Join WhatsApp

Join Now

Join Telegram

Join Now

আইচক্ৰীম Icecream কি ই কেনেকৈ বনাই

By Nzmina Begum

Published On:

অসমীয়াত আইচক্ৰীম Icecream কি ই কেনেকৈ বনাই

আইচক্ৰীম Icecream কি ই কেনেকৈ বনাই

এবিধ শীতলীকৃত দুগ্ধজাত সামগ্ৰী, য’ত গাখীৰ, চেনি, পানী আৰু ফল-মূলৰ ৰস বা গুড়ি আদিৰ উপৰি মিহলি কৰা হয় খোৱাৰ উপযোগী ৰং, সুগন্ধি পদাৰ্থ আদি।

খ্ৰীষ্টপূৰ্বৰ সময়ৰ পৰাই চীনত আইচক্ৰীম প্ৰচলন আছিল বুলি ইতিহাসে কয়। পৃথিৱী বিখ্যাত পৰিব্ৰাজক মৰ্কো পলোৱে আইচক্ৰীম তৈয়াৰ কৰাৰ পদ্ধতি চীনৰ পৰা ইটালীলৈ আনিছিল বুলি জনা যায়।

1271 চনত চীনৰ পৰা ওভতি অহাৰ পথত মাৰ্কো পলোৱে ‘কেথি’ নামৰ এটি দ্বীপত আইচক্ৰিম তৈয়াৰ কৰাৰ পদ্ধতিটো শিকি আহে আৰু তাৰ পৰাই কালক্ৰমত ই সমগ্ৰ ইউৰোপত বিয়পি পৰে।

ভাৰতত সম্ৰাট হৰ্ষবৰ্ধনৰ দিনতে আইচক্ৰীম জাতীয় এক খাদ্যৰ প্ৰচলন থকাৰ কথা  জনা যায়। মোগল সম্ৰাট আকবৰৰো আইচক্ৰীম বৰ প্ৰিয় আছিল।

আইচক্ৰীমৰ সমগোত্ৰীয় ‘কুলঅফি‘ এইজনা সম্ৰাটৰ দিনতেই আমাৰ দেশত প্ৰচলন হয়। সম্ৰাট আকবৰে নিজা উদ্যোগত সুস্বাদু কুল্‌ফি তৈয়াৰ কৰাৰ কথাও জনা যায়।

তেতিয়াৰ দিনৰ সম্ৰাট,ৰজা-মহাৰজা, ডা-ডাঙৰীয়াই কুল্‌ফি খাবলৈ বৰ ভাল পাইছিল। আবুল ফজলৰ ‘আইন-ই-আকবৰী’ গ্ৰন্থত ইয়াৰ উল্লেখ আছে।

আন এজন মোগল সম্ৰাট জাহাংগীৰে তেওঁৰ বিশেষ অতিথিসকলক  আইচক্ৰীমেৰে আপ্যায়ন কৰিছিল।

ইংলেণ্ডৰ সম্ৰাট দ্বিতীয় চাৰ্লছৰ সময়ত 1671 চনত ইংলেণ্ডত আইচক্ৰীম প্ৰচলন হয়। সম্ৰাট চাৰ্লছৰ জেৰাল্ড টিজেন নামৰ এজনী ৰান্ধনীয়ে পোনতে ইংলেণ্ডত আইচক্ৰীম তৈয়াৰ কৰাৰ প্ৰণালীৰ প্ৰচলন কৰে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment