Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া বৰ্ণ বিভাজন Classification of Assamese Letters 2026

By Nzmina Begum

Published On:

অসমীয়া বৰ্ণ বিভাজন Classification of Assamese Letters

অসমীয়া বৰ্ণ বিভাজন Classification of Assamese Letters

অসমীয়া বৰ্ণ বিভাজন Classification of Assamese Letters: মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ যি চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাক বৰ্ণ (আখৰ) বোলে।

👉 Read also:

অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ (আখৰ) আছে। উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাৰ বর্ণবোৰক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰা হৈছে, যেনে — (১) স্বৰবৰ্ণ আৰু  (২) ব্যঞ্জন বৰ্ণ।

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায় নালাগে বা উচ্চাৰণ কৰোতে অইন কোনো বৰ্ণৰ ধ্বনি উচ্চাৰিত নহয়, তেনে বৰ্ণক স্বৰবৰ্ণ (Vowel) বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা ১১ টা, যথা–

অ আ ই ঈ

উ ঊ ঋ

এ ঐ ও ঔ

উচ্চাৰণৰ হ্রস্ব আৰু দীৰ্ঘ মাত্ৰালৈ লক্ষ্য কৰি স্বৰবৰ্ণবোৰক আকৌ দুটা শ্ৰেণীত ভাগ কৰা হৈছে, যথা–(ক) হ্রস্বস্বৰ (Short Vowel) আৰু (খ) দীৰ্ঘস্বৰ (Long Vowel)

যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি সেইবোৰ স্বৰবৰ্ণক হ্রস্বস্বৰ (Short Vowel) বোলে। অসমীয়া স্বৰবৰ্ণবিলাকৰ ভিতৰত হ্রস্বস্বৰ ৪টা, যথা–

অ  ই উ ঋ

আনহাতে যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীৰ্ঘ সেইবোৰ স্বৰবৰ্ণক দীৰ্ঘস্বৰ (Long Vowel) বোলে। অসমীয়া ভাষাত দীৰ্ঘস্বৰবর্ণ  ৭ টা, যথা–

আ  ঈ   ঊ

এ  ঐ  ও  ঔ

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ উচ্চাৰণ কৰোতে  স্বতঃস্ফূর্তভাৱেই স্বৰবৰ্ণৰ ধ্বনি উচ্চাৰিত হয় তেনে বৰ্ণক ব্যঞ্জনবৰ্ণ (Consonant) বোলে। অসমীয়াত ব্যঞ্জনবৰ্ণৰ সংখ্যা ৩৩ টা, যথা–

ক খ গ ঘ ঙ

চ ছ জ ঝ ঞ

ট ঠ ঢ ড ণ

ত থ দ ধ ন

প ফ ভ ব ম

য ৰ ল ৱ

শ ষ স হ

অনুশীলনী

(১) অসমীয়া বৰ্ণমালাক কেই শ্ৰেণীত ভাগ কৰা হৈছে?

(২) স্বৰবৰ্ণ  কাক বোলে? অসমীয়া স্বৰবৰ্ণ কেইটা আৰু কি কি ?

(৩) স্বৰবৰ্ণৰ ভাগ কেইটা ?

(৪) ব্যঞ্জনবৰ্ণ কাক বোলে? ব্যঞ্জনবৰ্ণ কেইটা আৰু কি কি?

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া বৰ্ণ বিভাজন Classification of Assamese Letters যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment