উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘জীৱন্ত দলিলৰ ৰূপত সংবিধান‘ পাঠটিৰ Class 11 Political Science Chapter 9 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
জীৱন্ত দলিলৰ ৰূপত সংবিধান Class 11 Political Science Chapter 9 Solutions Notes
👉 Read Also:
- বিকাশ প্রশ্ন উত্তৰ
- শান্তি প্রশ্ন উত্তৰ
- ধৰ্মনিৰপেক্ষতাবাদ প্রশ্ন উত্তৰ
- জাতীয়তাবাদ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ
জীৱন্ত দলিলৰ ৰূপত সংবিধান
শাখা-ক অধ্যায়- ৯
অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)
১। সংবিধানৰ কোনেটো অনুচ্ছেদত সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ আছে?
উত্তৰঃ ৩৬৮ নং অনুচ্ছেদত।
২। ভাৰতীয় সংবিধান সংশোধন পদ্ধতি কেইটা?
উত্তৰঃ তিনিটা।
৩। সংবিধান সংশোধন কৰি ৰাজ্য এখনৰ সীমা বা নাম পৰিৱৰ্তন কৰিব পাৰিনে?
উত্তৰঃ পাৰি।
৪। ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত মৌলিক কর্তব্যসমূহ সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ৪২ তম সংশোধনীত।
৫। ভাৰতীয় সংবিধান সংশোধনী প্রক্রিয়াত জনসাধাৰণে অংশ গ্রহণ কৰিব পাৰে নে?
উত্তৰঃ নোৱাৰে।
৬। ভাৰতীয় সংবিধান সংশোধনৰ নমনীয় পদ্ধতিটো উল্লেখ কৰা।
উত্তৰঃ সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ সমর্থনত সংবিধানৰ কিছুমান অনুচ্ছেদ সংশোধন কৰিব পাৰি।
৭। সংবিধানৰ কোনটো অনুসূচীত অসমীয়াক এটা ভাষাৰ স্বীকৃতি দিয়া হৈছে?
উত্তৰঃ অষ্টম অনুসূচীত।
৮। ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ত সংবিধান সংশোধনী প্ৰণালীৰ বিষয়ে উল্লেখ আছে?
উত্তৰঃ ২০ নং অধ্যায়ত।
৯। সংবিধানৰ কোন সংশোধনীত চিকিমক ভাৰতৰ লগত সংযোগ কৰা হয়?
উত্তৰঃ ৩৫ তম সংশোধনীত।
১০। মূল গাঁথনি তত্বটো প্রথমে কোনটো গোচৰত উত্থাপিত হৈছিল?
উত্তৰঃ কেশৱানন্দ ভাৰতী গোচৰত।
১১। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা কিমানতম সংশোধনীত যোগ কৰা হয়?
উত্তৰঃ ৪২ তম।
১২। কিমানতম সংবিধান সংশোধনীত পঞ্চায়তীৰাজ অনুষ্ঠানসমূহক সাংবিধানিক মর্যদা দিয়া হৈছে?
উত্তৰঃ ৭৩ তম।
১৩। সাধাৰণ আইন প্রণয়ন প্ৰক্ৰিয়াৰে সংশোধন কৰিব পৰা এটা বিষয় উল্লেখ কৰা।
উত্তৰঃ নতুন ৰাজ্যৰ সৃষ্টি আৰু পুনৰ গঠন।
১৪। ভাৰতৰ সংবিধান কোন চনত প্রথমে সংশোধন কৰা হয়?
উত্তৰঃ ১৯৫১ চনত।
👉 Read Also:
- অধিকাৰ প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- স্বাধীনতা প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)
১। সংবিধানৰ সংজ্ঞা দিয়া।
উত্তৰঃ সংবিধানৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও লর্ড ব্রাইচ নামৰ পণ্ডিতে সংবিধানৰ এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে এইদৰে –
‘সংবিধান হ’ল কিছুমান আইন আৰু প্ৰথাৰ সমষ্টি যিবোৰৰ অধীনত ৰাষ্ট্ৰৰ জীৱন পৰিচালিত হয়।’
২। সংবিধানক কিয় ‘জীবন্ত দলিল’ বুলি কিয় কোৱা হয়?
উত্তৰঃ সংবিধান হ’ল গতিশীল; ই স্থবিৰ নহয়। সময়ৰ পৰিৱৰ্তনে সংবিধানৰ বিধি-বিধানৰ ক্ষেত্ৰত পৰিৱৰ্তন আনে। পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবৰ বাবে প্রত্যেক দেশৰ সংবিধান সংশোধন কৰিব লগা হয়। সংশোধনীয়ে সংবিধানক গতিশীল ৰূপ দান কৰে। সেয়ে সংবিধানক ‘জীৱন্ত দলিল’ আখ্যা দিয়া হয়।
২। সংবিধান পুনৰীক্ষণ আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আয়োগৰ সভাপতি কোন আছিল? আয়োগে সংবিধানখন সলনি কৰাৰ পৰামৰ্শ দিছিলনে?
উত্তৰঃ সংবিধান পুণৰীক্ষণ আয়োগ গঠন কৰা হৈছিল ২০০০ চনত। ইয়াৰ সভাপতি আছিল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভেঙ্কটলায়া।
এই আয়োগে সংবিধানখন সলনি কৰাৰ পৰামৰ্শ দিয়া নাছিল।
এই আয়োগে মত প্রকাশ কৰিছিল যে সংবিধানৰ এটা মূল গাঁথনি আছে আৰু এই মূল গাঁথনি সলনি কৰাৰ প্ৰয়োজন নাই।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। ভাৰতৰ সংবিধান সংশোধন পদ্ধতিৰ সমালোচনা বা চাৰিটা ত্রুটি লিখা।
উত্তৰঃ ভাৰতৰ সংবিধান সংশোধন পদ্ধতি তলত দিয়া ধৰণে সমালোচনা কৰিব পাৰি।
(ক) ভাৰতৰ সংবিধান সংশোধন পদ্ধতি একক নহয়। সেয়ে কিছুমান বিষয় সংশোধন কৰোতে যথেষ্ট সমস্যাৰ সৃষ্টি হয় বুলি সমালোচকসকলে মত প্রকাশ কৰে।
(খ) সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যিক আইন সভাৰ গুৰুত্ব কম বাবে সংবিধান সংশোধনী একপক্ষীয় হোৱাৰ ভয় থাকে।
(গ) সংবিধান সংশোধনৰ ক্ষমতা কেন্দ্ৰীয় সংসদৰ হাতত ন্যাস্ত হৈ থাকে বাবে ই ৰাষ্ট্ৰৰ এককেন্দ্রিক বৈশিষ্ট্য দাঙি ধৰে।
(ঘ) কেন্দ্রীয় সংসদক জনসাধাৰণৰ মৌলিক অধিকাৰবোৰ সংশোধন কৰাৰ ক্ষমতা দিয়াটোও সংবিধান সংশোধন পদ্ধতিৰ এক দোষ বুলি ক’ব পাৰি।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
১। ভাৰতীয় সংবিধান সংশোধনী পদ্ধতি আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত সংবিধান সংশোধনৰ তিনিটা পদ্ধতিৰ বিষয়ে উল্লেখ কৰা হৈছে। সেই পদ্ধতি কেইটা হ’ল-
(১) নমনীয় পদ্ধতি: এই পদ্ধতি অনুসৰি সংবিধানৰ কিছুমান অনুচ্ছেদ সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰে সংশোধন কৰিব পাৰি। সংসদৰ উভয় সদনৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থনত সাধাৰণতে নতুন ৰাজ্যৰ সৃষ্টি কৰা, ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰা, ৰাজ্যৰ বিধান সভাৰ উচ্চ সদন সৃষ্টি কৰা বা বিলোপ সাধন কৰা, নাগৰিত্বৰ বিষয়, সংসদৰ সদস্যসকলৰ অধিকাৰ, ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দর্মহা আদি বিষয়সমূহ সংশোধন কবি পাৰি।
(২) মিশ্র পদ্ধতি: এইপদ্ধতিত সংবিধানৰ কিছুমান অনুচ্ছেদক সংশোধন কৰিবলৈ হ’লে সংসদৰ প্ৰত্যেক সদনৰ মুঠ সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থন প্রয়োজন। ভাৰতীয় সংবিধানৰ তৃতীয় আৰু চতুর্থ অধ্যায়ত উল্লেখিত বিষয়বোৰ, যেনে- ৰাষ্ট্ৰপতি নির্বাচন, কেন্দ্র আৰু ৰাজ্যৰ মাজত ক্ষমতা বিতৰণ, সংসদত ৰাজ্যসমূহৰ প্রতিনিধিত্ব আদি এই পদ্ধতিৰে সংশোধন কৰা হয়।
(৩) দৃঢ় পদ্ধতি: এই পদ্ধতি অনুসৰি সংবিধানৰ কিছুমান বিষয় সংসদৰ প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশ আৰু উপস্থিত ভোট প্রদানকাৰী সদস্যৰ দুই তৃতীয়াংশ ভোটৰ দ্বাৰা সংশোধন কৰিব পাৰি। যেনে- মৌলিক অধিকাৰ, নির্দেশাত্মক নীতি আদি। ভাৰতীয় সংবিধান সংশোধনৰ প্রস্তাৱ অকল কেন্দ্রীয় সংসদে উত্থাপন কৰিব পাৰে। ৰাজ্যসমূহৰ এই ক্ষমতা নাই। সংবিধান সংশোধনীৰ যিকোনো বিধেয়কত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন।
👉 Read Also:
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ