Class 10 Social Science History Chapter 2 Solutions 2025

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science History Chapter 2 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science History Chapter 2 Solutions

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science History Chapter 2 Solutions

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। জালিৱানবালাবাগত পুলিচৰ নিৰ্বিবাদ গুলি চালনাৰ ফলত কিমানজন লোকৰ থিতাতে মৃত্যু হৈছিল?

উত্তৰঃ ৩৭৯ জন।

২। কোন তাৰিখে গান্ধীয়ে লোণ আইন ভংগ কৰিবলৈ দাণ্ডিলৈ যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ মাৰ্চত।

৩। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোবৰত।

৪। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত প্রথমতে প্রয়োগ কৰিছিল?

উত্তৰঃ দক্ষিণ আফ্রিকাত।

৫। টকিঅ’ত কোনে ‘ইণ্ডিয়ান ইন্ডেপেনডেন্স লীগ’ গঠন কৰিছিল?

উত্তৰঃ ৰাজ বিহাৰী বসু।

৬। ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে প্রতিনিধিত্ব কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে।

৭। কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯২০ চনৰ ১ আগষ্টত।

৮। কোন তাৰিখে পোন প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় স্তৰত সৰ্বাত্মক হৰতাল পালন কৰা হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ৬ এপ্ৰিলত।

৯। গান্ধীয়ে কিমানজন অনুগামীক লগত লৈ দাণ্ডিলৈ যাত্রা কৰিছিল?

উত্তৰঃ ৭৮ জন।

১০। আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন?

উত্তৰঃ কেপ্তেইন সোহান সিং।

১১। কংগ্ৰেছৰ কোনখন অধিবেশনত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা হৈছিল?

উত্তৰঃ লাহোৰ অধিবেশনত।

১২। জালিৱানবালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰা সামৰিক বিষয়াজনৰ নাম কি আছিল?

উত্তৰঃ জেনেৰেল ডায়াৰ।

১৩। গান্ধীয়ে সবৰমতী আশ্রমখন কেতিয়া স্থাপন কৰিছিল?

উত্তৰঃ ১৯১৫ চনত।

১৪। ম্যানমাৰৰ পূৰ্বৰ নাম কি আছিল?

উত্তৰঃ ব্ৰহ্মদেশ।

১৫। আজাদ হিন্দ ফৌজৰ মুখ্য উদ্দেশ্য কি আছিল? HSLC ’15

উত্তৰঃ ভাৰতবৰ্ষক বৃটিছ শাসনৰ পৰা মুক্ত কৰা।

১৬। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?

উত্তৰঃ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিবাদত।

১৭। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল?

উত্তৰঃ মহম্মদ চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।

১৮। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈচিল?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।

১৯। গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান? HSLC ’19

উত্তৰঃ ৩৮৫ কিলোমিটাৰ।

২০। সীমান্ত গান্ধী নামে কাক জনা যায়?

উত্তৰঃ খান আব্দুল গফুৰ খানক।

২১। লণ্ডণত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাবে প্রতিনিধিত্ব কৰিছিল? HSLC ’23

উত্তৰঃ মহাত্মা গান্ধীয়ে।

২২। ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল? HSLC ’19

উত্তৰঃ ৰামজে মেকডুনাল্ড।

২৩। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল? HSLC ’18

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত।

২৪। ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ।

২৫। ভাৰত আৰু পাকিস্থানৰ মাজৰ সীমা ৰেখাক কি নামেৰে জনা যায়?

উত্তৰঃ ৰেডক্লিফ ৰেখা।

২৬। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল কংগ্ৰেছৰ – অধিবেশনত। (খালী ঠাই পূৰণ কৰা) HSLC ’23

উত্তৰঃ লাহোৰ।

চমু প্রশ্নোত্তৰঃ

১। গান্ধী-আৰউইন’ চুক্তি কেতিয়া সম্পাদিত হৈছিল? এই চুক্তি কি আছিল? HSLC ’15

উত্তৰঃ ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সময়ত চৰকাৰে বন্দী কৰা লোকসকলক মুকলি কৰা বিষয়ত ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ লগত ১৯৩১ চনৰ ৫ মাৰ্চত এক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তিখনকে ‘গান্ধী আৰউইন চুক্তি’ বুলি কোৱা হয়।

২। কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অষ্ঠিত হোৱা কংগেছ অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

৩। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯১৯ চনত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাবে লাঠি চালনা কৰাৰ ফলত লালা ৰাজপত ৰায় বেয়াকৈ আহত হৈছিল। সেই আঘাততে তেওঁৰ মৃত্যু হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। HSLC ’19

উত্তৰঃ সত্যৰ প্রতি আগ্রহেই সত্যাগ্রহ। ‘সত্যাগ্রহ’ শব্দটো ‘সত্য’ আৰু আগ্রহ’ শব্দ দুটা লগলাগি সৃষ্টি হৈছে। গান্ধীজীৰ মতে, সত্যাগ্রহ এক পক্ষীয় প্রতিৰোধ নহয়। ইয়াৰ তাৎপর্য হ’ল জনসাধাৰণে গভীৰভাৱে ৰাজনৈতিক কার্যকলাপত আত্মনিয়োগ কৰাক বুজায়। সত্যাগ্রহৰ ভিত্তি হ’ল অহিংসা। গান্ধীয়ে প্রথমে দক্ষিণ আফ্রিকাত থকা সময়ছোৱাত ইয়াৰ প্ৰয়োগ কৰিছিল।

ভাৰতৰ উত্তৰ বিহাৰৰ চম্পাৰণত ১৯১৭ চনত বৃিটিছ চৰকাৰ আৰু ভূস্বামীসকলে খেতিয়কসকলক শোষণ কৰা আৰু খেতিয়কসকলক নীল খেতি কৰাত বাধ্য কৰা বিষয়ক লৈ যি সংকটৰ সৃষ্টি হৈছিল তাত মহাত্মা গান্ধীয়ে পোনতে সত্যাগ্রহ আৰম্ভ কৰে আৰু কৃতকার্য হয়। দ্বিতীয়তে, ১৯১৯ চনত ইংৰাজ চৰকাৰে কঠোৰ ৰাউলাট আইন প্রণয়ন কৰে। ৰাউলাট আইন মতে চৰকাৰে যিকোনো মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিব পাৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰে। ফলস্বৰূপে গান্ধীজীয়ে ৰাউলাট আইনৰ বিৰুদ্ধে ১৯১৯ চনত সত্যাগ্রহ আৰম্ভ কৰে।

তৃতীয়তে, প্রথম বিশ্ব যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদী নেতাসকলৰ প্ৰত্যাশিত আশা পূৰণ নোহোৱাত আর্থিক দূৰৱস্থাই দেখা দিয়ে।শ্রমিকসকল কর্মহীন হৈ পৰে। সেইদৰে নগৰীয়া শিক্ষিত ভাৰতীয়সকলো কর্মসংস্থাপনৰ সংকটত পৰে। এই সংকট মীমাংসাৰ অৰ্থে গান্ধীয়ে বৃিটিছসকলৰ বিৰুদ্ধে ১৯২১ চনত অসহযোগ আন্দোলন আৰম্ভ কৰে।

২। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?

নাইবা

আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা। HSLC ’18, 22

উত্তৰঃ জৱাহৰলাল নেহৰুৰ সভাপতিত্বত ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ লাহোৰ অধিবেশনত দেশখনৰ বাবে পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ পৰিপ্ৰেক্ষিতত ১৯৩০ চনৰ মাৰ্চ মাহত আনুষ্ঠানিকভাবে আইন অমান্য আন্দোলন আৰম্ভ হয়।

আইন অমান্য আন্দোলনৰ অংশ হিচাপে গান্ধীজীয়ে ব্রিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল:

(ক) মাদক দ্রব্য বন্ধ কৰা।
(খ) মাটিৰ খাজনা হ্রাস কৰা।
(গ) নিমখ কৰ বন্ধ কৰা।
(ঘ) সৈন্য বাহিনীৰ ব্যয় হ্রাস কৰা
(ঙ) প্রশাসনীয় ব্যয় হ্রাস কৰা।
(চ) বিদেশী কাপোৰত সীমা শুল্ক আৰোপকৰা।
(ছ) ডাক সংৰক্ষণ বিল গ্রহণ কৰা।
(জ) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া।
(ঝ) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা।
(ঞ) আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা।
(ট) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা।
পূৰ্ণ স্বাধীনতাৰ বাণীৰ দ্বাৰা অনুপ্রাণিত হৈ দেশৰ

হাজাৰ হাজাৰ লোক এই আন্দোলনত জপিয়াই পৰে। বহু ঠাইত চৰকাৰৰ অস্তিত্ব নোহোৱা হৈ পৰে। হৰতাল, পিকেটিং, সভা, শোভাযাত্রা, আদি স্বাধীনতা কৰ্মীসকলৰ প্ৰধান কাৰ্যসূচী আৰু কৰ্তব্যত পৰিণত হয়। হাজাৰ হাজাৰ লোক পুলিচী নিৰ্যাতনৰ বলি হয়। উত্তৰ-পশ্চিম সীমান্ত প্রদেশত আব্দুল গফুৰ খানৰ নেতৃত্বত লাল চোলা পৰিহিত স্বেচ্ছাসেবী দল গঢ়ি উঠে। জনসাধাৰণে কৰ-কাটল দিয়া বন্ধ কৰে। পেছোৱাৰত পুলিচে আন্দোলনকাৰীসকলৰ ওপৰত গুলি চালনা কৰে।
এইদৰে আইন অমান্য আন্দোলনে গোটেই দেশত তীব্ৰ ৰূপ ধাৰণ কৰে।

৩। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

উত্তৰঃ প্রথম বিশ্ব যুদ্ধৰ পিছত মিত্র শক্তিয়ে তুৰস্কৰ ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰা হ’ব বুলি খলিফাসকলক প্রতিশ্রুতি দিছিল যদিও যুদ্ধৰ পিছত ইংৰাজ কৰ্তৃপক্ষই সেই প্রতিশ্রুতি ৰক্ষা নকৰাত বিশ্বৰ ইছলাম ধর্মীলোকসকলৰ মাজত বৃটিছসকলৰ বিৰুদ্ধে ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। ভাৰতবৰ্ষৰ ইছলাম ধর্মীলোকসকলৰ মাজতো ইয়াৰ প্রতিক্রিয়া পৰিলক্ষিত হয়। মৌলনা চৌকত আলি, মহম্মদ আলি জিন্না আদিৰ নেতৃত্বত তুৰস্ক সমস্যাৰ প্ৰতিকাৰ কৰিবলৈ ভাৰতবৰ্ষত কেন্দ্রীয় খিলাফট সমিতি গঠন কৰা হয়। মহাত্মা গান্ধী, মতিলাল নেহৰু, মদনমোহন আদি নেতায়ো খিলাফৎ সমিতিক পূর্ণ সমর্থন আগবঢ়াইছিল। সমিতিখনে ১৯২০ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হোৱা সভাত গান্ধীৰ পৰামৰ্শ মতে বৃটিছ চৰকাৰৰ সৈতে অসহযোগ আন্দোলনৰ নীতি আৰু কাৰ্যসূচী গ্ৰহণ কৰে।

৪। ১৯২০-২২ চনত গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

নাইবা

মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন কিছু স্থগিত কৰিব লগা হৈছিল কাৰণ উল্লেখ কৰা। HSLC ’17

নাইবা

কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসচী কি আছিল? গান্ধীয়ে কিয় এই আন্দোলন বন্ধ কৰিবলগীয়া হৈছিল? HSLC ’18, 22

উত্তৰঃ: ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ
নেতৃত্বত ভাৰতত অসহযোগ আন্দোলন আৰম্ভ হয়। এই আন্দোলন আৰম্ভ হৈছিল ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিৱানৱালাবাগৰ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ স্বৰূপে। এই আন্দোলনৰ প্ৰধান কার্যসূচী আছিল:

(ক) হৰতাল কাৰ্যসূচীৰে আন্দোলন আৰম্ভ কৰা।
(খ) সকলোৱে ব্যবসায়-বাণিজ্য পৰিহাৰ কৰা।
(গ) অহিংস পদ্ধতিত ঠায়ে ঠায়ে ধর্ণা, বিক্ষোভ, শোভাযাত্রা অনুষ্ঠিত কৰা আদি।

ভাৰতবৰ্ষৰ বহুতো লোকে এই অসহযোগ আন্দোলনৰ প্ৰতি সহাঁৰি জনায়। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, বল্লভ ভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ আদি গণ্যমান্য লোকে নিজ নিজ ব্যৱসায় এৰি এই আন্দোলনত যোগ দিয়ে। ছাত্র-ছাত্রীসকলে বিদ্যালয় বৰ্জন কৰি পিকেটিং, মাদকদ্রব্য নিবাৰণ, আদি কার্যত অংশ গ্রহণ কৰে। ইতিমধ্যে অনুষ্ঠিত হোৱা নির্বাচনত কংগ্ৰেছে অংশ গ্ৰহণৰ পৰা বিৰত থাকে। চৰকাৰে এই অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কঠোৰ পন্থা গ্রহণ কৰে। চৰকাৰে আক্রমণকাৰীসকলক গ্ৰেপ্তাৰ কৰে নেতাসকলকো গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰে। এইদৰে গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন গোটেই দেশতে সিঁচৰতি হৈ পৰে। সমানে সমানে পুলিচৰ নির্যাতনো চলি থাকে। ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত পুলিচৰ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিয়ে। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ২২ জন মান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসা পন্থাৰে চলাটো বিচাৰিছিল। কিন্তু চৌৰীচৌৰাত এই আন্দোলনে হিংসাত্মক ৰূপ পৰিগ্ৰহণ কৰাত মহাত্মা গান্ধীয়ে এই আন্দোলন স্থগিত কৰে।

৫। গান্ধী আৰউনি চুক্তিৰ যিকোনো দুটা চর্ত উল্লেখ কৰা। HSLC ’15, 18, ’20

উত্তৰঃ ১৯৩১ চনৰ ৫ মাৰ্চত ভাইচৰয় লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ লগত এক চুক্তি স্বাক্ষৰিত হয়। চুক্তিখনৰ দুটা চৰ্ত হ’ল:
(ক) আইন অমান্য আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ বাবে বন্দী কৰা লোকসকলৰ যিসকল দোষী বুলি সাব্যস্ত নোহোৱা লোকসকলক মুকলি কৰি দিয়া।
(খ) চৰকাৰে সাগৰৰ পাৰৰ লোকসকলক প্রয়োজনীয় নিমখ সংগ্ৰহ কৰাৰ অনুমতি প্রদান কৰা।

৬। কি ৰাজনৈতিক পৰিস্থিতিত ‘গান্ধী- আৰউইন চুক্তি’ স্বাক্ষৰিত হৈছিল? এই চুক্তিৰ চৰ্তসমূহ আলোচনা কৰা। HSLC ’16

উত্তৰঃ ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিবানৱালাবাগৰ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ স্বৰূপে ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়। ইংৰাজ চৰকাৰে এই অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্রহণ কৰে। আক্রমণকাৰীসকলক গ্ৰেপ্তাৰ কৰা হয়। কোনো কোনো অঞ্চলত খাজনা বন্ধ আন্দোলন আৰম্ভ হয়। এইদৰে গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন গোটেই দেশতে সিঁচৰিত হৈ পৰে। সমানে সমানে পুলিচৰ নির্যাতনো চলি থাকিল। ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত পুলিচৰ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিয়ে। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ২২ জন মান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। চৌৰীচৌৰাৰ এই হিংসাত্মক ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে এই আন্দোলন স্থগিত কৰে। শেষত মহাত্মা গান্ধী আৰু ভাইচৰয় লর্ড আৰউইনৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তিৰ চৰ্তসমূহ আছিল:

(ক) আইন অমান্য আন্দোলনৰ সময়ত হিংসাত্মক ঘটনাৰ বাবে বন্দী কৰা লোকসকলৰ দোষী বুলি সাব্যস্ত নোহোৱাসকলক মুকলি কৰি দিয়া।
(খ) চৰকাৰে সাগৰৰ পাৰৰ লোকসকলক প্রয়োজনীয় নিমখ সংগ্ৰহৰ অনুমতি প্রদান কৰা।
(গ) মাটিৰখাজনাৰ পৰিমাণ হ্রাস কৰা।
(ঘ) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা।
(ঙ) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া।
(চ) সৈন্য বাহিনীৰ ব্যয় হ্রাস কৰা আদি।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ কোনটো আন্দোলনৰ লগত কৰিম কিম্বা

মৰিম’ শ্লোগানটো জড়িত?
(ক) খিলাফৎ আন্দোলন
(খ) সত্যাগ্রহ আন্দোলন
(গ) অসহযাগে আন্দোলন
(ঘ) ভাৰত ত্যাগ আন্দোলন

উত্তৰঃ (ঘ)

প্রশ্নঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া বৃটিছ চৰকাৰে দিয়া ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল?

(ক) সত্যাগ্রহ আন্দোলনৰ সময়ত
(খ) ভাৰত ত্যাগ আন্দোলনৰ
(গ) অসহযাগে আন্দোলনৰ সময়ত
(ঘ) জালিৱানৱালাবাগ হত্যা কাণ্ডৰ প্ৰতিবাদত

উত্তৰঃ (ঘ)

প্রশ্নঃ জালিয়ানবালাবাগ হত্যাকাণ্ড কাৰ নির্দেশত হৈছিল?

(ক) ক্লিমেন্ট
(খ) লর্ড পেথিক লৰেন্স
(গ) এ.ভি আলেকজেণ্ডাৰ
(ঘ) জেনেৰেল ডায়াৰৰ
উত্তৰঃ (ঘ)

প্রশ্নঃ ব্রিটিছসংসদে কেতিয়া ভাৰত স্বাধীন আইৰ অনুমাদেন জনাইছিল?

(ক) জানুৱাৰী, ১৯৪৭
(খ) জুলাই, ১৯৪৭
(গ) আগষ্ট, ১৯৪৭
(ঘ) মার্চ, ১৯৪৭
উত্তৰঃ (খ)

প্রশ্ন: ‘আজাদ ফৌজ’ৰ প্রতিষ্ঠাতা কোন?

(ক) কেপ্তেইন মাহেন সিং
(খ) নেতাজী সুভাষ চন্দ্র বসু
(গ) ৰাম বিহাৰী বসু
(ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ।
উত্তৰঃ (খ)

প্রশ্নঃ সত্যাগ্রহৰ কৌশল গান্ধীজীয়ে পোনতে কোনখন দেশত প্রয়োগ কৰিছিল? HSLC ’24

(ক) ভাৰতবৰ্ষ
(খ) দক্ষিণ আফ্রিকা
(গ) ইংলণ্ড
(ঘ) ইজিপ্ত
উত্তৰঃ (খ)

প্রশ্নঃ “মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম”- কোনে কৈছিল? HSLC ’24

(ক) মহাত্মা গান্ধী
(খ) বাল গংগাধৰ তিলক
(গ) দাদাভাই নৌৰজী
(ঘ) নেতাজী সুভাষ চন্দ্র বসু
উত্তৰঃ (ঘ)

প্রশ্নঃ প্রত্যক্ষ দাবী দিবস কোনে তাৰিখে পালন কৰা হৈছিল? HSLC ’24

(ক) ১৬ আগষ্ট, ১৯৪৬
(খ) ১৬ অক্টোবৰ, ১৯৪৬
(গ) ২০ ফেব্ৰুৱাৰী, ১৯৪৭
(ঘ) ১৬ জুলাই, ১৯৪৬
উত্তৰঃ (ক)

প্রশ্নঃ চৌৰীচৌৰা সংঘর্ষ কেতিয়া সংঘটিত হৈছিল?

(ক) ৫ ফেব্ৰুৱাৰী, ১৯২২
(খ) ১১ জানুৱাৰী, ১৯২৩
(গ) ৮ আগষ্ট, ১৯৪৩
(ঘ) ৪ এপ্রিল, ১৯১৯
উত্তৰঃ (ক)

প্রশ্নঃ ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? HSLC ’22

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত
(খ) ১৯৪৫ চনৰ জুলাই মাহত
(গ) ১৯৪৬ চনৰ মার্চ মাহত
(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত
উত্তৰঃ (গ)

প্রশ্ন: ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছ’ন পঠিয়াইছিল?

(ক) ১৯৩৫ আগষ্ট মাহত
(খ) ১৯৪৫ জুলাই মাহত
(গ) ১৯৪৬ মার্চ মাহত
(ঘ) ১৯৪৭ আগষ্ট মাহত
উত্তৰঃ (গ)

প্রশ্নঃ ৰাওলাট আইন প্রনয়ণ কৰা হৈছিল? HSLC ’23

(ক) ১৯১৬ চনত
(খ) ১৯১৭ চনত
(গ) ১৯১৮ চনত
(ঘ) ১৯১৯ চনত
উত্তৰঃ (ঘ)

প্রশ্নঃ ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰত স্বাধীনতা আইনৰ অনুমোদন জনাইছিল? HSLC ’22

(ক) ফেব্ৰুৱাৰী, ১৯৪৭
(খ) জুন, ১৯৪৭
(গ) জুলাই, ১৯৪৭
(ঘ) মার্চ, ১৯৪৭
উত্তৰঃ (গ)

Leave a Comment

" target="_blank" rel="nofollow">