Join WhatsApp

Join Now

Join Telegram

Join Now

বর্ণমালা কাক বোলে অসমীয়া বৰ্ণমালা Assamese Alphabet 2026

By Nzmina Begum

Published On:

বর্ণমালা কাক বোলে অসমীয়া বৰ্ণমালা Assamese Alphabet

বর্ণমালা কাক বোলে অসমীয়া বৰ্ণমালা Assamese Alphabet

বর্ণমালা কাক বোলে অসমীয়া বৰ্ণমালা Assamese Alphabet: ভাষা এটিৰ মূল উপাদান হৈছে ধ্বনি। ধ্বনিৰ ওপৰত ভিত্তি কৰি ভাষা এটিৰ জন্ম হয়। সেয়ে ‘ভাষা’ বুলিলে ধ্বনি সমষ্টিক বুজায়। অৰ্থাৎ জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ‘ভাষা’ (Language)। ধ্বনি সৃষ্টি কৰিব পৰা সকলো জীৱৰে ভাষা আছে।

👉 Read also:

কিন্তু  মানুহৰ বাহিৰে অন্যান্য জীৱৰ ভাষাৰ মাথো এটা ৰূপহে আছে। মাত্র মানুহে ব্যৱহাৰ কৰা ভাষাৰহে দুটা ৰূপ আছে, যথা- কথিত ৰূপ (Oral Form) আৰু লিখিত ৰূপ (Written  Form)।

মানুহে ভাষাৰ মাধ্যমত প্ৰকাশ কৰা অনুভূতিবোৰ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কিছুমান সাংকেতিক চিন উদ্ভাৱন কৰা হৈছে। এই সাংকেতিক চিন বা প্রতীকবোৰকে বৰ্ণ বা আখৰ (Letter) বোলে।

‘ধ্বনি’ আৰু ‘বৰ্ণ’ একে নহয়। ধ্বনি হ’ল ভাষা এটিৰ মৌখিক ৰূপ আৰু বৰ্ণ হ’ল ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰা লিখিত ৰূপ। ভাষা ভেদে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা সাংকেতিক চিন বা প্ৰতীকবোৰো বেলেগে বেলেগ হয়।

উদাহৰণস্বৰূপে -ফৰাচী ভাষাৰ বৰ্ণ, বাংলা ভাষাৰ বৰ্ণ, হিন্দি ভাষাৰ বৰ্ণ আৰু ইংৰাজী ভাষাৰ বৰ্ণৰ মাজত পাৰ্থক্য আছে।

আকৌ প্ৰত্যেক ভাষাৰ বৰ্ণ বা আখৰৰ সংখ্যাও বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে- ইংৰাজী ভাষাত ইয়াৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ মুঠ ২৬ টা বৰ্ণ আছে, আৰবী ভাষাৰ বৰ্ণৰ সংখ্যা ২৯ টা, গ্ৰীক ভাষাৰ মুঠ বৰ্ণৰ সংখ্যা ২৪ টা। কিন্তু অসমীয়া ভাষাৰ বৰ্ণৰ সংখ্যা মুঠ ৫২ টা।

প্ৰত্যেক ভাষাৰ বৰ্ণ বা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা (Alphabet) বোলে। উদাহৰণস্বৰূপে হিন্দী ভাষাৰ বৰ্ণ সমষ্টিক ‘হিন্দী বৰ্ণমালা’, ইংৰাজী ভাষাৰ বৰ্ণ সমষ্টিক ‘ইংৰাজী বৰ্ণমালা’ বোলে। সেইদৰে অসমীয়া ভাষাৰ বৰ্ণ সমষ্টিক একেলগে অসমীয়া বৰ্ণমালা (Assamese Alphabet) বোলে। অসমীয়া ভাষাৰ মুঠ ৫২ টা বৰ্ণ আছে, সেইবোৰ হ’ল–

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

ক্ষ

 

 ং

 ঃ

অনুশীলনী

(১) বর্ণ কাক বোলে?

(২) বৰ্ণমালা কাক বোলে?

(৩) অসমীয়া বৰ্ণমালা কাক বোলে?

(৪) অসমীয়া বৰ্ণমালাত মুঠ কেইটা বর্ণ আছে?

(৫) অসমীয়া বৰ্ণমালাত থকা বর্ণবোৰ  লিখা।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া বৰ্ণমালা Assamese Alphabet যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment