Join WhatsApp

Join Now

Join Telegram

Join Now

শব্দ আৰু প্ৰকৃতি Word and Root in Assamese 2026

By Nzmina Begum

Published On:

শব্দ আৰু প্ৰকৃতি Word and Root in Assamese

শব্দ আৰু প্ৰকৃতি Word and Root in Assamese

শব্দ আৰু প্ৰকৃতি Word and Root in Assamese: আমি শিকি আহিছোঁ যে মানুহৰ মুখৰ ধ্বনিক প্রতিনিধিত্ব কৰিবলৈ যিবোৰ সাংকেতিক চিন ব্যৱহাৰ কৰা হয় সেইবোৰকে বৰ্ণ বা আখৰ (Letter) বোলে। কিন্তু অকল এটা বৰ্ণ বা আখৰে কোনো এটা অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। অৰ্থ প্ৰকাশ কৰিবলৈ এটাতকৈ অধিক বৰ্ণৰ প্ৰয়োজন হয়।

👉 Read also:

উদাহৰণ স্বৰূেপ– ‘ক’ এটা বৰ্ণ। কিন্তু ই কোনো অৰ্থ প্ৰকাশ কৰিব পৰা নাই। আনহাতে ‘কলম’ – ইয়াত তিনিটা বৰ্ণ আছে। এই তিনিটা বৰ্ণই একেলগে এটা অৰ্থ প্ৰকাশ কৰিছে। গতিকে ই এটা শব্দ। সেয়ে এটা বা এটাতকৈ অধিক বৰ্ণ লগলাগি যেতিয়া কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক শব্দ (Word) বোলে। উদাহৰণ–

ধৰ, পঢ়, কিতাপ, মেজ, ঘৰ, বিদ্যালয়,  সূৰ্য, পৃথিৱী, গৰু, হাতী মানুহ, ল’ৰা, ছোৱালী, কৰ, আদি একো একোটা শব্দ।

শব্দমূল বা প্ৰকৃতি

শব্দৰ মূলকে শব্দমূল বা প্ৰকৃতি (Radical Form of Word) বোলে। উদাহৰণ স্বৰূেপ- কৰ, ধৰ পঢ়, খেল, ল’ৰা, পিতা আদি শব্দমূল বা প্ৰকৃতি। আমি উক্ত শব্দমূলৰ পৰা বহুতো শব্দ গঠণ কৰিব পাৰো। যেনে– ‘কৰ’- এই শব্দমূলৰ পৰা ‘কৰিছে’, ‘কৰিব’, ‘কৰিলো’ ‘কৰিম’ আদি আৰু ‘পঢ়’- এই মূলৰ পৰা ‘পঢ়িলো’, ‘পঢ়িছে’ ‘পঢ়িব’ আদি শব্দ গঠন কৰিব পাৰো। সেইদৰে ‘ল’ৰা’ -এই শব্দমূলৰ পৰা ‘ল’ৰাই’, ‘লৰাবোৰ’, ‘ল’ৰাজনে’ আদি শব্দ গঠন কৰিব পাৰো। সেয়ে কৰ, পঢ়, খেল, ল’ৰা আদি একো একোটা শব্দমূল বা প্ৰকৃতি।

শব্দমূল বা প্ৰকৃতিক দুই ভাগত ভাগ কৰিব পাৰি। যথা–

(১) ধাতু প্ৰকৃতি (Verbal Root) আৰু

(২) নাম প্ৰকৃতি বা প্ৰাতিপদিক  (Nominal Stem)

ক্ৰিয়াৰ মূলকে ধাতু বা ধাতু প্ৰকৃতি বোলে। ওপৰত উল্লেখিত কৰ, পঢ়, খেল, আদি ক্ৰিয়াৰ মূল বাবে ইহঁত ধাতু প্ৰকৃতি। কিছুমান ধাতু প্ৰকৃতিৰ উদাহৰণ হ’ল— আহ, যা, ভেদ, থ, শো, বহ, খা, মাৰ, ধৰ, খেদ, কান্দ, দেখ, ফেল, আঁক, ৰাখ   ইত্যাদি।

আনহাতে ধাতু প্ৰকৃতিৰ বাহিৰে আন সকলো শব্দমূলেই নাম প্ৰকৃতি বা প্ৰাতিপদিক। যেনে– ল’ৰা, ছোৱালী, কলম, কাগজ, ঘৰ, দুৱাৰ, আকাশ, বেলি, ত’ৰা, পৃথিৱী, চন্দ্ৰ, গছ,  বিদ্যালয় ইত্যাদি।

অনুশীলনী

(১) শব্দ বুলিলে বুজা ?

(২) শব্দমূল বা প্ৰকৃতি কি ?

(৩) শব্দমূল বা প্ৰকৃতিক কেই ভাগত ভাগ কৰা হৈছে?

(৪) ধাতু প্ৰকৃতি বুলিলে কি বুজা?

(৫) নাম প্ৰকৃতি বা প্ৰাতিপদিক বুলিলে কি বুজা?

(৬) তলত দিয়া প্রকৃতিবোৰৰ কোনটো কি প্ৰকৃতি কোৱাঃ

বেলি, ত’ৰা, ফেল, আঁক, ৰাখ, পৃথিৱী, উৰ, ঘূৰ, খা, মাৰ, বিদ্যালয়, ধৰ, খেদ, দুৱাৰ, আকাশ,  নৌকা, কান্দ, দেখ, ভেদ, ল’ৰা, ছোৱালী, আহ, যা, থ, শো, বহ, ঢাল, চন্দ্ৰ, গছ

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment