Join WhatsApp

Join Now

Join Telegram

Join Now

যতি চিহ্নৰ ব্যৱহাৰ Use of Punctuation in Assamese 2026

By Nzmina Begum

Published On:

যতি চিহ্নৰ ব্যৱহাৰ Use of Punctuation in Assamese

যতি চিহ্নৰ ব্যৱহাৰ Use of Punctuation in Assamese

যতি চিহ্নৰ ব্যৱহাৰ Use of Punctuation in Assamese: যতি চিহ্নৰ সংজ্ঞা: বাক্যবোৰৰ উপযুক্ত অর্থ প্রকাশ কৰাৰ সুবিধাৰ্থে আৰু বাক্যৰ মাধুর্য বা লয় ৰক্ষাৰ্থে আমি ব্যৱহাৰ কৰা বিভিন্ন চিহ্ন যেনেঃ দাৰি (।), কমা (,), ছেমিকোলন (;), আদিক যতি চিহ্ন বোলে। বাক্যত বিভিন্ন চিহ্নৰ ব্যৱহাৰ তলত দেখুওৱা হ’ল-

👉 Read also:

(ক) কমা (,):

এটা বাক্য পড়োতে, যিটো শব্দৰ পাছত অলপ ৰ’ব লগা হয় তাতেই কমা (,) চিহ্ন ব্যৱহাৰ কৰা হয়। যেনেঃ ৰাম, হৰি, মধু আৰু ৰাধা ঘৰলৈ গ’ল। এই চিহ্নই শব্দৰ পৰস্পৰৰ সম্বন্ধ ৰক্ষা কৰে।

(খ) ছেমিকোলন (;):

দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে, তেন্তে বাক্য দুটাৰ মাজত ছেমিকোলন (:) চিহ্ন ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্রত প্রথম বাক্যটো সমাপিকা ক্রিয়াৰে শেষ হয় অথচ সম্পূর্ণ অর্থটো প্রকাশ নাপায় আৰু পাছৰ বাক্যটোৰ লগত অৰ্থ পূর্ণতাৰ সম্বন্ধ থাকে। এনে চিহ্ন বাক্যত থাকিলে বাক্যটো
পঢ়োতে কমাতকৈ বেচি সময় ৰ’ব লাগে। যেনেঃ মোৰ বৰ ভোক লাগিছে; মোক ভাত দিয়া, আজিৰ অসমীয়া লোকসকল ভীৰ; কিন্তু অতীজৰ অসমীয়াসকল বৰ সাহসী আছিল।

(গ) দাৰি (।):

কোনো এটা বাক্য শেষ হোৱা বুজালে, দাৰি (।) চিহ্ন ব্যৱহাৰ কৰা হয়। দাৰি চিহ্নই বক্তব্য ভাবটো সম্পূর্ণ হোৱা বুজায়। এই চিহ্ন ব্যৱহাৰ কৰিলে প্রায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ’ব লাগে। যেনেঃ এতিয়া মই ভাত খাম। তাৰ পাছত শুবলৈ যাম ইত্যাদি।

(ঘ) প্রশ্নবোধক চিহ্ন (?):

কোনো প্রশ্ন কৰিলে বাক্যৰ শেষত ব্যবহৃত হোৱা চিহ্নক প্রশ্নবোধক চিহ্ন বোলা হয়। যেনেঃ তোমাৰ ঘৰ ক’ত? ইত্যাদি।

(ঙ) ভাববোধক চিহ্ন (!):

হর্ষ, বিষাদ, শোক, ভয়, আশ্চর্য আদি মনৰ আবেগ বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ হোৱা চিহ্নক ভাববোধক চিহ্ন বোলে। যেনেঃ উঃ! কি অসহ্য গৰম! বাঃ! বা!, কি ধুনীয়া ফ্রক। ইত্যাদি।

(চ) ডেচ্ চিহ্ন (-):

কোনো এটা বাক্যৰ লগত আন বাক্যৰ সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাবে জোৰ দিব লগা হ’লে ডেচ্ চিহ্ন ব্যৱহাৰ কৰা হয়। যেনেঃ সোণৰ দৰে বৰণ যাৰ সোণোৱালী ইত্যাদি।

(ছ) কোলন (:):

বাক্যত সূত্র লিখিলে বা আগৰ কথাখিনিৰ অর্থত কোলন (:) ব্যৱহাৰ কৰা হয়। যেনেঃ পৰিকল্পনা: মনোজ জৈন, প্রকাশক: গ্রেট বুদ্ধ ডিস্ট্রিবিউটৰ্ছ; শব্দৰ শেষৰ অংশ লোপ হ’লেও এই চিন ব্যৱহাৰ কৰা হয়। যেনেঃ পৃঃ ১০১

(জ) কোলন ডেচ্ চিহ্ন (ঃ-):

বাক্যত কোনো কথাৰ উদাহৰণ দিওঁতে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে:- ভাল খাদ্যই শৰীৰ সুস্থ ৰাখে ইত্যাদি।

(ঝ) হাইফেন (-):

সমাসৰ সমস্যমান পদ দেখুৱাওঁতে, বিপৰীত শব্দৰ যোৰা বুজাবলৈ, অনুৰূপ, অনুকাৰ আদি শব্দ বুজাওঁতে হাইফেন ব্যৱহাৰ কৰা হয়। যেনেঃ পিতা-মাতা, বুঢ়া-বুঢ়ী ইত্যাদি।

(ঞ) ঊর্ধ্ব কমা (“-“):

ঊর্ধ্ব কমা সাধাৰণতে আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে ব্যৱহাৰ কৰা হয়। আকৌ পঢ়োতাৰ কোনো কথাত মনোযোগ আকর্ষণ কৰিবলৈও এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনেঃ মায়ে মোক সুধিলে, “তুমি ভাত খালানে?” ইত্যাদি।

(ট) বন্ধনী চিহ্নঃ

বন্ধনী চিহ্ন সাধাৰণতে তিনি প্ৰকাৰৰ চন্দ্ৰ বন্ধনী (), কুটিল বন্ধনী ({}) আৰু বৰ বন্ধনী ([])

(i) চন্দ্র বন্ধনী (): কোনো কথাৰ বিশেষ অর্থ বুজাবলৈ বাক্যত ব্যৱহাৰ কৰা চিহ্নক চন্দ্র বন্ধনী বোলে। যেনেঃ মই আজি ইয়ালৈ (গুৱাহাটীলৈ) আহিলোঁ। ইত্যাদি।

(ii) কুটিল বন্ধনী {}: এই চিহ্নডাল বাক্যত সোঁ বা বাওঁফালে কিছুমান কথা লিখি তাৰ বিপৰীত ফালে উমৈহতীয়া কথা লিখি ব্যৱহাৰ কৰা হয়। যেনেঃ

নাজমিনা বেগম} Guwahati নিৱাসী

মাধর

নাজমিনা বেগম

}যুটীয়া সম্পাদক

ৰাব্বি মছৰুৰ

(iii) বৰ বন্ধনী []: এই চিহ্ন ডাল সাধাৰণতে গণিত শাস্ত্ৰত অধিকভাবে ব্যৱহৃত হোৱা দেখা যায়। বাক্যত ইয়াৰ ব্যৱহাৰ কম।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment