Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া খণ্ড বাক্য Clause in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়া খণ্ড বাক্য Clause in Assamese

অসমীয়া খণ্ড বাক্য Clause in Assamese

👉 Read also:

(খণ্ড বাক্য Clause) কোনো যৌগিক বাক্যৰ অন্তৰ্গত কৰ্তা আৰু ক্ৰিয়া থকা বাক্যক খণ্ডবাক্য (Clause) বোলে। উদাহৰণ–

ইয়ালৈ অহা ছোৱালীজনী মোৰ ভনী।

ওপৰৰ বাক্যটো এটি জটিল বাক্য। বাকটোত দুটা অংশ আছে–

(ক) ইয়ালৈ অহা ছোৱালীজনী আৰু (খ) মোৰ ভনী।

এই দুয়োটা অংশই একো একোটা খণ্ডবাক্য।

গঠন আৰু বৈশিষ্ট্য আনুযায়ী অসমীয়া খণ্ডবাক্যক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ  কৰা হৈছে, যথা–

(১) প্ৰধান খণ্ডবাক্য  (Principal Clause)

(২) অধীন খণ্ডবাক্য (Subordinate Clause) আৰু

(৩) নিৰেপক্ষ খণ্ডবাক্য (Co-ordinate Clause) তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

১। প্ৰধান খণ্ডবাক্য (Principal Clause)

মিশ্ৰ বা জটিল বাক্যৰ অন্তৰ্গত মূল বাক্যটোক প্ৰধান খণ্ডবাক্য বোলে। প্ৰধান খণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে।  উদাহৰণ–

প্ৰতিযোগীতাত  প্ৰথম স্থান পোৱা ল’ৰাজন মোৰ ভাই।

মই জানো যে তুমি পৰিশ্রমী ।

২। অধীন খণ্ডবাক্য (Subordinate Clause)

মিশ্ৰ বা জটিল বাক্যৰ অন্তৰ্গত সকলো বাক্যই অপ্ৰধান বা অধীন খণ্ডবাক্য। অধীন খণ্ডবাক্যই প্ৰধান খণ্ডবাক্যৰ সহায়ত অৰ্থ প্ৰকাশ কৰে । উদাহৰণ–

তুমি যেতিয়া আহিছিলা মই কোৰাণ  পঢ়ি আছিলোঁ।

এইজনেই সেইজন ল’ৰা যিজনে মোৰ কিতাপখন ধাৰে লৈছিল।

৩। নিৰেপক্ষ খণ্ডবাক্য (Co-ordinate Clause)

যৌগিক বাক্যৰ অন্তৰ্গত প্ৰতিটো খণ্ডবাক্যই নিৰেপক্ষ খণ্ডবাক্য। নিৰেপক্ষ খণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে। উদাহৰণ–

নমিতা এজনী ছোৱালী আৰু অকন এজন ল’ৰা।

আমি লুডু খেলো আৰু সিহঁতে বল খেলে।

ৰহিম  অংকত ভাল কিন্তু মৃগেন অংকত ভাল নহয়।

অনুশীলনী

(১) অসমীয়া খণ্ডবাক্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া খণ্ডবাক্যক কেই শ্ৰেণীত  ভাগ কৰা হৈছে?

(৩) প্ৰধান খণ্ডবাক্য বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৪) অধীন খণ্ডবাক্য বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫) নিৰেপক্ষ খণ্ডবাক্য বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।।

(৬) তলৰ বাক্যবোৰত থকা খণ্ডবাক্যবোৰ বাছি উলিয়াই শ্ৰেণী বিভাগ কৰা।

(ক ) যদিহে বৰষুণ দিয়ে আমি তালৈ নাযাম।

(খ) তেওঁ খেলিছিল কৰিছিল আৰু তাই টোপনিয়াইছিল।

(গ) তুমি অহাৰ পাছত মই বজাৰলৈ গৈছিলো।

(ঘ ) যোৱা কালি গান গোৱা ল’ৰাজন মোৰ বন্ধু।

(ঙ) তুমি অহাৰ আগে আগে বাছখন এৰিলে।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ খণ্ড বাক্য Clause যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment