মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 10 Social Science Economics Part 3 Chapter 1 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 10 Social Science Economics Part 3 Chapter 1 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 10 Social Science Economics Part 3 Chapter 1 Solutions

মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 10 Social Science Economics Part 3 Chapter 1 Solutions

(খ) অর্থ বিজ্ঞান

অধ্যায়-১

মুদ্ৰা আৰু বেংক ব্যৱস্থা

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ ৰিজার্ভ বেংক অব ইণ্ডিয়া।

২। নাবাৰ্ডৰ প্ৰধান কার্যালয় ক’ত?

উত্তৰঃ মুম্বাইত।

৩। NABARD ৰ সম্পূর্ণ কটো কি?

উত্তৰঃ National Bank for Agriculture and Rural Development.

৪। বেংক আমানত কি?

উত্তৰঃ বাণিজ্যিক বেংকে নগদ জমা আৰু ঋণ দানৰ জৰিয়তে যি ঋণমুদ্ৰাৰ সৃষ্টি কৰে তাকে ‘বেংক আমানত’ বুলি কোৱা হয়।

৫। পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক কোনটো?

উত্তৰঃ বেংক অব হিন্দুস্থান। HSLC ’18

৬। ১৭৭০ চনত ভাৰতত কোনটো বেংক স্থাপন কৰা হৈছিল? HSLC ’17

উত্তৰঃ বেংক অব হিন্দুস্থান।

৭। ভাৰতীয় কেন্দ্রীয় বেংকৰ নাম কি? HSLC ’15

উত্তৰঃ ভাৰতীয় বিজার্ভ বেংক।

৮। বিনিময় প্রথা কি? HSLC ’22

উত্তৰঃ বিনিময় প্রথা বুলিলে এবিধ সামগ্ৰীৰ লগত আন এবিধ সামগ্রীৰ প্রত্যক্ষ সলনি কৰাক বুজায়।

৯। মুদ্রাৰ ক্ৰমবিকাশৰ প্ৰথম পর্যায় কি আছিল?

উত্তৰঃ বিনিময় প্রথা।

১০। প্রকৃত মুদ্রা কি?

উত্তৰঃ জনসাধাৰণৰ মাজত প্রচলিত আৰু সকলো মানুহে গ্রহণ কৰা মুদ্রাক ‘প্রকৃত মুদ্রা’ বুলি কোৱা হয়।

১১। ধাতু মুদ্রা কি?

উত্তৰঃ ধাতু এবিধক বিশেষ গড় দি ছাপ মাৰি মুদ্রা হিচাপে প্রচলন কৰা মুদ্রাক ‘ধাতু মুদ্রা’ বোলে।

১২। ৰাষ্ট্ৰীয় মুদ্রা কি?

উত্তৰঃ ধাতু বা কাগজী মুদ্রাক ৰাষ্ট্ৰীয় মুদ্রা বোলে।

১৩। প্রতীক মুদ্রা কি?

উত্তৰঃ যি মুদ্ৰাৰ প্ৰদৰ্শিত বা লিখিত মূল্য ইয়াৰ অন্তর্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্রাকে ‘প্রতীক মুদ্রা’ বোলে।

১৪। সকলোতকৈ পুৰণি বেংকটোৰ নাম কি?

উত্তৰঃ চুইডেনৰ ৰিক্স বেংক।

১৫। মুদ্রা কি?

উত্তৰঃ অর্থনীতিবিদ জিয়ফ্রী ক্রাউথাৰৰ মতে, “বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্রীয়েই হ’ল মুদ্রা।”

১৬। মুদ্রাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।

উত্তৰঃ মুদ্রাই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।

১৭। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ ধনাদেশ বা চেক।

১৮। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি?

উত্তৰঃ পূৰ্বৰ কাগজী মুদ্রা সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰা হৈছিল। এনে কাগজী মুদ্রাক ‘প্রতিনিধিত্বমূলক কাগজী মুদ্রা’ বোলা হয়।

১৯। বেংক কি? HSLC ’22

উত্তৰঃ বেংক হ’ল এক প্ৰকাৰৰ বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে।

২০। ভাৰতীয় ৰিজার্ভ বেংক কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।

২১। চেক মুদ্রা অবিহিত মুদ্রাৰ এটা উদাহৰণ। (শুদ্ধনে অশুদ্ধ লিখা) HSLC ’23

উত্তৰঃ শুদ্ধ

চমু প্রশ্নোত্তৰঃ

১। মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধাঅ উল্লেখ কৰা? HSLC ’18

উত্তৰঃ মুদ্ৰাৰ লগত সংযোজিত হৈ থকা দুটা অসুবিধা হ’ল: (ক) মুদ্রাৰ প্ৰতি থকা মানুহৰ দুৰ্বলতাৰ বাবে সামাজিক মূল্যবোধৰ অৱক্ষয় হ’ব পাৰে। মুদ্ৰাৰ জৰিয়তে মানুহে দুর্নীতি, অনিয়ম, অবিচাৰ আদিৰ সৃষ্টি কৰে।

(খ) মুদ্রাৰ দ্বাৰা হোৱা দুর্নীতিয়ে কলা মুদ্রাৰ সৃষ্টি কৰি সামাজিক বৈষম্যৰ সৃষ্টি কৰে।

২। চেক এখন মুদ্রানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। HSLC ’20

উত্তৰঃ চেক মুদ্রা নহয়। ই মুদ্রা পৰিশোধৰ এটা আদেশহে। কিয়নো চেক এখনৰ সাধাৰণ গ্রহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰি। সেয়ে চেক মুদ্রা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্রা বুলি কোৱা হয়।

৩। মুদ্রাৰ তাৰল্য গুণ কি?

উত্তৰঃ যিকোনো মুদ্রাক সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্রত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোকে ‘মুদ্রাৰ তাৰল্য গুণ’ বুলি কোৱা হয়।

৪। মুদ্রা সা-সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী’ ব্যাখ্যা কৰা।

উত্তৰঃমুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ মূল্য নিৰূপণ কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ ‘দাম’ বুলি কোৱা হয়। সেয়ে মুদ্ৰা সা-সামগ্ৰীৰ উমৈহতীয়া মাপকাঠি।

৫। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি?

উত্তৰঃ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেন-দেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰাক ‘সসীম বিহিত মুদ্রা’ বুলি কোৱা হয়।
আনহাতে অধিক মূল্যৰ মুদ্রা হ’ল অসীম বিহিত মুদ্রা। যেনেঃ চেক মুদ্রা।

৬। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কবে? HSLC ’17

উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা, যেনে-

(ক) গ্রাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সঞ্চয় ব্যয় কৰা।

(খ) বেপাৰী, মহাজন সকলৰ পৰা অত্যধিক সুদ দি ঋণ গ্রহণ কৰা গ্ৰাম্য কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে অতি কম সুদত ঋণ প্রদান কৰা।

৭। অনা-বেংক প্রতিষ্ঠানসমূহ কি অর্থত বেলেগ?

উত্তৰঃ অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহত চেকৰ দ্বাৰা লেনদেন কার্য সম্পাদন কৰিব নোৱাৰি। এই বৈশিষ্ট্যই হ’ল বিত্তীয় প্রতিষ্ঠানৰ লগত ইয়াৰ পার্থক্য।

৮। মুদ্রাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?

উত্তৰঃ মুদ্রাৰ সবাতোকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্যটো হ’ল: ইয়াৰ সাধাৰণ গ্রহণযোগ্যতা। এই বৈশিষ্ট্য অবিহনে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। মুদ্রাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্রাৰ চাৰিটা প্রধান বৈশিষ্ট্য হ’ল:

(ক) মুদ্রাৰ সাধাৰণ গ্রহণযোগ্যতা অর্থাৎ সকলোৱে গ্রহণ কৰিব পৰা যোগ্যতা থাকিব লাগিব নহ’লে ই বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।

(খ) মুদ্রাৰ গ্ৰহণযোগ্যতা সহজ হ’ব লাগিব। আন সকলো সামগ্রীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্রাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী ক্রয়- বিক্রয়ত জটিলতাই দেখা দিব।

(গ) মুদ্রা সহজতে নষ্ট হৈ যোৱা সামগ্রী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ, শাক-পাচলি আদি মুদ্রা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্রী বেছিদিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি।

(ঘ) মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। অর্থাৎ একে ধৰণৰ মুদ্ৰাবোৰৰ আকাৰ সদৃশ হ’ব লাগিব।

২। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। HSLC ’22

উত্তৰঃ পন্য বিনিময় প্রথাৰ অসুবিধাসমূহ হ’লঃ

(১) মূল্য নির্ধাৰণৰ অসুবিধা: বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নির্ধাৰণৰ উমৈহতীয়া একক নাথাকে। এনে অৱস্থাত সকলো সামগ্রীক এটা মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে।।

(২) বিভাজ্যতাৰ অসুবিধা: সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্রথাত সমস্যাৰ সৃষ্টি কৰে। কিছুমান সামগ্রী অবিভাজনীয়। উদাহৰণস্বৰূপে এটা গৰুৰ সলনি কিমান পৰিমাণৰ চাউলৰ বিনিময় হ’ব তাক নির্ধাৰণ কৰিব নোৱাৰি। কাৰণ চাউলৰ পৰিমাণ অনুযায়ী গৰুক ভাগ কৰিব নোৱাৰি।

(৩) অভাৱৰ পাৰস্পৰিক সংগতিহীনতা: বিনিময় প্রথা কাৰ্যকৰী হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে কাপোৰৰ সলনি চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ সলনি কাপোৰ বিচাৰিলে অভাৱৰ পৰস্পৰ সংগতি থকা বুলি কোৱা হয়। কিন্তু কাপোৰৰ গৰাকীয়ে যদি কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাক অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়।

(৪) মূল্য ভাণ্ডাৰৰ অভাৱঃ বিনিময় ব্যৱস্থাত যিবোৰ সামগ্ৰী বিনিময় কৰা হয় সেইবোৰ সা- সামগ্রী বেছিদিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি। বিনিময় প্রথাত সঞ্চয়ৰ ভাণ্ডাৰ নাই। মুদ্রা ব্যবস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়। ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্রয়োজন সাপেক্ষে যিকোনো সময়ত উলিয়াই সা-সামগ্রী ক্ৰয় কৰিব পাৰি।

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ প্ৰধান কার্যাৱলী তলত আলোচনা কৰা হ’ল –

(১) বিনিময়ৰ মাধ্যম: মুদ্রাক সকলো সামগ্রী বা সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্রাৰ যোগেদি বজাৰত ক্রেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে।

(২) মূল্যৰ মাপকাঠি: মুদ্রাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্রী আৰু সেৱা কাৰ্যৰ মূল্য নিৰূপণ কৰা হয়।

(৩) মূল্যৰ ভাণ্ডাৰ: মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্রাৰ যোগেদি এই সঞ্চয় কার্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ হয়।

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড: মুদ্রাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে।

৪। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা। HSLC ’15, ’18

উত্তৰঃ মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা অসুবিধা তলত উল্লেখ কৰা হ’ল:

(ক) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। মুদ্ৰাৰ লোভত মানুহে সমাজত দুর্নীতি, অনিয়ম, অবিচাৰ আদি সংঘটিত কৰা দেখা যায়।

(ঘ) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা অর্থনৈতিক অপৰাধৰ সৈতে জড়িত।

(ক) মুদ্ৰাৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্রাস হ’লে মুদ্রাৰ ক্ৰয় ক্ষমতা হ্রাস পায়। আকৌ মুদ্রা মূল্য অতিপাত বৃদ্ধি পালে ক্রয় ক্ষমতা বৃদ্ধি পায়।

(খ) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতি মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ উঠে। ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে।

৫। কেন্দ্ৰীয় বেংকৰ প্ৰধান চাৰিটা কাৰ্য ব্যাখ্যা কৰা।

নাইবা

ভাৰতীয় ৰিজার্ভ বেংকৰ কাৰ্যসমূহ আলোচনা কৰা। HSLC ’19

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল:

(১) কাগজী মুদ্রা প্রচলন: কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ প্ৰচলন কৰিব পাৰে। ই কেন্দ্ৰীয় বেংকৰ একচেতীয়া অধিকাৰ। নিম্নতম জমা ব্যৱস্থাৰ নীতিত মুদ্রা ছপোৱা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিত মুদ্রা ছপা কৰে।

(২) বেংকসমূহৰ বেংকঃ কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ এটা অংশ কেন্দ্রীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে, ঋণ প্রদান কৰে, বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কৰে।

(৩) চৰকাৰৰ বেংক: বাণিজ্যিক বেংক হ’ল চৰকাৰৰ বেংক। চৰকাৰৰ বেংক হিচাপে ই চৰকাৰক বিত্তৰ যোগান ধৰে, চৰকাৰক বিত্ত সম্পর্কে পৰামৰ্শ দান কৰে, চৰকাৰৰ প্ৰতিনিধি হিচাপে আর্থিক কার্য সম্পাদন কৰে, চৰকাৰী ঋণৰ তদাৰক কৰে, চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ আদি কার্য সম্পাদন কৰে।

(৪) ঋণ নিয়ন্ত্রণঃ কেন্দ্ৰীয় বেংকে দেশৰ ঋণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে নিয়ন্ত্রণমূলক ব্যৱস্থাসমূহ প্ৰয়োগ কৰি মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস কৰে।

৬। বাণিজ্যিক বেংকে সম্পাদন কৰা প্রধান কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ বাণিজ্যিক বেংকৰ প্ৰধান কার্যাবলী তলত আলোচনা কৰা হ’ল:

(১) সঞ্চয় সংগ্রহ: বাণিজ্যিক বেংকেজনসাধাৰণৰ ধন জমা ৰাখে। ই ব্যক্তি, কোনো অনুষ্ঠান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুদ্রা বা সঞ্চয় সংগ্ৰহ কৰি জমাকাৰীক সুদ প্রদান কৰে।

(২) ঋণৰ যোগান: বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা মুদ্রাখিনি অধিক সুদত ব্যক্তি বা কোনো ব্যবসায়িক প্রতিষ্ঠানক ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকে সাধাৰণতে হ্রস্বকালীন ঋণৰ যোগান ধৰে যদিও কেতিয়াবা ই দীর্ঘকালীন ঋণৰো যোগান ধৰে।

(৩) ঋণ মুদ্রা বা আমানতৰ সৃষ্টি: বাণিজ্যিক বেংকে ঋণ মুদ্রা বা আমানতৰ সৃষ্টি কৰে। আমানত দুই প্রকাৰৰ প্ৰাথমিক বা নগদ আমানত আৰু মাধ্যমিক বা উদ্ভুত আমানত। সঞ্চয়কাৰীৰ জমাক নগদ আমানত বোলে। বেংকে এই নগদ আমানতৰ পৰা মাধ্যমিক বা উদ্ভুত আমানতৰ সৃষ্টি কৰে। এই উদ্ভুত আমানতৰ সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি কৰা বুলি কোৱা হয়।

(৪) অন্যান্য কার্য: বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যৰ ভিতৰত আমানতকাৰীৰ টেলিফোন বিল, বিদ্যুৎ বিল পৰিশোধ, মূল্যবান অলংকাৰ-পাতি জমা ৰখা, নথি-পত্ৰ নিৰাপদে বখা, এঠাইৰ পৰা আন ঠাইলৈ টকা প্ৰেৰণ কৰা আদি কাম সম্পাদন কৰে।

৬। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।

(ক) আই ডি বি আই

নাইবা

IDBI কি? ই কেতিয়া স্থাপিত হৈছিল? ইয়াৰ দুটা মুখ্য কার্য উল্লেখ কৰা। HSLC ’20

উত্তৰঃ ১৯৬৪ চনত আইডি বি আই (Indus- trial Development Bank of India) স্থাপন কৰা হৈছিল। এই বেংকৰ মুখ্য কাৰ্যসমূহ হ’ল:

(ক) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকে উদ্যোগসমূহলৈ ঋণৰ ৰূপত প্রত্যক্ষভাবে আৰু পৰোক্ষভাৱেও আর্থিক সাহার্য আগবঢ়ায়।

(খ) অর্থনৈতিক দিশত পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায়।

(গ) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ সাহার্য প্রদান কৰে।

(ঘ) বেংকটোরে প্রশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহলৈ ঔদ্যোগিক উদ্যম বৃদ্ধি কৰে।

(খ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (নাবার্ড)

নাইবা

‘নাবার্ড’ কি? ইয়াৰ প্ৰধান কাৰ্যবোৰ কি কি? HSLC ’20

নাইবা

কৃষি আৰু গ্রাম্য উন্নয়ন বেংকে সম্পাদন কৰা দুটা কাৰ্য উল্লেখ কৰা। HSLC ’16

উত্তৰঃ ১৯৮২ চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD) স্থাপন কৰা হয়। ইতলত উল্লেখ কৰা কাৰ্যবোৰ সম্পাদন কৰে-

(ক) নাবার্ড হৈছে গাওঁ অঞ্চলত বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত আটাইবোৰ বিত্তীয় অনুষ্ঠানৰ শীর্ষস্থানীয় প্রতিষ্ঠান

(খ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্রহণ কৰে।

(গ) সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ ৰিজার্ভ বেংক আদিৰ সৈতে নাবার্ডে সমন্বয় ৰক্ষা কৰে।

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক।

উত্তৰঃ ১৯৮৯ চনত সংসদত ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক আইন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ই কাৰ্যকৰী হয়। ইয়াৰ মুখ্য কার্যালয় লক্ষ্ণৌত অৱস্থিত। ইয়াৰ মুখ্য কাৰ্যাৱলী হ’ল:

(ক) অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি অৰ্ধ-নগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহির্গমন ৰোধ কৰা।

(খ) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যবসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহার্য আগবঢ়োৱা।

(গ) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(ঘ) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা কৰা।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ ছিদবিৰ (ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক) মুখ্য কার্যালয় ক’ত অৱস্থিত?

  • (ক) মুম্বাইত
  • (খ) লক্ষ্ণৌত
  • (গ) চেন্নাইত
  • (ঘ) দিল্লীত
  • উত্তৰঃ (খ)

প্রশ্নঃ কোন চনত নাবার্ড স্থাপন কৰা হয়?

  • (ক) ১৯৮২ চনত
  • (খ) ১৯৮৩ চনত
  • (গ) ১৯৮৪ চনত
  • (ঘ) ১৯৮৫ চনত
  • উত্তৰঃ (ক)

প্রশ্নঃ চেক এখন মুদ্রানে?

  • (ক) হয়
  • (খ) নহয়
  • (গ) মুদ্ৰাৰ আধাৰ
  • (ঘ) ওপৰৰ এটাও নহয়।
  • উত্তৰঃ (খ)

প্রশ্নঃ তলৰ কোনটো বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্রীয় বেংক?

  • (ক) বেংক অব হিন্দুস্তান
  • (খ) বিস্ক বেংক অব ছুইডেন
  • (গ) ভাৰতীয় ৰিজার্ভ বেংক
  • (ঘ) বেংক অৱ ভেনিচ
  • উত্তৰঃ (খ)

প্রশ্নঃ তলৰ কোনটো বিনিময় প্রথাৰ অসুবিধা হয়? 

  • (ক) সহমত অভাব
  • (খ) সহযোগিতাৰ অভাব
  • (গ) সংগতিবিহীনতাৰ অভাব
  • (ঘ) বুজাবুজিৰ অভাব
  • উত্তৰঃ (গ)

প্রশ্নঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

  • (ক) বেংক অব ইণ্ডিয়া
  • (খ) বেংক অব হিন্দুস্থান
  • (গ) ভাৰতীয় কেন্দ্ৰীয় বেংক
  • (ঘ) ভাৰতীয় ৰিজার্ভ বেংক
  • উত্তৰঃ (ঘ)

প্রশ্নঃ কোন চনত ভাৰতবৰ্ষৰ ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

  • (ক) ১৯৬০ চনত
  • (খ) ১৯৭৭ চনত
  • (গ) ১৯৬১ চনত
  • (ঘ) ১৯৬৯ চনত
  • উত্তৰঃ (ঘ)

প্রশ্ন: কাগজী মুদ্রা ছপা কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকক দিয়া হৈছে?

  • (ক) বেংক অব ইণ্ডিয়ানক
  • (খ) বেংক অবঞ্জ নেচনেলক
  • (গ) কেন্দ্রীয় বেংকক
  • (ঘ) ওপৰৰ এটাও নহয়
  • উত্তৰঃ (গ)

প্রশ্নঃ বেংক কি?

  • (ক) টকা লেনদেনৰ অনুষ্ঠান
  • (খ) এটা বিত্তীয় অনুষ্ঠান
  • (গ) ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান
  • (ঘ) ওপৰৰ এটাও নহয়
  • উত্তৰঃ (গ)

প্রশ্নঃ মুদ্রা সংকোচনৰ আন এটা নাম কি?

  • (ক) মুদ্রাস্ফীতি
  • (খ) মুদ্রানীতি
  • (গ) অৱস্ফীতি
  • (ঘ) ওপৰৰ এটাও নহয়
  • উত্তৰঃ (গ)

প্রশ্ন: ভাৰতবৰ্ষত প্রচলিত প্রকৃত মুদ্রা হ’ল-

  • (ক) প্রতীক মুদ্রা
  • (খ) সোণৰ মুদ্রা
  • (গ) ৰূপৰ মুদ্রা
  • (ঘ) প্রচলিত বিভিন্ন মূল্যৰ কাগজী মুদ্ৰাবোৰ
  • উত্তৰঃ (ঘ)

প্রশ্ন: ভাৰতবৰ্ষত বর্তমান কিমানটা আঞ্চলিক বেংক কার্যকৰী হৈ আছে?

  • (ক) ৫৬ টা
  • (খ) ৫৭ টা
  • (গ) ৫৮ টা
  • (ঘ) ৫৯ টা
  • উত্তৰঃ (খ)

প্রশ্নঃ চেক এখন ধনাদেশ বা নিকট মুদ্রা।

  • (ক) সঁচা
  • (খ) মিছা
  • (গ) সঁচা আৰু মিছা
  • (ঘ) এটাও নহয়
  • উত্তৰঃ (ক)

প্রশ্ন: বহল অর্থত মুদ্রা কেই প্ৰকাৰৰ?

  • (ক) ২ প্ৰকাৰৰ
  • (খ) ৩ প্ৰকাৰৰ
  • (গ) ৪ প্ৰকাৰৰ
  • (ঘ) ৫ প্ৰকাৰৰ
  • উত্তৰঃ (ক)

প্রশ্নঃ ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হয়?

  • (ক) ১৬৭০ চনত
  • (গ) ১৭৭৫ চনত
  • (খ) ১৭৭০ চনত
  • (ঘ) ১৭৮০ চনত
  • উত্তৰঃ (খ)

প্রশ্ন: ১৭৭০ চনত ভাৰতবৰ্ষত স্থাপন কৰা বেংকটোৰ নাম কি আছিল?

  • (ক) বেংক অব বৰ’দা
  • (খ) বেংক অব ইণ্ডিয়া
  • (গ) বেংক অব হিন্দুস্থান
  • (ঘ) বেংক অব ভাৰত
  • উত্তৰঃ (গ)

প্রশ্ন: তলত উল্লেখ কৰা কোনটো বিত্তীয় প্রতিষ্ঠান ভাৰত বৰ্ষত ক্ষদ্র উদ্যোগখণ্ডৰ আধুনিকীকৰণ সম্প্ৰদাৰণ আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ অৰ্থে ১৯৯০ চনত পৰা কাৰ্যকৰীকৰণ হৈছিল? HSLC ’23

  • (ক) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
  • (খ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক
  • (গ) আঞ্চলিক গ্রাম্য বেংক
  • (ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক
  • উত্তৰঃ (খ)

প্রশ্নঃ নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক’ত? HSLC ’24

  • (ক) কলকাতাত
  • (খ) মুম্বাইত
  • (গ) চেন্নাইত
  • (ঘ) নতুন দিল্লীত
  • উত্তৰঃ (ঘ)
Sharing Is Caring:

Leave a Comment