উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘নির্বাচন আৰু প্ৰতিনিধিত্ব‘ পাঠটিৰ Class 11 Political Science Chapter 3 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
নির্বাচন আৰু প্ৰতিনিধিত্ব Class 11 Political Science Chapter 3 Solutions Notes
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
- ন্যায়পালিকা প্রশ্ন উত্তৰ
নির্বাচন আৰু প্ৰতিনিধিত্ব
শাখা-ক অধ্যায়-৩
অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)
১। তলৰ কোনটো প্রত্যক্ষ গণতন্ত্ৰৰ লগত বেছি খাপ খায়?
(ক) পাৰিবাৰিক সভাৰ আলোচনা।
(খ) শ্রেণী প্রতিনিধিৰ নিৰ্বাচন।
(গ) ৰাজনৈতিক দলৰ দ্বাৰা প্ৰাৰ্থী নির্বাচন।
(ঘ) গাওঁসভাৰ সিদ্ধান্তসমূহ।
(ঙ) প্ৰচাৰ মাধ্যমে অনুষ্ঠিত কৰা নিৰ্বাচনী মতামত।
উত্তৰঃ (ঘ) গাওঁসভাৰ সিদ্ধান্তসমূহ।
২। তলৰ কোনবোৰ কাৰ্য নির্বাচন আয়োগে সম্পাদন নকৰে?
(ক) ভোটাৰ তালিকা প্রস্তুত।
(খ) প্রার্থী মনোনয়ন।
(গ) নিৰ্বাচনৰ বুথ স্থাপন।
(ঘ) আদর্শ আচৰণ বিধি ৰূপায়ণ।
(ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা।
উত্তৰঃ (ঙ) পঞ্চায়ত নির্বাচন পৰিচালনা।
৩। ৰাজ্যসভা আৰু লোকসভাৰ সদস্য নিৰ্বাচনৰ বাবে কোনটো নির্বাচন পদ্ধতি উমৈহতীয়া?
(ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত।
(খ) ভোটদাতাসকলে বিভিন্ন প্রার্থীৰ বাবে পচন্দৰ ক্রম দিব পাৰে।
(গ) প্রতিটো ভোটৰ মূল্য সমান।
(ঘ) জয়লাভ কৰোঁতাজনে আধাতকৈ বেছি ভোট পাব লাগিব।
উত্তৰঃ (ক) ১৮ বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত।
৪। সর্বাধিক FPTP সেইজন প্রার্থীক বিজেতা ঘোষণা কৰা হয়:
(ক) যি ডাকযোগে প্রেৰিত ভোট লাভ কৰে।
(খ) দেশৰ সৰ্বাধিক ভোট লাভ কৰা দলটোৰ সদস্য।
(গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভোট পাইছে বা আছে।
(ঘ) ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থান পায়।
উত্তৰঃ (গ) সমষ্টিটোৰ অন্যান্য প্রার্থীতকৈ বেছি ভোট পাইছে বা আছে।
৫। নির্বাচক মণ্ডল কাক বোলে?
উত্তৰঃ ৰাষ্ট্ৰ এখনৰ ভিতৰত যিসকল লোকে ভোটদানৰ অধিকাৰ লাভ কৰে, সেই লোকসকলৰ সমষ্টিক ‘নির্বাচক মণ্ডল’ বোলে।
৬। ‘নির্বাচক’ বা ‘ভোটাৰ’ কাক বোলে?
উত্তৰঃ গনতান্ত্রিক নির্বাচনত যিসকল লোকে ভোটদান কৰিব পাৰে তেনে লোকক ‘নির্বাচক’ বা ‘ভোটাৰ’ বোলে।
৭। নির্বাচন কাক বোলে?
উত্তৰঃ ভোটাৰসকলে ভোটদান কৰি প্রতিনিধি বাছি দিয়া পদ্ধতিকে ‘নির্বাচন’ বোলে।
৮। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ হয়নে?
উত্তৰঃ হয়।
৯। ভাৰতৰ ৰাষ্ট্ৰপতিক কি পদ্ধতিত নিৰ্বাচন কৰা হয়?
উত্তৰঃ পৰোক্ষ পদ্ধতিত।
১০। ‘প্রত্যক্ষ নির্বাচন’ কাক বোলে?
উত্তৰঃ যি পদ্ধতিত ভোটাৰসকলে নিজে ভোটদান কৰি প্রতিনিধি নির্বাচন কৰে, সেই পদ্ধতিক ‘প্রত্যক্ষ নির্বাচন’ বোলে।
১১। ‘সকলো নাগৰিকই ভোটাৰ নহয়’: কথাষাৰ শুদ্ধনে?
উত্তৰঃ শুদ্ধ।
১২। সার্বজনীন ভোটাধিকাৰ মানে কি?
উত্তৰঃ সাৰ্বজনীন ভোটাধিকাৰ মানে হ’ল বয়স আৰু লিংগ নির্বিশেষে সকলো ব্যক্তিয়ে লাভ কৰা ভোটাধিকাৰ।
১৩। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তি কি?
উত্তৰঃ বয়স।
১৪। ‘সদা সতর্কতাই ব্যক্তি স্বাধীনতাৰ মূল ভেটি’- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ জেফাবচনে।
১৫। ‘সার্বজনীন ভোটাধিকাৰ ব্যবস্থা কৰাৰ আগতে সাবর্বজনীন শিক্ষা ব্যৱস্থাহে কৰা উচিত।’ কথাষাৰ কোনে কৈছিল?
উত্তৰঃ জন স্টুৱার্ট মিলে।
১৬। আনুপাতিক প্রতিনিধিত্বৰ এটা প্ৰকাৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ তালিকা প্রথা।
১৭। গণতান্ত্রিক সিদ্ধান্ত নিৰ্ভৰ কৰে সংখ্যাৰ ওপৰতনে গুণৰ ওপৰত?
উত্তৰঃ সংখ্যাৰ ওপৰত।
১৮। আনুপাতিক প্রতিনিধিত্ব নির্বাচন পদ্ধতি প্রচলন থকা দুখন দেশৰ নাম লিখা।
উত্তৰঃ ইজৰাইল আৰু নেদাৰলেণ্ড।
👉 Read Also:
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)
১। মহিলা ভোটাধিকাৰৰ সপক্ষে দুটা যুক্তি দিয়া।
উত্তৰঃ মহিলা ভোটাধিকাৰৰ সপক্ষে দুটা যুক্তি হ’ল:
(ব) ভোটদানৰ অধিকাৰে মহিলাসকলক ৰাষ্ট্ৰৰ সুনাগৰিক হিচাপে সচেতন কৰি তোলে।
(চ) ‘আইনৰ চকুত সকলো সমান’ নীতি বাস্তবায়িত কৰিবলৈ মহিলাসকলৰ ভোটদান ক্ষমতা থকা উচিত।
২। সার্বজনীন ভোটাধিকাৰ বুলিলে কি বুজা? ভাতৰবৰ্ষত ভোটাৰ এজনৰ সৰ্বনিম্ন বয়স কিমান?
উত্তৰঃ জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো পুৰুষ-মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পোৱা অধিকাৰকে ‘সার্বজনীন ভোটাধিকাৰ’ বুলি কোৱা হয়। ভাৰতবৰ্ষত ভোটাৰ এজনৰ নিম্নতম বয়স ১৮ বছৰ।
৩। ভোটাৰ এজনৰ দুটা অৰ্হতা লিখা।
উত্তৰঃ এজন ভোটাৰৰ দুটা অৰ্হতা হ’ল:
(১) এজন ব্যক্তিৰ বয়স ১৮ বছৰ হ’ব লাগিব।
(২) ব্যক্তিজন দেউলীয়া বা কোনো গুৰুতৰ অপৰাধত অপৰাধী হ’ব নালাগিব।
৪। FPTP পদ্ধতি মানে কি?
উত্তৰঃ FPTP পদ্ধতি হ’ল এনে এক নির্বাচন পদ্ধতি য’ত যিজন প্রার্থীয়ে অধিক ভোট লাভ কৰে তেওঁকেই নির্বাচনত জয়ী বুলি ঘোষণা কৰা হয়। এনে পদ্ধতিত প্রার্থীজনে যে সংখ্যাগৰিষ্ট ভোট পাব লাগিব তাৰ কোনো নিয়ম নাই।
৪। সংখ্যালঘু সম্প্রদায়ত কি কি পদ্ধতিৰে প্রতিনিধিত্ব সুৰক্ষিত কৰিব পাৰি?
উত্তৰঃ সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধিত্ব সুৰক্ষিত কৰাৰ পদ্ধতি কেইটা হ’লঃ
(১) আনুপাতিক প্রতিনিধি।
(২) সীমিত ভোটদান পদ্ধতি
(৩) আছুতীয়া আসনৰ ব্যবস্থা।
(৫) মনোনয়ন।
(৬) সাম্প্রদায়িক প্রতিনিধিত্ব।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। প্রত্যক্ষ নির্বাচন আৰু পৰোক্ষ নির্বাচন বুলিলে কি বুজা। ব্যাখ্যা কৰা।
উত্তৰঃ যি নির্বাচন ব্যৱস্থাত ভোটাৰসকলে পোনপটীয়াভাবে ভোট দি তেওঁলোকৰ প্ৰতিনিধি নির্বাচন কৰে, সেই পদ্ধতিক ‘প্রত্যক্ষ নির্বাচন’ বুলি কোৱা হয়। প্রত্যক্ষ নিৰ্বাচনৰ জৰিয়তে সাধাৰণতে বিধানমণ্ডলৰ নিম্ন সদনৰ সদস্যসকলক আৰু লোকসভাৰ সদস্যসকলক নির্বাচন কৰা হয়।
আনহাতে যি নির্বাচন পদ্ধতিত ভোটাৰসকলে তেওঁলোকৰ প্রতিনিধি পৰোক্ষভাবে নির্বাচন কৰে, সেই পদ্ধতিক ‘পৰোক্ষ নির্বাচন’ বুলি কোৱা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিজনক পৰোক্ষ পদ্ধতিৰে নির্বাচন কৰা হয়।
২। প্রত্যক্ষ নির্বাচন আৰু পৰোক্ষ নির্বাচনৰ মাজত থকা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ প্রত্যক্ষ নির্বাচন আৰু পৰোক্ষ নিৰ্বাচনৰৰ মাজত পার্থক্য হ’ল:
(১) প্রত্যক্ষ নির্বাচন এক তৰপীয়া। কিন্তু পৰোক্ষ নির্বাচন দুই তৰপীয়া।
(২) প্রত্যক্ষ নির্বাচনত ভোটাৰসকলে পোনপটীয়াকৈ নির্বাচনত অংশ গ্রহণ কৰিব পাৰে। কিন্তু পৰোক্ষ নির্বাচনত ভোটাৰ সকলে পোনপটীয়াকৈ নির্বাচনত অংশ গ্রহণ কৰিব নোৱাৰে।
(৩) প্রত্যক্ষ নির্বাচনে ভোটাৰসকলক ৰাজনৈতিক শিক্ষা দিয়ে। কিন্তু পৰোক্ষ নির্বাচনে ভোটাৰসকলক ৰাজনৈতিক শিক্ষা লাভৰ পৰা বঞ্চিত কৰে।
(৪) প্রত্যক্ষ নির্বাচন সহজ আৰু সবল। আনহাতে পৰোক্ষ নির্বাচন জটিল আৰু জনসাধাৰণৰ বোধগম্যতাৰ বাহিৰত।
৩। আনুপাতিক প্রতিনিধিত্ব কি? ইয়াৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ সমাজৰ সংখ্যালঘু শ্রেণীক উপযুক্ত প্রতিনিধিত্ব কৰিবৰ কাৰণে কিছুমান নির্বাচন পদ্ধতি উদ্ভাৱন কৰা হৈছে। সেইবোৰৰ ভিতৰত আনুপাতিক নির্বাচন পদ্ধতি এক উল্লেখযোগ্য পদ্ধতি। এই পদ্ধতি মতে সকলো শ্ৰেণীৰ লোকেই নিজৰ নিজৰ সংখ্যা অনুপাতে প্রতিনিধি বিধান মণ্ডললৈ পঠাব পাবে। এই পদ্ধতিৰ দুটা ভাগ আছে, যথা-
(ক) হেয়াৰ প্ৰথা আৰু
(খ) তালিকা প্রথা।
ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)
(১) প্রত্যক্ষ নির্বাচন পদ্ধতিৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।
উত্তৰঃ নিৰ্বাচন পদ্ধতি প্রধানতঃ দুই প্রকাৰৰ। যেনে-প্রত্যক্ষ নির্বাচন পদ্ধতি আৰু পৰোক্ষ নির্বাচন পদ্ধতি। তলত প্রত্যক্ষ নিৰ্বাচনৰ গুণ আৰু দোষবোৰ আলোচনা কৰা হ’ল। প্রত্যক্ষ নির্বাচনৰ গুণবোৰ:
(১) প্রত্যক্ষ নির্বাচন পদ্ধতি সম্পূর্ণ গণতান্ত্রিক। এই পদ্ধতিত জনসাধাৰণে পোনপটীয়াকৈ সিহঁতৰ প্রতিনিধি নির্বাচন কৰে বাবে প্রতিনিধিসকলে জনমতক উপেক্ষা কৰিব নোৱাৰে।
(২) এই পদ্ধতিত জনসাধাৰণ আৰু প্রতিনিধিসকলৰ মাজত সু-সম্পর্ক স্থাপিত হয়। প্রতিনিধিসকল আৰু ভোটাৰসকলে পৰস্পৰে পৰস্পৰক জানিবলৈ সুবিধা পায় বাবে প্রতিনিধিৰ প্রতিনিধিত্ব দায়িত্বশীল হয়।
(৩) প্রত্যক্ষ নির্বাচন পদ্ধতিত জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা লাভ হয়।
(৪)এই পদ্ধতিত ভোটাৰৰ সংখ্যা বেছি হয় বাবে দুর্নীতিব প্রভার কম হয়। প্রত্যক্ষ নির্বাচনৰ দোষবোৰ হ’ল:
(১) প্রত্যক্ষ নির্বাচনত উপযুক্ত প্রার্থী নির্বাচিত হোৱাৰ আশা কম হয়। কাৰণ সৰহ সংখ্যক ভোটাৰ অনভিজ্ঞ হোৱা বাবে প্রার্থী নির্বাচনত ভুল হোৱাৰ সম্ভাৱনা থাকে।
(২) প্রত্যক্ষ নির্বাচনত দলীয় স্বার্থই অধিক গুৰুত্বালভ কৰে। ফলত দলীয় সংঘর্ষ হোৱাৰ সম্ভাৱনা থাকে।
(৩) প্রত্যক্ষ নির্বাচন অতিপাত খৰচী হয় বাবে ৰাজহুৱা ধনৰ অপব্যয় হয়।
(৪) এনে নির্বাচনত অধিক সংখ্যক ভোটাৰে আবেগ অনুভূতিৰ বশবর্তী হৈ ভোটদান কৰা দেখা যায়। ফলত যোগ্য প্রার্থী নির্বাচন কৰাত ব্যর্থ হয়।
(১) পৰোক্ষ নির্বাচন পদ্ধতিৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।
উত্তৰঃ নির্বাচন পদ্ধতি প্রধানতঃ দুই প্ৰকাৰৰ। যেনে-প্রত্যক্ষ নির্বাচন পদ্ধতি আৰু পৰোক্ষ নির্বাচন পদ্ধতি। তলত পৰোক্ষ নিৰ্বাচনৰ গুণ আৰু দোষবোৰ আলোচনা কৰা হ’ল।
পৰোক্ষ নিৰ্বাচনৰ গুণবোৰ:
(১) পৰোক্ষ নির্বাচনত সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিত থকা আসোঁৱাহসমূহ নাথাকে। ফলত নির্বাচন নিকা আৰু শান্তিপূর্ণ হয়।
(২) মধ্যবর্তী ভোটাৰসকল জ্ঞানী আৰু অভিজ্ঞ হোৱা বাবে তেওঁলোকে ভাল-বেয়া বিচাৰ কৰি উপযুক্ত প্রতিনিধি নির্বাচন কৰিব পাবে।
(৩) পৰোক্ষ নির্বাচনত খৰচ কম হয়। ফলত ৰাজহুৱা ধনৰ অপব্যয় নহয়।
(৪) পৰোক্ষ নির্বাচনত দলীয় স্বার্থই বিপথে পৰিচালিত কৰাৰ সুযোগ কম থাকে। পৰোক্ষ নিৰ্বাচনৰ দোষবোৰ হ’ল:
(১) পৰোক্ষ নিবৰ্বাচন প্রকৃত গণতন্ত্ৰৰ পৰিপন্থী।
(২) এই পদ্ধতিত দুর্নীতিৰ সম্ভাৱনা বেছি। ভোটাৰৰ সংখ্যা কম হোৱা বাবে সহজে ভোটাদাতাসকলক প্রলোভিত কৰিব পৰা যায়।
(৩) পৰোক্ষ নির্বানচনত জনসাধাৰণ ৰাজনৈতিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়।
(৪) পৰোক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিয়ে সাধাৰণ ভোটাৰসকলৰ প্রতি দায়বদ্ধতা অনুভৱ নকৰে। ফলত জনকল্যাণৰ প্রতি তেওঁলোকৰ মনোযোগ কম হয়।
(৩) প্রত্যক্ষ নির্বাচন আৰু পৰোক্ষ নিৰ্বাচনৰ মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰঃ প্রত্যক্ষ নির্বাচন আৰু পৰোক্ষ নিৰ্বাচনৰ মাজত থকা পার্থক্য সমূহ হ’ল:
(১) প্রত্যক্ষ নির্বাচন একতৰপীয়া। আনহাতে পৰোক্ষ নির্বাচন দুইতৰপীয়া।
(২) প্রত্যক্ষ নির্বাচনত জনসাধাৰণে পোনপটীয়াকৈ সিহঁতৰ প্রতিনিধি নির্বাচন কৰিব পাৰে। কিন্তু পৰোক্ষ নির্বাচনত এইটো অসম্ভব।
(৩) প্রত্যক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা দিয়ে। কিন্তু পৰোক্ষ নির্বাচনে জনসাধাৰণক ৰাজনৈতিক শিক্ষা লোৱাৰ পৰা বঞ্চিত কৰে।
(৪) প্রত্যক্ষ নির্বাচন পদ্ধতি সহজ আৰু সৰল। ই জনসাধাৰণৰ বাবে সহজে বোধগম্য। আনহাতে পৰোক্ষ নির্বাচন পদ্ধতি জটিল আৰু জনসাধাৰণৰ বোধগম্য নহয়।
(৫) প্রত্যক্ষ নির্বাচন অতিপাত খৰচী হোৱা বাবে ৰাজহুৱা ধনৰ অপব্যয় হয়। আনহাতে পৰোক্ষ নির্বাচন পদ্ধতিত খৰচ কম হোৱা বাবে ৰাজহুৱা ধনৰ অপব্যয় নহয়।
(২) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ কি? ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া।
উত্তৰঃ জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো পুৰুষ-মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পোৱা অধিকাৰকে ‘সার্বজনীন ভোটাধিকাৰ’ বুলি কোৱা হয়।
সার্বজনীন প্রাপ্ত ভোটাধিকাৰৰ সপক্ষে যুক্তিবোৰ হ’ল:
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ গণতান্ত্রিক নীতি সম্মত। ই সমতা নীতিৰ ওপৰত প্রতিষ্ঠিত।
(খ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ থাকিলে শাসন কর্তৃপক্ষ স্বেচ্ছাচাৰী হ’ব নোৱাৰে। কিয়নো জনসাধাৰণৰ সন্মতিত প্রতিনিধি নির্বাচিত হয় আৰু চৰকাৰ গঠন হয়।
(গ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ থাকিলে নাগৰিকসকলে নিজ নিজ কর্তব্য পালন কৰিবলৈ উৎসাহ পায়। ভোটাধিকাৰ নথকা নাগৰিকৰ দাবী আৰু অভাৱ অভিযোগৰ প্ৰতি চৰকাৰে মনোযোগ নিদিয়ে।
(ঘ) নাগৰিকসকলে ৰাষ্ট্ৰক কৰ-কাটল দিবালগে। গতিকে ভোটাধিকাৰে সিহঁতক দায়িত্বশীল কৰি তোলে।
সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ বিপক্ষে যুক্তি:
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ব্যৱস্থা বৰ ব্যয়বহুল আৰু যথেষ্ট সময়ৰ আৱশ্যক হয়।
(খ) আধুনিক শাসন ব্যৱস্থা বৰ জটিল। শাসনৰ জটিলতা সকলো লোকে সমানে উপলব্ধি কৰিব নোৱাৰে। সেইবাবে সকলো নাগৰিককে ভোটাধিকাৰ দিব নালাগে।
(গ) দার্শনিক মিলৰ মতে যিসকল লোক অশিক্ষিত তেওঁলোকে ভোটাধিকাৰ পোৱা উচিত নহয়। কাৰণ অশিক্ষিত লোকে সুবিবেচনা প্রয়োগ কৰিব নোৱাৰে।
(ঘ) কিছুমান চিন্তাবিদে ক’ব খোজে যে সম্পত্তিহীন লোকে ভোটাধিকাৰ পোৱা উচিত নহয়। কাৰণ সম্পত্তিহীন লোক দায়িত্বশীল নহয়।
(৪) নির্বাচন আয়োগ ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদমতে গঠন কৰা হয়? নির্বাচন আয়োগৰ সদস্য সংখ্যা কিমান? নির্বাচন আয়োগৰ চাৰিটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ভাৰতীয় সংবিধানৰ ৩২৪ (১) অনুচ্ছেদ অনুযায়ী ‘নির্বাচন আয়োগ’ গঠন কৰা হৈছে।
নির্বাচন আয়োগৰ সদস্য সংখ্যা তিনিজন। ইয়াৰ এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত। আয়ুক্তসকলৰ কার্যকাল ৬ বছৰ বা ৬৫ বছৰ বয়সলেৈক।
নির্বাচনী আয়োগৰ প্ৰধান কাৰ্যবোৰ হৈছে:
(১) ভোটাৰ তালিকা প্রস্তুত কৰা।
(২) নির্বাচনৰ সময়সূচী নিৰ্দ্ধাৰণ আৰু নির্বাচনী কার্যক্রম প্রস্তুত।
(৩) মুক্ত আৰু নিকা নির্বাচন নিশ্চিত কৰা।
(৪) ৰাজনৈতিক দলৰ স্বীকৃতি আৰু প্রতীক প্রদান।
👉 Read Also:
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ