নমস্কাৰ বন্ধুসকল আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। আশা কৰো এই পোস্ট টো আপোনালোকৰ বাবে সহায় হব। আজি আমি অসমীয়া বিভক্তি Inflexion বিষয় আলোচনা কৰিম।
অসমীয়া বিভক্তি Inflexion in Assamese
অসমীয়া বিভক্তি Inflexion হৈছে এক ব্যাকৰণিক উপাদান, যি শব্দত যোগ হৈ শব্দটোৰ অৰ্থত পৰিৱর্তন আনিবলৈ সহায় কৰে। এটা শব্দৰ কাৰ্য, সময় বা বাক্যত তাৰ ভূমিকা চিনাক্ত কৰাত বিভক্তিৰ প্ৰয়োগ হয়।
বাক্য গঠনৰ সময়ত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–
- তপনে পঢ়িছে।
- তাই বজাৰলৈ গ’ল।
ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘তপন + এ = ৰামে’, পঢ় + ইছে = পঢ়িছে’, আৰু দ্বিতীয় বাক্যটিত ‘বজাৰ + অলৈ = বজাৰলৈ’ হৈছে। এই ‘এ’, ‘ইছে’ আৰু ‘লৈ’ এইবোৰই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন।
বিভক্তি দুইবিধ, যথা–
- (১) শব্দ বিভক্তি আৰু
- (২) ক্ৰিয়া বিভক্তি।
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
১। শব্দ বিভক্তি
বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণ–
- নয়নে (নয়ন + এ) পঢ়িছে।
- গুৰুক (গুৰু + ক) শ্ৰদ্ধা কৰিব লাগে।
শব্দ বিভক্তি সাত বিধ, যথা–
- (১) প্ৰথমা বিভক্তি
- (২) দ্বিতীয়া বিভক্তি
- (৩) তৃতীয়া বিভক্তি
- (৪) চতুৰ্থী বিভক্তি
- (৫) পঞ্চমী বিভক্তি
- (৬) ষষ্ঠী বিভক্তি আৰু
- (৭) সপ্তমী বিভক্তি
উক্ত প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰচিনবোৰ দিয়া হ’ল।
- (১) প্ৰথমা বিভক্তি– অ, ই, এ।
- (২) দ্বিতীয়া বিভক্তি–ক।
- (৩) তৃতীয়া বিভক্তি–ৰে, দি, দ্বাৰা।
- (৪) চতুৰ্থী বিভক্তি–অক্, লৈ।
- (৫) পঞ্চমী বিভক্তি–পৰা।
- (৬) ষষ্ঠী বিভক্তি–ৰ।
- (৭) সপ্তমী বিভক্তি–ত।
তলত ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল।
বিভক্তি বিভক্তিৰ চিন ‘ল’ৰা’ শব্দত প্ৰয়োগ
- (১) প্ৰথমা—অ, ই, এ—ল’ৰা, ল’ৰাই, ল’ৰায়ে
- (২) দ্বিতীয়া—ক—ল’ৰাক
- (৩) তৃতীয়া—ৰে, দি, দ্বাৰা—ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা
- (৪) চতুৰ্থী—অক্, লৈ—ল’ৰাক, ল’ৰালৈ
- (৫) পঞ্চমী—পৰা—ল’ৰাৰ পৰা
- (৬) ষষ্ঠী—ৰ—ল’ৰাৰ
- (৭) সপ্তমী—ত—ল’ৰাত।
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা হয়। উদাহৰণ–
- বিশেষ্য—একবচন—বহুবচন
- ছোৱালী—ছোৱালীক—ছোৱালীেবাৰক
- সৰ্বনাম—একবচন—বহুবচন
- মই——মোক——আমাক
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিষেশ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক শব্দৰূপ (Declension of Words) বোলা হয়। তলত কেইটামান বিশেষ্য আৰু সর্বনাম পদত সাতোটা বিভক্তি প্ৰয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।
ল’ৰা (বিশেষ্য শব্দ)
বিভক্তি একবচন বহুবচন
- প্ৰথমা——ল’ৰা, ল’ৰায়ে—ল’ৰাবোৰ , ল’ৰােবাৰে
- দ্বিতীয়া——ল’ৰাক—ল’ৰাবোৰক
- তৃতৃতীয়া——ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা—ল’ৰাবোৰেৰে, ল’ৰাবোৰেদি, ল’ৰাবোৰৰ দ্বাৰা
- চতুৰ্থী——ল’ৰাক, ল’ৰালৈ—ল’ৰাবোৰক, ল’ৰাবোৰলৈ
- পঞ্চমী——ল’ৰাৰ পৰা—ল’ৰাবোৰৰ পৰা
- ষষ্ঠী ——ল’ৰাৰ—ল’ৰাবোৰৰ সপ্তমী—ল’ৰাত—ল’ৰাবোৰত
মই (সৰ্বনাম শব্দ– প্ৰথম পুৰুষ )
- বিভক্তি——একবচন —বহুবচন
- প্ৰথমা——মই, ময়ে—আমি, আমিয়ে
- দ্বিতীয়া——মোক—আমাক
- তৃতীয়া—মোৰে, মোৰ দ্বাৰা—আমাৰে, আমাৰ দ্বাৰা
- চতুৰ্থী—মোক, মোলৈ—আমাক, আমালৈ
- পঞ্চমী—মোৰ পৰা—আমাৰ পৰা
- ষষ্ঠী——মোৰ—আমাৰ
- সপ্তমী—মোত—আমাত
তুমি (সৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ )
বিভক্তি——একবচন—— বহুবচন
- প্ৰথমা—তুমি, তুমিয়ে—তোমালোক, তোমালোকে
- দ্বিতীয়া—তোমাক—তোমলোকক
- তৃতীয়া—তোমাৰে, তোমাৰ দ্বাৰা—তোমালোকেৰে, তোমালোকৰ দ্বাৰা
- চতুৰ্থী —তোমাক, তোমালৈ—তোমালোকক, তোমালোকলৈ
- পঞ্চমী—তোমাৰ পৰা—তোমালোকৰ পৰা
- ষষ্ঠী—তোমাৰ—তোমালোকৰ
- সপ্তমী—তোমাত—তোমালোকত
তুমি (সবৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ)
বিভক্তি—একবচন—— বহুবচন
- প্ৰথমা—তাই, তায়ে——সিহঁত, সিহঁতে
- দ্বিতীয়া——তাইক—সিহঁতক
- তৃতীয়া—তাইৰে,তাইদি, তাইৰদ্বাৰা—সিহঁতৰে, সিহঁতেদি, সিহঁতৰদ্বাৰা
- চতুৰ্থী—তাইক, তাইলৈ—সিহঁতক, সিহঁতলৈ
- পঞ্চমী—তাইৰ পৰা—সিহঁতৰ পৰা
- ষষ্ঠী—তাইৰ—সিহঁতৰ
- সপ্তমী—তাইত—সিহঁতত
২। ক্ৰিয়া বিভক্তি
ধাতু (ক্ৰিয়াৰ মূল) ৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণ–
ৰাকেশে ৰামায়ণ পঢ়িছে।
ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়িছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে,
- কৰ + ইছে = কৰিছে
- লিখ + ইছে = লিখিছে
- ধৰ + ইছে = ধৰিছে।
বি: দ্ৰ: আদেশ, অনুৰোধ বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বৰ্তমান আৰু ভৱিষ্যত কালত হয়। উদাহৰণ–
ইয়ালৈ আহা। (আদেশ)
অনুগ্ৰহ কৰি ৰামক সহায় কৰক। (অনুৰোধ)
কাকো ঘৃণা নকৰিবা। (উপদেশ)
ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা–
১। ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনে–
- শো + ইছিলো = শুইছিলো
- ধো + ইছিলো = ধুইছিলো
২। ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’ আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনে–
- কি + অ = কিয়
- দি + আ = দিয়া
- দি + এ = দিয়ে
৩। ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনে–
- ধৰ + ইলো = ধৰিলো
- কৰ + ইলো = কৰিলো।
৪। অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ ৰ ঠাইত ‘ৱা’ হয়। যেনে–
- ৰো + অ = ৰোৱ
- যা + আ = যাৱ
- ৰো + আ = ৰোৱা।
অনুশীলনী
(১) বিভক্তি বুলিলে কি বুজা?
(২) বিভক্তি কেইবিধ?
(৩) শব্দ বিভক্তি বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৪) ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? উদাহৰণ দিয়া।
উপসংহাৰ
ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ বিভক্তি Inflexion in Assamese যদি এই অনুচ্ছেদ টো পঢ়রী আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।