Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত জানো আহক অলিম্পিক Olympic কি হয়?

By Nzmina Begum

Published On:

অলিম্পিক | Olympic

অসমীয়াত জানো আহক অলিম্পিক Olympic কি হয়?

(অলিম্পিক Olympic) অলিম্পিক হৈছে বিশ্ব ক্ৰীড়াৰ প্ৰাচীন শ্ৰেষ্ট সমাৰোহ। এই ক্ৰীড়া সমাৰোহৰ জন্মভূমি আৰু উৎস হৈছে প্ৰাচীন গ্ৰীচ ।

কিংবদন্তি অনুসৰি খ্ৰীষ্ট জন্মৰ প্ৰায় 1253 বছৰৰ আগতে গ্ৰীক বীৰ হাৰকিউলিছে প্ৰথম এনে এক ক্ৰীড়া সমাৰোহৰ প্ৰৱৰ্তন কৰিছিল। কিন্তু প্ৰামাণিক তথ্যৰ পৰা দেখা গৈছে যে অলিম্পিকৰ আৰম্ভণি হয় খ্ৰীষ্টপূৰ্ব 776-অত।

সেই সময়ত গ্ৰীচৰ অধিবাসীসকলে তেওঁলোকৰ দেৱতা জিউচৰ সন্মানাৰ্থে অলিম্পিয়া নামৰ ঠাইত এক ক্ৰীড়া প্ৰতিযোগিতাৰ নাম দিয়া হৈছিল অলিম্পিক।

খ্ৰীষ্টপূৰ্ব 776-অত অনুষ্ঠিত সেই ক্ৰীড়া প্ৰতিযোগিতাকেই প্ৰথম অলিম্পিক (Olympic) বুলি আখ্যা দিয়া হয়।

ইয়াৰ পাছৰ পৰাই গ্ৰীকসকলে সময়ৰ গণনা অলিম্পিক সময়ৰ লেখেৰেই, অৰ্থাৎ, এখন প্ৰতিযোগিতাৰ পৰা আনখনৰ মাজত চাৰি বছৰৰ ব্যৱধানৰ সময়ৰ লেখেৰেই কৰিবলৈ লয়।

আৰম্ভণিতেই সেই প্ৰতিযোগিতাত মাত্ৰ এবিধ খেলহে অন্তৰ্ভুক্ত কৰা হৈছিল। সেইটো আছিল খেল-পথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় দুশ গজ দীঘল দৌৰ। পাছলৈ অৱশ্যে অলিম্পিকত ক্ৰীড়া প্ৰতিযোগিতাৰ সংখ্যা ক্ৰমে বঢ়োৱা হয়।

সেই সময়ত অলিম্পিকক অকল অলিম্পিয়া বা গ্ৰীচৰ নহয়, সমগ্ৰ পৃথিৱীৰে আটাইতকৈ ডাঙৰ উৎসৱ বুলি বিবেচনা কৰা হৈছিল।

এই উৎসৱ উপলক্ষে কাৰুকাৰ্যখচিত প্ৰাসাদ, মাৰ্বলৰ ষ্টেডিয়াম, সাঁতোৰৰ সৰোবৰ, ক্ৰীড়াগাৰ, ৰত্নশীলা আৰু মঠ-মন্দিৰেৰে ভৰপূৰ অতুলনীয় সৌন্দৰ্য নগৰী অলিম্পিয়া ভূমধ্য সাগৰৰ দাঁতি-কাষৰীয়া প্ৰত্যেক দেশৰে পৰা অহা হাজাৰ হাজাৰ খেলুৱৈ, ক্ৰীড়ামোদী লোকেৰে ভৰি পৰিছিল।

আধুনিক অলিম্পিকত কুৰিটাতকৈ অধিক খেল অন্তৰ্ভুক্ত কৰা হৈছে। বিভিন্ন অলিম্পিকত এই সংখ্যা কম-বেছি হয়।

আধুনিক অলিম্পিকত সাধাৰণতে অন্তৰ্ভুক্ত হোৱা খেল কেইবিধ হ’ল- এথলেটিক্‌ছ, ফুটবল, বাস্কেট বল, ভলীভল, হকী, বক্সিং, অসিচালনা, জিমনাষ্টিক্‌ছ, ভাৰোত্তোলন, সাঁতোৰ, ৱাটাৰ পলো, নৌ চালনা, পেণ্টাথলন, অশ্বাৰোহণ ইত্যাদি।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment