উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘সাংবিধানিক দর্শন‘ পাঠটিৰ Class 11 Political Science Chapter 10 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
সাংবিধানিক দৰ্শন Class 11 Political Science Chapter 10 Solutions Notes
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- নির্বাচন আৰু প্রতিনিধিত্ব প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
সাংবিধানিক দর্শন
শাখা-ক অধ্যায়- ১০
অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)
১। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছে?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
২। প্রস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংগ হয়নে?
উত্তৰঃ নহয়।
৩। ভাৰতৰ সংবিধানত বর্তমান কেইটা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ১১ টা।
৪। ভাৰতত সংসদীয় নে ৰাষ্ট্ৰপতীয় চৰকাৰ আছে?
উত্তৰঃ সংসদীয়।
৫। ভাৰত প্ৰকৃত যুক্তৰাষ্ট্ৰ হয়নে?
উত্তৰঃ নহয়।
৬। নির্দেশাত্মক নীতিৰ ধাৰণাটো ভাৰতে কোন দেশৰ সংবিধানৰ পৰা লৈছে?
উত্তৰঃ আয়াৰলেণ্ডৰ সংবিধানৰ পৰা।
৭। মৌলিক অধিকাৰৰ ধাৰণাটো ভাবতে কোন দেশৰ সংবিধানৰ পৰা লৈছে?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা।
৮। সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ হয়নে?
উত্তৰঃ নহয়।
👉 Read Also:
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
৯। সংবিধানৰ কিমানতম সংশোধনীত ‘ঐক্য আৰু সংহতি’ শব্দ দুটা প্রস্তাৱনাত অন্তর্ভুক্ত কৰিছিল?
উত্তৰঃ ৪২ তম সংশোধনীত।
১০। প্রস্তাবনা হ’ল ভাৰতীয় সংবিধানৰ ঠাই পূৰণ কৰা) -। (খালী
উত্তৰঃ দর্শন।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)
১। ‘প্রস্তাৱনা’ৰ অৰ্থ কি?
উত্তৰঃ ‘ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা’ হৈছে ভাৰত যুক্তৰাষ্ট্ৰৰ আদর্শ আৰু দৰ্শন প্রতিফলিত কৰি ৰচনা কৰা এক আৰম্ভণিসূচক বক্তব্য বা টোকা। ই সংবিধানৰ পাতনি স্বৰূপ।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
১। প্রস্তাবনাই ভাৰতীয় সংবিধানৰ মূল দর্শন প্রতিফলিত কৰিব পাৰিছেনে? আলোচনা কৰা।
উত্তৰঃ সংবিধানৰ আৰম্ভণিতে সংবিধানৰ আদৰ্শ, ৰাষ্ট্ৰখনৰ নীতি আৰু দেশৰ শাসন ব্যৱস্থাৰ প্ৰকৃতি প্রকাশ কৰি আৰম্ভণি স্বৰূপ যি বক্তব্য দাঙি ধৰা হৈছে তাকে সংবিধানৰ ‘প্রস্তাৱনা’ বুলি কোৱ হয়। আন কথাত দেশ এখনে অনুসৰণ কৰিব লগা নীতি প্রস্তাৱনাত উল্লেখ থাকে। ভাৰতীয় সংবিধানৰো এক স্পষ্ট প্রস্তাবনা আছে।
প্রস্তাৱনাত ভাৰতবৰ্ষক এখন ‘সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক গণৰাজ্য’ বুলি ঘোষণা কৰা হৈছে। এই আদর্শকেইটা ভাৰতীয় সংবিধানৰ মূল ভেটি। ভাৰতবৰ্ষৰ্ষ হৈছে পৃথিবীৰ এখন বৃহৎ স্বাধীন ৰাষ্ট্ৰ। ইয়াৰ সমাজ আৰু অর্থনৈতিক ব্যবস্থা সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত কাৰণ ই জনসাধাৰণক সামাজিক ন্যায় প্রদান কৰাৰ বাবে প্রতিশ্রুতিবদ্ধ।
ধৰ্ম নিৰপেক্ষতা নীতিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ৰাষ্ট্ৰই কোনো ধর্মকে প্রতিনিধিত্ব নকৰিব যদিও সকলোৱে নিজৰ নিজৰ ধর্ম পালন আৰু প্ৰচাৰ কৰিব পাৰিব। সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা গণতান্ত্রিক গণৰাজ্যৰ আদৰ্শটো বাস্তৱত ৰূপায়িত হৈছে। ইয়াত জনসাধাৰণে নিজৰ মাজৰ পৰাই প্রতিনিধি নির্বাচন কৰি আইন সভালৈ পঠিয়ায়। অর্থাৎ ভাৰতবৰ্ষত ৰাইজেই ৰজা। গতিকে দেখা যায় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাই ৰাষ্ট্ৰখনৰ মূল আদর্শ আৰু দর্শন প্রতিফলিত কৰিব পাৰিছে।
👉 Read Also:
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ