Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ধ্বনি আৰু ভাষা Sound and Language 2026

By Nzmina Begum

Published On:

অসমীয়া ধ্বনি আৰু ভাষা Sound and Language

অসমীয়া ধ্বনি আৰু ভাষা Sound and Language

অসমীয়া ধ্বনি আৰু ভাষা Sound and Language: ভাষা হৈছে মানুহৰ ভাব-বিনিময়ৰ প্ৰধান মাধ্যম। অসমীয়া ভাষা ভাৰতীয়-আৰ্য ভাষা (Classical Language) পৰিয়ালৰ অন্তৰ্গত এগৰাকী সমৃদ্ধ ভাষা। এই ভাষাৰ গঠন, উচ্চাৰণ, আৰু ধ্বনি-বৈশিষ্ট্যবোৰক ভালদৰে বুজি ল’বলৈ অসমীয়াৰ ধ্বনি-তত্ব অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজনীয়।

👉 Read also:

মানুহে নিজৰ মনৱ ভাৱ, অনুভূতি, আবেগ আদি যি মাধ্যমৰ মাজেদি প্ৰকাশ কৰে তাকে ‘ভাষা’ বুলি কোৱা হয়।

পৃথিৱীত প্ৰায় ৬,৫০০ টা মান ভাষা আছে। ভাষা হৈছে কিছুমান শব্দৰ অৰ্থপূৰ্ণ অভিব্যক্তি। আনহাতে শব্দ হৈছে কিছুমান ধ্বনিৰ সমষ্টি। প্ৰকৃতিৰ জীৱ-জন্তুয়ে নিজ নিজ স্বভাৱ বা ধৰণ অনুযায়ী মুখেৰে কিছুমান ধ্বনি (sound) প্ৰকাশ কৰে।

ধ্বনি হৈছে কোনো সংকেত বা মাত। ই স্বতঃস্ফূর্ত বা ইচ্ছাকৃতও হ’ব পাৰে। জীৱ-জন্তুৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত ইয়াৰ উৎপত্তি হয়।

সেয়ে ক’ব পাৰি যে জীৱৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত যি স্বৰ বা মাতৰ উৎপত্তি হয় সেয়াই  ধ্বনি (Sound)।

ধ্বনিয়েই হৈছে ভাষা এটিৰ মূল উপাদান। অৰ্থাৎ ধ্বনিৰ ওপৰত ভিত্তি কৰিয়েই ভাষাৰ সৃষ্টি হৈছে। সেয়ে ভাষা বুলিলে ধ্বনি সমষ্টিক বুজোৱা হয়।

অৰ্থাৎ জীৱৰ ভাৱ বা অনুভব প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ভাষা (Language)।

উদাহৰণ– স্পেনিচ ভাষা, ৰুচ ভাষা, লেটিন ভাষা, হিন্দী ভাষা, উৰ্দু ভাষা, অসমীয়া ভাষা, বাংলা ভাষা, সংস্কৃত ভাষা ইত্যাদি।

ধ্বনি উচ্চাৰণ কৰিব পৰা প্ৰায়বোৰ জীৱৰে ভাষা আছে যদিও মানুহৰ ভাষাৰ ৰূপ দুটা, যথা– কথিত ৰূপ  আৰু লিখিত ৰূপ।

আমি কথা পাতোতে ব্যৱহাৰ কৰা ভাষাৰ ৰূপটোয়েই কথিত ভাষা (Colloquial Language)

আনহাতে কোনো লেখন-সঁজুলিৰ সহায়ত আমাৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা কেতবোৰ সাংকেতিক চিন ব্যৱহাৰ কৰি প্ৰকাশ কৰা ভাষাৰ ৰূপটোয়েই লিখিত ভাষা (Written Language)।

আদিতে পৃথিৱীৰ সকলোবোৰ ভাষা কথিত ৰূপত আছিল যদিও পিছলৈ মনৰ ভাৱ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰা কিছুমান সাংকেতিক চিন উদ্ভাৱন কৰা হয় আৰু ইয়াৰ লগে লগে ভাষাৰ লিখিত ৰূপৰ জন্ম হয়।

বৰ্তমান ভাৰতবৰ্ষত প্রায়  ১৬৫০ টা ভাষা আছে যদিও ইয়াৰ সৰহভাগ ভাষা  কথিত ৰূপতেই সীমাবদ্ধ আছে।  ভাৰতবৰ্ষৰ সংবিধানৰ ২০০৮ চনৰ সংশোধনীমতে ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্যা ২২ টা, যথা- (১) অসমীয়া, (২) বঙালী, (৩) উৰিয়া, (৪) উৰ্দু, (৫) সান্থালী, (৬) কানাড়া, (৭) কাশ্মীৰী, (৮) মৈথিলী, (৯) তামিল, (১০) তেলেগু, (১১) গুজৰাটী, (১২) পাঞ্জাৱী, (১৩) মাৰাঠী, (১৪) মালয়ালম, (১৫) হিন্দি, (১৬) সংস্কৃত, (১৭) কঙ্কোনী, (১৮) সিন্ধি, (১৯) মনিপুৰী, (২০) নেপালী, (২১) বড়ো আৰু (২২) ডোগ্ৰী।

অনুশীলনী

(১) ধবনি বুলিলে কি বুজা ?

(২) ভাষাৰ ৰূপ কেইটা?

(৩) প্ৰথিৱীত মুঠ কিমানটা ভাষা আছে?

(৪) কথিত ভাষা বুলিলে কি বুজা?

(৫) লিখিত ভাষা বুলিলে কি বুজা?

(৬) ভাৰবৰ্ষত মুঠ কেইটা ভাষা আছে?

(৭) ভাৰতবৰ্ষত সংবিধান স্বীকৃত ভাষা কেইটা আৰু কি কি লিখা।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ ধ্বনি আৰু ভাষা Sound and Language যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment