Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ভাষাৰ বিষয় আলোচনা The Assamese Language

By Nzmina Begum

Published On:

অসমীয়া ভাষাৰ বিষয় আলোচনা The Assamese Language
অসমীয়া ভাষাৰ বিষয় আলোচনা The Assamese Language

(অসমীয়া ভাষা The Assamese Language) অসমৰ প্ৰধান ভাষা আৰু সাহিত্য অসমীয়া। ‘অসম’ নামৰ পৰা উৎপত্তি হোৱা বুলিয়েই অসমৰ ভাষাটোক ‘অসমীয়া’ আখ্যা দিয়া হৈছে। ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাকেইটাৰ ভিতৰত অসমীয়া ভাষা অন্যতম।

অমসীয়া ভাষা ভাৰতীয় আৰ্যগোষ্ঠীৰ ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাবিশেষেই ক্ৰম পৰিৱৰ্তনৰ মাজেদি আহি খ্ৰীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে।

আৰ্য ভাষাৰ পৰা উদ্ভৱ হ’লেও অসমীয়া ভাষাৰ পৰিপুষ্টি সাধনত অতীজৰে পৰা বাস কৰা অনাৰ্য গোষ্ঠীৰ লোকসকলৰ ভাষাৰ প্ৰভাৱো নপৰাকৈ থকা নাই।

নদীৰ নাম, ঠাইৰ নাম, ধ্বন্যাত্মক শব্দ, ঘৰুৱা বহু শব্দৰ অসমীয়া উচ্চাৰণ আৰু ধ্বনি বিকাশতো অনাৰ্য ভাষাৰ প্ৰভাৱ চকুত পৰে। সেইদৰে মগোধি, প্ৰাকৃত, আৰ্যোত্তৰ আষাসমূহ, জনজাতী ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্চী, আৰবী আদি বিদেশী ভাষাসমূহ— এই সকলোৰে সমন্বয়ত অসমীয়া ভাষা গঢ়ি উঠিছে।

অসমীয়া ভাষাই তাৰ কাষৰীয়া ভাষাসমূহৰ লগত সনাসনি প্ৰভাৱ বিস্তাৰ কৰি উত্তৰ-পূব অঞ্চলৰ অসম নামৰ এই ভূখণ্ডৰ প্ৰকাশ আৰু যোগাযোগৰ মাধ্যম হৈ আছে। অসমীয়া ভাষাৰ বিভিন্ন শব্দবোৰৰ ভিতৰত ইংৰাজী ভাষাৰ প্ৰভাৱেই স্পষ্টকৈ লক্ষ্য কৰা যায়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment