Join WhatsApp

Join Now

Join Telegram

Join Now

প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Chapter 16 Solutions 2026

By Rabbi Masrur

Published On:

প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Chapter 16

প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Chapter 16 Solutions

Amaraxom.com লৈ আপোনাক স্বাগতাম। আপুনি যদি প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Chapter 16 Solutions ৰ প্রশ্নোত্তৰ ইন্টাৰনেটত বিচাৰি আছে, তেনেহলে আপুনি সঠিক স্থানত উপনীত হৈছে। আজি আমি এই পোস্টত প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Chapter 16 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

অসমীয়া (বাধ্যতামূলক) সূচীপত্ৰ
গ্ৰুপ- ক (বাধ্যতামূলক)
পদ্যাংশ
প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামী
চমু প্রশ্নোত্তৰ

👉 Read Also:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ লিখা হল।

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম আছিল: জীৱক, পাণিনি, অত্রেয়, আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল?

উত্তৰঃ তক্ষশীলালৈ পশ্চিমৰ পাৰস্য দেশ, বেকট্রিয়া মগধৰ আদি দেশৰ পৰা ছাত্ৰ আহিছিল।

(গ) নাগার্জুন কোন আছিল?

উত্তৰঃ নাগার্জুন প্রাচীন অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত চীনদেশৰ অহা ছাত্র য়ুয়ানচ্যাঙক কামৰূপৰ ৰজাই কামৰূপ ৰাজ্যলৈ আহিবলৈ নিমন্ত্ৰণ কৰিছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল কুমাৰ ভাস্কৰ বৰ্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিছিল।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?

উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয় বিক্রমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল।

(ছ) শ্রীধনাকট্য বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? HSLC ’22

উত্তৰঃ নাগার্জুন।

(জ) মৌর্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্রীজনৰ নাম কি আছিল? HSLC 22

উত্তৰঃ চাণক্য।

(ঝ) নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ কি কি বিষয়ত শিক্ষাদান কৰা হৈছিল? HSLC ’22

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোলোৱাকৈ চিকি ৎসাশাস্ত্র, দর্শনশাস্ত্র, আধ্যাত্মাবিজ্ঞান, শিক্ষাদান কৰা হৈছিল।

(ঞ) হেমচন্দ্র গোস্বামীৰ প্ৰথম অসমীয়া চনেটটোৰ নাম কি? HSLC ’24

উত্তৰঃ ‘প্রিয়তমাৰ চিঠি’।

(ট) নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষজনৰ নাম কি আছিল? HSLC ’22

উত্তৰঃ শীলভদ্র।

(ঠ) প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়খনৰ নাম লিখা। চাৰিখন HSLC ’23 

উত্তৰঃ প্রাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়খনৰ নাম হ’লঃ নালন্দা বিশ্ববিদ্যালয়, তক্ষশীলা বিশ্ববিদ্যালয়, দেৱবিহাৰ বিশ্ববিদ্যালয় আৰু শ্রীধান্যকটক বিশ্ববিদ্যালয়। ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰঃ আর্যশিক্ষাৰ কলাবিদ্যা আছিল মুঠ ৬৪ টা। প্রাচীন ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়বিলাকত এই ৬৪ টা কলাবিদ্যাৰ ১১ টা বিদ্যা শিক্ষা দিয়া হৈছিল, যথাঃ

(১) সাহিত্য,

(২) গৃহপাল বিদ্যা,

(৩) বন্ধন বিদ্যা,

(৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা,

(৫) হাতেবে কাম কৰা বিদ্যা,

(৬) শিল্প বিদ্যা,

(৭) বিজ্ঞান,

(৮) সংগীত বিদ্যা,

(৯) নাট্য বিদ্যা,

(১০) শিষ্টাচাৰ বিদ্যা আৰু

(১১) শাৰীৰিক ব্যায়াম বিদ্যা।

২। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ চমু পৰিচয় দিয়া? HSLC ’23

উত্তৰঃ প্রাচীন ভাৰতত কেইবাটাও বিশ্ববিদ্যালয় আছিল। তলত প্রধান বিশ্ববিদ্যালয়কেইখনৰ চমু পৰিচয় দিয়া হ’ল তক্ষশীলা বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈ বিদ্যমান আছিল। ইয়াত কেইবাখনো চতুষ্পাঠী আছিল আৰু ১৮ বিধ শিক্ষা দিয়া হৈছিল। ইয়াত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু হস্তবিদ্যাৰ শিক্ষা দিয়া হৈছিল। আয়ুৰ্বেদৰ শিক্ষা দিয়া অত্রেয় ঋষিও ইয়াতেই আছিল।

তক্ষশীলা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত ছাত্ৰৰ ভিতৰত বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য উল্লেখযোগ্য। শ্রীধান্যকটক বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় অম্ৰাৱতীনগৰৰ ওচৰত অৱস্থিত আছিল আৰু খ্রীষ্টপূর্ব এক শতিকালৈ বিদ্যমান আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ শিক্ষাৰ প্ৰদান কৰা হৈছিল। নাগার্জুন ইয়াৰ প্রধান শিক্ষক আছিল। নালন্দা বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা খ্ৰীষ্টীয় আঠ শতিকালৈ বিদ্যমান আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

শীলভদ্র এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ – আছিল। বিশ্বৰ বিভিন্ন দেশৰ ১০,০০০ ছাত্র ইয়াত একেলগে অধ্যয়ন কৰিছিল। পুথিভঁৰালটো ভাৰতৰ আটাইতকৈ ডাঙৰ আছিল। ইয়াৰ ৯ তলীয়া পুথিভঁৰালটো ‘ৰত্নোদধি’ নামেৰে জনাজাত। চীন পৰিব্রাজক য়ুয়ানচ্যাঙে ইয়াত যোগশাস্ত্র অধ্যয়ন কৰিছিল। – উজ্জয়িনী বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয় ভাৰত উজ্জয়িনী নামে ঠাইত অৱস্থিত আছিল। অতীত ই ভাৰতৰ পণ্ডিতসকলৰ মিলন ক্ষেত্র – আছিল। তাত বিভিন্ন শাস্ত্ৰ শিক্ষা দিয়াৰ লগতে জ্যোতির্বিদ্যাও শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ সময়তো এই বিশ্ববিদ্যালয় প্রখ্যাত আছিল।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment