Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত পুৰুষ Person in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়াত পুৰুষ Person in Assamese

অসমীয়াত পুৰুষ Person in Assamese

👉 Read also:

(অসমীয়াত পুৰুষ Person in Assamese) ব্যাকৰণৰ ভাষাত ‘পুৰুষ’ (Person) শব্দই ব্যক্তি আৰু বস্তু – দুয়াকো বুজায়। বক্তাই নিজক বুজাবলৈ প্ৰথম পুৰুষ (First Person), যাৰ আগত কয় সি দ্বিতীয় পুৰুষ (Second Person) আৰু যাৰ বিষয়ে কয় সি তৃতীয় পুৰুষ (Third Person) । উদাহৰণ–

মই তোমাক কিতাপখনৰ এটা কাহিনী বৰ্ণনা কৰিলো।

উক্ত বাক্যটোত ‘মই’ – বক্তা। সেয়ে ই প্ৰথম পুৰুষ। ‘তোমাক’- শ্ৰুতা। সেয়ে ই দ্বিতীয় পুৰুষ। ‘কিতাপখন’-তৃতীয় পুৰুষ কাৰণ ইয়াৰ বিষয়ে কিবা কোৱা হৈছে।

পুৰুষ মুঠতে তিনি প্ৰকাৰৰ, যথাঃ

(১) প্ৰথম পুৰুষ (First Person)

(২) দ্বিতীয় পুৰুষ (Second Person) আৰু

(৩) তৃতীয় পুৰুষ (Third Person)।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। প্ৰথম পুৰুষ ( First Person)

কিবা কোৱা বা কৰোতাজনক প্ৰথম পৰুষ বোলে। ‘মই’ আৰু ‘আমি’ বুজোৱা বিশেষ্য আৰু সৰ্বনাম পদবোৰ প্ৰথম পুৰুষ। উদাহৰণ–

মই ভাত খাই আছো।

আমি ক্রিকেট খেলিছিলো।

২। দ্বিতীয় পুৰুষ (Second Person)

বক্তাই যাৰ আগত কিবা কথা ব্যক্ত কৰে অৰ্থাৎ বক্তাৰ শ্ৰোতাক দ্বিতীয় পুৰুষ  বোলে। উদাহৰণ–

তুমি ইয়ালৈ আহা।

তই ভাল ছাত্ৰ।

আপুনি এজন ভাল প্রশিক্ষক।

আপোনালোক বহক।

৩। তৃতীয় পুৰুষ ( Third Person)

বক্তাই যি জনৰ বিষয়ে  বা যাৰ বিষয়ে কিবা কয় তাকে তৃতীয় পুৰুষ বোলে। সাধাৰণতে প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে থকা সকলো সৰ্বনাম আৰু বিশেষ্য পদবোৰ তৃতীয় পুৰুষ। উদাহৰণ–

মই সিহতক  ৰামৰ বিষয়ে ক’লো।

তাই কথাটো জানে।

সি বান্ধৱীজনীক নিমন্ত্ৰণ নকৰিলে।

তলত  পুৰুষ অনুযায়ী সৰ্বনাম পদৰ এক বচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

ক। পুৰুষ একবচন বহুবচন

প্ৰথম মই আমি।

দ্বিতীয় তুমি তোমালোক তই তহঁত আপুনি আপোনালোক।

তৃতীয় সি সিহঁত তেওঁ তেওঁলোক তাই তাইহঁত তেখেত তেখেতসকল ৰাম ৰামহঁত।

তলত কাল আৰু পুৰুষ অনুসৰি কিছুমান ধাতু (ক্ৰিয়া পদ) ৰ একবচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

‘পঢ়’  ধাতুৰ ৰূপ।

(১) বৰ্তমান কাল।

(ক) নিত্য বৰ্তমান কাল।

খ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়ো  আমি পঢ়ো।

দ্বিতীয় তুমি পঢ়া তোমালোকে পঢ়া তই পঢ় তহঁত পঢ় আপুনি পঢ়ে  আপোনালোকে পঢ়ে।

তৃতীয় সি পঢ়ে সিহঁতে পঢ়ে তেওঁ পঢ়ে তেওঁলোকে পঢ়ে তাই পঢ়ে তাইহঁতে পঢ়ে তেখেতে পঢ়ে তেখেতসকলে পঢ়ে।

(ক) স্বৰূপ বৰ্তমান কাল।

গ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িছোঁ আমি পঢ়িছোঁ।

দ্বিতীয় তুমি পঢ়িছাঁ তোমালোক পঢ়িছাঁ তই পঢ়িছ তহঁত পঢ়িছ আপুনি পঢ়িছে আপোনালোকে পঢ়িছে।

তৃতীয় তেওঁ পঢ়িছে তেওঁলোকপঢ়িছে।

(২) ভূত বা অতীত কাল।

(ক) স্বৰূপ বা সমীপ্য ভূত কাল।

ঙ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িলোঁ আমি পঢ়িলোঁ।

দ্বিতীয় তুমি পঢ়িলা তোমালোকে পঢ়িলা তই পঢ়িলি তহঁত পঢ়িলি আপুনি পঢ়িলে আপোনালোকে পঢ়িলে।

তৃতীয় তেওঁ পঢ়িলে তেওঁলোকেপঢ়িলে।

(খ) অপূৰ্ণ ভূত কাল।

চ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িছিলোঁ আমি পঢ়িছিলোঁ।

দ্বিতীয় তুমি পঢ়িছিলাঁ তোমালোকে পঢ়িছিলা তই পঢ়িছিলি তহঁতে পঢ়িছিলি আপুনি পঢ়িছিল আপোনালোকে পঢ়িছিল।

তৃতীয় তেওঁ পঢ়িছিলি তেওঁলোকে পঢ়িছিলি।

(খ) সম্ভাব্য ভূত কাল।

ছ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িলোঁহেঁতেন আমি পঢ়িলোঁহেঁতেন।

দ্বিতীয় তুমি পঢ়িলাঁহেঁতেন তোমালোকে পঢ়িলাঁহেঁতেন তই পঢ়িলিহেঁতেন তহঁতে পঢ়িলিহেঁতেন আপুনি পঢ়িলেহেঁতেন আপোনালোকে পঢ়িলেহেঁতেন।

তৃতীয় তেওঁ পঢ়িলেহেঁতেন তেওঁলোকে পঢ়িলেহেঁতেন।

(৩) ভূত সম্ভাব্য ভূত কাল।

জ। পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িম আমি পঢ়িম।

দ্বিতীয় তুমি পঢ়িবা তোমালোকে পঢ়িবা তই পঢ়িবি তহঁতেপঢ়িবি আপুনি পঢ়িব আপোনালোকে পঢ়িব।

তৃতীয় তেওঁ পঢ়িব তেওঁলোকে পঢ়িব।

অনুশীলনী

(১) পুৰুষ বুলিলে কি বুজা?

(২) অসমীয়া ব্যাকৰণত পুৰুষ কেই প্ৰকাৰৰ?

(৩)  প্ৰথম পুৰুষ বুলিলে কি বুজা? উদাহৰণ দিয়া ।

(৪)  দ্বিতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫)  তৃতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৬) পুৰুষ অনুযায়ী সৰ্বনাম পদৰ একবচন আৰু বহুবচনবোৰ লিখা।

(৭)  তলত দিয়া বাক্যটোৰ পুৰুষ বিচাৰ কৰা।

(ক) আমি শিক্ষকজনক পাঠটো পঢ়াই শুনালো।

(খ) মই সিহঁতক ৰাজনহঁতৰ কাহিনীটো বিৱৰি ক’লো।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ পুৰুষ Person in Assamese যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment