অৰণ্যযাত্ৰা Class 10 Assamese Chapter 11 [Updated ২০২৫]

Amaraxom.com ওয়েবসাইট লৈ আপোনাক স্বাগতাম। আপুনি যদি অৰণ্যযাত্ৰা Class 10 Assamese Chapter 11 প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত অৰণ্যযাত্ৰা Class 10 Assamese Chapter 11 ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

অৰণ্যযাত্ৰা Class 10 Assamese Chapter 11

অৰণ্যযাত্ৰা Class 10 Assamese Chapter 11 [Updated]

অসমীয়া (বাধ্যতামূলক)

সূচীপত্ৰ

গ্ৰুপ- ক (বাধ্যতামূলক)

গদ্যাংশ

অৰণ্যযাত্রা

অনুৰাধা শৰ্মা পূজাৰী

চমু

প্রশ্নোত্তৰ

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া হল।

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল?

উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।

(খ) পল আৰু পাহি কোনে কোন শ্রেণীত পড়ে?

উত্তৰঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পড়ে।

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰঃ ঘৰ-দুৱাৰ পৰিস্কাৰ কৰা, বাচন-বৰ্তন ধোৱা, আচবাব-পত্ৰৰ ধূলি-বালি মচা, বিচনাপাৰা, আদি কাম ছোৱালীৰ বুলি পলে পাহিক কৈছিল।

(ঘ) লর্ড কার্জন কোন?

উত্তৰঃ লর্ড কার্জন ভাৰতবৰ্ষত ব্ৰিটিছ ভাইচৰয় আছিল। ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

উত্তৰঃ ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কৈছিল যে তাইয়ো ককায়েক পলৰ দৰে পঢ়া- শুনা কৰে। তাই নিজৰ কাপোৰ-কানি সকলো নিজেইঠিক কৰি ৰাখে। কিন্তু ককায়েক পলে নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাযোৰ পৰিস্কাৰ কৰি নাৰাখে, গা ধোৱাৰ পিছত তিতা গামোচাখন বিচনাতে পেলাই থৈ যায়। এইবোৰ কাম ল’ৰাই কৰিব নালাগে বুলি ক’ৰবাত লিখা আছে নে বুলি মাকৰ পৰা পাহিয়ে জানিব বিচাৰিছিল। ইয়াৰ উত্তৰত মাকে পাহিক কৈছিল যে তাই দুয়োজনকে তেওঁলোকৰ বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই আহিছে। তেওঁলোকে পঢ়া-শুনা কৰি সময়ত চাকৰি কৰিব বা ব্যৱসায় কৰিব। তেতিয়া নিজৰ প্রয়োজনীয় কামখিনি কৰিব নোৱাৰিলে কেতিয়াবা কেতিয়াবা আনে সিহঁতক ঠগাব।

২। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কবে? HSLC ’24

উত্তৰঃ পাহিয়ে গছ-গছনি বৰ ভাল পায়। সিহঁতৰ ঘৰত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে। তথাপি পাহিয়ে ওখ গছবোৰ দেখিলে ৰৈ যায়। প্রতিজোপা গছৰ আকাৰ, বং ভিন ভিন। তামোল গছৰ কাষতে থকা আমজোপাৰ চেহেৰাৰ মিল নাই। দুয়োখন গছ ভিন্ন ধৰণৰ যদিও ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিবে থাকে। আকৌ কলজোপাৰ কাষতে থকা নেমুজোপাৰ কাঁইটে কেতিয়াও কলজোপাক বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছ-গছনিবোৰে মানি চলে। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

৩। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰঃ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাকে দিয়া উপদেশ হৈছে যে সিহঁতে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে। সিহঁতে অৰণ্যৰ পৰা শিকিব লগা বহু কথা আছে। সিহঁতে যিমান পাৰে সিমান শিকা উচিত। লগতে সিহঁতে নিজৰ বয়বস্তুবোৰ চম্বালি ৰাখিবলৈয়ো উপদেশৰ দিয়ে। পাহি আৰু পলক দেউতাকে দিয়া উপদেশ হৈছে, – সিহঁতে যেন সদায় শিক্ষকৰ লগতে থাকে আৰু সিহঁতৰকথামতে চলে। তেওঁ সিহঁতৰ খবৰ লৈ থাকিব।

৪। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈয়ে কৰা।’- এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগা হৈছিল আঁতিগুৰি মাৰি লিখা। HSLC ’20, 23

উত্তৰঃ ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈয়ে কৰা’ উক্ত কথাষাৰৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়ত বাছৰ ভিতৰত শিক্ষকসকলে ছাত্র-ছাত্রীসকলৰ মাজৰ পৰা নেতা-নেত্রী পাতি দিয়ে। পাহি আৰু বিদিশাক বাছত থকা ছাত্র- ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাবোৰ চাবলৈ দায়িত্ব দিলে। আনহাতে নৱম শ্ৰেণীৰ ছাত্র আফতাব আৰু সৌৰভক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাবে বিতৰণ কৰিবলৈ দায়িত্ব দিয়ে। কিন্তু সৌৰভে কামটো টান পাই সিহঁতৰ দায়িত্বটো পাহি আৰু বিদিশাৰ লগত সলনি কৰি ল’ব বিচাৰিলে। অর্থাৎ সিহঁতে ছাত্র-ছাত্ৰীৰ সংখ্যা গণনা কৰিব আৰু সিহঁতৰ অসুবিধাবোৰ চাব। আনহাতে পাহি আৰু বিদিশাই খাদ্যবস্তুৰ পেকেটবোৰ আৰু পানীৰ বটলবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমভাৱে বিতৰণ কৰিব। সিহঁতৰ এই কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই খং কৰি উক্ত কথাষাৰ কৈছিল।

৫। মহীচন্দ্ৰ মিৰি কোন? কাজিৰাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰঃ মহীচন্দ্ৰ মিৰি আছিল প্রথমজন ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। মহীচন্দ্ৰ মিৰিয়ে অসমৰ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙাৰ অৰণ্য যে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত সেই কথা সমগ্র জগতক জনাইছিল।

৬। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাকপ্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা। তেওঁ বৃটিছ ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কার্জনক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল।

৭। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক- শিক্ষয়িত্রীসকল অৱগত কৰিছিল? HSLC ’20, 23

উত্তৰঃ কাজিৰঙালৈ যাত্ৰা কৰি ছাত্ৰ-ছাত্ৰীসকলে নানান শিক্ষা লাভ কৰিছিল। শিক্ষাসমূহ হ’ল:

(ক) নিজে কৰিব পৰা কাম নিজে কৰিব লাগে, আনলৈ বাট চাব নালাগে।

(খ) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। আমি গছ নহ’লে জীয়াই থাকিব নোৱাৰিম।

(গ) ল’ৰা আৰু ছোৱালী সকলো সমান।

(ঘ) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূর্খৰ কাম

(ঙ) দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন মানি চলাটো জৰুৰী কথা।

You May Like:

Sharing Is Caring:

Leave a Comment