Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া বাক্যৰ আংগিক বিভাজন Byakkar Angik Bibhajan 2026

By Nzmina Begum

Published On:

অসমীয়া বাক্যৰ আংগিক বিভাজন Byakkar Angik Bibhajan

অসমীয়া বাক্যৰ আংগিক বিভাজন Byakkar Angik Bibhajan

👉 Read also:

অসমীয়া বাক্যৰ আংগিক বিভাজন Byakkar Angik Bibhajan, দুটা বা তাতোধিক বৰ্ণ (আখৰ) লগলাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ (Word) বোলে। কিন্তু মাত্র এটা শব্দই সদায় কোনো অৰ্থ বা ভাৱ সম্পূৰ্ণ কৰিব নোৱাৰে। কোনো অৰ্থ বা ভাৱ সম্পূৰ্ণ কৰিবলৈ কেইবাটাও শব্দৰ প্ৰয়োজন হয়।

উদাহৰণ– ‘আমি আম খাওঁ।’

উক্ত উক্তিটোত তিনিটা শব্দ আছে, যথা– ‘আমি’ ‘আম’ আৰু ‘খাওঁ’। এই তিনিটা শব্দ মিলি এটা অৰ্থ প্ৰকাশ কৰিছে। এনেদৰে  যেতিয়া কেইবাটাও শব্দ লগ লাগি কোনো সম্পূৰ্ণ অৰ্থ  প্ৰকাশ  কৰে তেতিয়া তাক বাক্য (Sentence) বোলে।

মন কৰিবলগীয়া যে অকল কেইবাটাও শব্দ লগলাগিলেই বাক্য হ’ব নোৱাৰে। উদাহৰণস্বৰূপে- ‘লগত ৰহিম দেউতাকৰ বজাৰলৈ যোৱাকালি গৈছিল’ – এই উক্তিটোত কেইবাটাও শব্দ আছে যদিও ইয়াক বাক্য বুলি ক’ব নোৱাৰি। কাৰণ প্ৰতিটো শব্দৰ অৰ্থ আছে যদিও শব্দবোৰৰ মাজত কোনো সংগতি নাই। বাক্য হ’বলৈ হ’লে লগলগা শব্দবোৰৰ মাজত ব্যাকৰণিক সংহতি থাকিব লাগিব। উক্ত শব্দ কেইটা আমি তলত দিয়া ধৰণে সজাব পাৰো-

‘ৰহিম যোৱাকালি দেউতাকৰ লগত বজাৰলৈ গৈছিল।’

সেয়ে কিছুমান অৰ্থপূৰ্ণ শব্দ ব্যাকৰণিক বিধি-বিধান অনুসৰি লগলাগি কোনো স্পষ্ট অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য (Sentence) বুলি কোৱা হয়।

উদাহৰণ–

আমি ছাত্র।

কৰিম এজন ল’ৰা।

আমি ভাত  খাওঁ।

কৰিমহঁতে বল খেলে।  ইত্যাদি।

সাধাৰণতে বাক্য এটাত দুটা অংশ থাকে। এটা অংশক উদ্দেশ্য (Subject) আৰু আনটো অংশক বিধেয় (Predicate) বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি তলত দিয়া বাক্যটো ল’ব পাৰো। যেনে– নবীনে ভাত খায়।

ইয়াত ‘নবীন’ হ’ল কৰ্তা অৰ্থাৎ নবীনে‘ভাত খোৱা’ কামটো কৰিছে। আনহাতে দ্বিতীয় অংশ অৰ্থাৎ ‘ভাত খায়’- এই অংশটোৱে ৰামে কি কৰে তাকে বুজাইছে।

এতেকে বাক্য এটিত যিয়ে কোনো কাম কৰা বুজায় তাকে কৰ্তা (Subject) বোলে। উক্ত বাক্যটোত ‘নবীন’ হ’ল কৰ্তা। বাক্যত কৰ্তা আৰু তাৰ অনুগামী পদবোৰক লৈ উদ্দেশ্য গঠিত হয়।

উদাহৰণ– ৰাজনে তেওঁৰ মাকৰ লগত ভোজ খায়।

এই বাক্যটোত ‘ৰাজন ’ হ’ল কৰ্তা আৰু ‘তেওঁৰ মাকৰ লগত’ হ’ল ‘ৰাজন’ কৰ্তাটোৰ অনুগামী পদ। আনহাতে ‘ভোজ খায়’ -অংশটি বিধেয়।

আনহাতে কৰ্তাই যি কৰে আৰু যাৰ ওপৰত ক্ৰিয়া কৰে বা যাৰ বিষয়ে কয় তাক বিধেয় (Predicate) বোলে।

তেনেদৰে বাক্য এটিৰ বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। উক্ত বাক্যটোত ‘ভোজ’ পদটি হ’ল কৰ্ম আৰু ‘খায়’ পদটি হ’ল ক্ৰিয়া।

অনুশীলনী

(১) উদ্দেশ্য আৰু বিধেয় বুলিলে কি বুজা ?

(২) কৰ্তা কাক কয়?

(৩) বাক্যত কৰ্ম বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৪) তলত দিয়া বাক্যটিৰ উদ্দেশ্য আৰু বিধেয় নিৰ্ণয় কৰা– হৰিয়ে আৰু দীলিপে যোৱাকালি বল খেলিছিল।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ বাক্যৰ আংগিক বিভাজন যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment