Join WhatsApp

Join Now

Join Telegram

Join Now

অসংক্ৰাম্যনতা জীৱদেহৰ ৰাগ প্ৰতিৰোধক ক্ষমতা

By Nzmina Begum

Published On:

অসংক্ৰাম্যনতা জীৱদেহৰ ৰাগ প্ৰতিৰোধক ক্ষমতা

অসংক্ৰাম্যনতা জীৱদেহৰ ৰাগ প্ৰতিৰোধক ক্ষমতা

অসংক্ৰাম্যনতা হৈছে জীৱদেহৰ ৰাগ প্ৰতিৰোধক ক্ষমতা। জীৱৰ এনেধৰণৰ ক্ষমতা সহজাত আৰু অধিগত দুয়ো প্ৰকাৰৰ হ’ব পাৰে।

দেহৰ তেজৰ শ্বেত ৰক্তকণিকাই বাহিৰৰ পৰা অহা ৰোগ-জীৱাণুক আক্ৰমণ কৰি ধ্বংস কৰিব পাৰে। এয়া জীৱৰ সহজাত ক্ষমতা। আনহাতে তেনে বিশেষ ৰোগ-জীৱাণু দেহত প্ৰৱেশ কৰিলে তেজত পৰিৱৰ্তন তৈয়াৰ হয়।

এনে প্ৰতিবিষে আগন্তুক ৰোগ-জীৱাণুক ধ্বংস কৰাৰ উপৰি সিহঁতৰ পুনৰাক্ৰমণো প্ৰতিহত কৰে। দেহৰ এই ধৰ্মক ভিত্তি কৰিয়েই চিকিৎসক-বিজ্ঞানীয়ে সামান্য পৰিমাণৰ আৰু অপেক্ষাকৃতভাৱে কম শক্তিৰ ৰোগ-জীৱাণু ইচ্ছাপূৰ্বক-ভাৱে দেহত প্ৰৱেশ কৰাই তেনে ৰোগৰ কৰা দেহক অসংক্ৰাম্য কৰাৰ উপায় উদ্ভাৱন কৰিছে।

বসন্ত, ডিপথেৰিয়া, জলাতংক, ধনুষ্টাংকাৰ, কলেৰা আদি ৰোগৰ প্ৰতিষেধক ছিটা এই তত্ত্বৰ ওপৰতে প্ৰতিষ্ঠিত।

দেহৰ এই ৰোগ প্ৰতিৰোধক শক্তিৰ  বাবেই একে পাৰিপাৰ্শ্বিক অৱস্থাত থাকিও কোনোবা ৰোগাক্ৰান্ত হয় বা কোনোবা সুস্থ হৈ থাকে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment