আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science History Chapter 1 বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science History Chapter 1 Solutions
বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
নিৰ্বাচিত প্রশ্ন উত্তৰ
অতি চমু প্রশ্ন উত্তৰ
১। ‘লাল-বাল-পাল‘ কোন আছিল?
উত্তৰঃ ‘লাল-বাল-পাল’ আছিল যথাক্ৰমে লালা লাজপদ ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল।
২। অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰঃ ৫৪ নিযুত।
৩। কোন তাৰিখে বংগভংগ আঁচনি কাৰ্যকৰী কৰা হৈছিল?
উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰত।
৪। লৰ্ড মিণ্টো কোন আছিল? HSLC ’13
উত্তৰঃ লৰ্ড মিণ্টো আছিল ভাৰতৰ এজন ব্ৰিটিছ ৰাজপ্ৰতিনিধি।
৫। কংগ্ৰেছৰ কোনখন অধিেবশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? HSLC’17
উত্তৰঃ ১৯২৯ চনত, লাহোৰ অধিেবশনত।
৬। আচাৰ্য প্রফুল্ল চন্দ্ৰ ৰায়ে স্থাপন কৰা কেমিকেল প্রথিষ্ঠানটোৰ নাম কি আছিল?
উত্তৰঃ বেংগল কেমিকেল।
৭। কোন তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল?
উত্তৰঃ ১৯১১ চনৰ ১২ ডিচেম্বৰত।
৮। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়?
উত্তৰঃ ১৮৮৫ চনত।
৯। বংগদেশত স্বদেশী আন্দোলনৰ সন্ত্ৰাসবাদী ধাৰাটোৰ মুখ্য প্রবক্তা কোন আছিল?
উত্তৰঃ বিপিন চন্দ্ৰ পাল।
১০। ১৯০৫ চনত Îবনাৰসত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিেবশনৰ সভাপতি কোন আছিল?
উত্তৰঃ গোপাল কৃষ্ণ গোখলে।
১১। কোন চনত ‘মুছলিম লীগ’ নামৰ ৰাজনৈতিক সংঘঠনটোৰ জন্ম হৈছিল?
উত্তৰঃ ১৯০৬ চনত।
১২। লৰ্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল?
উত্তৰঃ কৰ্ণেল ডানলপ স্মিথ।
১৩। বংগভংগ বিৰোধী প্রথম সভাখন কোন ঠাইত অনুষ্ঠিত হৈছিল?
উত্তৰঃ কলিকতা টাউন হলত।
১৪। কলিকতাত স্থাপন হোৱা জাতীয় কলেজখনৰ প্রথম অধ্যক্ষজনৰ নাম কি আছিল?
উত্তৰঃ অৰবিন্দ ঘোষ।
১৫। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল? HSLC 14, ’17
উত্তৰঃ লৰ্ড কাৰ্জনৰ দিনত।
১৬। ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্রশাসকজন কোন আছিল? HSLC 15, ’17
উত্তৰঃ লডৰ মিণ্টো।
১৭। কোন চনৰ কোন তাৰিখে ব্রিটিছে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি বাতিল কৰিছিল? HSLC 16
উত্তৰঃ ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে।
১৮। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
উত্তৰঃ ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত।
১৯। বিদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
উত্তৰঃ ভূেপন্দ্ৰনাথ দত্তই।
২০।বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯০৬ চনৰ ১১ মাৰ্চত।
২১। বেংগল কেমিকেলচ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
উত্তৰঃ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
২২। কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিেবশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্রস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰঃ দাদাভাই নৌৰজীৰ Îপৗৰহিত্যত।
২৩।বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰী।
২৪। বন্দে মাতৰম নামৰ গীতটোৰ ৰচক কোন? HSLC 11, ‘14
উত্তৰঃ বংকিম চন্দ্ৰ চেটাৰ্জী।
চমু প্রশ্ন উত্তৰ
১। বিদেশী পণ্য বৰ্জনৰ প্রভাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
২। বংগ ভংগ আন্দোলনৰ প্রাথমিক কাৰ্যসূচীসমূহ কি আছিল? HSLC 16, ’17
উত্তৰঃ বংগ ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ আছিল নিম্নৰূপঃ
(ক) বিদেশী বস্তু বৰ্জন কৰা,
(খ) স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ লোৱা আৰু
(গ) জাতীয় শিক্ষা প্ৰৱৰ্তন কৰা।
৩। বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা Îভৗগোলিক সংমণ্ডল উল্লেখ কৰা।
উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল আছিল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।
২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উত্তৰঃ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল।
(ক) ভাৰতীয় জাতীয়তাবাদৰ কেন্দ্ৰ বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱিসকলক দুয়োখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰা।
(খ) ভাৰতত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰি হিন্দু আৰু মুছলিমসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বাৰ্থ সিদ্ধি কৰা।
(গ) ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক কিছু সুবিধা দি সিহঁতক ইংৰাজসকলৰ অনুগত কৰা।
ৰচনাধৰ্মী চমু প্রশ্ন উত্তৰ
১। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা।
উত্তৰঃ লৰ্ড কাৰ্জনে ১৯০৩ চনৰ ৬ নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই বিভাজনৰ প্ৰতিবাদ হিচােপ বহুতো সভা-সমিতি অনুষ্ঠিত হয়। জাতি-বৰ্ণ নিৰি্বশেষে সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। প্ৰতিবাদকাৰীসকলে বিদেশী বস্তু অৰ্থাৎ ইংৰাজসকলে ইংলণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বৰ্জন আৰু স্বদেশত প্ৰস্তুত কৰা বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে বংগ ভংগ বিভাজন বিৰোধী আন্দোলনক ‘স্বদেশী আন্দোলন’ বুলি কোৱা হয়।
২। স্বদেশী আন্দোলন কি? স্বদেশী আন্দোলনৰ সময়ছোৱাৰ বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? HSLC 18, ’20
উত্তৰঃ লৰ্ড কাৰ্জনে ১৯০৩ চনৰ ৬ নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই বিভাজনৰ প্ৰতিবাদ হিচােপ বহুতো সভা-সমিতি অনুষ্ঠিত হয়। জাতি-বৰ্ণ নিৰি্বশেষে সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। প্ৰতিবাদকাৰীসকলে বিদেশী বস্তু অৰ্থাৎ ইংৰাজসকলে ইংলণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বৰ্জন আৰু স্বদেশত প্ৰস্তুত কৰা বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে বংগ ভংগ বিভাজন বিৰোধী আন্দোলনক ‘স্বদেশী আন্দোলন’ বুলি কোৱা হয়।
স্বদেশী আন্দোলনৰ সময়ছোৱাত জনসাধাৰণ স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰতি জনসাধাৰণ সচেতন হয়। ফলত স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ উদ্যোগ আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গড়ি উঠে। ইয়াৰ ভিতৰত সূতাকটা কল, তাঁত শাল উদ্যোগ, সৰিয়হ তেল, চােবান, চেনি, জুইশলা, বিস্কুট আদি উল্লেখযোগ্য। কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কলকাতাৰ বউ বজাৰত ‘ইন্ডিয়ান ষ্টোৰ্চ’ নামৰ প্রতিষ্ঠান গড়ি উঠে। নীলৰতন সৰকাৰৰ উদ্যোগত ‘বংগলক্ষ্মী কটন মিল’ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ উদ্যোগত বেংগল কেমিকেলছ’ জামছেদজী টাটাৰ উদ্যোগত টাটা লৌহ কাৰখানা আদি গড়ি উঠে। এনেদৰে স্বদেশী আন্দোলনে দেশত স্বদেশী শিল্প উদ্যোগৰ বিকাশ ঘটাইছিল।
৬।স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? HSLC ‘17
নাইবা
স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল? প্রতিটো কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি চমুকৈ আলোচনা কৰা। HSLC 19
উত্তৰঃ লৰ্ড কাৰ্জনে ১৯০৩ চনৰ ৬ নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ প্ৰতিবাদ কল্পে গোটেই ভাৰতবৰ্ষত স্বদেশী আন্দোলন আৰম্ভ হয়। এই স্বদেশী আন্দোলন দমন কৰিবৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে তলত উল্লেখ কৰা দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল–
(ক) মুছলমান সম্প্ৰদায়ক হিন্দুসকলৰ বিৰুদ্ধে উচটাই দি মুছলমানসকলক চৰকাৰী সুবিধা দিয়াৰ পন্থা গ্ৰহণ কৰিছিল।
(খ) স্বদেশী আন্দোলনৰ শীৰ্ষস্থানীয় নেতৃবৃন্দক আটক কৰিছিল। কিছুমান নেতাক নিৰ্বাসন দণ্ড বিহিছিল।
(গ) জনমত প্ৰকাশত বাধা দিয়াৰ উদ্দেশ্যে দেশীয় সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰিছিল।
(ঘ) ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল।
৭।স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা। HSLC 19
উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল–
(ক) স্বদেশী আন্দোলনে ভাৰতবাসীৰ স্বাধীনতা সংগ্ৰামৰ বােব মানসিকতা গড়ি তোলাত ইন্ধন যোগাইছিল।
(খ) স্বদেশী আন্দোলনে জনসাধাৰণৰ মনত জাতীয় ভাৱধাৰাৰ জন্ম দিছি¸ল। মানুহে স্বদেশী পণ্য-সামগ্ৰী গ্ৰহণ কৰিবলৈ লৈছিল। ফলত ইংৰাজসকলৰ ব্যৱসাযত বিৰূপ প্ৰভাৱ পৰিছিল।
(গ) স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয় নেতৃবৃন্দৰ কাম-কাজ আৰু চিন্তা-চৰ্চাৰ পৰিৱৰ্তন ঘটাইছিল। সিহঁতে বুজি পাবলৈ ধৰে যে এক গণসংগ্ৰামৰ যোগেদিহে ভাৰতৰ সাৰি্বক উন্নয়ন সম্ভৱ।
৮। স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে লিখা। HSLC 18, ’20
উত্তৰঃ লৰ্ড কাৰ্জনে ১৯০৩ চনৰ ৬ নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ প্ৰতিবাদ কল্পে গোটেই ভাৰতবৰ্ষত স্বদেশী আন্দোলন আৰম্ভ হয়। স্বদেশী আন্দোলনত বহুতো মহিলাই পুৰুষসকলৰ লগত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। উদাৰহণস্বৰূেপ –পশ্চিমবংগৰ সৰলা দেৱী চৌধাৰীনীয়ে বিপ্লৱী ভাৱাদৰ্শৰে অনুপ্ৰাণিত হৈ বীৰ অষ্টমী বèত, প্ৰজ্ঞাপাদিত্য উৎসৱ, ব্যায়াম সমিতি আদি আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল।
ভগিনী নিেবদিনতাই কলিকতাত ইয়ংমেন হিন্দু ইউনিয়ন, বিেবকানন্দ ছ’চাইটি, অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰেৰণা দিছিল।
ইয়াৰ উপৰিও আন বহুতো নাৰীয়েও অংশ গ্ৰহণ কৰি বিèটিছসকলক স্তম্ভিত কৰি তুলিছিল। বংগৰ নাৰীসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ ‘ডেইলী টেলিগ্ৰাফ’ত প্ৰকাশ পাইছিল। তাত এনেদৰে মন্তব্য কৰা হৈছিল, “বংগদেশৰ নাৰী ব্রিটিছসকলৰ কাৰণে Îবছি দুৰ্গম আৰু বিপদজনক।”
৯। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাৰ আঁচনিসমূহ কি কি আছিল? HSLC 18
উত্তৰঃ ভাৰতত ব্রিটিচ ভাইচৰয় লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগবংগৰ চাৰিদফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ আছিল।
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম ‘পূৰ্ব বংগ আৰু অসম’ হ’ব।
(খ) পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্ব এজন লেফ্টেনেন্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ’ব।
(ঘ) অসমৰ ৰাজধানী শিলãৰ পৰা ঢাকাকৈ স্থানান্তৰিত হ’ব।
১০। বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। HSLC 20
উত্তৰঃ লৰ্ড কাৰ্জনে ১৯০৫ চনৰ ২০ জুলাইত বংগদেশক দুভাগ কৰি এভাগক অসমৰ সৈতে সংযুক্ত কৰি ‘পূৰ্ববংগ আৰু অসম’ নামেৰে এখন প্ৰদেশ গঠন কৰে। ভাৰতৰ ইতিহাসত ইয়াক ‘বংগ বিভাজন’ বুলি কোৱা হয়।
ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল হ’ল.
(ক) এই বিভাজনৰ ফলত ভাৰতত জাতীয়তাবাদী আন্দোলন দৃঢ় হয়।
(খ) ব্রিটিছ শাসন বিৰুদ্ধে জনসাধাৰণ অধিক সচেতন হয় আৰু স্বাধীনতা লাভৰ বােব শক্তিশালী আন্দোলন আৰম্ভ কৰে।
১১। ৰাজনৈতিক দল হিচােপ মুছলিম লীগৰ উত্থানৰ পটভূমি সম্পৰ্কে উল্লেখ কৰা।
নাইবা
ভাৰতত কেতিয়া মুছলিম লীগ গঠন হৈছিল? ইয়াৰ উদ্দেশ্যসমূহ লিখা। HSLC 22
উত্তৰঃ ইংৰাজসকলে মুছলমানসকলক বংগভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল। মুছলমানসকলক আশ্বাস দিয়া হৈছিল যে তেওঁলোকে ‘পূৰ্ববংগ আৰু অসম’ নামে নতুন প্ৰদেশখনত এখন নিজস্ব গৃহভূমি লাভ কৰিব। ১৯০৯ চনত ইংৰাজ চৰকাৰে শাসন সংস্কাৰৰ মাধ্যমত পৃথক Îভাটাধিকাৰেৰে মুছলমানসকলক কংগ্ৰেছ বা অন্যান্য ভাৰতীয় ৰাজনৈতিক দলেবাৰৰ পৰা পৃথক আৰু বৃটিছৰ অনুগত ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল।
তেতিয়া কৰ্ণেল স্মিথ নামৰ এজন চৰকাৰী বিষয়াৰ প্ৰত্যক্ষ উচটনিতে ১৯০৬ চনত বম্বেৰ আগা খাঁ আৰু কেইজনমান সহযোগী সদস্যই চিমলাত লৰ্ড মিন্টোৰ লগত গোপন আলোচনাত মিলিত হৈ ‘মুছলিম লীগ’ নামে কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক সংগঠনৰ জন্ম দিয়ে।
এই আন্দোলৰ প্ৰধান উদ্দেশ্য আছিল–
(ক) ইৎৰাজসকলৰ প্ৰতি ভাৰতৰ মুছলমানসকলৰ আনগত্যৰ প্ৰসাৰ ঘটোৱা।
(খ) মুছলমাসকলৰ মনৰ পৰা ভয়, শংকা, সন্ত্ৰাস, বিদ্বেষ আদি অন্ত Îপলাই সকলোৰে মাজত একতা গ¿Iÿ তোলা।
(গ) ব্রিটিচ ভাৰতত মুছলানসকলৰ বােব ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰা।
বহু বিকল্পধৰ্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্ন। কোনজন ব্যক্তিক বৃটিছ চৰকাৰে নাইটহুড উপাধি দিছিল।
(ক) শৰৎ চন্দ্ৰ
(খ) প্ৰফুল্ল চন্দ্ৰ
(গ) ৰবীন্দ্ৰনাথ ঠাকুৰে
(ঘ) বঙ্কিম চন্দ্ৰ
উত্তৰঃ (গ)
প্রশ্ন। ঐক্যবদ্ধ বংগ এটি বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰ মাৰ কৰিব। এইষাৰ কাৰ উক্তি আছিল? HSLC 24
(ক) ভাৰত সচিব হাবাৰ্ট ৰিজলীৰ
(খ) লৰ্ড কাৰ্জনৰ
(গ) উইলিয়াম বৰ্ডাৰ
(ঘ) লৰ্ড উইলিয়াম Îবন্টিংকৰ
উত্তৰঃ (ক)
প্রশ্ন। ১৯১১ চনৰ ১২ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল? HSLC 24
(ক) বংগ দেশৰ পুনৰ একত্ৰীকৰণ
(খ) ভাৰতবৰ্ৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ
(গ) অসমৰ ৰাজধানী শ্বিলংলৈ পুনৰ স্থানান্তৰ
(ঘ) অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়।
উত্তৰঃ আটাইকেইটা
প্রশ্ন। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্রতিষ্ঠান গঢ়ি তুলিছিল?
(ক) বেংগল প্ৰতিষ্ঠান
(খ) স্বদেশী বস্ত্ৰ প্ৰতিষ্ঠান
(গ) স্বদেশী ভাণ্ডাৰ
(ঘ) Îবংগল বস্ত্ৰ উদ্যোগ
উত্তৰঃ (গ)
প্রশ্ন। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল?
(ক) কলকতা
(খ) শ্বিলং
(গ) ঢাকা
(ঘ) কাছাৰ
উত্তৰ (গ)
প্রশ্ন। কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? HSLC 23
(ক) লৰ্ড কাৰ্জন
(খ) উইলিয়াম Îবন্টিংক
(গ) ৰবাৰ্ট ক্লাইব
(ঘ) লৰ্ড ওৱাৰেণ হেষ্টিংচ
উত্তৰঃ (ক)
প্রশ্ন। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সংঘটিত হৈছিল? HSLC ক্স23
(ক) ছাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত
(খ) বাহাদুৰ ছাহ আৰু লৰ্ড কাৰ্জনৰ মাজত
(গ) ছাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
(ঘ) বাহাদুৰ ছাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
উত্তৰঃ (গ)
প্রশ্ন। স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্রকাশ হৈ আছিল?
(ক) অৰুণাদেয়
(খ) যুগান্তৰ
(গ) বন্দিনী ভাৰত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)
প্রশ্ন। যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল?
(ক) অম্বিকাগিৰি ৰায়চৌধুৰী
(খ) আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়
(গ) ভূপেন্দ্ৰনাথ দত্ত
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (গ)
প্রশ্ন। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?
(ক) ১৯০৪ চনৰ ১০ মাৰ্চত
(খ) ১৯০৬ চনৰ ১১ মাৰ্চত
(গ) ১৯০৫ চনৰ ১০ মাৰ্চত
(ঘ) ১৯০৬ চনৰ ১০ মাৰ্চত
উত্তৰঃ (ঘ)
প্রশ্ন। বন্দিনী ভাৰতনামৰ নাটকখনৰচক কোন?
(ক) আচাৰঞ্জয্য প্ৰফুল্ল চন্দ্ৰ ৰায়
(খ) ভূপেন্দ্ৰনাথ দত্ত
(গ) অম্বিকাগিৰি ৰায় চৌধুৰী
(ঘ) হেম চন্দ্ৰ বৰুৱা
উত্তৰঃ (গ)
প্রশ্ন। অবিভক্ত বংগ দেশৰ মুঠ জনসংখ্যা কিমান আছিল?
(ক) ৫১ নিযুত
(খ) ৫৪ নিযুত
(গ) ৫৩ নিযুত
(ঘ) ৫৭ নিযুত
উত্তৰঃ (খ)
প্রশ্ন। বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল?
(ক) নজৰুল ইছলাম
(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(গ) বঙ্কিমচন্দ্ৰ চেটাৰ্জী
(ঘ) শৰৎ চন্দ্ৰ
উত্তৰঃ (গ)
প্রশ্ন। স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য। উক্তিটো কাৰ?
(ক) ৰবীন্দ্ৰনাথ ঠাকুৰৰ
(খ) বালগংগাধৰ তিলকৰ।
(গ) মহাত্মা গান্ধীৰ
(ঘ) প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ
উত্তৰঃ (খ)
প্রশ্ন। কেতিয়া মুছলিম লীগ কাৰ্যালয় লক্ষলৈ স্থানান্তৰিত কৰা হৈছিল?
(ক) ১৯০৭ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত।
(খ) ১৯১৫ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত।
(গ) ১৯১০ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত।
(ঘ) ১৯১৩ খ্ৰীষ্টাব্দতৰ মাৰ্চ মাহত
উত্তৰঃ (গ)
প্রশ্ন। ইউনাইটেড বেংগল ষ্টার্চ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল ?
(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯০৭ চনত
উত্তৰঃ (খ)
প্রশ্ন। ডি ডন পত্ৰিকা সম্পাদক কোন আছিল ?
(ক) নবীন চন্দ্ৰ।
(খ) সতশচন্দ্ৰ মুখাপোধ্যায়।
(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(ঘ) শৰং চন্দ্ৰ।
উত্তৰঃ (খ)
প্রশ্ন। ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা ব্ৰিটিশ শাসকজন আছিল ——— ?
(ক) লৰ্ড হেষ্টিঞ্জ
(খ)লৰ্ড কাৰ্জন
(গ) লৰ্ড কৰ্ণৱালিছ
(ঘ) লৰ্ড মিন্টু
উত্তৰঃ (ঘ)
প্রশ্ন। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল?
(ক) লৰ্ড ক্লাইব
(খ) লৰ্ড উহ×লিয়াম বেন্টিংক
(গ) লৰ্ড ডেলহাউচী
(ঘ)লৰ্ড কাৰ্জন
উত্তৰঃ (ঘ)
প্রশ্ন। ১৯৩২ চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা বৃটিছ প্রধান মন্ত্ৰীজন আছিল।
(খ) ক্লিমেন্ট এটলি
(খ) উহ×নষ্টন চাৰ্চিল।
(খ) মেকডানেল্ড
(খ) মাৰ্গাৰেট টেৰেচা।
উত্তৰঃ (খ)
প্রশ্ন। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল?
(ক) ২১ টা
(খ) ২২ টা
(গ) ২৩ টা
(ঘ) ২৪ টা
উত্তৰঃ (গ)