আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Geography Part 2 Chapter 2 বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Geography Part 2 Chapter 2 Solutions
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
নির্বাচিত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ
১। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? HSLC ’12
উত্তৰঃ কাৰ্বন-ডাই অক্সাইড।
২। পৰিবেশ পৰিৱৰ্তনৰ তিনিটা কাৰণ উল্লেখ কৰা? HSLC ’12
উত্তৰঃ পৰিবেশ পৰিৱৰ্তনৰ তিনিটা কাৰণ হ’লঃ
(ক) জনসংখ্যা বৃদ্ধি
(খ) উদ্যোগিকৰণ আৰু
(গ) যাতায়ত আৰু পৰিবহনৰ পৰিৱৰ্ধন।
৩। প্রখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে পৰিবেশ কি?
উত্তৰঃ পিটাৰ হেগেটৰ মতে, “স্থল, জল, বায়ু, আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলে।”
৪। স্বাভাবিক অবস্থাত বায়ুমণ্ডলত কিমান ভাগ কার্বন-ডাই-অক্সাইড গেছ থাকে?
উত্তৰঃ ০.০৩৫ শতাংশ।
৫। এছিড বৰষুণ কিদৰে সৃষ্টি হয়?
উত্তৰঃ বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ-ডাই- অক্সাইড আৰু নাইট্র’জেন-ডাই-অক্সাইড সঞ্চিত হ’লে এছিড বৰষুণৰ সৃষ্টি হয়।
৬। ৰাষ্ট্ৰসংঘৰ মতে মৰুকৰণৰ সংজ্ঞা কি? HSLC 22
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মতে, ‘মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা নষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।’
৭। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? HSLC ’12
উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড।
৮। এছিড বৰষুণ সাধাৰণতে ক’ত সৃষ্টি হয়? HSLC ’18
উত্তৰঃ ঔদ্যোগিক অঞ্চলত।
৯। সেউজ গৃহ গেছবোৰৰ ভিতৰত কোনবিধ গেছে গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী? HSLC ’19
উত্তৰঃ কার্বন-ডাই অক্সাইড।
১০। পৰিবেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উত্তৰঃ পৰিবেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফাল থকা প্রাকৃতিক তথা মানবসৃষ্ট অৱস্থাক বুজায়। ই জীবিয় আৰু অজীৱিয় সকলো ধৰণৰ উপাদানক সামৰি লয়।
১১। পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈব উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰঃ পৰিবেশৰ কেইটামান জৈৱ উপাদান হ’ল : উদ্ভিদ আৰু প্ৰাণীসমূহ। অজৈৱ উপাদান হ’ল: বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি।
১২। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
উত্তৰঃ শিল, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে ‘স্থলমণ্ডল’ বোলা হয়। ই ভূপৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে।
১৩। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ জলমণ্ডলৰ ভিতৰত সাগৰ, মহাসাগৰ, নদ-নদী, হ্রদ আদি জলাশয়বোৰ পৰে। ভূপৃষ্ঠৰ প্ৰায় ৭১ ভাগ জলমণ্ডলে আগুৰি আছে।
১৪। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰঃ বায়ুমণ্ডল অক্সিজেন, নাইট্র’জেন, হাইড্রজেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা। HSLC ’20
উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যাসমূহৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, ভৌগোলিক বিৱৰ্তনৰ পৰিৱৰ্তন, মৰুকৰণ আদি প্রধান। এক সমীক্ষাত কোৱা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্রী ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফস্তুপবোৰ গলি যাব। ফলত সাগৰপৃষ্ঠ ওপৰলৈ উঠি আহিব পৃথিৱীৰ বহু ঠাই জলমগ্ন কৰি ৰাখিব।
২। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ? HSLC ’18
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ বাবেম আমি কেইবাটাও উপায় অৱলম্বন কৰিব পাৰি, যেনে-
প্রথম, বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।
দ্বিতীয়, যান-বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। কলকাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব।
তৃতীয়, আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব।
চতুর্থতে, বিশ্বৰ ৰাষ্ট্ৰসমূহে একত্রিত হৈ উমৈহতীয়া প্রচেষ্টা গ্রহণ কৰিব লাগিব।
৩। প্ৰদূষণৰ অৰ্থ লিখা। HSLC ’17, ’22
উত্তৰঃ সম্পদৰ অবিবেচকী ব্যৱহাৰৰ ফলত প্ৰকৃতিৰ স্বাৱাৱিক পৰিবেশ নষ্ট হোৱা অৱস্থাই প্রদূষণ। সহজ ভাষাত অনিষ্টকাৰী দ্রব্য যেতিয়া পৰিৱেশৰ ওপৰত বিরূপ প্রভাৱ পেলায় তাকে প্রদূষণ বুলি কোৱা হয়। প্রধানকৈ মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিবেশত সংযোজিত হ’লে জীব জগতৰ প্ৰতি ক্ষতিকাৰক হৈ পৰে। পৰিবেশৰ ক্ষতি সাধন কৰা দ্রব্যক প্ৰদূষক বুলি কোৱা হয়। ধূলি-বালি, ধোঁৱা, ছাই, দুর্গন্ধ, সীহ, কার্বন মন’ক্সাইড আদি কিছুমান প্ৰদূষকৰ উদাহৰণ।
৪। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা। HSLC ’20
উত্তৰঃ পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, অনুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্রক্রিয়াকে ‘পানী প্রদূষণ’ বোলে। সাধাৰণতে পানীৰ উৎসত মানুহৰ ব্যবহৃত অপদ্রব্য পানীত মিহলি হৈ পানী প্রদূষিত কৰে। পানী প্ৰদূষণে জীৱ জগতৰ বিস্তৰ ক্ষতি কৰে, নানা ধৰণৰ বেমাৰ-আজাৰৰ বীজাণুৰ জন্ম দিয়ে আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰে। ৫। মাটি প্রদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ মাটি প্ৰদূষণ বুলিলে মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, আৱৰ্জনা, তেজক্রিয় পদার্থ, এছিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাবিক গুণ বিনষ্ট হোৱা বুজায়। মানুহৰ সকলো খাদ্য ভাণ্ডাৰৰ উৎসহ’ল ভূমি। কিন্তু এই ভূমিকো মানুহে নিজৰ স্বাৰ্থ ৰক্ষাৰ্থে প্ৰদূষিত কৰি আছে। সাধাৰণতে ভূমিত প্রয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্রী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে।
৬। পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। HSLC ’18
উত্তৰঃ পৃথিৱীৰ পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটা। ইহঁত পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ইহঁতৰ মাজত সদায় আন্তঃক্রিয়া চলি থাকে আৰু এই আন্তঃক্রিয়াই পৰিৱেশ আৰু পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। মণ্ডল চাৰিটাৰ পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ গঠিত হৈছে। এই পৰিৱেশ পৰিৱৰ্তনশীল।
৭। পৰিবেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ পৰিবেশৰ পৰিৱৰ্তনৰ কেইবাটাও কাৰক আছে। ইয়াৰ প্ৰধান কাৰকবোৰ হৈছে জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়ত আৰু পৰিবহণ ব্যৱস্থাৰ সংবর্ধন আদি।
৮। পৰিবেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। HSLC ’17
উত্তৰঃ পৰিবেশৰ সমস্যাই প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য অধোগামী হোৱা অৱস্থাক বুজায়। জীৱশ্রেষ্ঠ মানুহেই পৰিবেশৰ সমস্যা সৃষ্টিত প্রধানকৈ জগৰীয়া। মানুহে নিজৰ সুখ-স্বাচ্ছন্দ্য, আৰাম- আয়েশ বৃদ্ধিৰ বাবে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহ অবিবেচকভাবে ব্যৱহাৰ কৰে আৰু ইয়াৰ হেঁচা পৰে পৰিৱেশৰ ওপৰত। উদাহৰণস্বৰূপে মানুহে নিজৰ বাস ভূমি নির্মাণ আৰু শস্য উৎপাদনৰ বাবে অৰণ্যভূমি চাফা কৰি খেতি কৰিবলৈ লৈছে। ফলত মৰুভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও কল- কাৰখানা বৃদ্ধি পোৱাত সেইবোৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। এএনদৰে পৰিৱেশৰ সমস্যা বৃদ্ধি পাই আছে।
৯। ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাক কি কি ভাগত ভাগ কৰিব পাৰি লিখা। HSLC ’17
উত্তৰঃ ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যাক তিনিটা ভাগত ভাগ কৰিব পাৰি, যেনে- স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা।
১০। বায়ু কেনেকৈ প্রদুষিত হয় লিখা। HSLC ’17
উত্তৰঃ বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা, ছাই আদি মিহলি হৈ বায়ুৰ স্বাভাবিক অবস্থা বিনষ্ট হোৱা প্রক্রিয়াক বায়ু প্রদূষণ বোলে। বায়ু প্রদূষণকাৰী প্ৰাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰিৰ উদ্দ্গীৰণ প্ৰধান। আগ্নেয়গিৰি উদ্দ্গীৰণৰ সময়ত নির্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱ-সৃষ্ট কাৰকবোৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বর্ধিত ব্যৱহাৰ, আণবিক বিস্ফোৰণ, বায়ুমণ্ডলত ধোঁৱা, ছাই, কার্বন-ডাই-অক্সাইটৰ পৰিমাণ বৃদ্ধি আদি।
১১। মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া। HSLC ’17
উত্তৰঃ বিভিন্ন কাৰণত কোনো বিশাল অঞ্চলৰ মাটিৰ জীপাল শক্তি বিনষ্ট হৈ ইয়াৰ উৎপাদন গুণ হ্রাস হোৱা অঞ্চলকে মৰুভূমি বোলে। মৰুকৰণ হৈছে এনে এক প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপানদক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।
১২। মৰুকৰণৰ কাৰণ দশোৱা। HSLC ’19, ’22
উত্তৰঃ মৰুকৰণ হৈছে কোনো অঞ্চলৰ উৎপানদক্ষম ভূমিক অনুৰ্বৰ ভূমিলৈ পৰিণত কৰা এক প্রক্রিয়া। সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক ইন্ধন যোগাই আহিছে। প্রাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপেই প্রধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়েই খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
এই ক্ষেত্ৰত মানুহৰ কাৰ্যকলাপ মৰুকৰণৰ বাবে অধিক জগৰীয়া। মানুহৰ কাৰ্য-কলাপৰ ভিতৰত আবাস নির্মাণ, কৃষিৰ প্ৰসাৰ, হাবি-বননিৰ ধ্বংস কার্য আদিয়েই প্রধান।
১৩। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। HSLC ’18, 23
উত্তৰঃ বিশ্বজুৰি বায়ুমণ্ডলৰ লগতে ভূপষ্ঠত উত্তাপ বৃদ্ধি পোৱা অৱস্থাক গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলি কোৱা হয়। গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ হ’ল কলকাৰখানা, মটৰ গাড়ী আদিৰ পৰা নিৰ্গত ধোঁৱা, ছাই, কার্বন-ডাই-অক্সাইড, মিথেন গেছ, জলীয় বাষ্প আদি। এইবোৰে বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুৰ স্বাভাবিক গুণ বিনষ্ট কৰি গোলকীয় উত্তাপ বৃদ্ধিত ইন্ধন যোগায়।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):
প্রশ্ন: কোনখন সাগৰে এছিয়া আৰু আফ্রিকা মহাদেশক পৃথক কৰিছে?
(ক) ভূমধ্য সাগৰে
(খ) লোহিত সাগবে
(গ) কাস্পিয়ান সাগৰে
(ঘ) আৰৱ সাগবে
উত্তৰঃ (ক)
প্রশ্নঃ প্রাকৃতিকভাবে ইউৰোপ মহাদেশ এছিয়া মহাদেশৰ পৰা পৃথক কবি ৰাখিছে –
(ক) কাৰাকোৰাম পবর্তমালা আৰু কৃষ্ণ সাগৰে
(খ) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে
(গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে
(ঘ) ৰকি পর্বতমালা আৰু লেনা নদীয়ে
উত্তৰঃ (গ)
প্রশ্নঃ পৃথিবীৰ দীর্ঘতম পর্বতশ্রেণীটো হ’ল?
(ক) হিমালয় পর্বতমালা
(খ) এন্ডিজ পর্বতমালা
(গ) ৰ’কি পর্বতমালা
(ঘ) ইউৰাল পর্বতমালা
উত্তৰঃ (খ)
প্রশ্ন: কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে?
(ক) লোহিত সাগৰ
(খ) ভূমধ্য সাগৰ
(গ) কাস্পিয়ান সাগৰ
(ঘ) এড্রিয়াটিক সাগৰ
উত্তৰঃ (খ)
প্রশ্নঃ তলৰ কোনখন মহাসাগৰ পৃথিৱীৰ ভিতৰত বৃহত্তম?
(ক) ভাৰত মহাসাগৰ
(খ) আটলান্টিক মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ)
প্রশ্ন: পৃথিৱীৰ মুঠ মাটি কালি কিমান?
(ক) ৪১০ নিযুত বর্গ কিঃ মিঃ
(খ) ৫১০ নিযুত বর্গ কিঃ মিঃ
(গ) ৫১১ নিযুত বর্গ কিঃ মিঃ
(ঘ) ৫১০ বর্গ কিঃ মিঃ
উত্তৰঃ (খ)
প্রশ্ন: পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাদেশ কোনখন?
(ক) উত্তৰ আমেৰিকা
(খ) ইউৰোপ
(গ) এছিয়া
উত্তৰঃ (ঘ)
(ঘ) আফ্রিকা
প্রশ্নঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ সাগৰ কি?
(ক) আটলান্টিক মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) বংগোপ সাগৰ
উত্তৰঃ (গ)
প্রশ্ন: এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়-
(ক) মেৰু অঞ্চলত
(খ) অৰণ্য অঞ্চলত
(গ) ঔদ্যোগিক অঞ্চলত
(ঘ) ঘাঁহনি অঞ্চলত
উত্তৰঃ (ক)
প্রশ্নঃ পৰিবেশৰ প্ৰধান উপাদান কেইটা?
(ক) তিনিটা
(গ) পাঁচটা
উত্তৰঃ (ক)
(খ) চাৰিটা
(ঘ) ছয়টা
প্রশ্নঃ সেউজগৃহ গেছবোৰৰ ভিতৰত তলন কোনবিধ গেছ-গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(খ) কার্বন ডাই-অক্সাইড
(খ) কার্বনডাই-অক্সাইড
(গ) নাইট্রজেন
(ঘ) আর্গন
উত্তৰঃ (খ)
প্রশ্ন: পৃথিৱীৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ
কোনখন?
(ক) চীন
(খ) ভাৰত
(গ) আমেৰিকা
(ঘ) আফ্রিকা
উত্তৰঃ (খ)
প্রশ্নঃ পৃথিৱীৰ গভীৰতম খাটটো কোনখন মহাসাগৰ তলিত অৱস্থিত?
(ক) ভাৰত মহাসাগৰ
(গ) আটলান্টিক মহাসাগৰ
(গ) প্রশান্ত মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ)
প্রশ্নঃ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ কোনখন?
(ক) ভাৰত মহাসাগৰ
(খ) উত্তৰ মহাসাগৰ
(গ) দক্ষিণ মহাসাগৰ
(ঘ) আটলান্টিক মহাসাগৰ
উত্তৰঃ (খ)
প্রশ্ন: সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী?
(ক) অক্সিজেন
(খ) কার্বন ডাই-অক্সাইড
(গ) নাইট্রোজেন
(ঘ) আর্গন
উত্তৰঃ (খ)
প্রশ্নঃ কোনজন ভূগোল-বিজ্ঞানীয়ে স্থল, জল, বায়ু আৰু জীবৰ মাজৰ গাৰস্পৰিক সম্পৰ্কৰ পৰিৱেশ বুলি কৈছে?
(ক) পিটাৰ
(গ) হেগেট
উত্তৰঃ (খ)
(খ) পিটাৰ হেগেট
(ঘ) ৰবাৰ্ট ব্রাউন।
প্রশ্নঃ স্থল মণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আৱৰি আছে?
(ক) ২৭ শতাংশ
(খ) ২৯ শতাংশ
(গ) ৩০ শতাংশ
(ঘ) ২৫ শতাংশ
উত্তৰঃ (খ)
প্রশ্নঃ স্থল মণ্ডলে ভূপৃষ্ঠৰ কিমান অংশ আগুৰি আছে?
(ক) ৭০ শতাংশ
(খ) ৭১ শতাংশ
(গ) ৭২ শতাংশ
(ঘ) ৭৫ শতাংশহ’ল
উত্তৰঃ (খ)
প্রশ্নঃ পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ HSLC ’24
(ক) সাগৰ পৃষ্ঠৰ উত্থান
(খ) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা
(গ) ক্ষুদ্র উদ্যোগে কৰা সমীতি ভূমি প্ৰদূষণ
(ঘ) আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা
উত্তৰঃ (গ)
প্রশ্ন: সম্প্রতি পৃথিৱীৰ স্থল ভাগৰ কিমান অংশ ভূমি মকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে?
(ক) ৩১ শতাংশ
(খ) ৩৩ শতাংশ
(ক) ৩৫ শতাংশ
(খ) ৩৭ শতাংশ।
উত্তৰঃ (গ)
প্রশ্ন: বর্তমানে মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্ত মহাদেশ খন কি?
(ক) আমেৰিকা
(খ) উত্তৰ আমেৰিকা
(গ) পশ্চিম আমেৰিকা
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)
প্রশ্নঃ জীৱ মণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণী প্রজাতি চিনাক্তকৰণ হৈছে?
(ক) ১.৭১ নিযুত
(খ) ১.৭৫ নিযুত
(গ) ১.৭৬ নিযুত
(ঘ) ১.৭৭ নিযুত
উত্তৰঃ (খ)
প্রশ্ন: স্বাভাবিক অবস্থাত বায়ুমণ্ডলত কিমান শতাংশ কার্বনডাই-অক্সাইড থাকে?
(ক) ০.০২৫
(গ) ০.০৬
উত্তৰঃ (খ)
(খ) ০.০৩৫
(ঘ) ০.০৩৭
প্রশ্নঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতালৈ প্ৰসাৰিত?
(ক) প্রায় ৪৬০ কিলোমিটাৰ
(খ) প্রায় ৪৭০ কিলোমিটাৰ
(গ) প্রায় ৪৮০ কিলোমিটাৰ
(ঘ) প্রায় ৪৯০ কিলোমিটাৰ
উত্তৰঃ (গ)
প্রশ্ন: বায়ুমণ্ডলত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ কিমান? HSLC ’23
(ক) 0.0035%
(খ) 0.035%
(গ) 0.35%
(ঘ) 3.35%
উত্তৰঃ (খ)
প্রশ্ন: তলৰ কোনটো সেউজ গৃহ গেছৰ উদাহৰণ নহয়? HSLC ’24
(ক) কার্ব ডাই-অক্সাইড
(খ) মিথেন
(গ) নাইট্রাছ অক্সাইড
(ঘ) অক্সিজেন
উত্তৰঃ (ঘ)
প্রশ্ন: পৃথিবীৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ নাম কি?
(ক) ভাৰত
(খ) জাপান
(ঘ) আমেৰিকা
(গ) চীন
উত্তৰঃ (গ)
প্রশ্ন: চীনৰ মুঠ জনসংখ্যা কিমান? (চাৰপ্ত বৰ্ষৰ তথ্য অনুসৰি)
(ক) ১৩৭,১৯,২১,০০০
(খ) ১৩৭,১৯,২০,০০০
(গ) ১৩৭,১৯,১৮,০০০
(ঘ) ১৩৭,১৯,৩০,০০০
উত্তৰঃ (খ)
প্রশ্নঃ পৃথিবীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(ক) উত্তৰ আমেৰিকা
(খ) ইউৰোপ
(গ) এন্টার্কটিকা
উত্তৰঃ (ঘ)
(ঘ) ওছেনিয়া মহাদেশ
প্রশ্ন: পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(ক) প্রশান্ত মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) আটলান্টিক মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ)
প্রশ্নঃ কিমান চনত মাউন্ট পিনাটু’ব’ৰ উদ্গিৰণ?
হৈছিল?
(ক) ১৯৯০ চনত
(খ) ১৯৯১ চনত
(গ) ১৮৯০ চনত
উত্তৰঃ (খ)
(ঘ) ১৮৯১ চনত