Join WhatsApp

Join Now

Join Telegram

Join Now

নাথ যোগীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 12 Solutions ২০২৫

By নাজমিনা বেগম

Updated On:

নাথ যোগীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 12 Solutions – আপিনি যদি class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে আপুনি নিচ্ছয় class 10 ৰ নাথ যোগীসকল সমাধান বা notes বিচাৰি আছে? হয়, চিন্তাৰ কোনো কাৰণ নাই আজি Amar Axom website এ class 10 ৰ নাথ যোগীসকলৰ বিষয় সম্পূর্ণ সমাধান লৈ আহিছে।

নাথ যোগীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 12 Solutions

নাথ যোগীসকল Class 10 (বৈচিত্ৰ্য়ময় অসম) Chapter 12 Solutions

👉 Read also:

নাথ যোগীসকল

পাঠভিত্তিক প্রশ্নোত্তৰ

১। অসমৰ নাথযোগীসকলৰ উৎপত্তি সম্পর্কে লিখা।

উঃ নাথ বা যোগী সম্প্রদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্রাচীনতম জনগোষ্ঠী। আর্য্য সভ্যতাৰো বহু আগৰে পৰা এই সম্প্রদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ বসবাস কৰি আহিছে। নাথ বা যোগী সম্প্রদায়টো মূলতঃ শৈরপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈর বা ব্রাত্য ধর্ম। শৈবধৰ্মৰ মূল দর্শন যোগসাধন মাৰ্গৰ ওপৰত প্রতিষ্ঠিত। ‘যোগ’ৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰা মতে, আদিনাথ অর্থাৎ ভগৱান শিৱই হৈছে প্রথম গৰাকী নাথ। মহাযোগী মৎস্যেন্দ্রনাথ আৰু গুৰু গোৰক্ষনাথ নাথসকলৰ প্ৰধান দুগৰাকী গুরু। নাথ যোগী সম্প্রদায়টো গুরু শিষ্য পৰম্পৰাত বিশ্বাসী। নাথ যোগীসকলৰ দুটা ভাগ আছে। তাৰে এটা হ’ল গৃহস্থ যোগী আনটো হ’ল সন্যাসী যোগী। সন্যাসী যোগীসকলেই নাথ ধৰ্ম প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। গুৰু গোৰক্ষনাথে প্রৱৰ্তন কৰা যোগসাধন মাৰ্গৰ ওপৰত ৰচিত স্বামী স্বাত্মাৰাম যোগীৰ “হঠযোগ প্রদীপিকা” সমগ্র বিশ্বতে সমাদৃত যোগৰ এখন মূল্যবান গ্রন্থ।

২। নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।

উঃ নাথসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচার্যসকলে ৰচনা কৰা চর্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বগুলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰম্ভণি আছে বুলি পণ্ডিত সকলে মত প্রকাশ কৰিছে।
নাথ বা যোগী সম্প্রদায়টো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্রাত্য ধর্ম। শৈৱধৰ্মৰ মূল দর্শন যোগসাধন মাৰ্গৰ ওপৰত প্রতিষ্ঠিত। ‘যোগ’ৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰাৰ মতে আদিনাথ অর্থাৎ ভগৱান শিৱই হৈছে প্রথম গৰাকী নাথ। মহাযোগী মৎস্যেন্দ্রনাথ আৰু শুক গোৰক্ষনাথ নাথসকলৰ প্রধান দুগৰাকী গুৰু। নাথ যোগী সম্প্রদায়টো গুরু-শিষ্য পৰম্পৰাত বিশ্বাসী। নাথ যোগীসকলৰ দুটা ভাগ আছে তাৰে এটা হ’ল গৃহস্থ যোগী আনটো হ’ল সন্যাসী যোগী। সন্যাসী যোগীসকলেই নাথ ধৰ্ম প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক।
পিচলৈ এই নাথ যোগীসকলৰ কিছুমানে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষফর ধর্মত দীক্ষিত হয়। এই সম্প্রদায়টোৰ মধুৰনাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্রিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল।

৩। নাথযোগীসকলৰ বিষয়ে চমুকৈ লিখা।

উঃ নাথ বা যোগী সম্প্রদায়টো অসমৰ তথা ভাৰতবৰ্ষৰ এটা প্রাচীনতম জনগোষ্ঠী। আর্য্য সভ্যতাবো বহু আগৰে পৰা এই সম্প্রদায়টোৰ লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ বসবাস কৰি আহিছে। অসমতো নাথ যোগীসকল প্রাচীন কালৰে পৰা বসবাস কৰি আহিছে। ঘাইকৈ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, দৰং, নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, কাছাৰ আদি জিলাত নাথযোগী সম্প্রদায়ৰ মানুহে বসবাস কৰি আছে। নাথ বা যোগী সম্প্রদায়টো মূলতঃ শৈরপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈর বা ব্রাত্য ধর্ম। শৈরধর্মব মূল দর্শন যোগসাধন মার্গব ওপৰত প্রতিষ্ঠিত। ‘যোগ’ৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। নাথ পৰম্পৰা মতে আদিনাথ অর্থাৎ ভগবান শিৱই হৈছে প্রথম গৰাকী নাথ। মহাযোগী মৎস্যেন্দ্রনাথ আৰু গুৰু গোরক্ষনাথ নাথসকলৰ প্রধান দুগৰাকী গুরু। নাথ যোগী সম্প্রদায়টো গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী। নাথ যোগী সকলৰ দুটা ভাগ আছে তাৰে এটা হ’ল গৃহস্থ যোগী আনটো হ’ল সন্যাসী যোগী। সন্যাসী যোগীসকলেই নাথ ধৰ্মৰ প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোরক্ষনাথ হঠযোগ সাধন মার্গৰ আৱিষ্কাৰক।

👉 Read also:

পিচলৈ এই নাথ যোগীসকলৰ কিছুমানে মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মত দীক্ষিত হয়। এই সম্প্রদায়টোৰ মধুৰনাথ বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ এগৰাকী প্রিয় শিষ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। নাথ সকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য বচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিত সকলে মত প্রকাশ কৰিছে। অতীত অসমৰ নাথ যোগীসকলৰ পুৰুষ মহিলা উভয়েই বোৱা কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল। সেয়েহে নাথ যোগীসকলৰ বহু লোক ‘কাটনী’ উপাধিৰেও পৰিচিত হৈ আহিছে।

অসমৰ নাথ যোগীসকল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে। দৰং জিলাৰ প্রসিদ্ধ সুকণাণি ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহ সম্প্রদায়টোরে শ শ বছৰ ধৰি কঢ়িয়াই ফুৰা অসমন এক চহকী সাংস্কৃতিক সম্পদ। সময়ৰ সোঁতত এই প্রাচীন ঐতিহ্যময় জনগোষ্ঠীটোরে সামাজিক উত্থান-পতনৰ মাজেদি নিজৰ আৰু পৰিচয় ৰক্ষা কৰি আহিছে। আনহাতেদি সম্প্রদায়টোক শৈক্ষিক, বৌদ্ধিক, সাংস্কৃতিক আৰু ধর্মীয় সকলো দিশতে আগবঢ়াই নিবলৈ হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰা প্রমুখ্যে ভালেকেইগৰাকী দূৰদৰ্শী ব্যক্তিৰ উদ্যোগত ১৯১৯ চনত গঠিত ‘অসম প্রাদেশিক যোগী সম্মিলনী’ অসমৰ অন্যতম পুৰণি জনগোষ্ঠীয় অনুষ্ঠান।

অতিৰিক্ত প্রশ্নোত্তৰ

১। হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক কোন?

উঃ নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক।

২। নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।

উঃ নাথ যোগীসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচার্য সকলে ৰচনা কৰা চর্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বগুলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিত সকলে মত প্রকাশ কৰিছে।

৩। ‘হঠযোগ প্রদীপিকা’ গ্ৰন্থৰ ৰচয়িতা কোন?

উঃ স্বামী স্বাত্মাৰাম যোগী “হঠযোগ প্রদীপিকা” গ্রন্থৰ ৰচয়িতা।

👉 Read also:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×