Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অতি বেঙুণীয়া ৰশ্মি কাক বোলে?

By Nzmina Begum

Published On:

অসমীয়াত অতি বেঙুণীয়া ৰশ্মি কাক বোলে

অসমীয়াত অতি বেঙুণীয়া ৰশ্মি কাক বোলে?

👉 Read also:

অসমীয়াত অতি বেঙুণীয়া ৰশ্মি কাক বোলে? (Ultraviolet Ray) হৈছে সূৰ্যৰ পোহৰত থকা বেঙুনীয়া পোহৰতকৈ চুটি তৰংগৰ অদৃশ্য ৰশ্মি। আমি সাধাৰণতে যি পোহৰ দেখোঁ, দৰাচলতে সেই পোহৰ একপ্ৰকাৰ বিদ্যুৎ চুম্বক জাতীয় ঢৌ বা তৰংগ। এই ঢৌৰ উপৰি আন কিছুমান এই জাতীয় ঢৌ আছে।

ৰঞ্জন ৰশ্মি বা এক্স-ৰে’, গামা ৰশ্মি আৰু অনাতাঁৰ তৰংগ  আদি ঢৌবোৰ এনেকুৱা বিদ্যুৎ জাতীয় ঢৌ বা তৰংগ। আমি দেখিবলৈ পোৱা পোহৰৰ বাহিৰেও চকুৰে নেদেখা পোহৰো আছে আৰু ইয়াক ‘অদৃশ্য পোহৰ’ বোলা হয়।

অতি বেঙুনীয়া  ৰশ্মিৰ তৰংগ দৈর্ঘ সাধাৰণ পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈও কম। তৰংগ দৈৰ্ঘ্য কম হোৱা বাবেই ইয়াক আমি চকুৰে দেখা নাপাওঁ।

সূৰ্যৰ ৰশ্মিত এই অতি বেঙুনীয়া ৰশ্মি থকা বাবেই আমাৰ গাৰ ছাল বেছি সময়ত ৰ’দত থাকিলে তাম বৰণীয়া হৈ যায়। অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ গাৰ ছালত থকা আৰ্গষ্টেৰল’ নামৰ উপাদানৰ ওপৰত ক্ৰিয়া কৰি ঘ-খাদ্যপ্ৰাণ উৎপন্ন কৰে।

এই বিধ খাদ্যপ্ৰাণ আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ বৃদ্ধিৰ বাবে অতি আৱশ্যক। পৃথিৱীৰ বায়ুমণ্ডল ভেদ কৰি সূৰ্যৰ ৰশ্মিৰ লগত যিখিনি অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত পৰেহি তাৰ পৰিমাণ সামান্য।

এই ৰশ্মিৰ পৰিমাণ বৃদ্ধি হ’লে প্ৰাণীৰ বাবে ই অতি মাৰাত্মক। এই ৰশ্মিৰ প্ৰভাৱত মানুহৰ ছালৰ কৰ্কট ৰোগকে ধৰি আন বহু মাৰাত্মক ৰোগ হ’ব পাৰে। বায়ুমণ্ডলত থকা ‘অজ’ন’ গেছৰ স্তৰ এটাই এই মাৰাত্মক অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা পৃথিৱীৰ প্ৰাণী জগতক ৰক্ষা কৰি আহিছে।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment