Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া শব্দৰ গঠণ আৰু শ্রেণী বিভাগ in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়া শব্দৰ গঠণ আৰু শ্রেণী বিভাগ in Assamese

অসমীয়া শব্দৰ গঠণ আৰু শ্রেণী বিভাগ in Assamese

অসমীয়া শব্দৰ গঠণ আৰু শ্রেণী বিভাগ: শব্দ হৈছে ভাষাৰ মূল উপাদান, যাৰ দ্বাৰা চিন্তা, অনুভূতি আৰু তথ্য প্ৰকাশ কৰা হয়। শব্দ গঠনৰ ভিত্তিত অসমীয়া ভাষাত শব্দক তিনিটা প্রধান ভাগত বিভক্ত কৰা হয়।

👉 Read also:

(শব্দৰ গঠণ আৰু শ্রেণী বিভাগ) অসমীয়া ভাষা এক অন্যতম চহকী ভাষা। এই ভাষাত ব্যৱহাৰ হোৱা শব্দবোৰৰ কিছুমান মূল শব্দ, কিছুমান ধাতু আৰু কিছুমান অন্য শব্দৰ লগত প্ৰত্যয় যোগ হৈ গঠিত হৈছে। এনেদৰে গঠন হোৱা অসমীয়া শব্দবোৰক তিনি ভাগত ভাগ কৰিব পাৰি, যথাঃ

(১) কৃদন্ত শব্দ

(২) তদ্ধিতান্ত শব্দ আৰু

(৩) সমাসনিষ্পন্ন শব্দ।

১। কৃদন্ত শব্দ

ধাতুৰ পিছত ‘কৃত’ প্ৰত্যয় যোগ হৈ গঠন হোৱা শব্দক কৃদন্ত শব্দ বোলে। যেনে–

অসমীয়া কৃদন্ত শব্দ–

লিখ + আৰু = লিখাৰু

খুন্দ + অনা = খুন্দনা,

খা + অন = খাৱন,

বিচ + অনী = বিচনী,

শো + অন = শোৱন।

সংস্কৃত কৃদন্ত শব্দ–

কৃ+ তব্য= কৰ্তব্য,

পাঠ + ঘঞ = পাঠ

কৃ + যৎ = কাৰ্য।

২। তদ্ধিতান্ত শব্দ

প্ৰাতিপদিকৰ পাছত তদ্ধিত প্ৰত্যয় যোগ হৈ  নিষ্পন্ন হোৱা শব্দক তদ্ধিতান্ত শব্দ বোলে। যেনে–

অসমীয়া তদ্ধিতান্ত শব্দ–

তল + অতীয়া  =  তলতীয়া

বাট  + অৰুৱা  =  বাটৰুৱা

বন + অনি  =  বননি,

নাওঁ + অৰীয়া  =  নাৱঁৰীয়া।

সংস্কৃত তদ্ধিতান্ত শব্দ–

মেধা  + বিন  =  মেধাবী,

পাণ্ডু + ঞ্চ =  পাণ্ডৱ,

মধুৰ  +  ইমন  = মধুৰিমা,

কুৰু  +  ঞ্চ  =  কৌৰৱ।

৩। সমাসনিষ্পন্ন শব্দ

অসমীয়া সমাস নিষ্পন্ন শব্দবোৰ  সংস্কৃত ভাষাৰ পৰা আহিছে। যেনে–

পঙ্কত যি জন্মে = পঙ্কজ

নীল অম্বৰ যাৰ = নীলাম্বৰ

নীলা লোচন যাৰ = নীলাচল।

অন্যান্য অসমীয়া সমাস নিষ্পন্ন শব্দ কিছুমান হ’ল:

চুলিয়াচুলি, ঢেঁকেয়ীপতীয়া, হাতদীঘল ইত্যাদি।

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া  শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(২) কৃদন্ত শব্দ কাক বোলে ?

(৩) তদ্ধিতান্ত শব্দ কাক বোলে?

(৪) অসমীয়া সমাস-নিষ্পন্ন শব্দ কিছুমানৰ উদাহৰণ দিয়া।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ শব্দৰ গঠণ আৰু  শ্রেণী  বিভাগ যদি এই অনুচ্ছেদ টো পঢ়ি
আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment