Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত বচন Number in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়াত বচন Number in Assamese: বচন হৈছে ভাষাৰ এক গুৰুত্বপূর্ণ ব্যাকৰণিক অংশ, যি সংখ্যা অনুসৰি বিশেষ্য বা সর্বনামৰ ৰূপ পৰিবর্তন কৰে। অসমীয়া ভাষাত মূলত দুটা বচন পোৱা যায়।

অসমীয়াত বচন Number in Assamese

অসমীয়াত বচন Number in Assamese

👉 Read also:

পদ বা শব্দৰ যি ৰূপৰ দ্বাৰা সংখ্যা জ্ঞান অৰ্থাৎ ব্যক্তি বা বস্তুৰ এক বা একাধিক বোধ জন্মে তাকে অসমীয়াত বচন (Number) বোলে। অসমীয়া ভাষাত বচন দুটা, যথা–

(১) এক বচন ( Singular Number) আৰু

(২) বহু বচন (Plural Number)

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তুৰ এটা সংখ্যাৰ বোধ  জন্মে তাকে এক বচন (Singular Number) বোলে। এক বচনে এটা বস্তু বা প্ৰাণীক নিৰ্দেশ কৰে। উদাহৰণ-

ৰাজনৰ  এডাল কলম আছে।

শিশুটি কান্দি আছে।

তোমাৰ এখন কিতাপ আছে।

ৰাম এজন ছাত্ৰ।

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তু বা প্ৰাণীৰ এটাতকৈ অধিক সংখ্যাৰ বোধ জন্মে তাকে বহু বচন (Plural Number) বোলে। বহু বচনে এটাতকৈ অধিক বস্তুক নিৰ্দেশ কৰে। উদাহৰণ–

ছাত্ৰ-ছাত্ৰীসকল খেলিবলৈ গৈছে।

গৰুবোৰে পথাৰত ঘাঁহ খাই আছে।

হিমালয় পৰ্বতশ্ৰেণী ভাৰতৰ উত্তৰ দিশত।

বিশেষ্য বা সৰ্বনাম পদৰ লগত প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। বহু বচন বুজোৱা প্রত্যয়বোৰ হ’ল–

বোৰ, হতঁ, সকল, বৃন্দ, থোক, মখা, থুপি, বৰ্গ, গণ, জাক, দল, পাল, পুঞ্জ,  ৰাজি, মণ্ডলী  ইত্যাদি।

তলত এইবোৰৰ প্ৰয়োগ আলোচনা কৰা হ’ল।

(১) মানুহ বুজোৱা পদ (শব্দ)ৰ লগত ‘হঁত’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

মাহঁত ঘৰ পাইছে।

ককাইদেউহঁত আহি পালে।

মোমাইদেওহঁত ঘৰত নাই।

বাইদেওহঁত স্কুল পালেগৈ।

মইনাহঁত ভালে আছে।

(২) মানুহ বুজোৱা পদৰ লগত মান্য অৰ্থত ‘সকল’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

নেতাসকল যাবৰ হ’ল।

ছাত্ৰসকল কেতিয়াবাই আহিল।

তেখেতসকল আমাৰ বিদ্যালয়ৰ শিক্ষক।

সদস্যসকল এতিয়াও তাতে আছে।

(৩) মানুহ বুজোৱা সৰ্বনাম পদৰ লগত ‘লোক’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

আমালোক ভালে আছো।

আপোনালোকলৈ ধন্যবাদ।

তেওঁলোক কেতিয়া আহিব?

(৪) থূপ বা সমষ্টি বুজোৱা অৰ্থত ‘জাক, দল, থোক, থোপা, মণ্ডলী, পুঞ্জ, মখা, থুপি, পাল, ৰাজি’ আদি প্ৰত্যয় যোগ কৰি এক বচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

আন্দামান নিকোবৰ দীপপুঞ্জ ভাৰতৰ দক্ষিণত।

শিক্ষকমণ্ডলী আসনত বহি আছে।

ফুলথোপা দেখিবলৈ ভাল।

গৰুজাক পথাৰত ঘাঁহ খাই আছে।

ভেঁড়াপাল তেতিয়াৰে পৰা বে বে কৰি আছে।

(৫) বিশেষ্য (সংজ্ঞা ) পদৰ পিছত ‘বোৰ‘ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

চৰাইবোৰ আকাশত উৰি আছে।

কলবোৰ ভালকৈ পকিছে।

হাঁহবোৰ পুখুৰীত চৰিছে।

নিগনিবোৰে দৌৰি আছে।

(৬) মান্য অৰ্থত আৰু অপ্ৰাণী বাচক বিশেষ্য পদৰ লগত ‘বিলাক’ প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

শীত্কালত গছবিলাক লঠঙা হৈ পৰে।

ঘৰবিলাক পুৰণি হ’ল ।

মানুহবিলাক তাত গোট খাইছে।

(৭) মান্যাৰ্থত ‘মানুহ‘ বুজোৱা শব্দৰ লগত গণ, বৃন্দ, বৰ্গ  আদি প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

শিক্ষকবৃন্দই আমাক ভালদৰে পঢ়ায়।

পাঠকবৰ্গই পঢ়ি আছে।

প্ৰহৰীগণ গোটেই ৰাতি উজাগৰে আছে।

(৮) বিশেষ্য পদৰ লগত সংখ্যাবাচক শব্দ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

দহজন ল’ৰাই খেলিছে।

সি মোক তিনিটামান ডালিম দিলে।

সাত দিনত এক সপ্তাহ হয় ।

তেওঁ পাঁচোটা কল দিলে।

(৯) প্ৰাণীবাচক বা অপ্ৰাণীবাচক শব্দৰ লগত ‘শ্ৰেণী, ৰাশি’ আদি যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

আল্পচ পবৰ্বতশ্ৰেণী ইউৰোপত।

সংখ্যাৰাজি হিচাপ কৰি চোৱা।

পাঠকশ্ৰেণী সজাগ  হ’ল।

অনুশীলনী

(১) বচন কাক বোলে?

(২)  অসমীয়া ভাষাত বচন কেইবিধ?

(৩) তলত দিয়া প্রত্যয়বোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজাঃ

বৃন্দ, বৰ্গ, গণ, জাক, দল, থোক, হতঁ, বোৰ, সকল,  মখা, থুপি, পাল, পুঞ্জ,  ৰাজি, মণ্ডলী।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment