Join WhatsApp

Join Now

Join Telegram

Join Now

ন্যায়পালিকা Class 11 Political Science Chapter 6 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ন্যায়পালিকা‘ পাঠটিৰ Class 11 Political Science Chapter 6 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

ন্যায়পালিকা Class 11 Political Science Chapter 6 Solutions

ন্যায়পালিকা Class 11 Political Science Chapter 6 Solutions Notes

👉 Read Also:

ন্যায়পালিকা

শাখা-ক অধ্যায়- ৬

অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অবস্থিত?

উত্তৰঃ দিল্লীত।

২। উচ্চতম ন্যায়ালয় ভাৰতৰ অভিভাৱক হয় নে?

উত্তৰঃ হয়।

৩। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ৬৫ বছৰ বয়সত।

৫। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ৬২ বছৰ বয়সত।

৬। কোনে উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নির্ধাৰণ কৰে?

উত্তৰঃ সংসদে।

৭। কাবেৰী নদীৰ বিবাদ সমাধা কৰিবলৈ তামিলনাডু চৰকাৰে ন্যায়ালয়ৰ ওচৰ চাপিব বিচাৰে। এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ কি ক্ষমতা?

উত্তৰঃ পৰামৰ্শদানমূলক ক্ষমতা।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ অর্হতা হ’ল-

(১) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।

(২) বিচাৰ বিভাগীয় পদত দহ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

২। উচ্চতম ন্যায়ালৰ দুই প্ৰকাৰৰ ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ দুই প্ৰকাৰৰ ক্ষমতা হ’ল:

(ক) মৌলিক ক্ষমতা আৰু

(খ) পৰামৰ্শদান মমতা।

৩। ন্যায়পালিকাৰ স্বতন্ত্রতা বুলিলে কি বুজা?

উত্তৰঃ ন্যায়পালিকাৰ স্বতন্ত্রতা বুলিলে ই কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ নিয়ন্ত্রণমুক্ত হোৱাটোকে বুজায়। আন কথাত ন্যায়পালিকাৰ স্বতন্ত্রতাই ই নিৰপেক্ষ আৰু আন কোনো সংস্থাৰ প্রভাৱৰ পৰা মুক্ত হোৱাটোকে বুজায়।

৪। ন্যায়পালিকা কি?

উত্তৰঃ চৰকাৰৰ যিটো অংগই আইনৰ ব্যাখ্যা আৰু বিবাদ মীমাংসাৰ লগত জড়িত, সেই অংগকে ‘ন্যায়পালিকা’ বুলি কোৱা হয়।

৫। ন্যায়িক সক্রিয়তা কি?

উত্তৰঃ ন্যায়িক সক্রিয়তা হ’ল ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ এক নতুন ধাৰা। সাম্প্ৰতিক কালত ন্যায়ালয়ে স্বার্থ জড়িত আবেদনৰ ভিত্তিত জনসাধাৰণৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত অধিক সক্রিয় ভূমিকা গ্রহণ কৰিছে। এই পৰিঘটনাটো বুজাবলৈ ‘ন্যায়িক সক্রিয়তা’ ধাৰণাটো ব্যৱহাৰ কৰা হৈছে।

৬। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কিদৰে অপসাৰিত কৰিব পাৰি?

উত্তৰঃ উচ্চতম ন্যায়ালৰ ন্যায়াধীশসকলক অযোগ্যতা অথবা অসৎ আচৰণৰ বাবে কার্যকাল শেষ হোৱাৰ আগতেই ৰাষ্ট্ৰপতিয়ে পদৰ পৰা অপসাৰণ কৰিব পাৰে। সংসদৰ উভয় সদনৰ দুই-তৃতীয়াংশ সদস্য আৰু দুয়োখন সদনৰ মুঠ সদস্যৰ অধিকাংশৰ দ্বাৰা সমৰ্থিত অপসাৰণ প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ এজনক অপসাৰণ কৰিব পাৰে।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। ন্যায়িক সমীক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ ন্যায়িক সমীক্ষা হ’ল উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ক্ষমতা। বিধানমণ্ডলে প্রণয়ন কৰা আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পৰা উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়লয়ৰ ক্ষমতাক ন্যায়িক সমীক্ষা ক্ষমতা বুলি কোৱা হয়। বিধান মণ্ডলে প্রণয়ন কৰা কোনো আইন যদি সংবিধানৰ পৰিপন্থী হয়, তেতিয়া ন্যায়পালিকাই তেনে আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে। অৱশ্যে সংবিধানত ন্যায়িক সমীক্ষাৰ উল্লেখ নাই। বিধান মণ্ডলে প্রণয়ন কৰা আইনৰ বৈধতা বিচাৰ কৰা আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়ালয়ে প্রয়োগ কৰে তাৰ পৰাই ন্যায়িক সমীক্ষাৰ ধাৰণাটোৰ উদ্ভৱ হৈছে।

২। নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণত উচ্চতম ন্যায়লয়ৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ন্যায়পালিকাৰ ওপৰত ন্যস্ত কৰিছে। সংবিধানে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে দুটা উপায় উল্লেখ কৰিছে। যেনেঃ

(ব) সংবিধানৰ ৩২ নং অনুচ্চেদ অনুসৰি উচ্চতম ন্যায়ালয়ে বিভিন্ন লেখ, যেনে- বন্দী প্রত্যক্ষীকৰণ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলব, উৎপ্রেষণ আদি জাৰি কৰি নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে।

(চ) সংবিধানৰ ১৩ নং অনুচ্ছেদ অনুসৰি সংসদে প্রণয়ন কৰা কোনো আইনে যদি নাগৰিকসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰে, তেতিয়া উচ্চতম ন্যায়ালয়ে তেনে আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে।

৩। লেখ বুলিলে কি বুজা?

উত্তৰঃ উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়সমূহ হ’ল সংবিধানৰ ব্যাখ্যাকাৰক আৰু নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক। নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ’লে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ এই অধিকাৰ ৰক্ষণাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনো আদেশ বা নির্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নির্দেশক ‘লেখ’ বুলি কোৱা হয়। উচ্চম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে জাৰি কৰিব পৰা লেখ সমূহ হ’ল: বন্দী প্রত্যক্ষীকৰণ, পৰমাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলব, উৎপ্রেষণ আদি।

👉 Read Also:

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ বিচাৰ বিভাগৰ শীর্ষতম অনুষ্ঠান। সংবিধানৰ ১২৪ নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু ৭ জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হয়। সংসদে ন্যায়াধীশসকলৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। বর্তমান সময়ত উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশসহ ২৭ জন ন্যায়াধীশ আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক প্রধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে-

(ক) মৌলিক ক্ষমতা,

(খ) আপীল সম্পর্কীয় ক্ষমতা আৰু

(গ) পৰামৰ্শদানৰ ক্ষমতা। তলত এইবোৰ চমুকৈ আলোচনা কৰা হ’ল:

মৌলিক ক্ষমতা: সংবিধানৰ ১৩১ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে কিছুমান বিষয়ত মৌলিক ক্ষমতা প্রয়োগ কৰিব পাৰে। সেইবোৰ হ’ল-

(১) কেন্দ্ৰীয় চৰকাৰ আৰু এখন বা অধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ মীমাংসা কৰা।

(২) দুখন বা তাতোকৈ ৰাজ্য চৰকাৰৰ মাজত বিবাদৰ বিচাৰ কৰা।

(৩) সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি কোনো নাগৰিকে তেওঁৰ মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে উচ্চতম ন্যায়ালয়য়ে বিভিন্ন লেখ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰ বলবৎ কৰে। আপীল সংক্রান্ত ক্ষমতা: উচ্চতম ন্যায়ালয়ে দেৱানী আৰু
ফৌজদাৰী আদি সকলো ধৰণৰ গোচৰৰ বাবে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত আপীলমূলক বিচাৰ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ আপীল বিচাৰ ক্ষমতা তিনি ভাগত বিভক্ত। যেনে

(ক) ন্যায়িক আপীল: সংবিধানৰ ১৩২ নং অনুচ্ছেদ
অনুসৰি যদি কোনো গোচৰত সংবিধানৰ ব্যাখ্যা সম্বন্ধে কোনো গুৰুত্বপূৰ্ণ আইনগত প্রশ্ন জড়িত থাকে, তেন্তে সেই ক্ষেত্রত কোনো উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে।

(খ) দেৱানী আপীল: দেৱানী গোচৰৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। উচ্চ ন্যায়ালয়ে গোচৰটো আপীলযোগ্য বুলি অনুমতি পত্র দিব পাৰে।

(গ) ফৌজদাৰী আপীল: ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি যদিহে উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিৰ মুক্তিৰ আদেশ বাতিল কৰি মৃত্যুদণ্ডৰ আদেশ দিয়ে। নাইবা উচ্চ ন্যায়ালয়ে কোনো নিম্ন আদালতৰ পৰা কোনো গোচৰ উঠাই আনি নিজে বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিযে, তেন্তে উচ্চতম ন্যায়লয়ত তেনে বিচাৰৰ আপীল কৰিব পাৰি।

পৰামৰ্শদানৰ ক্ষমতা: মৌলিক আৰু আপীল ক্ষমতাৰ উপৰিও ভাৰতৰ ডচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষমতা আছে। কোনো ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয় বা আইন সংক্রান্ত বিষয়ত সংবিধান ব্যাখ্যাৰ প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতিয়ে উচতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিব পাৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মানিবলৈ বাধ্য নহয়। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে কোনো কাৰ্য ব্যৱস্থা গ্রহণ কৰিব পাৰে নাইবা কিবা বিধেয়ক সংশোধন কৰিব পাৰে।

অন্যান্য ক্ষমতা: ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিজৰ আদেশ বা ৰায়ৰ পুনৰ বিচাৰ কৰিব পাৰে। সংবিধানৰ কোনো অনুচ্ছেদৰ অৰ্থকলৈ বিবাদৰ সৃষ্টি হ’লে উচ্চতম নয়ায়ালয়ে ইয়াৰ ব্যাখ্যা কৰিব পাৰে। প্ৰয়োজনবোধে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধৰণৰ লেখ বা আদেশ জাৰি কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ আদেশ পৰ্যালোচনা কৰাৰ ক্ষমতাও উচ্চতম ন্যায়ালয়ৰ আছে। ভাৰতৰ ভিতৰত থকা সকলোবোৰ আদালতে উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিব লাগে।

২। ন্যায়পালিকা কি? ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ উপায় আলোচনা কৰা।
উত্তৰ চৰকাৰৰ যিটো অংগই আইনৰ ব্যাখ্যা আৰু বিবাদ মীমাংসাৰ লগত জড়িত, সেই অংগকে ‘ন্যায়পালিকা’ বুলি কোৱা হয়। ভাৰতৰ ন্যায়পালিকাৰ শীৰ্ষতম স্থানত আছে ভাৰতৰ উচ্চতম ন্যায়লয়। ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ কেইবাটাও উপায় আছে।
যেনে-

(১) নিয়োগ পদ্ধতি: ন্যায়পালিকা ৰক্ষাৰ বাবে এটা উপযুক্ত নিয়োগ পদ্ধতিৰ প্ৰয়োজন। সাধাৰণতে ন্যায়পালিকাৰ দ্বাৰা ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থাটো উত্তম বুলি গণ্য হয়। এনে পদ্ধতিত ন্যায়পালিকা সদায় আইনসভাৰ প্রভাৱৰ পৰা মুক্ত হৈ থাকে।

(২) যোগ্যতাৰ ভিত্তিত নিযুক্তি: ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ বাবে যোগ্যতাৰ ভিত্তিত ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। জ্ঞানী, গুণী, সৎ আৰু অভিজ্ঞতাসম্পন্ন ব্যক্তিকহে ন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে।

(৩) বিচাৰকৰ কাৰ্যকাল: বিচাৰকৰ কাৰ্যকালৰ ওচৰতো ন্যায়পালিকাৰ স্বাধীনতা নিৰ্ভৰ কৰে। কাৰ্যকালৰ স্থায়িত্ব নাথাকিলে বিচাৰকসকলে কেতিয়াও স্বাধীন তথা নিৰপেক্ষ হ’ব নোৱাৰে।

(৪) কার্যপালিকা আৰু বিধানমণ্ডলৰ পৰা মুক্তঃ কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ পৰা ন্যায়পালিকাক মুক্ত কৰি ৰাখিব পাৰিলে স্বাধীন আৰু নিৰপেক্ষ বিচাৰ পোৱাটো সম্ভব হয়।

(৫) অপসাৰণ: কোনো সুনির্দিষ্ট অভিযোগ নোহোৱাকৈ আৰু বিশেষ পদ্ধতি অবলম্বন নকৰাকৈ ন্যায়াধীশ সকলক অপসাৰণ কৰা যুগুত নহয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×