধানমন্ত্রী মন্ত্রী সভাৰ সভাপতি।
প্রধান মন্ত্রীয়ে মন্ত্রী সভাৰ আলোচ্য বিষয় সম্পর্কে সিদ্ধান্ত গ্রহণ কবে।

(৫) ৰাষ্ট্ৰপতিৰ সৈতে যোগাযোগ ৰাষ্ট্ৰপতি আৰু মন্ত্রী পৰিষদৰ মাজৰ যোগসূত্র হ’ল প্রধানমন্ত্রী। প্রধানমন্ত্রীযে দেশৰ আভ্যন্তৰীণ আনকি বৈদেশিক বিষয়সমূহ ৰাষ্ট্ৰপতিক সময়ে সময়ে জনাই থাকিব লাগে।

(৬) প্ৰতিৰক্ষাৰ দায়িত্ব: বাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ দায়িত্ব প্রধান মন্ত্ৰীয়েই বহন কৰিব লগা হয়। ৰাষ্ট্ৰৰ আণবিক বিভাগটো প্রধান মন্ত্রীয়েই নিয়ন্ত্রণ কৰে।

(৭) অর্থনৈতিক নীতি নির্ধাৰণ: দেশৰ অর্থনৈতিক নীতি নির্ধাৰণৰ ক্ষেত্ৰতো প্রধান মন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। বছৰৰ বাজেট প্রস্তুতিৰ ক্ষেত্ৰত প্রধান মন্ত্রীয়ে সতর্ক দৃষ্টি বাখিব লাগে।

(৮) দলৰ নেতা: প্রধান মন্ত্রী সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে দলৰ নীতি নির্ধাৰণ, কাৰ্যপন্থা গ্রহণ আৰু দলৰ অন্যান্য নেতাসকলৰ লগত সম্পর্ক ৰক্ষা কৰিব লগা হয়।

(৯) সংসদৰ অধিবেশন আহ্বান: প্রধান মন্ত্রীৰ পৰামর্শক্রমেই ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিবেশন আহ্বান, সমাপ্তি আৰু স্থগিতকৰণৰ ঘোষণা কৰে। প্রধান মন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে।

৩। ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিজন হৈছে ভাৰতৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে তেওঁ বহুত ক্ষমতা ভোগ কৰে। তলত ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা হ’লঃ

(১) আইন প্রণয়ন ক্ষমতা: ভাৰতৰ ৰাষ্ট্ৰপতিজন সংসদৰ সদস্য নহয় যদিও তেওঁ সংসদৰ অবিচ্ছেদ্য অংগ। তেওঁ সংসদৰ অধিবেশন আহ্বান কৰিব পাৰে, স্থগিত ৰাখিব পাৰে বা লোকসভা ভংগ কৰি দিব পাৰে। তেওঁ ৰাজ্যসভালৈ ১২ জন সদস্য মনোনীত কৰিব পাৰে। তেওঁ ইংগ-ভাৰতীয় শ্রেণীৰ পৰা ২ জন ব্যক্তি লোকসভালৈ মনোনীত কৰিব পাৰে। প্রত্যেক অধিবেশনৰ আৰম্ভণিতে তেওঁ উভয় সদসৰ যুটীয়া অধিবেশনত ভাষণ দিব পাবে। সংসদে গৃহীত কৰা যিকোনো আইনত বাষ্ট্রপেিতয় চহী কৰিব লাগে।

(২) প্রশাসনীয় ক্ষমতা: সংবিধান অনুযায়ী ৰাষ্ট্ৰপতি ভাৰতৰ প্রধান প্রশাসনীয় মুৰব্বী। চৰকাৰৰ সকলো প্রশাসনীয় কাম ৰাষ্ট্ৰপতিৰ নামতে পৰিচালিত হয়। তেওঁ সাধাৰণ নির্বাচনত লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়াৰ লগতে মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে। ইয়াৰ উপৰিও বাষ্ট্রপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্রধান নির্বাচনী আযুক্ত, কেন্দ্রীয় লোকসেৱা আয়োগৰ সভাপতি আৰু অন্যান্য উচ্চপদস্থ কর্মচাৰী সকলক নিযুক্ত কৰে।

(৩) বিত্তীয় ক্ষমতা: বাষ্ট্রপতিয়ে প্রত্যেক বিত্তীয় বছৰৰ আৰম্ভণিতে সংসদত আয়-ব্যয় সংক্রান্ত বিৱৰণী বাজেট আকাৰে বিত্তমন্ত্ৰীৰ জৰিয়তে উত্থাপন কৰায়। ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে কোনো অর্থ সংক্রান্ত বিল সংসদত উত্থাপন হ’ব নোৱাৰে। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ চৰকাৰী হিচাপৰ প্রতিবেদন সংসদৰ ওচৰত ৰাষ্ট্ৰপতিয়ে দাখিল কৰিব লাগে। ৰাষ্ট্ৰখনৰ আকস্মিক নিধি ৰাষ্ট্ৰপতিৰ হাতত থাকে।

(৪) ন্যায়িক ক্ষমতা: ৰাষ্ট্ৰপতিয়ে ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়লায়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে। ৰাষ্ট্ৰপতিয়ে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা কোনো ব্যক্তিৰ শাস্তিৰ পৰিমাণ হ্রাস কৰিব পাৰে বা ক্ষমা কৰিব পাৰে।

(৫) কুটনৈতিক ক্ষমতা: ৰাষ্ট্ৰপতিয়ে আন্তর্জাতিক ক্ষেত্রত ৰাষ্ট্ৰখনৰ প্রতিনিধিত্ব কৰে। তেওঁ বিদেশী ৰাষ্ট্ৰসমূহৰ লগত কূটনৈতিক সম্পর্ক স্থাপন কৰে। ৰাষ্ট্ৰপতিয়ে অন্যান্য দেশলৈ কূটনৈতিক বিষয়া পঠায় আৰু বিদেশী ৰাষ্ট্রদূতসকলৰ প্রত্যয় পত্র গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ নামতে বিদেশৰ লগত সন্ধি বা চুক্তি সম্পন্ন কৰা হয়।

(৬) সামৰিক ক্ষমতা: বাষ্ট্রপতি ভাৰতৰ সামৰিক বাহিনীৰ সর্বাধিনায়ক। তেওঁ স্থল, জল আৰু বায়ু বাহিনীৰ মুৰব্বীসকলক নিযুক্তি দিয়ে। তেওঁলোকক বদলি বা অপসাৰণ কৰিব পাৰে। সামৰিক বাহিনীৰ সৰ্বাধিনায়ক হিচাপে ৰাষ্ট্ৰপতিয়ে কোনো দেশৰ লগত যুদ্ধ ঘোষণা বা সন্ধি স্থাপন কৰিব পাৰে।

(৭) জৰুৰী ক্ষমতা: ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৬০ নং অনুচ্ছেদলৈ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে জাতীয় জৰুৰী ক্ষমতা, শাসন সংক্রান্তীয় জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। জৰুৰী অৱস্থাৰ সময়ত দেশৰ শাসন ভাৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। ৰাষ্ট্ৰপতিয়ে নিজৰ প্রতিনিধিৰ দ্বাৰা যেনে ৰাজ্যপাল বা সংসদৰ জৰিয়তে শাসন কাৰ্য পৰিচালনা কৰে।

(৪) ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৬০ নং অনুচ্ছেদলৈ ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ উল্লেখ কৰা আছে। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে – জাতীয় জৰুৰী ক্ষমতা, শাসন সংক্রান্তীয় জৰুৰী ক্ষমতা আৰু বিত্তীয় জৰুৰী ক্ষমতা। তলত ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাসমূহ আলোচনা কৰা হ’ল:

(১) জাতীয় জৰুৰী ক্ষমতা যুদ্ধ বা বহিঃ শত্ৰুৰ আক্রমণ নাইবা আভ্যন্তৰীণ অশান্তিৰ বাবে দেশৰ কোনো অংশৰ বা কোনো অংগ ৰাজ্যৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ আশংকাই দেখা দিলে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। অৱশ্যে জৰুৰী অবস্থা ঘোষণাৰ দুই মাহৰ ভিতৰত ই সংসদৰ দ্বাৰা অনুমোদিত হ’ব লাগে।

(২) শাসন সংক্রান্তীয় জৰুৰী ক্ষমতাঃ কোনো ৰাজ্যৰ শাসন ব্যৱস্থাত অচল পৰিস্থিতিৰ উদ্ভৱ হ’লে বা সংবিধান মতে শাসন কাৰ্য পৰিচালনাত কোনো ৰাজ্য চৰকাৰ অপাৰগ হ’লে সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ প্রতিবেদন মর্মে ৰাষ্ট্ৰপতিয়ে, সেই ৰাজ্যত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি জৰুৰী অবস্থা ঘোষণা কৰব পাৰে। জৰুৰী অৱস্থাৰ সময়ত সংশ্লিষ্ট ৰাজ্যখনৰ শাসন ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতলৈ যায়। ৰাষ্ট্ৰপতিয়ে তেওঁৰ প্রতিনিধি স্বৰূপ ৰাজ্যপালৰ দ্বাৰা নাইবা কেন্দ্রীয় সংসদৰ দ্বাৰা সেই ৰাজ্যৰ শাসন কাৰ্য পৰিচালনা কৰিব পাৰে।

(৩) বিত্তীয় জৰুৰী ক্ষমতা কিবা কাৰণত সমগ্ৰ দেশত বা ইয়াৰ কোনো অংশত বা কোনো অংগ ৰাজ্যত বিত্তীয় সংকটাৱস্থাই দেখা দিলে ৰাষ্ট্ৰপতিযে সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। জৰুৰী অৱস্থাৰ সময়ত ৰাজ্য চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ বা প্রস্তাৱসমূহ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠাব লাগে। কেন্দ্ৰীয় চৰকাৰৰ নিদের্শ অনুযায়ী ৰাজ্যসমুহে অর্থনৈতিক নীতি নিৰ্দ্ধাৰণ কৰিব লাগে। এনে অৱস্থাত ৰাষ্ট্ৰপতিয়ে প্রয়োজনবোধে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰ্মহা কর্তন কৰিব পাৰে।

৫। ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৬৩ (১) নং অনুচ্ছেদ অনুযায়ী ৰাজ্যপালৰ কিছুমান স্বেচ্ছাধীন ক্ষমতা আছে। ৰাজ্যপালে তেওঁৰ স্বেচ্ছাধীন ক্ষমতা প্রয়োগৰ ক্ষেত্ৰত মন্ত্ৰী পৰিষদৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য নহয়। ৰাজ্যপালৰ স্বেচ্ছাধীন ক্ষমতা তলত দিয়া ধৰনৰ –

(১) বাজ্যিক বিধান মণ্ডলে গ্ৰহণ কৰা কিছুমান বিধেয়ক ৰাজ্যপালে স্বাক্ষৰ নকৰি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ কাৰণে প্ৰেৰণ কৰিব পিবে।

(২) কোনো ৰাজ্যত শাসন বিভ্রাটে দেখা দিলে বা সংবিধান অনুসৰি শাসন কাৰ্য পৰিচালনাত সংশ্লিষ্ট ৰাজ্যৰ মন্ত্ৰী পৰিষদ অপাৰগ হ’লে ৰাজ্যপালে ৰাষ্ট্ৰপতিলৈ সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রয়োগ কৰিবলৈ প্রতিবেদন দাখিল কৰিব পাৰে।

(৩) কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ আকস্মিক মৃত্যু হ’লে, আন এজন মুখ্যমন্ত্রী নির্বাচন নোহোৱালৈকে সেই ৰাজ্যৰ ৰাজ্যপালে কোনো এজন ব্যক্তিক অস্থায়ীভারে মুখ্যমন্ত্রীৰ দায়িত্ব দিব পাৰে।

(৪) কোনো মুখ্য মন্ত্রী আস্থাৰ ভোটত পৰাজিত হৈ ৰাজ্যপালক মন্ত্রীসভা ভাঙি দিবলৈ পৰামর্শ দিলে ৰাজ্যপালে স্ববিচাৰ ক্ষমতা প্রয়োগ কৰিব পাৰে।

(৫) বিত্ত বিলৰ বাহিৰে আন বিধেয়ক পুনৰ বিবেচনাৰ কাৰণে বিধান সভালৈ ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত ৰাজ্যপালে স্বেচ্ছাধীন ক্ষমতা ভোগ কৰে।

৬। উপৰাষ্ট্ৰপতিৰ সাংবিধানিক পদ-মর্যাদা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাম-কাজত সহায় কৰিবলৈ ভাৰতীয় সংবিধানে ৬৩ নং অনুচ্ছেদৰত উপৰাষ্ট্ৰপতিৰ পদৰ সৃষ্টি কৰিছে। উপৰাষ্ট্ৰপতিজনক পৰোক্ষ ভাবে নির্বাচন কৰা হয়। উপৰাষ্ট্ৰপতিজনক সংসদৰ উভয় সদনৰ সদস্যসকলক লৈ গঠিত এক নির্বাচক মণ্ডলীৰ দ্বাৰা একক হস্তান্তৰযোগ্য গোপন ভোটেৰে সমানুপাতিক প্রতিনিধিত্বৰ ভিত্তিত নির্বাচন কৰা হয়। উপৰাষ্ট্ৰপতিৰ কার্যকাল ৫ বছৰ। উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি। বাজ্যসভাৰ সকলো কার্য তেওঁৰ সভাপতিত্বত সম্পাদন কৰা হয়। ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্য পৰিচালনা কৰিব লাগে। মুঠতে উপৰাষ্ট্ৰপতিৰ দায়িত্ব অতি সীমিত। ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত উপৰাষ্ট্ৰপতিৰ ভূমিকা সিমান গুরুত্বপূর্ণ নহয়। এই পদটো সাংবিধানিক অলংকাৰ স্বৰূপ। কিন্তু আজিলৈকে বহুত স্বনামধন্য, জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিয়ে এই উপৰাষ্ট্ৰপতিৰ পদটো ধাৰণ কৰি এই পদৰ সন্মান আৰু গৌৰৱ বৃদ্ধি কৰিছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×