Join WhatsApp

Join Now

Join Telegram

Join Now

অপোছাম Opossum কি? সহজ ভাষাত জানো আহক

By Nzmina Begum

Published On:

অপোছাম Opossum কি? সহজ ভাষাত জানো আহক

অপোছাম Opossum কি? সহজ ভাষাত জানো আহক

অপোছাম (Opossum) নিন্মস্তৰৰ স্তন্যপায়ী দ্বিগৰ্ভী প্ৰাণী। আকাৰত এটা মেকুৰীৰ সমান অপোছাম সাধাৰণতে দক্ষিণ-পূব কানাডা আৰু আৰ্জেণ্টিনাত পোৱা যায়।

অস্ট্রলিয়াৰ কেঙেৰুৰ দৰে অপোছামৰো পেটত এটা মোনা থাকে; জন্মৰ পাছত অপোছামৰ পোৱালি এই মোনাৰ ভিতৰতে লালিত-পালিত হয়। অপোছামে একেবাৰতে আঠৰ পৰা ওঠৰটালৈকে পোৱালি জন্মায়।

অপোছামৰ দেহটো নোমেৰে ঢকা। কিন্তু নেজত নোম নাথাকে। অপোছাম সৰ্বভক্ষী । ই ফল-মূলৰ পৰা আৰম্ভ কৰি সৰু সৰু স্তন্যপায়ী প্ৰানীও ইহঁতে ভক্ষণ কৰে। অৱশ্যে আন খাদ্যতকৈ যিকোনো মাংস অপোছামৰ অধিক প্ৰিয়।

অপোছাম গাইকৈ স্থলচৰ প্ৰাণী যদিও এক শ্ৰেণীৰ জলচৰ অপোছামে নিশ্চল হৈ মৰাৰ দৰে ভাও ধৰি চিকাৰীক আভুৱা ভাৰে। আমেৰিকাৰ কোনো কোনো অঞ্চলত অপোছামৰ মাংস অতি প্ৰিয় খাদ্যৰূপে সমাদৃত।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment