SEBA Class 9 Social Science MCQ Chapter 6 Solutions – Part 2: Geography 2026–27-ৰ অধীনত নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ অধ্যায় ৬-ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। ইয়াত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা, তথ্য আৰু ধাৰণাসমূহ ভালদৰে বুজিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ জৰিয়তে পৰীক্ষাৰ প্ৰস্তুতি অধিক উন্নত কৰিব পাৰিব।
SEBA Class 9 Social Science MCQ Chapter 7 Solutions
অধ্যায় -২
বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ
অতি চমু প্রশ্নোত্তৰ (VSA)
১। বায়ুমণ্ডল কাক বোলে?
উঃ পৃথিৱীক আৱৰি থকা গেছীয় আৱৰণক বায়ুমণ্ডল বোলে।
২। বায়ুমণ্ডলৰ দুটা মুখ্য গেছৰ নাম লিখা।
উঃ নাইট্রজেন আৰু অৈিজন।
৩। হম ‘স্ফিয়েৰ কিমান উচ্চতালৈ বিস্তৃত?
উঃ প্রায় ৮০ কিলোমিটাৰ উচ্চতালৈ।
৪। হম ‘স্ফিয়েৰ আৰু হেটেৰ ‘স্ফিয়েৰৰ মাজৰ সীমাক কি বোলে?
উঃ মেছ’পজ।
৫। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম কি?
উঃ টুপ’স্ফিয়েৰ।
৬। অ’জন স্তৰ কোনটো স্তৰত অৱস্থিত?
উঃ স্ট্রেট’স্ফিয়েৰত।
৭। বায়ুচাপৰ মুখ্য একক কি?
উঃ মিলিবাৰ।
৮। নিৰক্ষীয় অঞ্চলত কেনেধৰণৰ চাপ থাকে?
উঃ নিম্নচাপ।
৯। বায়ুপ্রবাহ কাক বোলে?
উঃ গতিশীল বায়ুক বায়ুপ্রবাহ বোলে।
১০। বায়ু সদায় কোন দিশে প্রবাহিত হয়?
উঃ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ।
১১। কোৰিওলিছ বল কিহৰ ফলত সৃষ্টি হয়?
উঃ পৃথিৱীৰ আৱৰ্তনৰ ফলত।
১২। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?
উঃ এনিম ‘মিটাৰ।
১৩। মৌচুমী বতাহ কি?
উঃ ঋতুভেদে দিশ সলনি কৰা বতাহক মৌচুমী বতাহ বোলে।
১৪। বায়ুৰাশি কাক বোলে?
উঃ একে ধৰণৰ উষ্ণতা আৰু আর্দ্রতাসম্পন্ন বৃহৎ বায়ুপুঞ্জক বায়ুৰাশি বোলে।
১৫। জেট প্রবাহ কি?
উঃ অতি তীব্রবেগেৰে প্ৰবাহিত হোৱা উচ্চস্তৰীয় বায়ুধাৰাক জেট প্রবাহ বোলে।
বহুবিকল্পী প্রশ্নোত্তৰ (VSA)
১। বায়ুমণ্ডলত নাইট্রজেনৰ পৰিমাণ কিমান?
(ক) ২০.৯৪%
(খ) ৭৮.০৮%
(গ) ০.৯৩%
(ঘ) ০.০৩৬%
উঃ (খ) ৭৮.০৮%
২। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান?
(ক) ২০.৯৪%
(খ) ৭৮.০৮%
(গ) ০.৯৩%
(ঘ) ১%
উঃ (ক) ২০.৯৪%
৩। হম’স্ফিয়েৰ কিমান কিলোমিটাৰ উচ্চতালৈ বিস্তৃত?
(ক) ৫০ কি.মি.
(খ) ৮০ কি.মি.
(গ) ১০০ কি.মি.
(ঘ) ২০০ কি.মি.
উঃ (খ) ৮০ কি.মি.
৪। হম’ম্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাক কি বোলে?
(ক) ট্রপ’পজ
(খ) স্ট্রেটপ’জ
(গ) মেছ’পজ
(ঘ) এক্সপজ
উঃ (গ) মেছ’পজ
৫। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো কি?
(ক) স্ট্রেট’স্ফিয়েৰ
(খ) ট্রপ’স্ফিয়েৰ
(গ) থার্ম’স্ফিয়েৰ
(ঘ) এক্সস্ফিয়েৰ
উঃ (খ) ট্রপ’স্ফিয়েৰ
৬। অ’জন স্তৰ কোনটো স্তৰত থাকে?
(ক) ট্রপ’স্ফিয়েৰ
(খ) মেছ’স্ফিয়েৰ
(গ) ষ্টে’স্ফিয়েৰ
(ঘ) এক্স’স্ফিয়েৰ
উঃ (গ) স্ট্রেট’স্ফিয়েৰ
৭। বতৰৰ ক্ৰিয়া-কলাপ মুখ্যতঃ কোন স্তৰত সংঘটিত হয়?
(ক) থার্ম’ স্ফিয়েৰ
(খ) ট্রপ’স্ফিয়েৰ
(গ) এক্স ‘স্ফিয়েৰ
(ঘ) মেছ’স্ফিয়েৰ
উঃ (খ) ট্রপ’স্ফিয়েৰ
৮। নিৰক্ষীয় অঞ্চলত কেনেধৰণৰ চাপ থাকে?
(ক) উচ্চচাপ
(খ) মধ্যচাপ
(গ) নিম্নচাপ
(ঘ) কোনো চাপ নাথাকে
উঃ (গ) নিম্নচাপ
৯। উপক্রান্তীয় অঞ্চলত কেনেধৰণৰ চাপ বলয় থাকে?
(ক) নিম্নচাপ
(খ) উচ্চচাপ
(গ) মধ্যচাপ
(ঘ) পৰিৱৰ্তনশীল চাপ
উঃ (খ) উচ্চচাপ
১০। বায়ুপবাহৰ মূল কাৰণ কি?
(ক) বৰষুণ
(খ) চাপৰ তাৰতম্য
(গ) ডাৱৰ
(ঘ) নদী
উঃ (খ) চাপৰ তাৰতম্য
১১। বায়ু সদায় ক’ৰ পৰা ক’লৈ বয়?
(ক) নিম্নচাপৰ পৰা উচ্চচাপলৈ
(খ) উচ্চচাপৰ পৰা নিম্নচাপলৈ
(গ) পূৱৰ পৰা পশ্চিমলৈ
(ঘ) উত্তৰৰ পৰা দক্ষিণলৈ
উঃ (খ) উচ্চচাপৰ পৰা নিম্নচাপলৈ
১২। কোৰিওলিছ বল কিহৰ ফলত সৃষ্টি হয়?
(ক) পৃথিৱীৰ পৰিভ্ৰমণ
(খ) পৃথিৱীৰ আৱৰ্তন
(গ) সূৰ্যৰ তাপ
(ঘ) বৃষ্টিপাত
উঃ (খ) পৃথিৱীৰ আৱৰ্তন
১৩। উত্তৰ গোলার্ধত বায়ু কোনফালে বেঁকি যায়?
(ক) বাওঁফালে
(খ) সোঁফালে
(গ) ওপৰলৈ
(ঘ) তললৈ
উঃ (খ) সোঁফালে
১৪। বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি?
(ক) বেৰ’মিটাৰ
(খ) থার্ম’মিটাৰ
(গ) এনিম’মিটাৰ
(ঘ) হাইগ্র’মিটাৰ
উঃ (গ) এনিম’মিটাৰ
১৫। বতাহৰ গতিবেগৰ একক কি?
(ক) মিটাৰ
(খ) বাৰ
(গ) নট
(ঘ) ডিগ্রী
উঃ (গ) নট
১৬। প্রাথমিক বায়ুপ্রবাহক আন কি নামে জনা যায়?
(ক) স্থানীয় বতাহ
(খ) অনিয়মিত বতাহ
(গ) নিয়ত বতাহ
(ঘ) সাময়িক বতাহ
উঃ (গ) নিয়ত বতাহ
১৭। বাণিজ্য বতাহ কোন বলয়ৰ পৰা বয়?
(ক) মেৰুদেশীয় উচ্চচাপ বলয়
(খ) উপক্রান্তীয় উচ্চচাপ বলয়
(গ) নিৰক্ষীয় নিম্নচাপ বলয়
(ঘ) উপমেৰুদেশীয় নিম্নচাপ বলয়
উঃ (খ) উপক্রান্তীয় উচ্চচাপ বলয
১৮। স্থানীয় বতাহৰ উদাহৰণ কোনটো?
(ক) বাণিজ্য বতাহ
(খ) পছোৱা বতাহ
(গ) লু
(ঘ) মেৰু বতাহ
উঃ (গ) লু
১৯। দিনৰ ভাগত সমুদ্ৰৰ পৰা স্থলভাগলৈ বোৱা বতাহক কি বোলে?
(ক) স্থলবতাহ
(খ) জলবতাহ
(গ) মৌচুমী বতাহ
(ঘ) জেট প্রবাহ
উঃ (খ) জলবতাহ
২০। ৰাতিৰ ভাগত স্থলভাগৰ পৰা জলভাগলৈ বোৱা বতাহক কি বোলে?
(ক) জলবতাহ
(খ) পছোৱা বতাহ
(গ) স্থলবতাহ
(ঘ) লু
উঃ (গ) স্থলবতাহ
২১। বায়ুৰাশি কি?
(ক) একোটা নদী
(খ) একে বৈশিষ্ট্যসম্পন্ন বৃহৎ বায়ুপুঞ্জ
(গ) একোটা মেঘ
(ঘ) একোটা ঘূর্ণীবতাহ
উঃ (খ) একে বৈশিষ্ট্যসম্পন্ন বৃহৎ বায়ুপুঞ্জ
২২। দুটা ভিন্ন বায়ুৰাশিৰ সীমাৰেখাক কি বোলে?
(ক) চাপনতি
(খ) বাতাগ্র
(গ) সমচাপ ৰেখা
(ঘ) জেট প্রবাহ
উঃ (খ) বাতাগ্র
২৩। মৌচুমী বতাহ কোন অঞ্চলৰ বিশেষ বৈশিষ্ট্য?
(ক) মেৰু অঞ্চল
(খ) ক্রান্তীয় আৰু উপক্রান্তীয় অঞ্চল
(গ) মৰুভূমি অঞ্চল
(ঘ) টুন্ড্রা অঞ্চল
উঃ (খ) ক্রান্তীয় আৰু উপক্রান্তীয় অঞ্চল
২৪। বিউফর্ট স্কেল কোন বিষয়ৰ লগত জড়িত?
(ক) বৰষুণ
(খ) উষ্ণতা
(গ) বতাহৰ গতিকো
(ঘ) আর্দ্রতা
উঃ (গ) বতাহৰ গতিবেগ
২৫। অতি বেঙুনীয়া ৰশ্মি শোষণ কৰা গেছটো কি?
(ক) অক্সিজেন
(খ) নাইট্রজেন
(গ) কার্বন-ডাই-অক্সাইড
(ঘ) অ’জন
উঃ (ঘ) অ’জন।
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A)ঃ বায়ুৰ চাপ অধিক চাপযুক্ত অঞ্চলৰ পৰা কম চাপযুক্ত অঞ্চললৈ প্রবাহিত হয়।
কাৰণ (R)ঃ বায়ুৰ চাপৰ পাৰ্থক্যই বায়ু প্রবাহৰ সৃষ্টি কৰে।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): ট্রপ’স্ফিয়েৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ।
কাৰণ (R)ঃ এই স্তৰত বতৰ-জলবায়ুৰ সকলো ঘটনা সংঘটিত হয়।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-
স্তম্ভ ‘ক’
(A) ট্রপ’স্ফিয়েৰ
(B) স্ট্রেট’স্ফিয়েৰ
(C) উচ্চ চাপ বলয়
(D) নিম্ন চাপ বলয়
স্তম্ভ ‘খ’
(i) বায়ু তললৈ নামি আহে
(ii) ওজোন স্তৰ অৱস্থিত
(iii) বতৰজনিত ঘটনা সংঘটিত হয়
(iv) বায়ু ওপৰলৈ উঠি যায়
(a) A-ii, B-iii, C-iv, D-i
(b) A-iii, B-ii, C-i, D-iv
(c) A-iv, B-i, C-ii, D-iii
(d) A-i, B-iv, C-iii, D-ii
উঃ (b) A-iii, B-ii, C-i, D-iv
