অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Economics Part 3 Chapter 2 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Economics Part 3 Chapter 2 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Economics Part 3 Chapter 2 Solutions

অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Economics Part 3 Chapter 2 Solutions

সূচিপত্র সমাজ বিজ্ঞান
তৃতীয় খণ্ড  
অধ্যায়-২ অর্থনৈতিক উন্নয়ন
নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। নিটি আয়োগ কেতিয়া গঠন কৰা হয়? নিটি আয়োগৰ অধ্যক্ষ কোন? HSLC ’17, ’20

উত্তৰঃ ২০১৫ চনৰ ১ জানুৱাৰত ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত নিটি আয়োগ গঠন কৰা হয়। এই আয়োগৰ অধ্যক্ষজন হ’ল প্রধানমন্ত্রী।

৩। কিহে দেশ এখনৰ জাতীয় আয় নির্ধাৰণ কবে?

উত্তৰঃ অর্থনৈতিক বিকাশে।

৪। মানৱ উন্নয়নৰ প্ৰথমখন প্রতিবেদন কেতিয়া প্রকাশ পায়?

উত্তৰঃ ১৯৯০ চনত।

৫। এন. আই. টি. আই. আয়োগ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ২০১৫ চনত।

৬। এন. আই. টি. আই. আয়োগৰ প্ৰথম বৈঠক ক’ত বহিছিল?

উত্তৰঃ দিল্লীত।

৭। ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫১ চনত।

৮। দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ কি?

উত্তৰঃ মূলধন বিনিয়োগৰ অভাৱেই হৈছে দাৰিদ্ৰ চক্ৰৰ মূল কাৰণ।

৯। সেউজ বিপ্লব কি?

উত্তৰঃ আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লব।

১০। অর্থনৈতিক পৰিকল্পনা কাক বোলে? HSLC ’22

উত্তৰঃ নিৰ্ধাৰিত একছোৱা সময়ৰ ভিতৰত সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিকনির্দেশানাই হ’ল অর্থনৈতিক পৰিকল্পনা।

২। এটা বাক্যত ব্যাখ্যা কৰাঃ

(ক) গোলকীকৰণ বা বিশ্বায়ন উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱেই হ’ল ‘গোলকীকৰণ’ বা ‘বিশ্বায়ন’।

(খ) অর্থনৈতিক উন্নয়ন উত্তৰ: দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ, উদ্যোগ খণ্ডৰ বিকাশ সাধন, মানুহৰ মৌলিক প্রয়োজনসমূহ পূৰণ, জীৱনৰ মানদণ্ডৰ উন্নতি আৰু সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাকে ‘অর্থনৈতিক উন্নয়ন’ বোলে।

(গ) উদাৰীকৰণ উত্তৰঃ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰাই হ’ল ‘উদাৰীকৰণ’।

(ঘ) ব্যক্তিগতকৰণ উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ‘ব্যক্তিগতকৰণ’।

(চ) গণতান্ত্রিক পৰিকল্পনাৰ এটা প্রধান বৈশিষ্ট্য HSLC ’22

উত্তৰঃ গণতান্ত্রিক পৰিকল্পনাত ৰাইজৰ প্রতিনিধিসকল একেবাৰে নিম্ন পৰ্যায়ৰ পৰা জড়িত থাকে।

চমু প্রশ্নোত্তৰঃ

১। ‘সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে’ বুলিলে কি বুজা?

উত্তৰঃ ‘সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে’ বুলিলে মানৱ উন্নয়ন হোৱা বুলি বুজা যায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দৰ ওপৰত ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। অর্থনৈতিক উন্নয়নে কেৱল এটা পছন্দৰ কথা উল্লেখ কৰে, সেয়া হ’ল আয়। কিন্তু মানৱ উন্নয়নৰ কথাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেইবাবে সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱা বুলিলে আমি মানৱ উন্নয়ন হোৱা বুলি বুজিব লাগে।

২। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল উদ্দেশ্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য তিনিটা হ’ল:

(ক) দৰিদ্ৰতা নির্মূল কৰা।

(খ) নিয়োগ বৃদ্ধি কৰা।

(গ) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা।

৩। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা। HSLC ’18

উত্তৰঃ অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ মাজত দুটা পার্থক্য হ’ল:

(ক) দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাকে অর্থনৈতিক বিকাশ বোলে। আনহাতে, অর্থনৈতিক উন্নয়নে দেশ এখনৰ জনসাধাৰণৰ সামগ্ৰীক উন্নয়ন নির্দেশ কৰে।

(খ) অর্থনৈতিক বিকাশে ব্যক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে, অর্থনৈতিক উন্নয়নে ৰাজহুৱা খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে।

৪। মানব উন্নয়ন সূচক তিনিটা কি কি? মানব উন্নয়ন প্রতিবেদন কোন সংস্থাই প্রকাশ কৰে? HSLC ’18, ’20

উত্তৰঃ মানৱ উন্নয়নৰ সূচক তিনিটা হ’ল:

(ক) প্রত্যাশিত আয়ুস

(খ) শিক্ষা আৰু

(গ) জীৱন যাত্ৰাৰ মান। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme) সংস্থাই পৃথিৱীৰ মানৱ উন্নয়নৰ প্রতিবেদন প্রকাশ কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ভাৰত বৰ্ষত পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ সময়ছোৱা যোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয় ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য লিখা। HSLC ’18

উত্তৰঃ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়নত ৰাজহুৱা খণ্ডই প্রধান ভূমিকা গ্রহণ কৰিছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। পঞ্চবার্ষিক পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই ভাৰতবৰ্ষত মিশ্র আর্থিক ব্যবস্থা গ্ৰহণ কৰা হৈছে। ভাৰতীয় পৰিকল্পনাৰ সময়ছোৱাত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল।

ভাৰতীয় অর্থনীতিৰ প্ৰথম (১৯৫১ চনৰ পৰা ১৯৯১ চনলৈ) সময়ছোৱাত ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ আছিল নিম্নরূপ-

(ক) আত্মনিৰ্ভৰশীলতা অর্জন কৰা।

(খ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

(গ) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা।

(ঘ) আধুনিক প্রযুক্তিবিদ্যা প্রয়োগৰ ওপৰত গুৰুত্ব প্রদান কৰা।

ভাৰতীয় অর্থনীতিৰ এই প্ৰথমছোৱা সময়ত কেইবাবাৰো খৰাং বতৰ আৰু বৈদেশিক যুদ্ধৰ মুখামুখি হোৱাত অর্থনৈতিক উন্নয়ন আশানুৰূপ হোৱা নাছিল। এই সময়ছোৱাত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ গড় হাৰ আছিল ৩.৫ শতাংশ। ষাঠিৰ দহকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা হয়। ফলত কৃষি খণ্ডৰ উৎপাদন কিছু পৰিমাণে বৃদ্ধি পায়।

ভাৰতীয় অর্থনীতিৰ দ্বিতীয়ছোৱাত অর্থাৎ ১৯৯১ চনৰ পৰা বৰ্তমানলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হয়। এই সময়ছোৱাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ গুৰুত্ব বৃদ্ধি পাইছে। ফলত ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পাইছে। এই পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ হ’ল: প্রথমত, চৰকাৰী আয়তকৈ চৰকাৰী ব্যয় বৃদ্ধি হৈছে ফলত বিত্তীয় ঘাটিয়ে দেখা দিছে। দ্বিতীয়তে, প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিলে। তৃতীয়তে, নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছে। আনহাতে ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহির্গমন হৈছে।

২। অর্থনৈতিক সংস্কাৰ সাধনৰ তিনিটা সুফল উল্লেখ কৰা।

উত্তৰঃ ১৯৯১ চনত ভাৰতত অর্থনৈতিক সংস্কাৰ সাধন কৰা হৈছিল। ইয়াৰ তিনিটা সুফল হৈছে:

(ক) পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্রাস পাইছে।

(খ) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে।

(গ) ভাৰতৰ কেন্দ্ৰীয় বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্রাৰ পৰিমাণ বৃদ্ধি পাইছে।

৩। ভাৰত বৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্রত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেদৰে প্ৰভাৱ পেলাইছে? HSLC ’17, 19

উত্তৰঃ এখন দেশৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাই হৈছে বিশ্বায়ন বা গোলকীকৰণ। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্রাস পায়। ভাৰতবৰ্ষত ১৯৯১-৯২ চনৰ পৰা গোলকীকৰণৰ ওপৰত গুৰুত্ব প্রদান হৈছে। ই ভাৰতীয় অর্থনীতিত তলত দিয়া ধৰণে প্ৰভাৱ পেলাইছে:

(ক) পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্রাস পাইছে।

(খ) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে।

(গ) কেন্দ্ৰীয় ৰিজার্ভ বেংকত বৈদেশিক মুদ্রাৰ পৰিমাণ বৃদ্ধি পাইছে।

৪। অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য উল্লেখ কৰা। HSLC ’17

উত্তৰঃ অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা লক্ষ্য হ’ল:  (ক) অসমৰ উন্নয়নৰ হাৰ বৃদ্ধি কৰা।

(খ) দৰিদ্ৰতাৰ লগতে অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা।

(গ) শেহতীয়া প্রযুক্তি বিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰে।

৫। অর্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা। HSLC ’18

উত্তৰঃ এক নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত কেতবোৰ সুৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ আৰ্থিক কাম- কাজ পৰিচালনা কৰা কাৰ্যই অর্থনৈতিক পৰিকল্পনা। ভাৰতৰতত প্রথম পঞ্চবার্ষিক অর্থনৈতিক পৰিকল্পনাৰ সময়ছোৱা হ’ল: ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৫৬ চনৰ ৩১ মাৰ্চলৈ।

৬। মানৰ উন্নয়নৰ ওপৰত এটি টোকা লিখা। HSLC ’19

উত্তৰঃ কোনো এখন অঞ্চল বা ৰাষ্ট্ৰত বসবাস কৰা সকলো মানুহৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আদি বিকাশৰ যোগেদি সামূহিক জীৱন যাত্ৰাৰ মানদণ্ডৰ উন্নয়ন হোৱাক মানৱ উন্নয়ন বুলি কোৱা হয়। মানৱ উন্নয়নৰ সূচক তিনিটা, যেনে-

(ক) প্রত্যাশিত আয়ুস

(খ) শিক্ষা আৰু

(গ) জীৱন যাত্ৰাৰ মান।

৭। অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি? HSLC ’19

উত্তৰঃ অসম চৰকাৰে ২০১৪ চনত অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰে। এই নীতিৰ মূল লক্ষ্যবোৰ হ’ল- (ক) ৰাজ্যখনত থকা ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।

(খ) বৃহৎ সংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা।

(গ) ৰাজ্যখনৰ পণ্য উৎপাদন খণ্ডৰ লগতে সেৱা খণ্ডৰ অৰ্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।

(ঘ) নিয়োগৰ সুবিধা সৃষ্টি কৰি জনমূৰি আয় বৃদ্ধি কৰা।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্নঃ ভাৰতত সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য লাভবান হৈছিল?

  • (ক) কুঁহিয়াৰ
  • (গ) ঘেঁহু
  • (খ) ধান
  • (ঘ) মাকৈ
  • উত্তৰঃ (গ)

প্রশ্ন: এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল

  • (ক) জনমুৰি আয়
  • (খ) জাতীয় আয়
  • (ঘ) তিনিওটা
  • (গ) গড় আয়
  • উত্তৰঃ (খ)

প্রশ্ন: ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল?

  • (ক) ১৯৫০ চনৰ মাৰ্চ মাহত
  • (খ) ১৯৫১ চনৰ মার্চ মাহত
  • (গ) ১৯৫২ চনৰ মাৰ্চ মাহত
  • (ঘ) ১৯৫৩ চনৰ মার্চ মাহত
  • উত্তৰঃ (ক)

প্রশ্ন: মানব উন্নয়নৰ স্তৰ কেইটা?

  • (ক) দুটা
  • (খ) তিনিটা
  • (গ) চাৰিটা
  • (ঘ) পাঁচটা
  • উত্তৰঃ (গ)

প্রশ্ন: NITI আয়োগ কেতিয়া গঠন কৰা হৈছিল?

  • (ক) ২০১২ চনত
  • (খ) ২০১৩ চনত
  • (গ) ২০১৪ চনত
  • (ঘ) ২০১৫ চনত
  • উত্তৰঃ (গ)

প্রশ্নঃ ১৯৯১ চনৰ নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি দিছিল-

  • (ক) ৫ টা উদ্যোগ
  • (খ) ৬ টা উদ্যোগ
  • (গ) ৮ টা উদ্যোগ
  • (ঘ) ৯ টা উদ্যোগ
  • উত্তৰঃ (ঘ)

প্রশ্ন: মানৰ উন্নয়নৰ সূচক কেইটা?

  • (ক) ৩ টা
  • (খ) ৪ টা
  • (গ) ৫ টা
  • (ঘ) ৬টা
  • উত্তৰঃ (ক)

প্রশ্ন: মানব উন্নয়নৰ মধ্যবিন্দু কি?

  • (ক) ৰাজ্যসভা
  • (খ) লোকসভা
  • (গ) ৰাজ্যচৰকাৰ
  • (ঘ) জনসাধাৰণ
  • উত্তৰঃ (ঘ)

প্রশ্ন: আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজবিপ্লব।

  • (ক) সচা
  • (গ) ক আৰু খ
  • (খ) মিছা
  • (ঘ) এটাও নহয়
  • উত্তৰঃ (ক)

প্রশ্ন: মানব উন্নয়নৰ তিনিটা সূচকৰ এটা হ’ল-

  • (ক) জীৱন যাত্ৰাৰ মান
  • (খ) জীৱিকাৰ মান
  • (গ) কাৰ্য্যৰ মান
  • (ঘ) ওপৰৰ এটাও নহয়
  • উত্তৰঃ (ক)

প্রশ্ন: NITI আয়োগৰ প্ৰথম বৈঠক অনুষ্ঠিত

  • (ক) মোম্বাই
  • (খ) চেন্নাই
  • (গ) ডুবাই
  • (ঘ) দিল্লী
  • উত্তৰঃ (ঘ)

প্রশ্ন: NITI আয়োগৰ অধ্যক্ষ কোন? (ক) ৰাষ্ট্ৰপতি

  • (খ) প্রধানমন্ত্রী
  • (গ) লোকসভাৰ অধ্যক্ষ
  • (ঘ) উপ-ৰাষ্ট্ৰপতি
  • উত্তৰঃ (খ)

প্রশ্ন: ভাৰতত সমবায় আইনখন কেতিয়া গৃহীত হৈছিল?

  • (ক) ১৯১০ চনত
  • (খ) ১৯১১ চনত
  • (গ) ১৯১২ চনত
  • (ঘ) ১৯১৩ চনত
  • উত্তৰঃ (গ)

প্রশ্ন: উত্তৰ-পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল?

  • (ক) ১৯৯৬ চনত
  • (খ) ১৯৯০ চনত
  • (ঘ) ১৯৯৯ চনত
  • (গ) ১৯৯৩ চনত
  • উত্তৰঃ (ক)

প্রশ্ন: ভাৰতৰ বাণিজ্যিক শস্য হৈছে-

  • (ক) ধান খেতি আৰু জোৱাৰ
  • (খ) গোনধান, জোৱাৰ আৰু ধান
  • (গ) কপাহ আৰু কুঁহিয়াৰ
  • (ঘ) বজৰা আৰু ধানখেতি
  • উত্তৰঃ (গ)

প্রশ্ন: ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ লগত জড়িত স্তৰ কেইটা?

  • (ক) দুটা
  • (খ) তিনিটা
  • (গ) চাৰিটা
  • (ঘ) পাঁচটা
  • উত্তৰঃ (খ)

প্রশ্ন: চৰকাৰী বিনিয়োগ আৰু কর্তৃত্বপূর্ণ উদ্যোগ প্রতিষ্ঠান সমূহৰ উৎপাদনী খণ্ডটোক কি বোলে?

  • (ক) ব্যক্তিগত খণ্ড
  • (খ) ৰাজহুৱা খণ্ড
  • (ঘ) এটাও নহয়
  • (গ) চৰকাৰী খণ্ড
  • উত্তৰঃ (খ)

প্রশ্ন: ভাৰত বৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ’ল। HSLC ’24

  • (ক) ১ এপ্রিল ১৯৫১-৩১ মার্চ ১৯৫৬
  • (খ) ১ এপ্রিল ১৯৫০-৩১ মার্চ ১৯৫৫
  • (গ) ১ এপ্রিল ১৯৫৬-৩১ মার্চ ১৯৬১
  • (ঘ) ১ এপ্রিল ১৯৬১-৩১ মার্চ ১৯৬৩
  • উত্তৰঃ (ক)

প্রশ্ন: ২০১৫ চনত গঠিত নিটি আয়োগৰ অধ্যক্ষ কোন? HSLC ’23

  • (ক) ভাৰতৰ ৰাষ্ট্ৰপতি
  • (খ) ভাৰতৰ প্রধানমন্ত্রী
  • (গ) ভাৰতীয় ৰিজার্ভ বেংকৰ গৱৰ্ণৰ
  • (ঘ) ভাৰতৰ উপৰাষ্ট্ৰপতি
  • উত্তৰঃ (ক)

প্রশ্ন: ভাৰতবৰ্ষত এটা বিত্তীয় বর্ষই সামৰি লোৱা কালছোৱা হ’ল। HSLC ’23

  • (ক) ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ
  • (খ) ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ
  • (গ) ১ মাৰ্চৰ পৰা ২৮/২৯ ফেব্ৰুৱাৰীলৈ
  • (ঘ) ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ
  • উত্তৰঃ (ঘ)

Leave a Comment

" target="_blank" rel="nofollow">