Join WhatsApp

Join Now

Join Telegram

Join Now

উপভাষা আৰু মান্য ভাষা Dialect and Standard Language 2026

By Nzmina Begum

Published On:

উপভাষা আৰু মান্য ভাষা Dialect and Standard Language

উপভাষা আৰু মান্য ভাষা Dialect and Standard Language

উপভাষা আৰু মান্য ভাষা Dialect and Standard Language: আমি পাই আহিছোঁ যে ভাষাৰ মূল উপাদান হৈছে ধ্বনি। এই  ধ্বনিৰ অৰ্থপূৰ্ণ সমষ্টিয়েই হৈছে ভাষা। আহক আজি আমি এই লিখনিত উপভাষা আৰু মান্য ভাষাৰ বিষয় জানিব প্রাইস কৰো।

👉 Read also:

ভাষাৰ প্ৰকৃতিগত মিলৰ ওপৰত ভিত্তি কৰি ভাষাতত্ববিদসকলে পৃথিৱীৰ ভাষাবোৰক কেইবাটাও পৰিয়াল বা গোষ্ঠীত ভাগ কৰিছে। ভাষাৰ গোষ্ঠী বা পৰিয়ালৰ ভিতৰত ইণ্ডো-ইউৰোপীয় (Indo-European Family) পৰিয়ালটো বৰ বিশাল।  এই ভাষা পৰিয়ালটোক আকৌ প্ৰাচ্য (Eastern Group) আৰু প্ৰাচাত্য (Western Group) – এই দুই উপ-ভাগত ভাগ কৰা হৈছে।  ভাৰতীয় ভাষাবোৰৰ সৰহভাগ ভাষাই ইণ্ডো-ইউৰোপীয় পৰিয়ালৰ প্ৰাচ্য ভাগৰ অন্তৰ্গত।

ভাষা এটাই  ভৌগোলিক অৱস্থান অনুসৰি সুকীয়া সুকীয়া ৰূপ লয়।  ফলস্বৰূপে অঞ্চল ভেদে এটি  ভাষাৰ ধ্বনিগত, শব্দগত  আৰু বাক্য গঠণ প্ৰণালীত বৈসাদৃশ্য্য দেখা যায়।  এনেদৰে গঢ়  লোৱা ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বুলি কোৱা হয়। উদাহৰণস্বৰূপে, আমি দেখা পাওঁ যে গোটেই অসমত অসমীয়া ভাষাটো প্ৰচলিত যদিও এই  অসমীয়া ভাষাটো যোৰহাট, ডিব্রূগড়, নলবাৰী, গোৱালপাৰা, বৰপেটা আদি অঞ্চলত মানুহে বেলেগ বেলেগ আংগিকত কয়।

বৃহৎ অঞ্চল একোটাত ভাষা এটাৰ কেইবাটাও উপভাষা থাকিব পাৰে। সকলো উপভাষাতে উমৈহতীয়া কাম-কাজ চলোৱাত নানা ধৰণৰ অসুবিধাই দেখা দিয়ে। এনে অসুবিধা দূৰ কৰিবলৈ উপভাষাসমূহৰ মাজৰ পৰা এটি ভাষাক উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ কৰা হয় । এনেদৰে উমৈহতীয়া কাম-কাজ চলোৱাৰ উদ্দ্যেশ্যে গ্ৰহণ কৰা উপভাষাটোক মান্য ভাষা (Standard Language) বুলি কোৱা হয়।

বৰ্তমান পৃথিৱীৰ সৰহভাগ মান্য ভাষাই লিখিত ৰূপ পাইছে আৰু সৰহভাগ  লিখিত ভাষাৰেই ব্যাকৰণ (Grammar) প্ৰনয়ণ কৰা হৈছে। ব্যাকৰণত ভাষা এটিৰ ধ্বনি, বৰ্ণ, শব্দ গঠণ, বাক্য গঠণ আদি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা হয়। ব্যাকৰণ অধ্যয়ন কৰিলে কোনো এটি ভাষা শুদ্ধকৈ ক’বলৈ আৰু লিখিবলৈ শিকিব পাৰি। ব্যাকৰণে ভাষা এটিক স্থায়ীত্ব আৰু সাবৰ্বজনীনতা দান কৰে।

অনুশীলনী

(১) ভাষাৰ মূল উপাদান কি?

(২) অসমীয়া ভাষাটো কোন ভাষা পৰিয়ালৰ অন্তৰ্গত?

(৩) ভাষাৰ ইণ্ডো-ইউৰোপীয় পৰিয়ালটোক কেইটা ভাগত ভাগ কৰা হৈছে?

(৪) উপভাষা আৰু মান্য ভাষা বুলিলে কি বুজা?

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment