উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ‘ পাঠটিৰ Class 11 Political Science Chapter 2 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ Class 11 Political Science Chapter 2 Solutions Notes
👉 Read Also:
- বিকাশ প্রশ্ন উত্তৰ
- শান্তি প্রশ্ন উত্তৰ
- ধৰ্মনিৰপেক্ষতাবাদ প্রশ্ন উত্তৰ
- জাতীয়তাবাদ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ
ভাৰতৰ সংবিধানত থকা অধিকাৰসমূহ
শাখা-ক অধ্যায়-২
অতি চমু প্রশ্নোত্তৰঃ
(প্রত্যেকটোৰ মূল্যাংক-১)
১। ভাৰতীয় সংবিধানত কেইবিধ মৌলিক অধিকাৰৰ উল্লেখ আছে?
উত্তৰঃ ছয় বিধ।
২। মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰিনে?
উত্তৰঃ পাৰি।
৩। সংবিধানৰ কোনটো সংশোধনীত নাগৰিকৰ বাবে মৌলিক কর্তব্য সংযোজন কৰা হৈছে?
উত্তৰঃ ৪২ তম সংশোধনীত (১৯৭৬ চন)।
৪। সংবিধানৰ কোন সংশোধনীত সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে?
উত্তৰঃ ৪৪ তম সংশোধনীত (১৯৭৮ চন)।
৫। আমাৰ মৌলিক অধিকাৰসমূহ চৰম হয়নে?
উত্তৰঃ নহয়।
৬। সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ তৃতীয় অংশত।
৭। মৌলিক অধিকাৰৰ ৰক্ষক কোন?
উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয়।
৮। জৰুৰীকালীন অৱস্থাত নাগৰিকসকলে মৌলিক অধিকাৰসমূহ ভোগ কৰিব পাৰেনে?
উত্তৰঃ নোঁৱাৰে।
৯। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহৰ আৰ্হি কোনখন দেশৰ পৰা লোৱা হৈছে?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা।
১০। মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে?
উত্তৰঃ ভাৰতীয় সংসদে।
১১। কোনটো স্বাধীনতাই ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে?
উত্তৰঃ ধর্মীয় স্বাধীনতাই।
১২। নির্দেশাত্মক নীতিসমূহ কোন চৰিত্ৰৰ?
উত্তৰঃ অর্থনৈতিক চৰিত্ৰৰ।
১৩। নির্দেশাত্মক নীতিসমূহ আদালতত গ্রাহ্য হয়নে?
উত্তৰঃ নহয়।
১৪। দেশত জৰুৰী অৱস্থা চলি থকা সময়ত নির্দেশাত্মক নীতিসমূহ কার্যকৰী হৈ থাকেনে?
উত্তৰঃ থাকে।
১৫। নির্দেশাত্মক নীতিসমূহ বাধ্যতামূলক হয়নে?
উত্তৰঃ নহয়।
১৬। মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত পার্থক্য আছেনে?
উত্তৰঃ আছে।
১৭। নির্দেশাত্মক নীতিৰ প্রকৃত উদ্দেশ্য কি?
উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰা।
১৮। জনমত নির্দেশাত্মক নীতিৰ ভিত্তি স্বরূপ হয়নে?
উত্তৰঃ হয়।
১৯। ভাৰতীয় সংবিধানত সন্নিবিষ্ট হোৱা মৌলিক কর্তব্য কেইবিধ?
উত্তৰঃ দহ বিধ।
২০। ৰাষ্ট্ৰসংঘত কেতিয়া ‘মানৱ অধিকাৰ’ চনদ গৃহীত হয়?
উত্তৰঃ ১০ ডিচেম্বৰ, ১৯৪৮ চন।
২১। ভাৰতবৰ্ষত ‘জাতীয় মানৱ অধিকাৰ আইন’ কেতিয়া গঠন কৰা হয়?
উত্তৰঃ ১৯৯৩ চনত।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)
১। মৌলিক অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ অধিকাৰ মানুহৰ স্বাধীন জীৱন যাপনৰ বাবে অতি প্রয়োজনীয়, লিখিত সংবিধানত লিপিবদ্ধ আৰু আদালতৰ দ্বাৰা বলবৎযোগ্য সেইবোৰ অধিকাৰকে ‘মৌলিক অধিকাৰ’ বুলি কোৱা হয়। ভাৰতীয় সংবিধানে ইয়াৰ নাগৰিকসকলক ৬ বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে।
২। এখন দেশৰ নাগৰিক নহ’লেও কি কি মৌলিক অধিকাৰ ভোগ কৰিব পাৰি?
উত্তৰঃ এখন দেশৰ নাগৰিক নহ’লেও তলত উল্লেখ কৰা অধিাকৰসমূহ ভোগ কৰিব পাৰি-
(১) আইনৰ দৃষ্টিত সকলো সমান অর্থাৎ সমতাৰ অধিকাৰ।
(২) জীৱন আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰ আৰু
(৩) ধর্মীয় অধিকাৰ।
৩। ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ বাবে থকা দুটা মৌলিক অধিকাৰ উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষত সংখ্যালঘুসকলৰ বাবে থকা দুটা মৌলিক
অধিকাৰ হ’ল:
(১) ভাষা আৰু সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰ আৰু
(২) সুকীয়া শিক্ষানুষ্ঠান স্থাপন কৰাৰ অধিকাৰ।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। মৌলিক অধিকাৰৰ কেইটামান সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৰিকসকলে উপভোগ কৰিব পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। সেই মৌলিক অধিকাৰসমূহ আদালতৰ দ্বাৰা বলবৎযোগ্য যদিও ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। যেনে-
(১) দেশৰ জৰুৰীকালীন অৱস্থাত মৌলক অধিকাৰ সমূহ বাতিল হ’ব পাৰে।
(২) স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
(৩) চৰকাৰে সংবিধান সংশোধনৰ দ্বাৰামৌলিক অধিকাৰ সংশোধন বা বাতিল কৰিব পাৰে। উদাহৰণ স্বৰূপে ৪৪ তম সংশোধনীত (১৯৭৮ চন) সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে।
(৪) সমতাৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে যদিও চৰকাৰে কোনো বিশেষ শ্রেণীক কেতিয়াবা বিশেষ সুবিধা প্রদান কৰিব পাৰে।
(৫) কেতিয়াবা স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।
২। কি কি কাৰণত চৰকাৰে (ৰাষ্ট্ৰপতিয়ে) দেশত জৰুৰী কালীন অৱস্থা ঘোষণা কৰিব পাৰে?
উত্তৰঃ ভাৰতীয় সংবিধানে ভাৰতৰ ৰাষ্ট্ৰপতিক জৰুৰীকালীন ক্ষমতা প্রদান কৰিছে। তলত উল্লেখ কৰা পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে সমগ্র দেশত বা ইয়াৰ কোনো অংগ ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। যেনে-
(১) ভাৰতবৰ্ষত কোনো বাহ্যিক বা আভ্যন্তৰীণ কাৰণৰ বাবে শান্তি বিনষ্ট হ’লে বা অশান্তিৰ ভাবুকিয়ে দেখা দিলে।
(২) কোনো ৰাজ্য চৰকাৰে সাংবিধানিকভাবে ৰাজ্য শাসন কৰাত অপাৰগ হ’লে।
(৩) দেশত বা কোনো অংগ ৰাজ্যত অর্থনৈতিক সংকটে দেখা দিলে।
(১) ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নির্দেশাত্মক নীতিসমূহৰ গুৰুত্ব বা তাৎপর্য আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত সংবিধান প্রণেতাসকলে কেইটামান নীতি অন্তর্ভুক্ত কৰিছে আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক নিৰ্দ্দেশ দিছে। সেই নীতিসমূহক নির্দেশাত্মক নীতি বুলি কোৱা হয়। নির্দেশাত্মক নীতিবোৰ বাদযুক্ত নহয় যদিও এইবোৰৰ বিশেষ তাৎপর্য আছে।
এই নীতিসমূহ কার্যকৰী কৰাৰ উদ্দেশ্য হৈছে দেশৰ অর্থনৈতিক আৰু সামাজিক ভেটি শক্তিশালী কৰা। গণতান্ত্রিক ৰাষ্ট্ৰত জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিয়ে। সেই স্বার্থ ৰক্ষাৰ বাবে নির্দেশাত্মক নীতি মানি চলাৰ প্ৰয়োজন আছে। এই নীতিয়ে দেশখনক কল্যাণকামী ৰাষ্ট্ৰৰ পিনে আগবঢ়াই নিয়ে। এই নীতিবোৰে মানবীয় গুণ, ভাতৃত্ববোধ, সামাজিক ন্যায়, নৈতিকতা, দয়া আদি গুণবোৰ বিকাশ কৰে।
সেয়ে নির্দেশাত্মক নীতিসমূহৰ তাৎপর্য আছে।
👉 Read Also:
- অধিকাৰ প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- স্বাধীনতা প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)
১। ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ কি কি? আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত (১২ ৰ পৰা ৩৫ নং অনুচ্ছেদলৈকে) ভাৰতীয় নাগৰিকসকলে উপভোগ কৰিব পৰাকৈ ৬ বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে।
তলত মৌলিক অধিকাৰসমূহ আলোচনা কৰা হ’ল:
(১) সমতাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ ১২ ৰ পৰা ১৮ নং অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুচ্ছেদবোৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলে বিভিন্ন ক্ষেত্রত সম অধিকাৰ ভোগ কৰিব পাৰে।
(২) স্বাধীনতাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ ১৯ ৰ পৰা
২২ নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে কোৱা হৈছে। এই অধিকাৰসমূহ হ’লঃ
অধিকাৰ।
অধিকাৰ।
(ক) মত প্ৰকাশৰ অধিকাৰ।
(খ) অস্ত্র-বিহীন অৱস্থাত শান্তিপূর্ণভাবে সমবেত হোৱাৰ
(গ) সংস্থা গঠনৰ অধিকাৰ।
(ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত ঘূৰি ফুৰাৰ অধিকাৰ।
(ঙ) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ
(চ) যিকোনো চাকৰি বা ব্যবসায় কৰাৰ অধিকাৰ।
(৩) শোষণৰ বিৰুদ্ধে অধিকাৰ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল যাতে অইন কোনো শ্ৰেণীৰ লোকসকলৰ দ্বাৰা শোষিত নহয় আৰু বিভিন্ন স্বাধীনতা যাতে সকলো নাগৰিকে সমানে ভোগ কৰিব পাৰে সংবিধানত তাৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত এই বিধ অধিকাৰৰ বিষয়ে বর্ণনা কৰা হৈছে।
(৪) ধর্মীয় অধিকাৰ সংবিধানৰ ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰৰ বিষয়ে কোৱা হৈছে। এই অধিকাৰ মতে দেশৰ নাগৰিকে নিজ নিজ ধর্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। চৰকাৰে কোনো ধৰ্মৰ প্রতি পক্ষপাতিত্বমূলক কার্য নকৰিব।
(৫) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক জাতি-ধর্ম- ভাষা নির্বিশেষে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ প্ৰদান কৰা হৈছে।
(৬) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ সংবিধানৰ ৩২ ব পৰা ৩৫ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ অধিকাৰ দিয়া হৈছে। অর্থাৎ মৌলিক অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। কোনো চৰকাৰী কার্য বা ব্যক্তিৰ কাৰ্যৰ দ্বাৰা কোনো মৌলিক অধিকাৰ ব্যহত হ’লে নাগৰিকে আদালতৰ ওচৰ চাপিব পাৰে।
(২) ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক অধিকৰসমূহৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানত উল্লেখ থকা মৌলিক অধিকাৰসমূহ অধ্যয়ন কৰিলে তলত দিয়া বৈশিষ্ট্যসমূহ ওলাই পৰে। যেনে-
(১) মৌলিক অধিকাৰসমূহবাদ যোগ্য। কেনো ব্যক্তি বা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে সেই হস্তক্ষেপৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব পাৰি।
(২) মৌলিক অধিকাৰসমূহ চৰম নহয়। ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। চৰকাৰে প্ৰয়োজন হ’লে মৌলিক অধিকাৰ বাতিল কৰিব পাৰে। যেনে যুদ্ধকালীন অবস্থাত, ৰাজনৈতিক সংকট অৱস্থাত আৰু অর্থনৈতিক সংকট অৱস্থাত।
(৩) মৌলিক অধিকাৰসমূহ সম্বন্ধবাচক। কোনো ব্যক্তিয়েই গাইগুটীয়াকৈ মৌলক অধিকাৰসমূহ ভোগ কৰি অন্যান্য নাগৰিকক একে অধিকাৰ ভোগ কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰে।
(৫) মৌলিক অধিকাৰসমূহ কেৱল ভাৰতীয় নাগৰিকসকলৰ বাবেহে। কোনো বিদেশীয়ে আটাইবোৰ মৌলিক অধিকাৰ ভোগ কৰিব নোৱাৰে।
(৬) মৌলিক অধিকাৰসমূহ সংশোধন যোগ্য। সংবিধানৰ ৩৬৮ নং অনুচ্ছেদ অনুসৰি সংসদে যিকোনো মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে।
(৩) ভাৰতীয় সংবিধানত উল্লেখ থকা মৌলিক কর্তব্যসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ১৭৭ চনত ৪২ তম সংশোধনী আইন অনুসৰি সংবিধানৰ ৪র্থ অধ্যায়ৰ ৫১ (ক) নং অনুচ্ছেদত ১০ টা মৌলিক কর্তব্য সংযোজন কৰা হৈছে। সেইবোৰ হ’ল-
(১) ভাৰতীয় নাগৰিকসকলে সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্রতীকৰ প্রতি শ্রদ্ধা প্রদর্শন কৰা।
(২) স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পোষণ কৰা আৰু অনুসৰণ কৰা।
(৩) ভাৰতবৰ্ষৰ সার্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা।
(৪) দেশখন ৰক্ষা কৰা আৰু প্রয়োজনীয় সেৱা আগবঢ়োৱা।
(৫) ভাৰতবৰ্ষৰ সকলো মানুহৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ গঢ়ি তোলা আৰু নাৰী মৰ্যদা হানিকৰ আচৰণ নকৰা।
(৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা।
(৭) বনানি, হ্রদ, নদ-নদী, বন্য জীৱ-জন্তুকে ধৰি প্রাকৃতিক পৰিবেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্রাণীৰ প্রতি দয়া ভার পোষণ কৰা।
কৰা। (৯) বাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাব ত্যাগ
(৮) ৰাষ্ট্ৰখনক প্ৰগতিৰ পথলৈ আগবঢ়াই লৈ যোৱা।
(১০) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানবতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা।
(২) ভাৰতীয় সংবিধানত উল্লেখ থকা নির্দেশাত্মক নীতিসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানৰ চতুৰ্থ অধ্যায়ত মুঠ ১৬ টা অনুচ্ছেদত নির্দেশাত্মক নীতিসমূহ সন্নিবিষ্ট হৈছে। আদৰ্শৰ ভিত্তিত এই নীতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। যেনে-অর্থনৈতিক নীতি, গান্ধীবাদী নীতি, আন্তঃৰাষ্ট্ৰীয় নীতি আৰু বিবিধ নীতি। তলত এইবোৰৰ আলোচনা কৰা হ’ল-
(১) অর্থনৈতিক নীতি: ভাৰতীয় নাগৰিকসকলে অর্থনৈতিক স্বাধীনতা ভোগ কৰিব পৰাকৈ সংবিধানৰ ৩৯ অনুচ্ছেদৰ পৰা ৪৩ নং অনুচ্ছেদলৈকে কিছুমান অর্থনৈতিক নীতি নির্ধাৰণ কৰা হৈছে। সেইবোৰ হ’ল-
(ক) নাগৰিকসকলৰ জীৱিকাৰ পৰ্যাপ্ত উপায়ৰ ব্যৱস্থা
কৰা।
(খ) সম্পদৰ সমবিতৰণ কৰা।
(গ) পুৰুষ-মহিলাৰ মাজত সমান কাম আৰু সমান পাৰিশ্ৰমিকৰ ব্যৱস্থা কৰা।
(ঘ) শ্রমিকসকলৰ কামৰ পৰিবেশ উন্নত কৰা।
(ঙ) নিবনুৱা, বৃদ্ধসকল, অসুস্থ বা পঙ্গুসকলৰ বাবে চৰকাৰী সাহাৰ্ষৰ ব্যৱস্থা কৰা।
(২) গান্ধীবাদী নীতি: ভাৰতীয় সংবিধানৰ ৪০ নং অনুচ্ছেদৰ
পৰা ৪৮ নং অনুচ্ছেদলৈকে গান্ধীবাদী নীতিসমূহ সন্নিবিষ্ট কৰা হৈছে। এইবোৰ হ’ল-
(ক) পঞ্চায়তীৰাজ প্রতিষ্ঠা কৰা।
(খ) ব্যক্তিগত ভাবে বা সমবায় ভিত্তিত কুটিৰ শিল্পৰ বিকাশ সাধন কৰা।
(গ) সমাজৰ দুৰ্বল, পিছপৰা শ্ৰেণীৰ লোক, অনুসূচীত জাতি আৰু জনজাতিৰ লোকসকলৰ বাবে শিক্ষাৰ সুবিধা কৰি দিয়া।
(ঘ) জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে মাদক দ্রব্যৰ ব্যৱহাৰ বন্ধ কৰা।
(ঙ) আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিত কৃষি আৰু পশু-পালনৰ ব্যৱস্থা কৰা
(৩) আন্তঃৰাষ্ট্ৰীয় নীতি: ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা
নির্দেশাত্মক নীতিৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত পালন কৰিব লগা কিছুমান নীতিও আছে। যথা
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা।
(খ) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায় আৰু সম্মানজনক সম্বন্ধ ৰক্ষা কৰা।
(গ) ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় সন্ধিৰ প্রতি শ্রদ্ধা আগবঢ়োৱা।
(ঘ) মধ্যস্থতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তি কৰাত উৎসাহ দিয়া।
(৪) বিবিধ নীতি: ভাৰতীয সংবিধানৰ ৪৪.৪৫. ৪৯ আৰু ৫০ নং অনুচ্ছেদত কিছুমান নীতি সন্নিবিষ্ট কৰা হৈছে। এইবোৰক বিবিধ নীতি বুলি ক’ব পাৰি। এই নীতিবোৰ হ’ল:
(ক) সমগ্ৰ ভাৰতবৰ্ষতে একে ধৰণৰ দেৱানী আইন ব্যৱস্থাৰ প্রচলন কৰা।
(খ) ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীক বিনামূলীয়া শিক্ষাৰ সুবিধা দিয়া।
(গ) অতীতৰ শিল্প-কলা আৰু ঐতিহাসিক মঠ-মন্দিৰ আদি সংৰক্ষণৰ ব্যৱস্থা কৰা।
(ঘ) কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাক পৃথক কৰা।
(৪) মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত পার্থক্য নির্ণয় কৰা।
উত্তৰঃ ভাৰতৰ সংবিধানত সন্নিবিষ্ট মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত কিছুমান পার্থক্য আছে। যেনে- (১) মৌলিক অধিকাৰসমূহ বাদ যোগ্য; কিন্তু নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়। অর্থাৎ কোনো ব্যক্তি বা কোনো চৰকাৰী বিভাগে নাগৰিকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰিলে তাৰ প্ৰতিকাৰৰ বাবে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰি। কিন্তু নির্দেশাত্মক নীতি ভংগ কৰিলে আদালতত গোচৰ তৰিব নোৱাৰি।
(২) মৌলিক অধিকাৰৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক কিছুমান বিষয়ত ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা হৈছে। আনহাতে নির্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰিব বিচৰা হৈছে।
(৩) মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত সংঘাত হ’লে মৌলিক অধিকাৰে অগ্রাধিকাৰ পায়।
(৪) দেশত জৰুৰী অৱস্থা বহাল থাকিলে মৌলিক অধিকাৰ বাতিল হ’ব পাৰে। কিন্তু নির্দেশাত্মক নীতি বাহাল থাকে।
(৫) মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ বাবে কোনো নতুন বিধিৰ প্ৰয়োজন নহয়। কিন্তু নির্দেশাত্মক নীতি কার্যকৰী কৰিবৰ বাবে সময়ে সময়ে চৰকাৰে নতুন বিধি প্রণয়ন কৰিব লগা হয়।
(৬) মৌলিক অধিকাৰৰ ভিত্তি হৈছে ব্যক্তিবাদ। কিন্তু নির্দেশাত্মক নীতিৰ ভিত্তি হৈছে সমাজবাদ।
👉 Read Also:
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- ন্যায়পালিকা প্রশ্ন উত্তৰ