Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অশোক স্তম্ভ Asoka Pillarৰ বিষয় সবিশেষ

By Nzmina Begum

Published On:

অশোক স্তম্ভ Asoka Pillar

অসমীয়াত অশোক স্তম্ভ Asoka Pillarৰ বিষয় সবিশেষ

অশোক স্তম্ভ (Asoka Pillar) বুলিলে সম্ৰাট আশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ ‘সিংহমূৰ্তি’ক বুজোৱা হয়। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্তি আছে। এই শিলৰ মূৰ্তিটোকে ভাৰতৰ ৰাষ্ট্রীয়  প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।

অশোক স্তম্ভত চাৰিটা সিংহ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰে পৰা তিনিটা সিংহহে চকুত পৰে।

একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে।

এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠা কথা স্তম্ভটোৰ বেদীখনৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় আৰু এটা সিংহ।

চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম অশোক চক্ৰ বা ধৰ্মচক্ৰ।

২৪ ডাল দাণ্ড থকা অশোক চক্ৰই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকতো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ ২৪ টা আদৰ্শক নিৰ্দেশ কৰে।

১৯০৫ চনত আশোক স্তম্ভটো সাৰনাথত পুৰাতত্ত্ব বিভাগৰ খননত উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে।

প্ৰতীকটোত সিংহ তিনিটাৰ উপৰি তলৰ সোঁমাজত অশোক চক্ৰ; চক্ৰটোৰ সোঁফালে এটা ষাঁড় আৰু¸ বাওঁফালে এটা ঘোঁৰা চকুত যায়। ৰাষ্ট্ৰীয়  প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুমপাহ বাদ দি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা ‘সত্যমেৱ জয়তে’ (সত্যৰ সদায় জয়) কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।

মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে। ইয়াৰ উচ্চতা দুই মিটাৰৰো বেছি।

ভাৰত চৰকাৰে প্ৰতীকৰূপে ব্যৱহাৰ কৰা এই স্তম্ভটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment