Join WhatsApp

Join Now

Join Telegram

Join Now

অকা সংস্কৃতি কি আৰু কিও ইমান গুৰুত্বপূর্ণ?

By Nzmina Begum

Published On:

অকা সংস্কৃতি কি আৰু কিও ইমান গুৰুত্বপূর্ণ

অকা সংস্কৃতি কি আৰু কিও ইমান গুৰুত্বপূর্ণ?

(অকা সংস্কৃতি) অকাসকল হৈছে অৰুণাচল প্ৰদেশৰ এটা জনজাতি। অকাসকলে নিজকে ‘হ্ৰচু’ বুলি কয়। তেওঁলোকৰ ভাষাত এই শব্দটোৰ অৰ্থ মানুহ। গছ-লতা-পাতৰ ৰসেৰে মুখত স্থায়ী, আঁক-বাক কৰি লোৱা বাবে তেওঁলোকক ‘অকা’ বুলি কোৱা হয়।

অৰুণাচল প্ৰদেশৰ কামেং জিলাতেই অকাসকলৰ ঘাই বসতি। এই জনগোষ্ঠীৰ লোকসকলৰ গাৰ ৰং বগা, গঠন সুঠাম, নাক কিছু চেপেটা, গালৰ হাড় ওলোৱা।

পুৰুষ আৰু নাৰী উভয়ে এৰী-কাপোৰেৰে তৈয়াৰী পোছাক পিন্ধে। শৰীৰৰ ওপৰ অংশ ঢাকিবলৈ চাদৰ নতুবা জেকেটৰ দৰে চোলা ব্যৱহাৰ কৰে। অলংকাৰ নাৰী আৰু পুৰুষ উভয়ৰে প্ৰিয়। পুৰুষে অৱশ্যে খাৰু নিপিন্ধে।

অকাসকলে চাংঘৰ সাজি বাস কৰে। বহুকেইটা কোঠাৰে গঠিত একোটা চাংঘৰৰ প্ৰত্যেকটো কোঠাত একাটোকৈ পৰিয়াল থাকে। এসময়ত এওঁলোকৰ মাজত দাস প্ৰথাৰ প্ৰচলন আছিল যদিও বৰ্তমান এই প্ৰথা অপ্ৰচলিত।

অকা সমাজ পিতৃপ্ৰধান। পিতৃৰ পাছত পুত্ৰ সম্পত্তিৰ অধিকাৰী হয়। স্বজাতিৰ উপৰি অকাসকলৰ মিজিসকলৰ লগতো বিয়া হোৱা দেখা যায়। একেটা গোত্ৰৰ মাজত বিবাহ নিষিদ্ধ। সাধাৰণতে বিয়াৰ কথা-বতৰা অভিভাৱকৰ মাজত হ’লেও ল’ৰা-ছোৱালীৰ মতামতকো গুৰুত্ব দিয়া হয়।

এওঁলোকৰ মাজত বহুবিবাহৰো প্ৰচলন আছে। মৃতদেহ পুতি থোৱা হয়। মৃতকৰ লগত ব্যক্তিজনৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীও সমাধিস্থ কৰে। সিহঁতে জুম খেতি কৰে।  অকাসকলৰ মাজত বিনিময় প্ৰথাৰ প্ৰচলন আছে। অৱশ্যে আজিকালি টকা-পইচাৰ ব্যৱহাৰো হৈছে। এওঁলোকে প্ৰয়োজনীয় বস্তু ভৈয়ামৰ পৰা কিনি লয়।

অকাসকলৰ মাজত হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰে প্ৰভাৱ আছে। এওঁলোকৰ প্ৰধান দেৱতা পুমুছাগো আকাশ, পাতাল, পৃথিৱীৰ, স্ৰজনকৰ্তা বুলি অকাসকলৰ মাজত বিশ্বাস। হিন্দু ধৰ্মৰ প্ৰভাৱত আধুনিক অকাসকলৰ মাজত হিন্দু দেৱ-দেৱীৰ পূজাৰ প্ৰচলন হৈছে। হৰিদেও আধুনিক অকাসকলৰ প্ৰধান দেৱতাৰ নাম।

বাঁহী, এবিধ সৰু ঢোল আৰু বেণুজাতীয় এবিধ বাদ্য অকাসকলৰ ঘাই বাদ্যযন্ত্ৰ। ৰাতি জুইৰ চাৰিওফালে পুৰুষ-মহিলাই কৰা এক ধৰণৰ নৃত্য তেওঁলোকৰ প্ৰধান নৃত্য।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment