Class 10 Social Geography Part 2 Chapter 1 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Class 10 Social Geography Part 2 Chapter 1 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Geography Part 2 Chapter 1 Solutions

অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Class 10 Social Geography Part 2 Chapter 1 Solutions

অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

নির্বাচিত প্রশ্নোত্তৰ

চমু প্রশ্নোত্তৰঃ

১। স্থানিক সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ কিছুমান বিশেষ স্থানতহে পোৱা যায় তেনে সম্পদক ‘স্থানিক সম্পদ’ বোলে।

২। অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন?

উত্তৰঃ জর্জ ছিজহ’ম।

৩। চিৰবিৰাজমান সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলব্য তেনে সম্পদক ‘চিৰবিৰাজমান’ সম্পদ বোলে।

৪। অসমৰ কেইবিধমান বিলুপ্তপ্রায় উদ্ভিদৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইবিধমান বিলুপ্তপ্রায় উদ্ভিদ হ’ল: কালমেঘ, চিৰতা, জাইফল, সর্পগন্ধা, ছালমুগৰা, শতমূল, শুকলতি আদি।

৫। অসমৰ কেইবিধমান বিলুপ্তপ্রায় প্রাণীৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইবিধমান বিলুপ্তপ্রায় প্রাণী হ’ল: নল গাহৰি, দেও হাঁহ, ধনেশ পক্ষী, শিহু, বৰটোকোলা, সোণালী বান্দৰ, হলৌ বান্দৰ, আদি।

৬। লো অ-নৰীকৰণ সম্পদ হয়নে? HSLC ’17

উত্তৰঃ হয়।

৭। প্রাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ উদাহৰণসহ সংজ্ঞা দিয়া। HSLC ’17

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ প্রকৃতিত মুক্তভাবে পোৱা যায় সেইবোৰ সম্পদকে ‘প্রাকৃতিক সম্পদ’ বোলে, যেনে- বায়ু, সূৰ্যৰ ৰশ্মি, লো, ৰূপ ইত্যাদি। আনহাতে শ্রম সক্ষম মানুহকে মানৱ সম্পদ বুলি কোৱা হয়। ইয়াৰ বাবে মানুহৰ শিক্ষা, প্রযুক্তি, আগ্রহ আদিৰ প্ৰয়োজন।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়-বস্তু কি? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। HSLC ’17, ’20, 23

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে ‘অর্থনৈতিক ভূগোল’ (Eco- nomic Geography) বোলে।
অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ’ল- ই পৃথিবীত থকা প্রাকৃতিক সম্পদ, সম্পদৰ প্রাচুর্য, উৎপাদন, মানদণ্ড, বিতৰণ আদিৰ অধ্যয়ন কৰে। ইয়াৰ উপৰিও পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্রধান নে উদ্যোগ প্রধান আদি দিশো অর্থনৈতিক ভূগোলে অধ্যয়ন কৰে।
অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ’ল- (ক) কৃষি ভূগোল, (খ) সম্পদ ভূগোল, (গ) ঔদ্যোগিক ভূগোল, (ঘ) পৰিবহন ভূগোল, (ঙ) বজাৰ ভূগোল, (চ) পর্যটন ভূগোল আদি।

২। সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। HSLC ’18, ’20

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা ক্ষমতা বা গুণ থকা সকলো বিলাক বস্তুকেই ‘সম্পদ’ বুলি কোৱা হয়। উদাহৰণ- বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদার্থ, সূৰ্যৰ তাপ ইত্যাদি।
সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা, যথাঃ
(ক) উপযোগিতা: কোনো বস্তু সম্পদ হ’বলৈ হ’লে ই মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ই মানুহৰ কল্যাণ সাধন কৰিব লাগিব। অর্থাৎ তাৰ উপযোগিতা থাকিব লাগিব।
– (খ) কার্যকাৰিতাঃ যি কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয়, সেই কামটোত সম্পদটো কাৰ্যকৰী হ’ব লাগিব।
(গ) পৰিৱৰ্তনশীলতাঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এক সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও ভবিষ্যতে সেই একেটা সামগ্রী মানৱ কল্যাণত ব্যৱহৃত হ’ব পাৰে। কোনো এবিধ সামগ্রী সম্পদ হ’বলৈ হ’লে উক্ত বৈশিষ্ট্যকেইটা থাকিব লাগিব।

৩। সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। HSLC ’19

উত্তৰঃ যিবোৰ বস্তুয়ে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পাৰে সেইবোৰ বস্তুকেই সম্পদ বুলি কোৱা হয়। পৃথিৱীত পোৱা প্ৰায় সকলোবোৰ বস্তুই সম্পদ, যেনে বায়ু, পানী, মাটি, গছ-গছনি, সূৰ্যৰ ৰশ্মি ইত্যাদি। প্রকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মানুহে মৌলিক প্রয়োজনসমূহ পূৰণ কৰে। মানুহে প্রয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে প্রকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, যান-বাহন আদি প্রকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অর্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্ৰী হিচাপে ব্যৱহাৰ হৈ আছে।

৪। সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা। HSLC ’19

উত্তৰঃ সম্পদ আৰু বিজ্ঞান প্রযুক্তিৰ মাজত এক ভাল সম্পর্ক আছে। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উন্নয়নৰ লগে লগে বহুতো সম্পদ বুলি গণ্য নকৰা সামগ্রী মূল্যৱান সম্পদত পৰিণত হৈছে। উদাহৰণ স্বৰূপে কয়লা বা খনিজ তেল এটা সময়ত সম্পদ বুলি গণ্য হোৱা নাছিল কাৰণ মানুহে এইবোৰৰ ব্যৱহাৰ জনা নাছিল। কিন্তু বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেল শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমর্থ হৈছে। ফলস্বৰূপে এইবোৰ মূল্যৱান সম্পদত বুলি পৰিণত হৈছে।  গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত এক নিবিড় সম্পর্ক আছে।

৫। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা। HSLC ’12

উত্তৰঃ উপলভ্যতা বা স্থায়ীত্ব অনুসৰি প্রাকৃতিক সম্পদক দুই শ্ৰেণীত ভাগ কৰা হৈছে, যেনে -নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ। দুয়োবিধ সম্পদৰ মাজত কিছু পার্থক্য আছে, যেনে-

(১) অনবীকৰণযোগ্য সম্পদৰ পৰিমাণ প্রাকৃতিকভাবে সীমতি। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্রমে নিঃশেষ হৈ যায়। যেনে-

কয়লা, খনিজ তেল, সোণ, ৰূপ, তাম ইত্যাদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ’লেও পুনৰায় সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি। যেনে গছ-গছনি, ধান, মাহ, সৰিয়হ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদি। নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোতে মানুহৰ ক্ৰিয়া কৌশল, পৰিশ্ৰম, সংৰক্ষণ আদিৰ প্ৰয়োজন হয়।

৬। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি? HSLC ’19

উত্তৰঃ সম্পদ সংৰক্ষণ কৰা বুলিলে প্রকৃতিত পোৱা সম্পদসমূহ কোনো ধৰণৰ বিনাশ বা ধ্বংস নকৰাকৈ দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকাক বুজোৱা হয়। উদাহৰণ স্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলে ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বর্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে সম্পদৰ চাহিদাও পৰিমাণে বৃদ্ধি পাইছে। ফলত জনসংখ্যা অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে। এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অতি প্রয়োজনীয় হৈ পৰিছে। প্রকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মানুহে মৌলিক প্রয়োজনসমূহ পূৰণ কৰে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে প্রকৃতিৰ সম্পদসমূহৰ পৰা নতুন নতুন সম্পদৰ সৃষ্টি কৰি লয়। উদাহৰণ স্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল- কাৰখানা, যান-বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অর্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ মূল সামগ্রী হিচাপে ব্যৱহাৰ হৈ আছে।

৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা। HSLC ’18

উত্তৰঃ সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়,
ৰাষ্ট্ৰীয়, আৰু স্থানীয় পৰ্যায়ত বহুতো চৰকাৰী আৰু বেচৰকাৰী সংস্থা বা সংগঠন আছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ‘আন্তঃৰাষ্ট্ৰীয় পৰিবেশ সংৰক্ষণ সংস্থা’ (IUCN) উল্লেখযোগ্য। ১৯৪৮ চনত UNESCO ৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সেলৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র সম্পর্কে অধ্যয়ন, গবেষণা আৰু প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰা। IUCN ৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র (World Conservation Monitoring Cen- tre) স্থাপিত হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিবেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাবে ১৯৮৬ চনত ‘ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা’ গঠন কৰা হৈছে।
ভাৰত বৰ্ষত সম্পদ সংৰক্ষণৰ বাবে চৰকাৰীভাৱে ‘পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন’ নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। অসমতো ‘অসম বিজ্ঞান সমিতি’, ‘আৰণ্যক’ আদি কেইবাটাও বেচৰকাৰী সংগঠনে পৰিবেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ সংৰক্ষণ আদিৰ হকে কাম কৰি আছে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ? HSLC ’18, ’20

(ক) নদ-নদী
(খ) খনিজ তেল
(গ) জলসিঞ্চনৰ নলা
(ঘ) অৰণ্য
উত্তৰঃ (গ) জলসিঞ্চনৰ নলা।

প্রশ্ন: তলৰ কোনটো অজীবীয় সম্পদ? HSLC ’17

(ক) বায়ু
(গ) জীৱ-জন্তু
উত্তৰঃ (ক) বায়ু
(খ) গছ-গছনি
(ঘ) ভেঁকুৰ

প্রশ্ন: তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?

(ক) বায়ু
(গ) শস্য
উত্তৰঃ (ঘ) কয়লা
(খ) পানী
(ঘ) কয়লা

প্রশ্ন: তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?

(ক) এশিঙীয়া গড়
(খ) নল গাহৰি
(গ) জিৰাফ
উত্তৰঃ (খ) জিৰাফ
(ঘ) মিথুন

প্রশ্ন: IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?

(ক) UNESCO
(খ)UNDP
(গ) WWF
(ঘ) UNEP
উত্তৰঃ (ক) UNESCO

প্রশ্ন: বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কিমান? HSLC ’20

(ক) ০.০০৩৫%
(খ) ০.০৩৫%
(গ) ০.৩৫%
(ঘ) ৩.৩৫%

উত্তৰঃ (খ) ০.০৩৫%

প্রশ্ন: ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া স্থাপন কৰা হয়?

(ক)১৮৮৬
(গ) ১৭৮৬
উত্তৰঃ (খ)
(খ) ১৯৮৬
(ঘ) ১৯৮৮

প্রশ্ন: তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?

(ক) নদ-নদী
(গ) অৰণ্য
(খ) খনিজ তেল
(ঘ) জলসিঞ্চন নলা

প্রশ্ন: মানুহ সম্পদৰ লগত কেইটা ধৰণে জড়িত?

(ক) দুই ধৰণে
(খ) তিনি ধৰণে
(গ) পাঁচ ধৰণে
(ঘ) সাত ধৰণে
উত্তৰঃ (ক)

প্রশ্নঃ ভূগোল বিষয়টো প্রধানকৈ কেইটা ভাগত বিভক্ত।

(ক) পাঁচটা
(খ) চাৰিটা
(ঘ) তিনিটা।
(গ) দুটা
উত্তৰঃ (গ)

প্রশ্ন: পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ কোনটো?

(ক) কাঞ্চনজংঘা
(খ) এভাৰেষ্ট শৃংগ
(গ) গডউইন অষ্টিন শৃংগ
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ)

প্রশ্ন: বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?

(ক) দুই জুনত
(খ) চাৰি জুনত
(গ) পাঁচ জুনত
(ঘ) সাত জুনত
উত্তৰঃ (গ)

প্রশ্ন: পুনৰাৱৰ্তনৰ উদাহৰণ-

(ক) কল-কাৰখানা
(খ) লোহাৰ সামগ্ৰী
(গ) পুতলা
(ঘ) ঘৰ

উত্তৰঃ (খ)

প্রশ্ন: তলৰ কোনটো জাতীয় সম্পদ?

(ক) নর্দমা
(খ) খাল
(গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(ঘ) জান-জুৰি
উত্তৰঃ (গ)

প্রশ্ন: তলৰ কোনটো বিশ্ব সম্পদ?

(ক) মন্দিৰ
(খ) নদ-নদী
(গ) দলং
(ঘ) সাগৰ-মহাসাগৰ
উত্তৰঃ (ঘ)

প্রশ্ন: তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ?

(ক) ৰাস্তা-ঘাট
(খ) গছ-গছনি
(গ) কর্মদক্ষতা
(ঘ) শিক্ষানুষ্ঠান
উত্তৰঃ (গ)

প্রশ্নঃ পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি?

(ক) চাহাৰা
(খ) গ্রেট ভিক্টোৰিয়া
(গ) টিবাৰি
(ঘ) পেডিকা
উত্তৰঃ (ক)

প্রশ্নঃ চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত?

(ক) আমেৰিকাত
(খ) এছিয়াত
(গ) আফ্রিকাত
(ঘ) এন্টার্কটিকাত
উত্তৰঃ (গ)

প্রশ্ন: এছিয়া মহাদেশৰ এখন মৰুভূমিৰ নাম লিখা।

(ক) আটা কামা মৰুভূমি
(খ) চাহাৰা
(গ) গোবি মৰুভূমি
(ঘ) পেডিকা
উত্তৰঃ (গ)

প্রশ্ন: থাইলেণ্ডৰ ৰাজধানী কি?

(ক) চনা
(খ) বেংকক

(গ) দিল্লী
উত্তৰঃ (খ)
(ঘ) ৰিয়াড

প্রশ্নঃ দক্ষিণ আমেৰিকা মহাদেশ কিমানখন দেশেৰে গঠিত?

(ক) ১০ খন
(খ) ১১ খন
(গ) ১৫ খন
(ঘ) ১২ খন
উত্তৰঃ (ঘ)

প্রশ্নঃ ওছেনিয়া মহাদেশৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ কোনখন?

(খ) ফিজি
(গ) নাওক
(খ) টুভুলু
(ঘ) পালাড

উত্তৰঃ (খ)

প্রশ্ন: ভূমধ্য সাগৰীয়া অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা।

(ক) ক্রিট, ছিছিলি
(খ) নাভায়া জেমল্যা, সেডলবার্ড
(গ) ভাটলেণ্ড, এলাণ্ড
(ঘ) আয়াৰলেণ্ড, বৃটিছ দ্বীপপুঞ্জ
উত্তৰঃ (ক)

প্রশ্নঃ তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?

(ক) পানী
(খ) সূৰ্যৰ ৰশ্মি
(গ) গছ-গছনি
(ঘ) প্রাকৃতিক গেছ
উত্তৰঃ (ঘ)

প্রশ্ন: আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে?

(ক) জন্ম
(খ) ডার্কেনবাল্ড
(গ) কার্জন
(ঘ) জর্জ ছিজহ’ম।
উত্তৰঃ (ঘ)

প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক সম্পদ নহয়।

(ক) নদ-নদী
(খ) অৰণ্য
(গ) বায়ু
(ঘ) ঘৰ-দুৱাৰ
উত্তৰঃ (ঘ)

প্রশ্ন: তলৰ কোনটো অজীবীয় সম্পদ?

(ক) গছ-গছনি
(খ) জীব-জন্তু
(গ) ভেঁকুৰ
(ঘ) বায়ু
উত্তৰঃ (ঘ)

প্রশ্ন: IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তর্গত?

(ক) UNDP
(খ) UNESCO
(গ) WWF
(ঘ) UNEP
উত্তৰঃ (খ)

প্রশ্নঃ IUCN কোন চনত প্রতিষ্ঠা হৈছিল?

(ক)১৭৪৮
(খ) ১৮৪৮
(গ) ১৯৪৮
(ঘ) ১৯৪৭
উত্তৰঃ (খ)

প্রশ্নঃ তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীবীয়?

(ক) বায়ু
(খ) উদ্ভিদ
(গ) জন্তু
(ঘ) শস্য
উত্তৰঃ (ক)

প্রশ্ন: তলৰ কোনটো মানবসৃষ্ট সম্পদ?

(ক) অৰণ্য
(খ) জলসিঞ্চন
(গ) নদ-নদী
(ঘ) খনিজ তেল
উত্তৰঃ (খ)

 

Leave a Comment

" target="_blank" rel="nofollow">