Join WhatsApp

Join Now

Join Telegram

Join Now

ভাৰতীয় সংবিধান Class 11 Political Science Chapter 1 Solutions Notes ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘সংবিধানঃ কিয় আৰু কেনেকৈ‘ পাঠটিৰ Class 11 Political Science Chapter 1 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Political Science Chapter 1 Solutions

সংবিধানঃ কিয় আৰু কেনেকৈ Class 11 Political Science Chapter 1 Solutions Notes

👉 Read Also:

সংবিধানঃ কিয় আৰু কেনেকৈ

শাখা-ক অধ্যায় – ১

ভাৰতীয় সংবিধান

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। কোনবিধ কাৰ্য সংবিধানৰ কার্য নহয়:

(ক) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ।

(খ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা।

(গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।

(ঘ) মত প্ৰকাশৰ অধিকাৰ।

উত্তৰঃ (গ) প্রতিভাপন্ন ব্যক্তি ক্ষমতালৈ অহা।

২। তলত উল্লেখ কৰা কোনবোৰ যুক্তিয়ে স্পষ্টকৈ প্রতি পর কৰে যে সংবিধানৰ কর্তৃত্ব উচ্চতৰ?

(ক) সংসদ গঠনৰ আগতে সংবিধানৰ ৰচনা কৰা হৈছিল।

(খ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা।

(গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।

(ঘ) সংসদৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰি।

উত্তৰঃ (গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে।

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা কথাবোৰ সঁচানে মিছা কোরা:

(ক) সংবিধান চৰকাৰ গঠন আৰু ক্ষমতা সম্পর্কে লিখিত দদিল।

(খ) গণতান্ত্রিক দেশৰ বাবেহে সংবিধান প্রয়োজন।

(গ) সংবিধান কেরল আইনগত দদিলহে, ইয়াৰ কোনো আদর্শ আৰু গুৰুত্ব নাই।

(ঘ) ৰাষ্ট্ৰপতি ভাৰতৰ আইনসংগত মুৰব্বী।

উত্তৰঃ (ক) সঁচা।

(খ) মিছা।

(গ) মিছা।

(ঘ) সঁচা।

৪। প্রস্তাবনা সংবিধানৰ অংশ হয়নে?

উত্তৰঃ নহয়।

৫। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হয়?

উত্তৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা।

৬। ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ আছে?

উত্তৰঃ ৩৯৫ টা।

৭। ভাৰতীয় সংবিধান সংমিশ্রণ। (খালী ঠাইপূৰণ কৰা) আৰু ব

উত্তৰঃ নমনীয় আৰু অনমনীয়তাৰ।

৮। ভাৰতত সংসদীয় চৰকাৰৰ ব্যৱস্থা আছেনে?

উত্তৰঃ আছে।

৯। ‘ভাৰতৰ ৰাষ্ট্ৰপতি চৰকাৰৰ প্ৰধান’- কথাষাৰ শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

১০। ভাৰত যুক্তৰাষ্ট্ৰ এখন সংঘ’- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰ।

১১। ‘ভাৰতীয় চৰকাৰী ভাষা আইন কেতিয়া গৃহীত হয়?

উত্তৰঃ ১৯৮৩ চনত।

১২। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? 

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।

১৩। সংবিধান সভাত মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ ৩৮৯ জন।

১৪। মহাত্মা গান্ধীয়ে কেতিয়া ভাৰতীয় সংবিধানৰ বাবে দাবী উত্থাপন কৰিছিল?

উত্তৰঃ ১৯২২ চনত।

১৫। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° বি আৰ আম্বেদকাৰ।

১৬। ভাৰতীয় সংবিধানত কেইটা অনুসূচী আছে?

উত্তৰঃ ১০ টা।

১৭। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ ড° বাজেন্দ্র প্রসাদ।

১৮। ভাৰতীয় সংবিধান প্রস্তুত কৰিবলৈ কিমান সময় লাগিছিল?

উত্তৰঃ ২ বছৰ ১১ মাহ ১৮ দিন।

১৯। সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰঃ ড° বাজেন্দ্র প্রসাদ।

২০। ভাৰতৰ ক্ষমতা বিভাজনৰ সূচী তিনিখন সংবিধানৰ কোনখন অনুসূচীত সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ সপ্তম অনুসূচীত।

২১। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ লর্ড মাউন্টবেটেন।

২২। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্রী কোন আছিল?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহৰু।

২৩। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড° সচ্চিদানন্দ সিংহাই।

২৪। ‘ধৰ্মনিৰপেক্ষ’ শব্দটো সংবিধানৰ কোন নং সংশোধনীত সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ১৯৭৬ চনত ৪২ তম সংবিধান সংশোধনত।

২৫। মৌলিক অধিকাৰ সংশোধনৰ বাবে উভয় সদনৰ কিমান সংখ্যক সমর্থনৰ আৱশ্যক?

উত্তৰঃ দুই-তৃতীয়াংশ সদস্যৰ।

২৬। সংবিধানত প্রস্তাৱনাৰ সংযোজনা প্ৰথমতে বিশ্বৰ কোন দেশৰ সংবিধানত কৰা হৈছিল।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত।

২৭। ইংৰাজী ‘Constitution’ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ লেটিন ভাষাৰ ‘Constituere’ শব্দৰ পৰা। ইয়াৰ অর্থ হৈছে গঠন কৰা বা প্রতিষ্ঠা কৰা।

২৮। ভাৰতৰ সংবিধানখনত ড° ৰাজেন্দ্র প্রসাদে কেতিয়া চহী কৰে।

উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।

👉 Read Also:

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। সংবিধান বুলিলে কি বুজা?

উত্তৰঃ সংবিধান হ’ল কিছুমান মৌলিক নীতিৰ সমষ্টি য’ত কিদৰে চৰকাৰৰ বিভিন্ন অংগ গঠন হ’ব, এইবোৰৰ কাৰ্যাৱলী কি হ’ব, এইবোৰৰক কি কি ক্ষমতা দিয়া হ’ব আৰু এইবোৰৰ লগত দেশৰ জনগণৰ সম্পর্ক কেনে হ’ব – এইবোৰ কথা পুঙ্খানুপুঙ্খানুভাবে উল্লেখ কৰা থাকে।

২। ভাৰতীয় সংবিধানক কিয় পৃথিবীৰ দীর্ঘতম সংবিধান বুলি কোৱা হয়?

উত্তৰঃভাৰতীয় সংবিধানক পৃথিবীৰ দীর্ঘতম সংবিধান বুলি কোৱা হয়। কাৰণ ভাৰতীয় সংবিধানত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায়, আৰু ১০ খন অনুসূচী আছে। এইবোৰ সংবিধানত বিস্তৃতভারে আলোচনা
কৰা হৈছে। ফলত ইয়াৰ দৈৰ্ঘ যথেষ্ট বাঢ়ি গৈছে।

৩। ভাৰতীয় সংবিধান নমনীয় নে অনমনীয়? যুক্তি দর্শাই উত্তৰ দিয়া।

উত্তৰঃ ভাৰতীয় সংবিধান সম্পূর্ণ নমনীয় আৰু সম্পূর্ণ অনমনীয় ও নহয়। ই নমনীয়তা আৰু অনমনীয়তাৰ এক সংমিশ্ৰণহে। ইয়াৰ কাৰণ সংবিধানত এনে কেইবাটাও অনুচ্ছেদ আছে যিবোৰ সংসদে সহজে সংশোধন কৰিব পাৰে। আকৌ এনে কেইটামান অনুচ্ছেদ আছে যিবোৰ সংশোধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদৰ উভয় সদনত সংশোধনৰ প্রস্তাৱ গৃহীত হোৱাৰ উপৰিও ৰাজ্যিক বিধান মণ্ডলসমূহৰ সন্মতিৰ প্ৰয়োজন।
সেয়ে ভাৰতীয় সংবিধানক আংশিকভাবে নমনীয় আৰু আংশিকভাবে অনমনীয় বুলি কোৱা হয়।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি কি? লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ এনে কিছুমান বৈশিষ্ট্য আছে যিবোৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ লগত একে। যেনেঃ

(১) যুক্তৰাষ্ট্ৰত দ্বি নাগৰিকত্বৰ ব্যৱস্থা থাকে। কিন্তু ভাৰতত এক নাগৰিকত্ব ব্যৱস্থাহে আছে। এক নাগৰিকত্বৰ ব্যৱস্থা অযুক্তৰাষ্ট্ৰীয় ব্যবস্থা।

(২) যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যবোৰৰ নিজা সংবিধান থাকে। কিন্তু ভাৰতৰ অংগ ৰাজ্যবোৰৰ নিজা সংবিধান নাই। গোটেই দেশখনৰ বাবে মাথোন এখনহে সংবিধান আছে।

(৩) যুক্তৰাষ্ট্ৰীয় নীতি মতে অংগ ৰাজ্যৰ ৰাজ্যপালজনক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচন কৰিব লাগে। কিন্তু ভাৰতৰ অংগ ৰাজ্যবোৰৰ ৰাজ্যপালসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ই অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য।

(৪) ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে। এনে অৱস্থাত ভাৰত যুক্তৰাষ্ট্ৰ এখন একাত্মক ৰাষ্ট্ৰলৈ পৰিণত হয়।

২। দেশ এখনৰ বাবে সংবিধানৰ প্রয়োজন কিয়?

উত্তৰঃ সংবিধান হৈছে দেশ এখনৰ পৰিচালনাৰ বিভিন্ন ৰীতি-নীতি, আইন-কানুন সম্বলিত দলিল। দেশ এখন পৰিচালনাৰ বাবে সংবিধানৰ অতীব প্রয়োজন। কাৰণ –

(১) দেশ এখনত বসবাস কৰা বিভিন্ন ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ লোক-গোষ্ঠীৰ মাজত সমন্বয় সাধন আৰু আশ্বাস প্রদানৰ বাবে সংবিধানৰ প্ৰয়োজন।

(২) সংবিধানে গণতান্ত্রিক ৰাষ্ট্ৰত নাগৰিকৰ ওপৰত চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ ক্ষমতা নিয়ন্ত্রণ নহ’লে নাগৰিকে। নিজৰ অধিকাৰ হেৰুৱাব।

(৩) সংবিধানে নাগৰিকৰ আশা-আকাংক্ষা আৰু চাহিদা পূৰণ কৰিবলৈ কিছুমান ব্যবস্থা গ্রহণ কৰে। সমাজত থকা বিভিন্ন ধৰণৰ অসমতা আঁতৰ কৰি এখন স্বাধীন, সমতাপূর্ণ আৰু ন্যায়পূর্ণ সমাজৰ সৃষ্টি কৰাত সংবিধানে অৰিহণা যোগায়।

(৪) দেশ এখনত কেনেধৰণৰ চৰকাৰ গঠন হ’ব, চৰকাৰৰ ক্ষমতা, কামৰ পৰিসীমা কেনে ধৰণৰ হ’ব, কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন কেনেধৰণৰ হ’ব আদি বিষয় সংবিধানে নির্ধাৰণ কৰি দিয়ে।
এইবোৰ কাৰণৰ বাবে দেশ এখনত সংবিধানৰ প্রয়োজন।

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

(১) ভাৰতবৰ্ষৰ সংবিধান কেনেকৈ প্ৰস্তুত কৰা হৈছিল। আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধানৰ প্রয়োজন বিংশ শতাব্দীৰ তৃতীয় দহকৰ আৰম্ভণিৰ পৰা অনুভৱ কৰা হয়। মহাত্মা গান্ধীয়ে ১৯২২ চনত ভাৰতবৰ্ষৰ বাবে এখন সংবিধান লাগে বুলি প্রস্তাব আগবঢ়াইছিল যদিও বিভিন্ন কাৰণত এই কাম হৈ উঠাত বহুত পলম হৈছিল। অৱশেষত ১৯৩৭ চনত কংগ্ৰেছৰ ফৈজপুৰ অধিবেশনত কংগ্ৰেছে ১৯৩৫ চনৰ ভাৰত শাসন আইনখন নাকচ কৰি স্বাধীন ভাৰত চৰকাৰ প্ৰতিষ্ঠাৰ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে প্রাপ্তবয়স্ক ভোটৰ দ্বাৰা নিৰ্বাচিত হোৱা প্রতিনিধিবে গঠিত হোৱা এখন সংবিধান সভাই ভাৰতৰ বাবে এখন নিজা সংবিধান ৰচনা কৰাৰ ক্ষমতা বিচাৰে। ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। এই যুদ্ধত কংগ্রেছে চর্ত সাপেক্ষে বৃটিছক সহায় কৰিব বুলি জনায়। ১৯৪০ চনৰ ‘আগষ্ট প্রস্তাৱ’ৰ জৰিয়তে কংগ্ৰেছৰ সংবিধান সভা গঠনৰ দাবীৰ মূল কথাখিনি চৰকাৰে মানি হয়।

দ্বিতীয় যুদ্ধৰ পিছত ইংলণ্ডত লেবাৰ পাটিয়ে চৰকাৰ গঠন কৰে। ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে। এই মিছনৰ পৰিকল্পনা মতে ১৯৪৬ চনৰ জুলাই মাহত ভাৰতীয় প্রাদেশিক বিধান সভাবোৰৰ নিৰ্বাচন পতা হয়। সেই বছৰৰে ৯ ডিচেম্বৰত সংবিধান ৰচনা কৰা নিকায়ৰ প্ৰথম বৈঠক হয়। এই সংবিধান ৰচনা কৰা নিকায়খন সার্বভৌম অনুষ্ঠান নাছিল।

এই নিকায় কেবিনেট মিছনৰ পৰিকল্পনামতে গঠিত আৰু বৃটিছ পালিয়ামেন্টৰ দ্বাৰা নিয়ন্ত্রিত আছিল। ভাৰতৰ সেই সময়ৰ প্রখ্যাত নেতাসকল এই নিকায়ত অন্তর্ভুক্ত হৈছিল। নিকায়ৰ প্ৰথম বৈঠকত ড° ৰাজেন্দ্ৰ প্রসাদক স্থায়ী সভাপতি নির্বাচিত কৰা হয়। নিকায়ৰ পঞ্চম বৈঠক বহে ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে। সেইদিনাই এই নিকায়খন সংবিধান সভা হিচাপে নামাকৰণ কৰা হয়।

সংবিধান সভাত বিভিন্ন নেতাৰ সভাপতিত্বত বিভিন্ন কমিটি গঠন কৰা হয়। ১৯৪৭ চনৰ ৯ আগষ্টত ড’ ভীমৰাও আম্বেদকাৰক সভাপতি হিচাপে লৈ এখন সাতজনীয় খচৰা প্ৰস্তুত কমিটি গঠন কৰা হয়। সংবিধান সমিতিখনে ১৯৪৯ চনৰ নবেম্বৰ মাহত সংবিধান ৰচনাৰ কাম সম্পূর্ণ কৰে আৰু ২৬ নৱেম্বৰত সম্পূর্ণ হোৱা সংবিধানখনত সভাপতি ড ৰাজেন্দ্ৰ প্রসাদে চহী কৰে। লগে লগে ই স্বাধীন ভাৰতৰ সংবিধান হিচাপে স্বীকৃতি লাভ কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন কার্যকৰী কৰিবলৈ লোৱা হয়।

ভাৰতৰ সংবিধানখন সেই সময়ৰ দেশখনৰ ৰাজনৈতিক পণ্ডিতসকলৰ সুচিন্তা আৰু প্ৰজ্ঞাৰ ফল। ইয়াক প্রস্তুত কৰোতে প্রায় তিনিবছৰ সময় লাগিছিল।

(২) ভাৰতীয় সংবিধানৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানখনৰ কিছুমান বৈশিষ্ট্য আছে। সেইবোৰ হ’ল-

(১) ভাৰতীয় সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীর্ঘতম লিখিত সংবিধান। ইয়াত ৩৯৫ টা অনুচ্ছেদ, ২২ টা অধ্যায় আৰু ১০ খন অনুসূচী আছে।

(২) ভাৰতীয় সংবিধানে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে বিশেষ সা-সুবিধাৰ ব্যৱস্থা কৰিছে।

(৩) ভাৰতৰ সংবিধানে দেশখনৰ সকলো নাগৰিকৰ বাবে একে অধিকাৰ, একে দণ্ডবিধি আইন আৰু দেৱানী আইনৰ ব্যবস্থা কৰিছে।

(৪) ভাৰতৰ সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপজিনক দেশখনৰ সাংবিধানিক মুৰব্বী হিচাপে গ্রহণ কৰিছে যদিও ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাহে আছে।

(৫) ভাৰতীয় সংবিধানৰ এক বিশেষ বৈশিষ্ট্য হৈছে সংবিধানৰ চতুর্থ অধ্যায়ত কিছুমান নির্দেশাত্মক নীতি সন্নিবিষ্ট কৰি ভাৰতক এক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে।

(৬) ভাৰতৰ সংবিধানখন নমনীয়তা আৰু অনমনীয়তাৰ এক সংমিশ্রণ। ইয়াৰ কাৰণ সংবিধানত এনে কেইবাটাও অনুচ্ছেদ আছে যিবোৰ সংসদে সহজে সংশোধন কৰিব পাৰে। আকৌ এনে কেইটামান অনুচ্ছেদ আছে যিবোৰ সংশোধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদৰ উভয় সদনত সংশোধনৰ প্রস্তাব গৃহীত হোৱাৰ উপৰিও ৰাজ্যিক বিধান মণ্ডলসমূহৰ সন্মতিৰ প্ৰয়োজন।

(৭) ভাৰতৰ সংবিধানে ভাৰতবৰ্ষত এক নাগৰিকত্বৰ ব্যবস্থা কৰিছে।

(৮) ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিৰ আর্হিত ভাৰতবৰ্ষত সমাজবাদী আদৰ্শৰ সমাজ প্রতিষ্ঠা কৰাত গুৰুত্ব দিয়া হৈছে।

(৯) ভাৰতীয় সংবিধানে ভাৰতবর্ষক এখন সার্বভৌম, সামজবাদী, ধৰ্মনিৰপেক্ষ গণতান্ত্রিক প্রজাতন্ত্র হিচাপে আখ্যা দিছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×