Class 10 Social Science Political Part 3 Chapter 3 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত আমাৰ অধিকাৰ আমাৰ দায়িত্ব Class 10 Social Science Political Part 3 Chapter 3 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science Political Part 3 Chapter 3 Solutions

আমাৰ অধিকাৰ আমাৰ দায়িত্ব Class 10 Social Science Political Part 3 Chapter 3 Solutions

অধ্যায়-৩

আমাৰ অধিকাৰ আমাৰ দায়িত্ব

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। সমুদ্ৰত প্ৰতি বছৰ কিমান পৰিমাণৰ প্লাষ্টিক আৱৰ্জনা জমা হয়।

উত্তৰঃ প্রায় ১৩ নিযুত টন।

২। ভাৰতবৰ্ষত কেতিয়া ‘শিশু শ্রমিক নিৰোধক আৰু নিয়ন্ত্রণ আইন’ গ্রহণ কৰা হয়?

উত্তৰঃ ১৯৮৬ চনত।

৩। শৰ্মা চাৰে প্ৰাৰ্থনা সভাত কি কৈছিল?

উত্তৰঃ শৰ্মা চাৰে প্রার্থনা সভাত কোৱা কথাষাৰ আছিল, “জীৱনত যদি সফল হ’ব খুজিছা, সময়ৰ অপব্যয় নকৰিবা। কাৰণ সময়েই জীৱন গড়ে।”

৪। ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি’ প্ৰবৰ্তন কৰা হয়?

উত্তৰঃ ভাৰতবৰ্ষত ‘শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি’ ১৯৭৪ চনত প্ৰৱৰ্তন কৰা হয়।

৫। ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ অধিকাৰ – আইন’ প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ভাৰতবৰ্ষত ১৯৯২ চনৰ ১১ ডিচেম্বৰত ‘শিশুৰ অধিকাৰ আইন’ প্ৰৱৰ্তন কৰা হয়।

৬। ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে?

উত্তৰঃ ৰাষ্ট্ৰসংঘই ১৯৫৯ চনত ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে।

৭। শিশুৰ প্ৰথম অধিকাৰ কি?

উত্তৰঃ শিশুৰ প্ৰথম অধিকাৰ হৈছে সন্মান আৰু প্ৰকাশৰ অধিকাৰ।

৮। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

৯। ভাৰত বৰ্ষত কোন তাৰিখে ‘গণৰাজ্য দিৱস’ পালন কৰা হয়?

উত্তৰঃ প্ৰতিবছৰ ২৬ জানুৱাৰীৰ দিনা।

১০। এইচ আই ভি আক্রান্ত ব্যক্তি এজনক কামুৰা মহে আন এজন সুস্থ ব্যক্তিৰ শৰীৰত কামুৰিলে এইচ আই ভি ভাইৰাচ সংক্রমণ হ’ব পাৰেনে?

উত্তৰঃ নোৱাৰে।

১১। চৰিত্ৰ কিদৰে গঠন হয়?

উত্তৰঃ আমি গঠন কৰা অভ্যাস বাৰে বাৰে কৰি থাকিলে স্বভাৱত পৰিণত হয় আৰু সেই স্বভাবেই শেষত চৰিত্ৰ হৈ পৰে।

১২। ড্রাগচ কি?

উত্তৰঃ ড্রাগচ হৈছে আমাৰ দৈহিক প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটাব পৰা এবিধ ৰাসায়নিক দ্রব্য।

১৩। ‘বিশুদ্ধ বায়ু’ কাক বোলে?

উত্তৰঃ বায়ুত যিকেইবিধ গেছ যিমান পৰিমাণে মিহলি হৈ থাকিব লাগে সেইকেইবিধ গেছ সিমান পৰিমাণতেই যদি মিহলি হৈ থাকে, তেন্তে সেই বায়ুক ‘বিশুদ্ধ বায়ু’ বুলি কোৱা হয়।

১৪। ব্যক্তি এজন নিচাগ্রাসত পৰিছেনে নাই সেয়া আমি কিদৰে জানিব পাৰো?

উত্তৰঃ যদি কোনো এবিধ দ্রব্য সেবন নকৰিলে মানুহ এজনে অস্বস্তি অনুভৱ কৰে, অস্থিৰ হৈ পৰে, তেন্তে আমি বুজিব লাগিব যে মানুহজন নিচাৰ গ্রাসত পৰিছে।

১৫। ধঁপাত সেৱনৰ ফলত ভাৰত বৰ্ষত বছৰি কিমান মানুহৰ মৃত্যু হয়?

উত্তৰঃ ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত প্ৰতিবছৰ ৮ ৰ পৰা ৯ লাখ মানুহৰ মৃত্যু হয়।

১৬। চিগাৰেট বা বিড়িৰ পৰা নিৰ্গত হোবা বায়ুত কি কি পদার্থ থাকে?

উত্তৰঃ চিগাৰেট বা বিড়িৰ পৰা নিৰ্গত হোৱা বায়ুত টাৰ, নিক’টিন আৰু কার্বন মন ‘স্কাইড থাকে।

১৭। AIDS ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ Acquired Immuno Deficiency Syndrome.

চমু প্রশ্নোত্তৰঃ

১। ছাত্র-ছাত্রীসকলে বিদ্যালয়ত কি বৌদ্ধিক প্ৰমূল্য আহৰণ কৰিব লাগে?

উত্তৰঃ বিদ্যালয়ত ছাত্র-ছাত্রীসকলে পাঠ্যপুথিৰ জ্ঞান আহৰণ কৰাৰ লগতে বিজ্ঞানসম্মত দৃষ্টিভংগীৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ, পৰিৱেশ চেতনা, গণতান্ত্রিক চেতনা, বিশ্বভাতৃত্ববোধ আদি বৌদ্ধিক প্রমূল্য আৰহণ কৰিব লাগে।

২। AIDS কি?

উত্তৰঃ AIDS হৈছে ভাইৰাচৰ এক সৃষ্ট অৱস্থা। এইচ আইভি ভাইৰাচ যেতিয়া কোনো এজন মানুহৰ দেহত প্রবেশ কৰে, তেতিয়া মানুহজনক এইচ আই ভি পজিটিভ বুলি কোৱা হয়। এইচ আই ভি ভাইৰাচ মানুহ এজনৰ দেহত প্ৰৱেশ কৰিলে মানুহজনৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়।

৩। ধঁপাতে আমাৰ শৰীৰত কিদৰে ক্ৰিয়া কবে?

উত্তৰঃ বঁপাতে আমাৰ শৰীৰৰ ৰক্তচাপ বৃদ্ধি কৰে আৰু শৰীৰ বিভিন্ন অংগলৈ তেজ চলাচলত বাধা প্রদান কৰে।

৪। ‘চাইবাৰ অপৰাধ’ বুলিলে কি বুজা?

উত্তৰঃ বিভিন্ন ধৰণৰ চ’চিয়েল মেডিয়া যেনে : ইন্টাৰনেট, ফেচবুক, হুৱাটচএপ, ই-মেইল আদিৰ অপ-প্ৰয়োগ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰা, প্ৰৰোচনামূলক কথা প্ৰচাৰ কৰা, অসামাজিক আৰু অনৈতিক বিষয় বা তথ্য প্রকাশ কৰা আদি কার্যক ‘চাইবাৰ অপৰাধ’ বুলি কোৱা হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। শিশুৰ অধিকাৰসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ শিশুৰ বাবে থকা অধিকাৰসমূহ হ’ল:

(ক) পুষ্টিকৰ খাদ্য পোৱাৰ অধিকাৰ।

(খ) খেলা-ধূলা কৰাৰ অধিকাৰ।

(গ) জিৰণি পোৱাৰ অধিকাৰ।

(ঘ) বিশুদ্ধ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ।

(ঙ) মনৰ ভাৱ মুক্তভাবে প্রকাশ কৰাৰ অধিকাৰ।

(চ) উপযুক্ত শিক্ষা লাভ কৰাৰ অধিকাৰ।

(ছ) সকলোৰে পৰা যত্ন আৰু আদৰ পোৱাৰ অধিকাৰ।

২। ভাৰতীয় সংবিধানৰ ‘নির্দেশক নীতি’ অধ্যায়ত নাগৰিকৰ কৰ্তব্য সম্পৰ্কীয় কি কি কথা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ‘নির্দেশক নীতি’ অধ্যয়ত নাগৰিকৰ কৰ্তব্য সম্পর্কীয় কিছুমান কথা সন্নিবিষ্ট কৰা হৈছে, যেনে-

(ক) দেশৰ ঐক্য, সংহতি, অখণ্ডতা আৰু সন্মান ৰক্ষাৰ বাবে সদায় প্রস্তুত থকা।

(খ) ধর্ম, বর্ণ, জাতি নির্বিশেষে ভাৰতৰ প্ৰতিগৰাকী লোকৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ বৰ্তাই ৰখা।

(গ) যিকোনো পৰিস্থিতিত নাৰী জাতি অপমানিত হোৱা সকলো কাৰ্যৰ পৰা বিৰত থকা।

(ঘ) ভাৰতৰ সংবিধান, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰা।

(ঙ) দেশৰ স্বাধীনতা সংগ্ৰামৰ পৱিত্ৰ আদর্শ মনত ৰখা আৰু স্বাধীনতা সংগ্রামীসকলৰ অপিৰমেয় ত্যাগ স্বীকাৰ কৰা।

(চ) দেশখনৰ সাংস্কৃতিক ঐতিহ্য, প্রাকৃতিক সম্পদ, হাবি-বননি, নদ-নদী, জীৱকুল আদি সংৰক্ষণৰ হেতু কাম কৰা।

(ছ) হিংসাত্মক কাৰ্যৰ পৰা আঁতৰত থকা আৰু আনকো হিংসাত্মক কার্যত জড়িত হোৱাত বাধা প্রদান কৰা।

(জ) নিজৰ লগতে আনৰো প্রতিভা বিকাশৰ বাবে পৰিৱেশ সৃষ্টি কৰাত অৱদান আগবঢ়োৱা।

(ঝ) বৈজ্ঞানিক মানসিকতা গঠন কৰি মানৱীয় পৰিৱেশ গঢ় দিয়া।

৩। এজন মানুহৰ দেহৰ পৰা আন এজন মানুহৰ দেহলৈ কিদৰে এইচ আই ভি ভাইৰাচ বিয়পাব পাৰে?

উত্তৰঃ এইচ আই ভি ভাইৰাচ কেইবাটাও উপায়ে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পাব পাৰে, যেনে-

(ক) এইচ আই ভি পজিটিভ ব্যক্তি এজনৰ পৰা তেজ গ্রহণ কৰিলে।

(খ) এইচ আই ভি পজিটিভ ব্যক্তি এজনে ব্যৱহাৰ কৰা চিৰিঞ্জ, বেজী আদি ব্যৱহাৰ কৰিলে।

(গ) অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে।

(ঘ) এইচ আই ভি পজিটিভ ভাইৰাচ আক্রান্ত মাতৃ এগৰাকীৰ পৰা গৰ্ভস্থ সন্তানলৈ।

৪। পথ সুৰক্ষাৰ নিয়ম-নীতিবোৰ কি কি?

উত্তৰঃ পথ সুৰক্ষাৰ কিছুমান নিয়ম-নীতি আছে, যেনেঃ

(ক) গাড়ী চলাওঁতে চিট-বেল্ট বান্ধি ল’ব লাগে।

(খ) ট্রাফিক চিগনেলসমূহ মানি চলিব লাগে।

(গ) জেব্রা ক্রচিঙত ৰাস্তা পাৰ হ’ব লাগে।

(ঘ) ৰাস্তাৰ কাষে কাষে বাওঁফালে খোজ কাঢ়িব লাগে।

(ঙ) দুচকীয়া বাহন চলালে হেলমেট পৰিধান কৰিব লাগে।

৫। ড্রাগচৰ অপকাৰিতাসমূহ কি কি?

উত্তৰঃ ড্রাগচ বহুতো অপকাৰিতা আছে, যেনে-

(ক) ড্রাগচে লিভাৰ, হৃদযন্ত্র, আদি দুৰ্বল কৰে। মুখ, খাদ্যনলী, শ্বাসনলী আদিত কেন্সাৰ হোৱাৰ সম্ভাবনা থাকে।

(খ) ড্রাগচ খাবলৈ অৰ্থৰ অভাৱ হ’লে ড্রাগ আসক্ত ব্যক্তিজনে ঘৰৰ সামগ্ৰী বিক্ৰী কৰি ঘৰখন ধ্বংস কৰে।

(গ) ড্রাগ খোৱা মানুহে নিজৰ আবেগৰ ওপৰত নিয়ন্ত্রণ হেৰুৱায়। ফলত অপকর্মত লিপ্ত হয়।

(ঘ) ড্রাগচ সেবনে ব্যক্তি এজনৰ মানসিক স্বাস্থ্য ভাগি পেলায়। শিকাৰ ক্ষমতা লোপ পায় আৰু কাম কৰিবলৈ মন নোযোৱা হয়।

(ঙ) ড্রাগ খোৱা মানুহে কোনো নির্ভুল আৰু স্থিৰ সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে। ফলত সঘনে কাজিয়াত লিপ্ত হয়।

(চ) ড্রাগচে মস্তিষ্কৰ ক্ষুদ্র ক্ষুদ্র কোষৰ ওপৰত ক্ৰিয়া কৰি মাৰি পেলায়। ফলত মানুহজনৰ সুক্ষ্ম অনুভূতিবোৰ নাইকীয়া হয়।

(ছ) শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্রাস পায়।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ সমুদ্ৰত প্ৰতিবছৰ কিমান পৰিমাণৰ প্লাষ্টিক আবর্জনা জমা হয়?

(ক) ৫ নিযুত টন
(খ) ১০ নিযুত টন
(গ) ১৩ নিযুত টন
(ঘ) ২০ নিযুত টন
উত্তৰঃ (গ) ১৩ নিযুত টন

প্রশ্নঃ ভাৰতবৰ্ষত কেতিয়া ‘শিশু শ্রমিক নিৰোধক আৰু নিয়ন্ত্রণ আইন’ গ্রহণ কৰা হয়?

(ক) ১৯৭৫ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৯২ চনত
(ঘ) ২০০০ চনত
উত্তৰঃ (খ) ১৯৮৬ চনত

প্রশ্নঃ শর্মা চাৰে প্রার্থনা সভাত কি কৈছিল?

(ক) “সময় কাৰো বাবে ৰৈ নাথাকে।”
(খ) “সময়ৰ অপব্যয় নকৰিবা।”
(গ) “সময় খৰচ কৰিবলৈ বেছি চিন্তা নকৰিবা।”
(ঘ) “সময় সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ নহয়।”
উত্তৰঃ (খ) “সময়ৰ অপব্যয় নকৰিবা।”

প্রশ্নঃ ভাৰতবৰ্ষত কেতিয়া ‘শিশুৰ ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰা হয়?

(ক) ১৯৬৮ চনত
(খ) ১৯৭৪ চনত
(গ) ১৯৮২ চনত
(ঘ) ১৯৯০ চনত
উত্তৰঃ (খ) ১৯৭৪ চনত

প্রশ্নঃ ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে?

(ক) ১৯৫৯ চনত
(খ) ১৯৬৫ চনত
(গ) ১৯৭০ চনত
(ঘ) ১৯৭৫ চনত
উত্তৰঃ (ক) ১৯৫৯ চনত

প্রশ্নঃ শিশুৰ প্ৰথম অধিকাৰ কি?

(ক) শিক্ষাৰ অধিকাৰ
(খ) স্বাস্থ্যৰ অধিকাৰ
(গ) সন্মান আৰু প্ৰকাশৰ অধিকাৰ
(ঘ) খাদ্যৰ অধিকাৰ
উত্তৰঃ (গ) সন্মান আৰু প্ৰকাশৰ অধিকাৰ

প্রশ্নঃ ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়?

(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট
(খ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
(গ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
(ঘ) ১৯৫২ চনৰ ১৫ আগষ্ট
উত্তৰঃ (গ) ১৯৫০ চনৰ ২৬ জানুৱাৰী

প্রশ্নঃ HIV আক্রান্ত ব্যক্তিৰ কামুৰাত এইচ আই ভি ভাইৰাচ সংক্রমণ হয়নে?

(ক) হয়
(খ) নোৱাৰে
(গ) সম্ভৱ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে
(ঘ) নিশ্চিত নাথাকে
উত্তৰঃ (খ) নোৱাৰে

প্রশ্নঃ চৰিত্ৰ কিদৰে গঠন হয়?

(ক) অভ্যাস বাৰে বাৰে কৰাৰ দ্বাৰা
(খ) আত্মবিশ্বাসৰ দ্বাৰা
(গ) সফলতাৰ দ্বাৰা
(ঘ) পৰিসেৱাৰ দ্বাৰা
উত্তৰঃ (ক) অভ্যাস বাৰে বাৰে কৰাৰ দ্বাৰা

প্রশ্নঃ ধঁপাত সেৱনৰ ফলত ভাৰতবৰ্ষত বছৰি কিমান লোকৰ মৃত্যু হয়?

(ক) ৫ লাখ
(খ) ৬ লাখ
(গ) ৮ ৰ পৰা ৯ লাখ
(ঘ) ১০ লাখ
উত্তৰঃ (গ) ৮ ৰ পৰা ৯ লাখ

প্রশ্নঃ ধঁপাত কি কি ৰূপত খোৱা বা সেৱন কৰা হয়?

(ক) গুটখা, জর্দা, বিড়ি, চিগাৰেট
(খ) কেৱল গুটখা আৰু জর্দা
(গ) কেৱল বিড়ি আৰু চিগাৰেট
(ঘ) কেৱল পাণ-মছলা আৰু খৈণী
উত্তৰঃ (ক) গুটখা, জর্দা, বিড়ি, চিগাৰেট

প্রশ্নঃ চিগাৰেট বা বিড়িৰ পৰা নিৰ্গত হোৱা বায়ুত কি পদার্থ থাকে?

(ক) অক্সিজেন, হাইড্র’জেন আৰু নিক’টিন
(খ) টাৰ, নিক’টিন আৰু কাৰ্বন মন’স্কাইড
(গ) হিলিয়াম, মিথেন আৰু টাৰ
(ঘ) কেৱল নিক’টিন

উত্তৰঃ (খ) টাৰ, নিক’টিন আৰু কাৰ্বন মন ‘স্কাইড

প্রশ্নঃ জীৱনত কৃতকার্য হোৱাৰ প্ৰধান চাবি-কাঠি কি?

(ক) ধৈর্য আৰু অধ্যৱসায়
(খ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস
(গ) পৰিশ্ৰম আৰু শিক্ষা
(ঘ) সময় আৰু ধৈর্য
উত্তৰঃ (খ) ইচ্ছাশক্তি আৰু আত্মবিশ্বাস

প্রশ্নঃ AIDS ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) Acquired Immune Deficiency Syndrome
(খ) Active Immune Disease Syndrome
(গ) Acute Immune Deficiency System
(ঘ) Acquired Immune Defense System
উত্তৰঃ (ক) Acquired Immune Deficiency Syndrome

প্রশ্নঃ ‘বিশুদ্ধ বায়ু’ কাক বোলা হয়?

(ক) কেরল অ’িজেন যুক্ত বায়ুক
(খ) কেৱল নাইট্রজেন যুক্ত বায়ুক
(গ) গেছসমূহ সঠিক মাত্রাত থকা বায়ুক
(ঘ) ক্রিয়া ৰহিত বায়ুক
উত্তৰঃ (গ) গেছসমূহ সঠিক মাত্রাত থকা বায়ুক

প্রশ্নঃ ব্যক্তি এজন নিচাগ্রাসত পৰিছেনে নাই সেয়া কিদৰে জানিব পাৰি?

(ক) তেওঁ পর্যাপ্ত শাৰীৰিক শক্তি থাকিলে
(খ) কোনো দ্রব্য সেবন নকৰিলে অস্বস্তি অনুভৱ কৰিলে
(গ) তেওঁ দিনে-ৰাতি অলপ সময়ৰ বাবে শোৱালে
(ঘ) তেওঁ অধিক খোৱা আৰম্ভ কৰিলে
উত্তৰঃ (খ) কোনো দ্রব্য সেৱন নকৰিলে অস্বস্তি
অনুভৱ কৰিলে দ্রব্য

প্রশ্নঃ ড্রাগচ কি?

(ক) শাৰীৰিক প্ৰক্ৰিয়া প্রবর্তন ঘটোৱা দ্রব্য
(খ) কেৱল মাদক পদার্থ
(গ) খাদ্যৰ এক প্ৰকাৰ
(ঘ) কেবল গাঞ্জা
উত্তৰঃ (ক) শাৰীৰিক প্ৰক্ৰিয়া প্ৰৱৰ্তন ঘটোৱা

প্রশ্নঃ ৰাষ্ট্ৰসংঘই কেতিয়া ‘শিশুৰ অধিকাৰ আঁচনি’ গ্রহণ কৰে?

(ক) ১৯৪৮ চনত
(গ) ১৯৭৪ চনত
(খ) ১৯৫৯ চনত
(ঘ) ১৯৮৬ চনত
উত্তৰঃ (খ) ১৯৫৯ চনত

প্রশ্নঃ বিদ্যালয়ত ছাত্র-ছাত্রীসকলে কি মূল্য আহৰণ কৰিব লাগে?

(ক) কেৱল পাঠ্যপুথিৰ জ্ঞান
(খ) বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু গণতান্ত্রিক
চেতনা
(গ) কেৱল পৰিৱেশ চেতনা
(ঘ) কেৱল অন্ধবিশ্বাস দূৰীকৰণ
উত্তৰঃ (খ) বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু গণতান্ত্রিক চেতনা

প্রশ্নঃ শিশুৰ সন্মান আৰু প্ৰকাশৰ অধিকাৰক কি কোৱা হয়?

(ক) মৌলিক অধিকাৰ (খ) সামাজিক অধিকাৰ
(গ) শিক্ষাৰ অধিকাৰ
(ঘ) সাংস্কৃতিক অধিকাৰ
উত্তৰঃ (ক) মৌলিক অধিকাৰ

প্রশ্নঃ প্রতি বছৰৰ কোন দিনটোত ‘গণৰাজ্য দিৱস’ পালন কৰা হয়?

(ক) ১৫ আগষ্ট
(খ) ২৬ জানুৱাৰী
(গ) ২ অক্টাবৰ
(ঘ) ১১ নৱেম্বৰ
উত্তৰঃ (খ) ২৬ জানুৱাৰী

প্রশ্নঃ এইচ আই ভি ভাইৰাচ দেহত প্ৰৱেশ কৰিলে কি হয়?

(ক) দেহত শক্তি বৃদ্ধি পায়
(খ) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়
(গ) দেহত কোনো পৰিবৰ্তন নহয়
(ঘ) কেৱল মানসিক পৰিবৰ্তন হয়
উত্তৰঃ (খ) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়।

Leave a Comment

" target="_blank" rel="nofollow">