বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective ২০২৫

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective

বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective

(বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective) বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

অসমীয়া বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য-বিশেষণ (Adjectival Noun)

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb) তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। বিশেষ্য-বিশেষণ (Adjectival Noun)

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ–

গুণী ছোৱালী, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

২। বিশেষণীয়-বিশেষণ (Adjectival Adverb)

বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে।  উদাহৰণ–

অতি চতুৰ ল’ৰা, বৰ ডাঙৰ কঁঠাল, বেছি দুষ্ট ছোৱালী,  ইত্যাদি।

৩। ক্ৰিয়া-বিশেষণ  (Adjectival Verb)

ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে।  উদাহৰণ–

খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, লাহে লাহে আহ  ইত্যাদি।

অনুশীলনী

(১) বিশেষণ কাক বোলে?

(২) ক্রিয়া বিশেষণ কাক বোলে ? সূত্র লিখি উদাহৰণ দিয়া।

(৩) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ বুজাই লিখা।

You May Like:

Leave a Comment

" target="_blank" rel="nofollow">