আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 1 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 1 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
অধ্যায়- ১
বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন (MCQ)
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ বংগ বিভাজন কার্যকৰী কেতিয়া হৈছিল?
(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ অক্টোবৰত
(খ) ১৯০৪ খ্ৰীষ্টাব্দৰ ১৫ অক্টোবৰত
(গ) ১৯০১ খ্ৰীষ্টাব্দৰ ১১ অক্টোবৰত
(ঘ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত
উত্তৰঃ (ঘ) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত
প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্রকাশ হৈছিল?
(ক) অৰুণাদেয়
(খ) বাঁহী
(গ) যুগান্তৰ
(ঘ) বন্দিনী ভাৰত
উত্তৰঃ (গ) যুগান্তৰ
প্রশ্নঃ পূর্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল?
(ক) কাছাৰ
(গ) কলকাতা
(খ) শ্বিলং
(ঘ) ঢাকা
উত্তৰঃ (ঘ) ঢাকা
প্রশ্নঃ কোনজন ব্যক্তিক বৃটিছ চৰকাৰে ‘নাইটহুড’ উপাধি দিছিল?
(ক) শৰৎ চন্দ্ৰ
(খ) বঙ্কিমচন্দ্র
(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(ঘ) প্রফুল্ল চন্দ্ৰ
উত্তৰঃ (গ) ৰবীন্দ্ৰনাথ ঠাকুৰ
প্রশ্নঃ ‘যুগান্তৰ’ পত্রিকাখনৰ সম্পাদক কোন আছিল?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) ভূপেন্দ্রনাথ দত্ত
(গ) অম্বিকাগিৰি ৰায়চৌধুৰী
(ঘ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
উত্তৰঃ (খ) ভূপেন্দ্ৰনাথ দত্ত
প্রশ্নঃ ‘বন্দিনী ভাৰত’ নাটকখনৰ লেখক কোন?
(ক) হেম চন্দ্ৰ বৰুৱা
(খ) অম্বিকাগিৰি ৰায়চৌধুৰী
(গ) ভূপেন্দ্রনাথ দত্ত
(ঘ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
উত্তৰঃ (খ) অম্বিকাগিৰি ৰায়চৌধুৰী
প্রশ্নঃ অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
(ক) ৫৬ নিযুত
(খ) ৫০ নিযুত
(গ) ৫৪ নিযুত
(ঘ) ৫২ নিযুত
উত্তৰঃ (গ) ৫৪ নিযুত
প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটোৰ ৰচক কোন আছিল?
(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ
(খ) শৰৎ চন্দ্ৰ
(গ) বঙ্কিমচন্দ্র চেটার্জী
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (গ) বঙ্কিমচন্দ্র চেটার্জী
প্রশ্নঃ কোন চনত মুছলিম লীগ গঠন কৰা হৈছিল?
(ক) ১৯০৫ চনত
(খ) ১৯০৬ চনত
(গ) ১৯০১ চনত
(ঘ) ১৯০৭ চনত
উত্তৰঃ (খ) ১৯০৬ চনত
প্রশ্নঃ লর্ড মিন্টোৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল?
(ক) উইলিয়াম ৰাজন
(খ) লুচি কেৰল
(গ) ছাৰ এ. ঠি অৰুণ
(ঘ) কর্ণেল ডানলপ স্মিথ
উত্তৰঃ (ঘ) কৰ্ণেল ডানলপ স্মিথ
প্রশ্নঃ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী কোন খ্রীষ্টাব্দত কাছাৰ ইংৰাজৰ অধীনলৈ যায়?
(ক) ১৮৩৪ খ্রীষ্টাব্দত
(খ) ১৮২৭ খ্রীষ্টাব্দত
(গ) ১৮৩২ খ্রীষ্টাব্দত
(ঘ) ১৮৩১ খ্রীষ্টাব্দত
উত্তৰঃ (গ) ১৮৩২ খ্রীষ্টাব্দত
প্রশ্নঃ মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনলৈ যায়?
(ক) ১৮৩৯ খ্রীষ্টাব্দত
(খ) ১৮৩১ খ্রীষ্টাব্দত
(গ) ১৮৩৪ খ্রীষ্টাব্দত
(ঘ) ১৮৩২ খ্রীষ্টাব্দত
উত্তৰঃ (ক) ১৮৩৯ খ্রীষ্টাব্দত
প্রশ্নঃ ৰবীন্দ্রনাথ ঠাকুৰে কোনটো বস্ত্র প্রতিষ্ঠান গঢ়ি তুলিছিল?
(ক) বেংগল প্রতিষ্ঠান
(খ) স্বদেশী ভাণ্ডাৰ
(গ) স্বদেশী বস্ত্র প্রতিষ্ঠান
(ঘ) বেংগল বস্ত্র উদ্যোগ
উত্তৰঃ (খ) স্বদেশী ভাণ্ডাৰ
প্রশ্নঃ তলৰ প্ৰশ্নটোত দাবী (A) আৰুকাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। HSLC ’25
দাবী (A): ভাৰতত হোৱা স্বদেশী আনেন্দালনে থলুৱা সা-সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল।
কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।
(ক) (A) আৰু (R) উভয়ে সত্য, আৰু (R),
(A) ৰ শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, কিন্তু (R) অসত্য
(গ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R),
(A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(ঘ) (A) অসত্য, কিন্তু (R) সত্য
উত্তৰঃ (গ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
প্রশ্নঃ “স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু আমি তাক পামেই” উক্তিটো কাৰ?
(ক) বালগংগাধৰ তিলক
(খ) মহাত্মা গান্ধী
(গ) প্রফুল্ল চন্দ্ৰ ৰায়
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰঃ (ক) বালগংগাধৰ তিলক
প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত কোনে ‘বন্দে মাতৰম’ ধ্বনি প্ৰচাৰ কৰিছিল?
(ক) লাল-বাল-পাল ত্রয়ী
(খ) মহাত্মা গান্ধী
(গ) নেতাজী সুভাষ চন্দ্র বসু
(ঘ) চন্দ্ৰশেখৰ আজাদ
উত্তৰঃ (ক) লাল-বাল-পাল ত্রয়ী
প্রশ্নঃ ১৯০৬ চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ শাসক কোন?
(ক) লর্ড হেষ্টিংচ
(খ) লর্ড কার্জন
(গ) লর্ড কর্ণৱালিছ
(ঘ) লর্ড মিন্টো
উত্তৰঃ (ঘ) লর্ড মিন্টো
প্রশ্নঃ বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল?
(ক) জাতীয় কংগ্ৰেছৰ দ্বাবিংশ অধিৱেশনত
(খ) জাতীয় কংগ্ৰেছৰ একাদশ অধিৱেশনত
(গ) জাতীয় কংগ্ৰেছৰ ত্রয়োবিংশতিতম অধিৱেশনত
(ঘ) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত
উত্তৰঃ (ঘ) জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিৱেশনত
প্রশ্নঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠান কেতিয়া গঠন হৈছিল?
(ক) ১৯০৬ চনৰ ১০ মার্চত
(খ) ১৯০৫ চনৰ ১০ মার্চত
(গ) ১৯০৪ চনৰ ১০ মাৰ্চত
(ঘ) ১৯০৬ চনৰ ১১ মার্চত
উত্তৰঃ (ক) ১৯০৬ চনৰ ১০ মাৰ্চত
প্রশ্নঃ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল?
(ক) ২২ টা
(গ) ২১ টা
(খ) ২৪ টা
(ঘ) ২৩ টা
উত্তৰঃ (ঘ) ২৩ টা
প্রশ্নঃ কোন চনত ‘মুছলিম লীগ’ৰ কাৰ্যালয় লাহোৰলৈ স্থানান্তৰ কৰা হৈছিল?
(ক) ১৯১৩ খ্রীষ্টাব্দত
(খ) ১৯১০ খ্রীষ্টাব্দত
(গ) ১৯০৭ খ্রীষ্টাব্দত
(ঘ) ১৯১৫ খ্রীষ্টাব্দত
উত্তৰঃ (খ) ১৯১০ খ্রীষ্টাব্দত
প্রশ্নঃ বংগ বিভাজন সংঘটিত হয়….. দিনত?
(ক) লর্ড কার্জন
(খ) লর্ড নাথালিয়েল কার্জন
(গ) এডুফেজাৰ
(ঘ) লর্ড মিন্টো
উত্তৰঃ (খ) লর্ড নাথালিয়েল কার্জন
প্রশ্নঃ ‘United Bengal Force’ কেতিয়া স্থাপিত হৈছিল? HSLC ’23
(ক) ১৯০৪ চনত
(খ) ১৯০৫ চনত
(গ) ১৯০৬ চনত
(ঘ) ১৯০৭ চনত
উত্তৰঃ (খ) ১৯০৫ চনত
প্রশ্নঃ ‘ডি ডন’ পত্রিকাখনৰ সম্পাদক কোন আছিল?
(ক) নবীন চন্দ্র
(খ) সতীশচন্দ্র মুখাপোধ্যায়
(গ) শৰৎ চন্দ্ৰ
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ
উত্তৰঃ (খ) সতীশচন্দ্ৰ মুখাপোধ্যায়
প্রশ্নঃ ১৯০৫ চনৰ বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল?
(ক) লর্ড মিন্টো
(খ) লর্ড ডেলহাউচি
(গ) লর্ড কার্জন
(ঘ) লর্ড হার্ডিঞ্জ
উত্তৰঃ (গ) লর্ড কার্জন
প্রশ্নঃ সাম্প্রদায়িক বাটোৱাৰা ঘোষাণা কৰা বৃটিছ প্রধানন্ত্রীজন আছিল?
(ক) ক্লিমেন্ট এটলি
(খ) উইনস্টোন চার্চিল
(গ) ৰামছে মেকডুনাল্ড
(ঘ) থেৰেছা মেই
উত্তৰঃ (গ) ৰামছে মেকডুনাল্ড
প্রশ্নঃ ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা আছিল? HSLC ’19
(ক) স্বামী দয়ানন্দ সৰস্বতী
(খ) স্বামী বিবেকানন্দ
(গ) ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ
(ঘ) ৰাজা ৰামমোহন ৰায়
উত্তৰঃ (খ) স্বামী বিবেকানন্দ
প্রশ্নঃ মুছলিম লীগ গঠনত সহায় কৰা বৃটিছ প্রশাসকজন আছিল? HSLC ’17
(ক) লর্ড মিন্টো (খ) লর্ড কার্জন
(গ) লর্ড কর্ণৱালিচ
(ঘ) লর্ড ৰিপন
উত্তৰঃ (ক) লর্ড মিন্টো
প্রশ্নঃ বংগ বিভাজন কাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছিল? HSLC ’17
(ক) লর্ড ক্যানিং
(খ) লর্ড লিটন
(গ) লর্ড কার্জন
(ঘ) লর্ড ৰিপন
উত্তৰঃ (গ) লর্ড কার্জন
প্রশ্নঃ ‘স্বদেশী সমাজ’ গঠন কর্তা কোন আছিল?
(ক) অশ্বিনী কুমাৰ দত্ত
(খ) অৰবিন্দ ঘোষ
(গ) বিপিন চন্দ্র পল
(ঘ) বাল গঙ্গাধৰ তিলক
উত্তৰঃ (ক) অশ্বিনী কুমাৰ দত্ত
প্রশ্নঃ ১৯০৫ চনৰ বংগ বিভাজনৰ মুখ্য লক্ষ্য কি আছিল?
(ক) শিক্ষা ক্ষেত্ৰৰ উন্নতি
(খ) বঙালি জাতীয়তাবাদ দুৰ্বল কৰা
(গ) ৰাজনৈতিক স্থিতিশীলতা ৰক্ষা কৰা
(ঘ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিস্তাৰ
উত্তৰঃ (খ) বঙালি জাতীয়তাবাদ দুৰ্বল কৰা
প্রশ্নঃ বংগ বিভাজনৰ বিৰুদ্ধে কোনটো আন্দোলন আৰম্ভ হৈছিল?
(ক) চাম্পাৰণ সত্যাগ্রহ
(খ) স্বদেশী আন্দোলন
(গ) অসহযোগ আন্দোলন
(ঘ) নান্দনিক আন্দোলন
উত্তৰঃ (খ) স্বদেশী আন্দোলন
প্রশ্নঃ এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল? HSLC ’23
(ক) ছহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত
(খ) বাহাদুৰ ছাহ আৰু লৰ্ড কাৰ্জনৰ মাজত
(গ) ছাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
(ঘ) বাহাদুৰ ছাহ আৰু ৰবাৰ্ট ক্লাইবৰ মাজত।
উত্তৰঃ (গ) ছাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত
প্রশ্নঃ স্বদেশী আন্দোলনৰ মূলমন্ত্র কি আছিল?
(ক) ‘স্বদেশী আৰু বয়কট’
(খ) ‘বন্দে মাতৰম’
(গ) ‘জয় হিন্দ’
(ঘ) ‘ইনকিলাব জিন্দাবাদ’
উত্তৰঃ (ক) ‘স্বদেশী আৰু বয়কট’
প্রশ্নঃ বংগ বিভাজনৰ বিৰুদ্ধে গঠিত সংগঠনটোৰ নাম কি?
(ক) মহাৰাষ্ট্ৰ সমাজ
(খ) যুগান্তৰ দলে
(গ) হিন্দু মহাসভা
(ঘ) ইষ্ট ইন্ডিয়া কোম্পানী
উত্তৰঃ (খ) যুগান্তৰ দলে
প্রশ্নঃ ১৯১১ চনত বংগ বিভাজন বাতিল কৰোঁতা কোন আছিল?
(ক) লর্ড মিন্টো
(খ) লর্ড হার্ডিঞ্জ
(গ) লর্ড ৰিপন
(ঘ) লর্ড লিটন
উত্তৰঃ (খ) লর্ড হার্ডিঞ্জ
প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত বয়কটৰ উদ্দেশ্য কি আছিল?
(ক) নতুন ৰাজনৈতিক দল গঠন
(খ) বিদেশী সামগ্ৰীৰ বৰ্জন
(গ) ইংৰাজী শিক্ষাৰ বিস্তাৰ
(ঘ) ধর্মীয় সংস্কাৰ
উত্তৰঃ (খ) বিদেশী সামগ্ৰীৰ বৰ্জন
প্রশ্নঃ ১৯০৫ চনৰ বংগ বিভাজন সম্পর্কে তলৰ কোনকেইটা উক্তি সত্য? HSLC ’25
(i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখীয় ঘটনাৰ সূত্রপাত ঘটাইছিল।
(ii) ইয়াক বংগদেশৰ ক্রমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল।
(iii) শ্বিলঙক পৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল।
(iv) ই স্বদেশী আন্দোলনৰ সূত্রপাত ঘটাইছিল।
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ ১৯০৫ চনৰ স্বদেশী আন্দোলনত বহুল প্রচলিত গীত কোনটো আছিল?
(ক) ‘জন গণ মন’
(খ) ‘বন্দে মাতৰম’
(গ) ‘স্বদেশী সংকল্প’
(ঘ) ‘সাৰে জাহাঁ সে আচ্ছা’
উত্তৰঃ (খ) ‘বন্দে মাতৰম’
প্রশ্নঃ ১৯০৫ চনৰ বংগ বিভাজনে বঙালি জাতিক বিভক্ত কৰিছিল, কাৰণ-
(A) বঙালি জাতীয়তাবাদ দমন কৰিবলৈ লর্ড কার্জনে এই পদক্ষেপ লৈছিল।
(B) ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধিতা নোহোৱাত ব্ৰিটিছ চৰকাৰে সফল হয়।
(ক) (A) আৰু (B) দুয়োটাই শুদ্ধ, আৰু (B) হ’ল (A)-ৰ সঠিক ব্যাখ্যা।
(খ) (A) শুদ্ধ, কিন্তু (B) ভুল।
(গ) (A) ভুল, কিন্তু (B) শুদ্ধ।
(ঘ) (A) আৰু (B) দুয়োটাই ভুল।
উত্তৰঃ (খ) (A) শুদ্ধ, কিন্তু (B) ভুল।
প্রশ্নঃ বংগ বিভাজন কাৰ কাৰ্যকালত বাস্তবায়িত হৈছিল?
(ক) লর্ড ক্লাইর
(খ) লর্ড ডেলহাউচী
(গ) লর্ড উইলিয়াম বেন্টিংক
(ঘ) লর্ড কার্জন
উত্তৰঃ (ঘ) লর্ড কার্জন
প্রশ্নঃ গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক ‘নাইটহুড ‘উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সর্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে? HSLC ’25
(ক) ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্রদানত ব্যর্থ হৈছিল বুলি তেখেতে ভাবিছিল।
(খ) ব্রিটিছ প্রশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেকেত অসন্তুষ্ট হৈছিল।
(গ) ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসম্মত হৈছিল।
(ঘ) তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্নাস ল’ব বিচাৰিছিল আৰু ব্যক্তিগত কাম-কাজত মনোনিবেশ কৰিব খুজিছিল।
উত্তৰঃ (গ) ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল।
প্রশ্নঃ ১৯৩২ চনৰ ‘সাম্প্রদায়িক বটোৱাৰা’ ঘোষণা কৰা বৃটিছ প্রধানমন্ত্রী কোন আছিল?
(ক) ক্লিমেন্ট এটলি
(খ) উইনস্টন চার্চিল
(গ) ৰেমজি মেকডানেল্ড
(ঘ) মার্গাৰেট টেৰেছা
উত্তৰঃ (গ) ৰেমজি মেকডানেল্ড
প্রশ্নঃ ‘বেংগল কেমিকেলছ’ উদ্যোগটোৰ প্রতিষ্ঠাতা কোন?
(ক) নবাব ছলিমউল্লা
(খ) ৰতন টাটা
(গ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
(ঘ) দ্বাৰকানাথ ঠাকুৰ
উত্তৰঃ (গ) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
প্রশ্নঃ ১৯১১ চনৰ ১১ ডিচেম্বৰত কি ঘটিছিল?
(ক) দিল্লী ভাৰতৰ নতুন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল।
(খ) বংগ বিভাজন বাতিল কৰা হৈছিল।
(গ) ইংৰাজ চৰকাৰে নতুন আইনৰ ঘোষণা কৰিছিল।
(ঘ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ গুৰুত্ব বৃদ্ধি পাইছিল।
উত্তৰঃ (খ) বংগ বিভাজন বাতিল কৰা হৈছিল।
প্রশ্নঃ স্বদেশী আন্দোলনৰ সময়ত দেশীয় উদ্যোগ বৃদ্ধিৰ অন্যতম কাৰণ কি আছিল?
(ক) বিদেশী সামগ্ৰীৰ বৰ্জন
(খ) ইংৰাজ চৰকাৰৰ সহায়তা
(গ) নতুন শিক্ষানীতি
(ঘ) কংগ্ৰেছৰ নেতৃত্ব
উত্তৰঃ (ক) বিদেশী সামগ্ৰীৰ বৰ্জন
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত হৈছিল?
উত্তৰঃ ভাইচৰয় লর্ড কার্জনৰ শাসনকালত।
প্রশ্নঃ বিদেশী আন্দোলনৰ সময়ত ‘যুগান্তৰ’ সংবাদপত্র কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ ভূপেন্দ্ৰনাথ দত্ত।
প্রশ্নঃ মুছলিম লীগ গঠন হয়………চনত।
উত্তৰ: ১৯০৬ চনত।
প্রশ্নঃ ভাৰতত স্বদেশী আন্দোলন কেতিয়া ………হৈছিল? HSLC ’16
উত্তৰ: ১৯০৫ চনত।
প্রশ্নঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ কেতিয়া গঠন হৈছিল? HSLC ’20
উত্তৰঃ ১৯০৬ চনৰ ১১ মার্চ।
প্রশ্নঃ ‘বেঙ্গল কেমিকেলচ’ উদ্যোগৰ মুখ্য প্রতিষ্ঠাপক কোন আছিল?
উত্তৰঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়।
প্রশ্নঃ দাদাভাই নৌৰজীৰ নেতৃত্বত কংগ্ৰেছ অধিবেশনে কি দাবী আগবঢ়াইছিল?
উত্তৰঃ ভাৰতীয়সকলৰ স্বৰাজ।
প্রশ্নঃ ‘বন্দিনী ভাৰত’ নাটকখনৰ ৰচক কোন?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰী।
প্রশ্নঃ ‘বন্দে মাতৰম’ গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰঃ বংকিম চন্দ্ৰ চেটার্জী।
প্রশ্নঃ ‘লাল-বাল-পাল’ কাক কোৱা হয়?
উত্তৰঃ লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্র পাল।
প্রশ্নঃ বিভক্তিৰ আগতে বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰঃ ৫৪ নিযুত।
প্রশ্নঃ কেতিয়া ‘বংগভংগ’ কাৰ্যকৰী কৰা হৈছিল?
উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰ।
প্রশ্নঃ বন্দে মাতৰম’ গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ: বঙ্কিমচন্দ্র চট্টোপাধ্যায়।
প্রশ্নঃ লর্ড মিন্টো কোন আছিল? HSLC ’16
উত্তৰঃ লর্ড মিন্টো ভাৰতৰ এজন ব্রিটিছ ৰাজপ্রতিনিধি আছিল।
প্রশ্নঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে কোনটো কেমিকেল প্রতিষ্ঠান স্থাপন কৰিছিল?
উত্তৰঃ বেঙ্গল কেমিকেল।
প্রশ্নঃ কেতিয়া ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি ‘বংগভংগ’ বাতিল কৰিছিল?
উত্তৰঃ ১৯১১ চনৰ ১২ ডিচেম্বৰ।
প্রশ্নঃ গান্ধীজীয়ে কোন আশ্রমত ‘বুনো জীৱন’ নির্বাহ কৰিছিল?
(ক) সবৰমতী আশ্রম
(খ) বাদা আশ্রম
(গ) দাণ্ডি আশ্রম
(ঘ) পোৰবন্দৰ আশ্রম
উত্তৰঃ (ক) সবৰমতী আশ্রম
প্রশ্নঃ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত কিমান বছৰ অতিবাহিত কৰিছিল?
(ক) ১৫ বছৰ
(খ) ২০ বছৰ
(গ) ২১ বছৰ গ্ধগ্ধ
(ঘ) ২২ বছৰ
উত্তৰঃ গ্ধগ্ধ
প্রশ্নঃ ‘মুছলিম লীগ’ কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯০৬ চনত।
প্রশ্নঃ লর্ড মিন্টোৰ ব্যক্তিগত সচিব কোন আছিল?
উত্তৰঃ কর্ণেল ডানলপ স্মিথ।
প্রশ্নঃ বংগভংগ বিৰোধী প্রথম সভা ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ কলিকতা টাউন হলত।
প্রশ্নঃ কলিকতাত স্থাপিত জাতীয় কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰঃ অৰবিন্দ ঘোষ।
প্রশ্নঃ কাৰ শাসনকালত ‘বংগ বিভাজন’ কার্যকৰী হৈছিল?
উত্তৰঃ লর্ড কার্জনৰ শাসনকালত।
প্রশ্নঃ ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ শাসক কোন আছিল?
উত্তৰঃ লর্ড মিন্টো।
প্রশ্নঃ বংগ-ভংগ আঁচনি কেতিয়া বাতিল কৰা হৈছিল?
উত্তৰঃ ১৯১১ চনত।
প্রশ্নঃ মুছলিম লীগ গঠন হয়…….. চনত।
উত্তৰ: ১৯০৬ চনত।
প্রশ্নঃ ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল?
উত্তৰ: ১৯০৫ চত।
প্রশ্নঃ ভাৰতীয় জাতীয় কংগ্রেছ কেতিয়া প্রতিষ্ঠা হৈছিল? HSLC ’20
উত্তৰঃ ১৮৮৫ চনত।
প্রশ্নঃ বংগদেশত স্বদেশী আন্দোলনৰ সন্ত্রাসবাদী ধাৰাৰ মুখ্য বক্তা কোন আছিল?
উত্তৰঃ বিপিন চন্দ্ৰ পাল।
প্রশ্নঃ ১৯০৫ চনত বাৰাণসীত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ গোপাল কৃষ্ণ গোখলে।
প্রশ্নঃ স্বদেশী আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচী কি আছিল? HSLC ’17, ’19
উত্তৰঃ স্বদেশী বস্তুৰ ব্যৱহাৰ, বিদেশী বস্তু বর্জন আৰু জাতীয় শিক্ষা।
প্রশ্নঃ কংগ্ৰেছৰ কোনখন অধিবেশনত পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? HSLC ’17
উত্তৰ: ১৯২৯ চনত, লাহোৰ অধিবেশনত।
প্রশ্নঃ বংগৰ সৰ্বশেষ স্বাধীন নবাব কোন আছিল?
উত্তৰঃ নবাব চিৰাজ-উদ-দৌলা।