আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social History Chapter 5 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social History Chapter 5 Solutions
ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
অতি চমু প্রশ্নোত্তৰঃ
১। ‘পদ্মপুৰাণ’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ সুকবি নাৰায়ণ দেবে।
২। দৰং ৰাজবংশাৱলী’ কিতাপখনৰ ৰচকজন কোন?
উত্তৰঃ সূৰ্যখৰী দৈৱজ্ঞ।
৩। অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম বুৰঞ্জী পুথিখনৰ নাম কি?
উত্তৰঃ ‘স্বৰ্গ নাৰায়ণ মহাৰাজৰ আখ্যান’।
৪। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়ে? HSLC ’17
উত্তৰঃ ৰাজ্যসমূহৰ এজন ৰাজ্যপালক।
৫। কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল কোন জনগোষ্ঠীৰ অৱদান? HSLC ’18
উত্তৰঃ অষ্ট্ৰিকসকলৰ।
৬। অন্ধ্রপ্রদেশৰ এবিধ ধ্রুপদী নৃত্যৰ নাম লিখা। HSLC ’19
উত্তৰঃ কুচিপুড়ী।
৭। আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল? HSLC ’15
উত্তৰঃ শ্বাহ মিলন।
৮। প্রাচীন ভাৰতৰ দুজন দার্শনিকৰ নাম লিখা।
উত্তৰঃ কপিল মুনি আৰু ৰামানুজ। HSLC ’15
৯। অসমৰ দুখন সাঁচি পতীয়া পুথিৰ নাম লিখা। HSLC ’18
উত্তৰঃ (ক) চিত্র ভাগৱত আৰু (খ) শংখচুড় বধ।
১০। ৰাষ্ট্ৰসংঘৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা দুখন স্থাপত্যৰ নাম লিখা। HSLC ’18
উত্তৰঃ (ক) অজন্তাৰ গুহাসমূহ আৰু (খ) তাজমহল।
১১। প্রাচীন ভাৰতৰ দুজন বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ বৰাহমিহিৰ আৰু ব্ৰহ্ম গুপ্ত। HSLC ’15
১২। সিন্ধু সভ্যতাৰ পূৱসীমা গাংগেয় উপত্যকা কোন সীমালৈ বিস্তৃত আছিল?
উত্তৰঃ সিন্ধু সভ্যতাৰ পূৱ সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈকে বিস্তৃত আছিল।
১৩। সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূর্ব চতুর্থ শতিকাত।
১৪। তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধর্মালম্বী? HSLC ’20
(ক) খাচী
(খ) খামতি
(গ) আদি
(ঘ) কার্বি
উত্তৰঃ (ঘ) কাৰ্বি
১৫। মহাপুৰুষ মাধবদেবে ব্ৰজাৱলী উপভাষাত কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ ১৫৭ টা।
১৬। সুকুমাৰ বৰকাইথে কাৰ আজ্ঞামতে ‘হস্তীবিদ্যাৰ্ণৰ’ পুথিখন ৰচনা কৰিছিল?
উত্তৰঃ স্বৰ্গদেউ শিবসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞা মতে।
১৭। মিচিংসকলে বিহুক কি বোলে?
উত্তৰঃ আলি-আই-লুগাং।
১৮। অসমৰ জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অস্ট্রিক ভাষাগোষ্ঠীৰ অন্তৰ্গত গোষ্ঠী কোনটো?
উত্তৰঃ খাচীয়াসকল।
১৯। ‘গীত গোবিন্দ’ পুথিখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? HSLC ’16
উত্তৰঃ ৰাম নাৰায়ণ চক্রবর্তী।।
২০। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ ১৫০০ খ্ৰীষ্টপূৰ্বৰ পৰা ১০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত।
২১। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমের জয়তে’ বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ মুণ্ডক উপনিষদৰ পৰা।
২২। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ কৌটিল্যৰ ‘অর্থশাস্ত্র’।
২৩। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিল যথাক্রমে প্রাগজ্যোতিষপুৰ আৰু কামৰূপ।
২৪। কি বড়োমূলীয় শব্দৰ পৰা ‘অসম’ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ ‘আ-চাম’ অথবা ‘হা-চোম’ শব্দৰ সংস্কৃতকৰণৰ জৰিয়তে ‘অসম’ নামটো হোৱা বুলি অনুমান কৰা হয়।
২৫। ‘চর্যাপদ’ মানে কি?
উত্তৰঃ খ্রীষ্টিয় দশম শতিকাৰ পৰা চর্তুদশ শতিকাৰ ভিতৰত ৰচিত অসমৰ লিখিত সাহিত্যক ‘চর্যাপদ’ বুলি কোৱা হয়।
২৬। চর্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত চর্যাপদসমূহ ৰচিত হৈছিল?
২৭। মাধব কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ বৰাহী ৰজা মহামাণিক্যৰ।
২৮। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ ভট্টদেবে।
২৯। ‘জিকিৰ আৰু জাবি’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ আজান পীৰে (ছাহ মিৰাণে)।
৩০। আজান পীৰ কোন আছিল?
উত্তৰঃ এজন চুফী সাধক।
৩১। আজান পীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।
৩২। দ-পর্বতীয়া শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰঃ খ্রীষ্টিয় যষ্ঠ শতিকাত। ৩৩। চাংকং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ চাংৰুং ফুকন আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রসাদ, ঘৰ-দুৱাৰ আদি নির্মাণ কাৰ্যৰ জোখ-মাখ আদি চোৱা-চিতা কৰাৰ দায়িত্বত আছিল।
৩৪। লোকগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক ‘পদ্মশ্রী’ উপাধি প্রদান কৰা হৈছিল?
উত্তৰঃ প্রতিমা পাণ্ডে বৰুৱাক।
৩৫। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰঃ অৰুণোদয়।
৩৬। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰঃ চিলাৰায়ে।
৩৭। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি?
উত্তৰঃ মেঘালয়ৰ খাচীসকল।
৩৮। বচয়িতাসকলৰ নাম লিখাঃ
(ক) অর্থশাস্ত্র
(খ) হস্তিবিদ্যাৰ্ণৱ
(গ) কীর্ত্তন
(ঘ) নামঘোষা
(ঙ) চোৰ ধৰা পিম্পৰা গুচোৱা
(চ) কালিয় দমন
(ছ) বামবিজয়
(জ) কথাগীতা
(ঝ) ৰাজত ৰঙ্গিনী
(ঞ) ভাৰত সম্ভেদ।
উত্তৰঃ গ্রন্থ ৰচিয়তাৰ নাম
(ক) অর্থশাস্ত্র: কৌটিল্য
(খ) হস্তিবিদ্যার্ণর: সুকুমাৰ বৰকাইথ
(গ) কীর্ত্তন: শ্রীমন্ত শংকৰদের
(ঘ) নামঘোষা: মাধৱদের
(ঙ) চোৰ ধৰা পিম্পৰা গুচোৱা: মাধৱদেৱ
(চ) কালিয় দমন: শ্রীমন্ত শংকৰদেৱ
(ছ) ৰামবিজয়: শ্রীমন্ত শংকৰদেৱ
(জ) কথাগীতা: ভট্টদের
(ঝ) ৰাজতৰঙ্গিনী: কলহন
(ঞ) ভাৰত সম্ভেদ: জৱাহৰলাল নেহৰু।
৩৯। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰঃ পর্তুগীজ আৰু ওলন্দাজসকল।
৪০। সিন্ধু উপত্যকাত আবিস্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা।
উত্তৰঃ গৌতম বুদ্ধ আৰু মহাবীৰ।
৪১। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছে?
উত্তৰঃ জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থৰ দ্বাৰা।
৪২। ভাৰতৰ ভাস্কৰ্য চিত্রকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰঃ গান্ধাৰ শৈলীত।
৪৩। ভৰত মুনিৰ ‘নাট্যশাস্ত্র’ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূর্ব ২০০ ৰ পৰা ২০০ খ্ৰীষ্টাব্দৰ ভিতৰত।
৪৪। ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?
উত্তৰঃ ৬,০০০ টা।
৪৫। ‘হেৰাকা আন্দোলন’ কি?
উত্তৰঃ ‘হেৰাকা আন্দোলন’ হ’ল স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ কৰাৰ উদ্দেশ্যে কৰা এক আন্দোলন।
৪৬। নাগালেণ্ডৰ ‘হর্ণবিল উৎসব’ কি জীৱৰ নামত উৎসর্গিত?
উত্তৰঃ ধনেশ পক্ষীৰ নামত।
৪৭। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসব?
উত্তৰঃ মিজোৰামৰ।
৪৮। ‘মিজো’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মিজো’ শব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা।
৪৯। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যবস্থা প্রচলিত?
উত্তৰঃ মেঘালয় ৰাজ্যত।
৫০। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ মণিপুৰী নৃত্য মূলত চৈতন্য মহাপ্রভুৰ শৈশৱ আৰু কৃষ্ণলীলা বিষয়ক লৈ গঢ়ি উঠিছে।
চমু প্রশ্নোত্তৰঃ
১। অস্ট্রিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অবদান উল্লেখ কৰা। HSLC ’17
উত্তৰঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান-
(ক) অস্ট্রিকসকলে ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা, কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ বোৱা আদি কৌশলৰ সূচনা কৰিছিল।
(খ) তেওঁলোকে ধর্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ আৰু হাতী পোহমনা কৌশল উদ্ভাৱন কৰিছিল।
২। জেং বিহু মানে কি?
উত্তৰঃ: উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰুষসকলে নেদেখাকৈ পতা বিহুক ‘জেং বিহু’ বোলে।
৩। ওজাপালিৰ দুটা ভাগৰ নাম লিখা। HSLC ’19
উত্তৰঃ ওজাপালিৰ দুটা ভাগৰ নাম হ’ল ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।
৪। প্রাচীন ভাৰত বৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰঃ প্রাচীন ভাৰতৰ দুগৰাকী দার্শনিকৰ নাম হ’ল: কপিল মুনি আৰু ৰামানুজ।
৫। আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জী পুথিৰ নাম হ’ল: দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
৬। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ বিহুৰ সমধর্মী হিচাপে নামনি অসমৰ দৰং জিলাত দেউল, পুৰণি কামৰূপত ভঠেলি, পুৰণি গোৱালপাৰা জিলাত বাঁসপূজা উৎসৱ পালন কৰা হয়।
৭। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্রহণ কৰিছে?
উত্তৰঃ ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। কাৰণ ভাৰতৰ কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত ব্যৱস্থা, যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণ আৰু মানৰ ভিন্নতাৰ বাবে কোনো অঞ্চল আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু কোনো অঞ্চলৰ অৱস্থা কম স্বচ্ছল।
৮। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল: ঋকবেদ, যজুঃর্বেদ, সাম বেদ আৰু অথর্ব বেদ।
৯। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে থকা কথাষাৰ হ’লঃ ‘কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।’
১০। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ হ’ল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাব।
১১। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ প্রাচীন যুগৰ ভাৰতৰ দুগৰাকী চিকিৎসা বিজ্ঞানীৰ নাম হ’ল: আর্যভট্ট আৰু ব্রহ্মগুপ্ত।
১২। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ প্রাচীন যুগৰ ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হ’ল: চৰক সংহিতা আৰু সুশ্রুত সংহিতা।
১৩। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি? HSLC ’17
উত্তৰঃ ভাৰতৰ চিত্ৰকলাক দুটা প্রধান ভাগত ভাগ কৰা হৈছে, যেনেঃ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।
১৪। চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশাহৰ নাম লিখা।
উত্তৰঃ চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশাহ আছিল: সম্রাট আকবৰ আৰু সম্রাট জাহাঙ্গীৰ।
১৫। ক্ষুদ্রাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচি পতীয়া পুথিৰ নাম লিখা।
উত্তৰঃ ক্ষুদ্রাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’ল: হস্তীবিদ্যাৰ্ণৱ আৰু চিত্র ভাগৱত।
১৬। হস্তিবিদ্যাৰ্ণৰ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ হস্তীবিদ্যাৰ্ণর গ্রন্থখনৰ দুগৰাকী চিত্ৰকৰৰ নাম হ’ল: দিলবৰ আৰু দোচাই।
১৭। ঝুম খেতি মানে কি?
উত্তৰঃ পাহাৰৰ ঢালত বা নামনিত হাবি-জঙ্গল পৰিস্কাৰ কৰি পৰম্পৰাগত পদ্ধতিত যিখেতি কৰা হয় তাকে ‘ঝুম খেতি’ বোলে।
১৮। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা। HSLC ’20
উত্তৰঃ দৰঙৰ দুবিধ লোকনৃত্য হ’ল: বৰঢুলীয়া আৰু দেওধানী নৃত্য।
কি?
১৯। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি
উত্তৰঃ ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা হ’ল: নর্ডিক গোষ্ঠী, নিগ্রো গোষ্ঠী, প্রট’অস্ট্রলয়ড গোষ্ঠী আৰু মস্তিস্কী গোষ্ঠী।
২০। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। HSLC ’23
উত্তৰঃ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টি কৰা তিনিটা কাৰক হ’ল ধৰ্মীয় উদাৰতা, ৰাজনৈতিক একতা আৰু সাংস্কৃতিক উদাৰতা।
২১। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ চাৰি ভাগত ভগোৱা হৈছে, যেনেঃ মছজিদ, মঞ্জিল (ৰাজপ্রসাদ), মাকোৱাৰা (মৃতকৰ সৌধ), আৰু মিনাৰ (গম্বুজ)।
২২। ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা?
উত্তৰঃ ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কোনো এখন সমাজৰ সাংস্কৃতিক বৈচিত্ৰতা আৰু বৈচিত্ৰতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতবৰ্ষ এনে এখন দেশ য’ত অতি পুৰণি কালৰ পৰাই বিভিন্ন সংস্কৃতিয়ে এখন জালিকাৰ দৰে আৱৰি আছে।
২৩। UNESCO ৰদ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰঃ UNESCO ৰদ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ’ল: সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল।
২৪। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নিৰ্মাণ কৰা হৈছিল।
উত্তৰঃ ভাৰতৰ ভাস্কর্য শিল্পত সৰল, পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্রিভংগ, চতুর্ভংগ আৰ্হিৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এইবোৰত নিখুঁত অলংকাৰেৰে সু-সজ্জিত, মনৰ শান্তি, সুখ, ক্রোধ আদি অনুভূতি প্রকাশ কৰিব পৰাকৈ মুখাবয়ৱত তথা অংগ-প্রত্যঙ্গত সুক্ষ্ম কলা- কৌশল প্রয়োগ কৰা হৈছিল।
২৫। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল: গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।
২৬। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাই হ’ল: মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্যপ্রদেশ।
২৭। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্রন্থ হ’ল- তুতিনামা, জাহাঙ্গীৰ নামা আৰু দাস্তান-ই-আমিৰ।
২৮। চিত্রকলাৰ ষড়াংগ মানে কি?
উত্তৰঃ খ্ৰীষ্টপূর্ব প্রথম শতিকাত চিত্র অংকনৰ বাবে কেইবাটাও নীতি-নিয়ম আছিল, যেনেঃ আকৃতি, জোখমাখ, আবেগ অনুভূতি প্রকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকাৰ ব্যৱহাৰ। এই নিয়মকেইটাক ‘চিত্রকলাৰ ষড়াংগ’ বুলি কোৱা হয়।
২৯। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। HSLC ’24
উত্তৰঃ যোগবিদ্যা ভাৰতৰ এক সাংস্কৃতিক ঐতিহ্য। মহর্ষি পতঞ্জলিয়ে ‘যোগসূত্র’ নামৰ গ্ৰন্থ প্রনয়ণ কৰি এই বিদ্যাক এক সুহংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক পদ্ধতি হিচাপে গঢ় দিয়া হৈছিল।
৩০। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন প্ৰধানকৈ মঠ-মন্দিৰ, স্তূপ আদি উপাসনা গৃহসমূহত দেখা যায়। চুলতানী আৰু বাদশাহী যুগত মুখ্যত চাৰি প্ৰকাৰৰ স্থাপত্য দেখিবলৈ পোৱা যায়, যেনে : মছজিদ, মঞ্জিল, মাকোৱাৰা আৰু মিনাৰ। প্ৰাচীন কালত শিলেৰে নিৰ্মিত মঠ-মন্দিৰসমূহৰ নির্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড়, বিন্ধ্য আৰু কৃষ্ণ নদীৰ মাজ ভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলী- এই তিনি ভাগত ভাগ কৰিব পাৰি।
৩১। ৰঙালী বিহুৰ সাত দিনক কি কি নামেৰে জনা যায়?
উত্তৰঃৰঙালী বিহুৰ সাত দিনক ক্রমান্বয়ে গৰু বিহু, মানুহ বিহু, গোঁহাই বিহু, কুটুম বিহু, চেনহৌ বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।
৩২। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়-বস্তু আধ্যাত্মিক আৰু দার্শনিক ভাৱধাৰা সম্পন্ন। গীতবোৰ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভঙ্গুৰতা, ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি আদি বিষয়ৰ ওপৰত ৰচিত হৈছিল।
৩৩। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্রাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ অসমৰ প্ৰাচীন নাম ‘প্রাগজ্যোতিষপুৰ’ আৰু ‘কামৰূপ’ বুলি উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হ’ল: মহাভাৰত, কালিকা পুৰাণ আৰু যোগিনী তন্ত্র।
৩৪। প্রাচীন ভাৰতৰ স্থাপনত্য নিদর্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? HSLC ’18
উত্তৰঃ প্রাচীন ভাৰতীয় স্থাপত্য নিদর্শনসমূহক ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধর্মীয় উপাসনা গৃহ হিচাপ ভাগ কৰা হৈছে। চলতানী আমোলত চাৰিপ্ৰকাৰৰ স্থাপত্য দেখা যায়, যেনে মছজিদ, ৰাজপ্রসাদ, মাকোৱাৰ (মৃতকৰ সৌধ) আৰু মিনাৰ।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। HSLC ’24
উত্তৰঃভাৰতীয় সংস্কৃতিৰ দুটা বৈশিষ্ট্য হ’ল ‘সাংস্কৃতিক বহুত্ববাদ’ আৰু ‘বৈচিত্ৰৰ মাজত ঐক্য’। সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বৈত্ৰিতা আৰু বৈচিত্ৰতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত ঐক্য’ ব্যাক্যাংশৰ দ্বাৰা ভাৰতলৈ বিভিন্ন সময়ত প্রব্রজন নানান জাতি উপজাতি, গোষ্ঠী, ভাষা-ভাষী লোকৰ বাৰেমিহলি সংস্কৃতিৰ মিলনক বুজায়। ভাৰতত ৰচিত হোৱা চাৰিবেদ, পুৰাণ আদিয়ে যুগে যুগে মানুহক সত্য, দয়া, পৰোপকাৰ, মানৱ প্রেম আদিৰ বাণী বিলাই আহিছে যি বাণীসমূহে সময়ে সময়ে ভাৰতলৈ অহা নানান জাতি, উপজাতিৰ লোকসকলক আকোৱালি লোৱাত উদাৰতাৰ পৰিচয় দাঙি ধৰিছে। আনহাতে ভাৰতৰ স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলনা আবুল কালাম আজাদ, সুভাষচন্দ্র বসু আদি নেতাই ভাৰতত জাতীয় ঐক্য গঢ়াত ইন্ধন যোগাইছিল।
২। চমু টোকা লিখাঃ অসমৰ বৈষ্ণৱী সাহিত্য HSLC ’23
উত্তৰঃ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্রীমন্ত শংকৰদেৱ, মাধদেৱ আৰু অন্যান্য পৰৱৰ্তী কিছু কবিয়ে ৰচনা কৰা সাহিত্যক ‘বৈষ্ণৱী সাহিত্য’ বুলি নামকৰণ কৰা হৈছে। বৈষ্ণৱী সাহিত্য মূল উদ্দেশ্য আছিল সহজ সৰল ভাষাত সৰ্বসাধাৰণ মানুহক বৈষ্ণৱ ধৰ্মৰ আদৰ্শ সহজভাবে হৃদয়াঙ্গম কৰোৱা। কৃষ্ণ মহাত্ম্য আৰু কৃষ্ণলীলা আদিয়ে হৈছে বৈষ্ণৱ সাহিত্যৰ মূল বিষয়। বৈষ্ণৱ সাহিত্যৰ আৰম্ভণি হয় মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা ‘চিহ্নযাত্রা’ নামৰ নাটকৰ জৰিয়তে। বৈষ্ণৱী সাহিত্যৰ মূল উৎস গ্ৰন্থবোৰ আছিল মহাভাৰত, ৰামায়ণ আৰু পুৰাণ শাস্ত্রসমূহ। বৈষ্ণৱী সাহিত্য ৰাজিৰ ভিতৰত শংকৰদেৱৰ ‘কীৰ্তনঘোষা’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ সর্বশ্রেষ্ট। শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত ভট্টদের, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি কেইবাজনো কবি-সাহিত্যিকে বৈষ্ণৱী সাহিত্য চর্চা অব্যাহত ৰাখিছিল।
৩। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? HSLC ’17
উত্তৰঃ অন্যান্য ভাৰতীয় ৰাজ্যবোৰৰ তুলনাত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসমত সাংস্কৃতিক বিচিত্ৰতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হোৱা দেখা হয়। অসম হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্রাচীন সভ্যতাৰ অধিকাৰী। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চীন দেশলৈ যাব পৰা পথ থকাৰ উপৰিও চীন দেশৰ পৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসমলৈকে আছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সুদূৰ অতীজৰে পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক প্ৰব্ৰজনকাৰীৰ ৰূপত, আক্রমণকাৰীৰ ৰূপত অথবা ব্যৱসায়ীৰ ৰূপত অসমলৈ আহি অসমত স্থায়ীভাবে বসবাস কৰিবলৈ লৈছিল। ভাৰত বৰ্ষত বসবাস কৰা প্ৰধান নৃগোষ্ঠীকেইটাৰ আটাইকেইটা গোষ্ঠী অসমতো আছে। এই নৃগোষ্ঠীবোৰৰ ভিতৰত আৰ্য আৰু অনার্য অন্যতম। সময়ৰ সুঁতিত এই দুই গোষ্ঠীৰ বিভিন্ন ঠাল-ঠেঙুলি সংমিশ্রিত হৈ এক সমন্বয় সাধন কৰিছে। সেয়ে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে বুলি কোৱা ক’ব পাৰি।
৪। চমুটোকা লিখাঃ বিহু উৎসৱ অথবা অসমত উদ্যাপন কৰা বিহু উৎসৱৰ বিষয়ে চমুকৈ লিখা। HSLC ’20
উত্তৰঃ বিহু অসমৰ জাতীয় ঐতিহ্যবাহী জাতীয় উৎসৱ। বিহু প্রেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্রতীক। বিহু প্রধানকৈ তিনিটা, যথা: বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু। বহাগ বিহু চ’ত মাহৰ শেষৰ দিনাখন আৰম্ভ হৈ বহাগ মাহৰ সাত তাৰিখলৈ পালন কৰা হয়। ৰঙালি বিহুৰ সাত দিনক ক্রমান্বয়ে গৰু বিহু, মানুহ বিহু, গোঁহাই বিহু, কুটুম বিহু, চেনহৌ বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। এই বিহুৰ আৰম্ভণী দিনটো গৰু বিহু। এই বিহুটোৱে জীৱনৰ যৌৱন কালটোক প্রতিনিধিত্ব কৰে বাবে ইয়াক ‘বসন্ত উৎসব’ বুলিও কোৱা হয়।
আহিন মাহৰ শেষ দিন কাতি বিহু আৰম্ভ হয়। এই সময়ত মানুহৰ শস্য- ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ আকাল হয় বাবে ইয়াক ‘কঙালি বিহু’ বুলিও কোৱা হয়। এই বিহুত চোতালতে কল পুলি আৰু তুলসী ৰুই চাকি-বন্তি জ্বলাই সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ-প্রসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লখিমী দেৱীৰ শুভ আগমন আহ্বান কৰা হয়। পুহ মাহৰ শেষ দিন মাঘ বিহু আৰম্ভ হয়। ই তিনি দনিৰ পৰা সাত দিন চলে। এই সময়ত কৃষকৰ শস্য-ভঁৰাল ধনে-ধানে পৰিপূৰ্ণ হৈ থাকে। প্রতি ঘৰত পিঠা-পনা, লাডু, খৈ, মুৰি, চিৰা আদি বনোৱা হয় আৰু আত্মীয়-কুটুম্বক মাতি খাবলৈ দিয়া হয়। এই বিহুত অধিক ভোগ কৰা হয় বুলি ইয়াৰক ‘ভোগালী বিহু’ বুলিও কোৱা হয়। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰ ভাবে মূর্ত হৈ উঠে। ই প্রেম, ভাতৃত্ববোধ, শান্তি আৰু একতাৰ প্রতীক।
৫। ভাৰতৰ ভাস্কৰ্য শিল্প কলাৰ তিনিটা শৈলী কি কি? HSLC ’18
উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদর্শন সিন্ধু সভ্যতাৰ সময়ৰ পৰাই দেখা যায়। পিছৰ কালত ভাৰতত পোৰা মাটি, শিল, ব্রঞ্জ, রূপ, তাম, সোণ আদিৰ মূৰ্তি নির্মাণ শিল্প বিকশিত হয়। এইবোৰত স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যও সংযোজিত হৈছিল। বিভিন্ন পার্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্প কলাক গান্ধাৰ শিল্প কলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰা হৈছে।
৬। অসমনৱ-বৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা। HSLC ’19
উত্তৰঃ শ্রীমন্ত শংকদেরে পঞ্চদশ শতিকাত অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ সূচনা কৰে। এই ধর্ম সংস্কৃত ‘ভাগৱত গীতা’ৰ ধৰ্মীয় তত্বৰ ওপৰত প্রতিষ্ঠিত। এই ধৰ্মৰ মূল বাণীসমূহ প্ৰচাৰৰ উদ্দেশ্যে শ্রীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধদেরে গীত পদ, নাট, কাব্য আদি ৰচনা কৰে। কৃষ্ণ মহাত্ম্য আৰু কৃষ্ণলীলা প্রকাশ আৰু প্ৰচাৰ কৰাই হৈছে বৈষ্ণৱ সাহিত্যৰ মূল বিষয়। শংকৰদেৱে ৰচনা কৰা ‘চিহ্নযাত্রা’ নামৰ নাটকৰ জৰিয়তে বৈষ্ণৱী সাহিত্যৰ জন্ম হয়। বৈষ্ণবী সাহিত্য ৰাজিৰ ভিতৰত শংকৰদেৱৰ ‘কীৰ্তনঘোষা’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ সর্বশ্রেষ্ট। শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত ভট্টদের, অনন্ত কন্দলি, ৰাম সৰস্বতী আদি কবি-সাহিত্যিকে বৈষ্ণৱী সাহিত্য চর্চা অব্যাহত ৰাখিছিল। নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ জৰিয়তে শ্রীমন্ত শংকৰদেৱে অসমীয়া জাতিক এক নতুন ৰূপ প্রদান কৰিছিল।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):
প্রশ্নঃ পৃথিৱীৰ আদিমতম লিখিত ধর্মগ্রন্থ।
(ক) সামবেদ
(গ) যজুঃ বেদ
উত্তৰঃ (খ)
(খ) ঋকবেদ
(ঘ) অথর্ববেদ
প্রশ্নঃ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিক বিকাশ কেতিয়া হৈছিল?
(ক) খ্রীষ্টপূর্ব চতুর্থ সহস্রাব্দত
(খ) খ্রীষ্টপূর্ব তৃতীয় সহস্রাব্দত
(গ) খ্রীষ্টপূর্ব পঞ্চম সহস্রাব্দত কুচিপুড়ী
(ঘ) খ্রীষ্টপূর্ব ষষ্ঠ সহস্রাব্দত
উত্তৰঃ (ক)
প্রশ্নঃ কোনজন আহোম ৰজাই ‘তলাতল ঘৰ’ নির্মাণ আৰম্ভ কৰিছিল?
(ক) চন্দ্রকান্ত সিংহ
(খ) ৰুদ্ৰসিংহ
(গ) ৰাজেশ্বৰ সিংহ
(ঘ) চক্রধ্বজ সিংহ
উত্তৰঃ (গ)
প্রশ্নঃ ‘অর্থশাস্ত্র’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) কৌটিল্য
(খ) ৰামানুজন (গ) বৰাহমিহিৰ
উত্তৰঃ (ক)
(ঘ) ঋষি সুনক
প্রশ্নঃ ‘নামঘাযো’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) মাধৱদেৱ
(খ) শংকৰদেৱ
(ঘ) ৰবীন্দ্রনাথ
(গ) ভট্টদের
উত্তৰঃ (ক)
প্রশ্নঃ ‘কীর্তন ঘোষা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) চানক্য
(খ) শংকৰদেৱ
(গ) মাধৱদেৱ
(ঘ) মাধৱ কন্দলি
উত্তৰঃ (খ)
প্রশ্নঃ ‘ৰামবিজয়’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) ইকবাল
(খ) শংকৰদেৱ
(গ) সুকুমাৰ বৰকাইথ (ঘ) মাধৱদেৱ
উত্তৰঃ (খ)
প্রশ্নঃ ‘হস্তিবিদ্যার্ণর’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) ভৰদ্বাজ
(খ) শংকৰদেৱ
(গ) সুকুমাৰ বৰকাইথ
(ঘ) ভট্টদের
উত্তৰঃ (গ)
প্রশ্নঃ ‘ৰাজত ৰঙ্গিনী’ গ্রন্থখন কোনে ৰচনা কৰিছিল? HSLC ’24
(ক) জয়দেৱ
(গ) মাধৱ কন্দলি
উত্তৰঃ (ঘ)
(খ) শংকৰদেৱ
(ঘ) কলহান
প্রশ্নঃ ‘কথাগীতা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) ভট্টদের
(খ) শংকৰদেৱ
(গ) সুকুমাৰ বৰকাইথ
(ঘ) মাধৱদেৱ
উত্তৰঃ (ক)
প্রশ্নঃ ‘পদ্যগীতা’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) ভট্টদের
(গ) শংকৰদেৱ
(খ) গোবিন্দ মিশ্র
(ঘ) কলহান
উত্তৰঃ (খ)
প্রশ্নঃ কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল তলত উল্লেখ কৰা কোন জাতিগোষ্ঠীৰ অৱদান?
(ক) দ্রাবিড়সকলৰ
(খ) মংগালৌয়সকলৰ
(গ) অস্ট্রিকসকলৰ
(ঘ) নিগ্ৰোসকলৰ।
উত্তৰঃ (গ)
প্রশ্নঃ ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক ভাবে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান?
(ক) ৭০৫ টা
(খ) ৭০৬টা।
(গ) ৭০৭ টা
(ঘ) ৭০৭ টা
উত্তৰঃ (ক)
প্রশ্নঃ অসমৰ প্ৰাচীন নাম কি আছিল?
(ক) প্রাগজ্যোতিষপুৰ
(খ) কমতাপুৰ
(গ) কোচবিহাৰ
(ঘ) কামৰূপ
উত্তৰঃ (ক)
প্রশ্নঃ তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্রপ্রদেশৰ?
(ক) কথাকলি
(খ) কুচিপুড়ী
(গ) ভাৰতনাট্যম
(ঘ) অডিছি।
উত্তৰঃ (খ)
প্রশ্নঃ তলত দিয়া জনগাষ্ঠেীৰ কোনটো বৌদ্ধধর্মালম্বী?
(ক) কার্বি
(খ) আদি
(গ) খাছী
(ঘ) খামতি
উত্তৰঃ (ঘ)
প্রশ্নঃ অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? HSLC ’24
(ক) ভট্টদের
(খ) শংকৰদেৱ
(গ) মাধৱ কন্দলি
(ঘ) অনন্ত কন্দলি
উত্তৰঃ (ক)
প্রশ্নঃ ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ ৰচক কোন?
(ক) বিক্রম সেন
(খ) জৱাহৰলাল নেহৰু।
(গ) সুভাষ বসু
(ঘ) চাণক্য
উত্তৰঃ (খ)
প্রশ্নঃ আজান পীৰ কেতিয়া অসমলৈ আহিছিল?
(ক) ৰুদ্ৰ সিংহৰ দিনত
(খ) গদাধৰ সিংহৰ দিনত
(গ) লৰা ৰজাৰ দিনত
(ঘ) শিৱ সিংহৰ দিনত
উত্তৰঃ (খ)
প্রশ্নঃ জিকিৰ আৰু জাৰিৰ ৰচক কোন?
(ক) আজান পীৰ
(খ) ইকবাল
(গ) জাকিৰ হুছেইন
(ঘ) শংকৰদেৱ
উত্তৰঃ (ক)
নাম
প্রশ্নঃ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ
(ক) আর্যভট্ট আৰু বৰাহ মিহিৰ
(খ) ব্রহ্মগুপ্ত আৰু দ্বিতীয় ভাস্কৰাচাৰ্য
(খ) আর্যভট্ট আৰু ভৰদ্বাজ
(ঘ) প্রথম ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ
প্রশ্নঃ মেঘালয়ৰ খাচিয়া জনজাতি কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্ভূক্ত? HSLC ’24
(ক) নিগ্রো গোষ্ঠী
(খ) অস্ট্রিক গোষ্ঠী
(গ) দ্রাবিড় গোষ্ঠী
(ঘ) মঙ্গোলীয় গোষ্ঠী
উত্তৰঃ (খ)
প্রশ্ন: অসমৰ গদ্য সাহিত্যৰ জনক কোন?
(ক) মাধৱ কন্দলি
(খ) মাধৱদেৱ
(গ) ভট্টদের
(ঘ) শংকৰদেৱ
উত্তৰঃ (গ)
গ্রন্থ?
প্রশ্নঃ কৌটিল্যৰ ‘অর্থশাস্ত্র’খন কি বিষয়ক (ক) অথনীতি বিজ্ঞান বিষয়ক গ্রন্থ
(খ) ধর্ম গ্রন্থ বিষয়ক গ্রন্থ
(গ) ৰাজনীতি বিজ্ঞান বিষয়ক গ্রন্থ
(ঘ) নীতিশাস্ত্র বিষয়ক গ্রন্থ
উত্তৰঃ (গ)
প্রশ্নঃ ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
(ক) ঋকবেদৰ পৰা
(খ) সংহিতাৰ পৰা
(গ) মুণ্ডক উপনিষদৰ পৰা
(ঘ) মার্কণ্ডেয় পুৰাণৰ পৰা
উত্তৰঃ (গ)
প্রশ্নঃ আন্তঃৰাষ্ট্ৰীয় যোগদিৱস পালন কৰা হয়? HSLC ’24
(ক) ২১ জুন
(খ) ১২ এপ্রিল
(গ) ১৬ মে
(ঘ) ২২ জুন
উত্তৰঃ (ক)