Join WhatsApp

Join Now

Join Telegram

Join Now

মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী Class 12 History Chapter 6 Solutions

By Rabbi Masrur

Published On:

এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ ম শতিকাৰ পৰা ১৭শ শতিকালৈ)   Class 12 History Chapter 6 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী Class 12 History Chapter 6 Solutions

মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী Class 12 History Chapter 6 Solutions

মধ্যযুগৰ ভাৰতৰ বুৰঞ্জী পৰ্যটকৰ দৃষ্টিভংগীৰে (১০ ম শতিকাৰ পৰা ১৭শ শতিকালৈ)

খ-অংশ

ষষ্ঠ অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক ১ – ১)

১। আধুনিক যুগৰ আগলৈকে মানুহে সাধাৰণতে কিয় ভ্রমণ কৰিছিল?

উত্তৰ: আধুনিক যুগৰ আগলৈকে মানুহে সাধাৰণতে বেহা-বেপাৰ, তীর্থ যাত্রা, জ্ঞান অন্বেষণ, প্রাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি বা দুঃসাহসিক কাৰ্যৰ অভিজ্ঞতা অর্জন আদিৰ উদ্দেশ্য আগত ৰাখি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰিছিল।

২। ১৫ শ শতিকাত বাহমণি ৰাজ্য ভ্ৰমণ কৰা সমৰখণ্ডৰ ৰাষ্ট্রদূত জনৰ নাম কি?

উত্তৰ: আব্দুৰ ৰাজ্জাক।

৩। আলবেৰুণী কোন দেশৰ পৰ্যটক আছিল?

উত্তৰ: উজবেকিস্থানৰ।

৪। ইবনবটুতা কোন দেশৰ পৰ্যটক আছিল?

উত্তৰ উত্তৰ পশ্চিম আফ্ৰিকাৰ মৰক্কোৰ।

৫। ইবনবটুতাই কোন শতিকাত ভাৰতলৈ আহিছিল?

উত্তৰ: ১৪ শতিকাত।

৬। আলবেৰুণীৰ কেতিয়া ক’ত জন্ম হৈছিল?

উত্তৰ: ৯৭৩ খৃঃত উজবেকিস্থানৰ খোৱাৰিজম নামে ঠাইত আলবেৰণীৰ জন্ম হৈছিল।

৭। আলবেরুনী কি কি ভাষাত পাণ্ডিত্য অর্জন কৰিছিল?

উত্তৰ: চিৰিয়া, আৰবী, ফাচী, হিব্রু আৰু সংস্কৃত ভাষাত।

৮। আলবেৰুণীয়ে কোনজন শাসকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰ : গজনীৰ চুলতান মামুদব।

৯। আলবেৰুণীৰ ভ্ৰমণ বৃত্তান্তখনৰ নাম কি?

উত্তৰ: কিতাব-উল-হিন্দ।

১০। কিতাব-উল-হিন্দ’ গ্রন্থখন কেইটা অধ্যায়ত বিভক্ত?

উত্তৰ: ৪০ টা।

১১। ইবন বটুতাৰ ভ্ৰমণ বৃত্তান্ত বিষয়ক গ্রন্থখনৰ নাম কি? H. S. ’15

উত্তৰ: বিহলা।

১২। ইবনবটুতাই কেতিয়া ভাৰত ভ্ৰমণ কৰে?

উত্তৰঃ ১৩৩২-৩৩ খৃঃত।

১৩। ইবনবটুতাই ভাৰত ভ্ৰমণ কৰা সময়ছোৱাত দিল্লীৰ চুলতান কোন আছিল?

উত্তৰ: মহম্মদ বিন টোঘলক।

১৪। ইবনবটুতাই কি কি দেশ ভ্রমণ কৰিছিল?

উত্তৰ উত্তৰ আফ্রিকা, পশ্চিম এছিয়া, মধ্য এছিয়াৰ কিছু অংশ (সম্ভবতঃ ৰাছিয়ালৈকে), ভাৰত উপমহাদেশ আৰু চীন।

১৫। ‘হিন্দ’ শব্দটো কি ভাষাৰ শব্দ?

উত্তৰ: পার্টী ভাষাৰ শব্দ।

১৬। পতঞ্জলীৰ ব্যাকৰণখন সংস্কৃত ভাষাৰ পৰা কোনে আৰবী ভাষালৈ অনুবাদ কৰিছিল?

উত্তৰ: আলবেৰুণীয়ে।।

১৭। ফৰাচী পর্যটক ফ্রাচোঁৱা বার্ণিয়াৰে কেতিয়া ভাৰত ভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৬৬৫ খৃঃত।

১৮। ফ্রাচোরা বার্ণিয়া ভাৰত ভ্ৰমণ কৰা সময়ত মোগল সম্রাট কোন আছিল?

উত্তৰ: ছাহজাহান আৰু ঔৰংজের।

১৯। বার্ণিয়াৰ কোনজন মোগল ৰাজকুমাৰৰ ব্যক্তিগত চিকিৎসক নিযুক্ত হৈছিল?

উত্তৰ: ছাহজাহানৰ জেষ্ঠ্য পুত্ৰ দাৰা চিকোৰ।

২০। বার্ণিয়াৰে ভাৰতৰ ওপৰত লিখা তেওঁৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?

উত্তৰ: ‘ট্রেভেলচ ইন দ্য মোগল এমপায়াৰ’।

২১। ফৰাচী পৰিব্রাজক বার্ণিয়াৰে তেওঁৰ সৰহভাগ লিখনি কাৰ নামত উছৰ্গা কৰিছিল?

উত্তৰ ফ্ৰান্সৰ বুৰবন বংশৰ ৰজা চতুর্দশ লুইৰ নামত।

২২। ইবন বটুতাই কিমান বছৰ বয়সত বিশ্ব ভ্ৰমণৰ উদ্দেশ্যে ঘৰৰ পৰা বাহিৰ হৈছিল?

উত্তৰ: ২২ বছৰ বয়সত।

২৩। কোনজন ইউৰোপীয় পৰিৱাজকে নাৰিকল ফলক মানুহৰ মূৰ লগত বিজাছিল?

উত্তৰ: ইবনবটুতাই।

২৪। আবুল ফজল কোন আছিল?

উত্তৰ: আকবৰৰ ৰাজসভাৰ ইতিহাসবিদ।

২৫। ‘পাশ্চ্যৰ নিবন্ধশবাদ’ ধাৰণাটোৰ প্ৰৱক্তা কোন?

উত্তৰ: মন্টেস্কু

২৬। ‘চৰাইৰ বাহৰ পৰা উৰিল’ বুলি কোনজন ভ্রমণকাৰীক কোৱা হয়?

উত্তৰ: ইবনবটুতাক।

২৭। ‘উল্ক’ মানে কি?

উত্তৰ: মধ্য যুগত ভাৰতত ঘোঁৰাৰে চলোৱা ডাক ব্যবস্থাক ‘উল্ক’ বুলি কোৱা হৈছিল।

২৮। ‘দাবা’ মানে কি?

উত্তৰ: মধ্য যুগত কোজকাঢ়ি বা দৌৰি নিয়া ডাক ব্যৱস্থাক ‘দাৱা’ বুলি কোৱা হৈছিল।

২৯। ইবনবটুটাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল ?H. S. ’19

উত্তৰ: মহম্মদ বিন টোঘলক।

৩০। ‘মুকাদ্দাম’ বুলি কাক কোৱা হৈছিল?H. S. ’19

উত্তৰঃ ‘মুকাদ্দাম’ বুলি গাওঁৰ মুখিয়ালজনক কোৱা হৈছিল।

৩১। ‘বাদশ্বাহ নামা’ৰ লিখকজন কোন ?H. S. ’19

উত্তৰ: হামিদ লাহিড়ী।

৩২। ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দাক্ষিণাত্যত কোনটো ৰাজহ ব্যবস্থা প্ৰৱৰ্তন কৰিছিল? H. S. ’19

উত্তৰ : ৰায়তবাৰী ব্যৱস্থা।

৩৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্রোহীসকলক ক’ত নেতৃত্ব প্রদান কৰিছিল?H. S. ’19

উত্তৰ : বিহাৰত।

৩৪। ‘ফাতিয়াহ-ই-ইব্রিয়াহ’ গ্রন্থৰ ৰচকজন কোন? H. S. ’18

উত্তৰ: চাহাবুদ্দিন তালিচ।

৩৫। পেলজার্ট কোন আছিল? H. S. ’20

উত্তৰ: পেলজার্ট আছিল ভাৰতত ডাচ ইষ্ট ইন্ডিয়া কোম্পানীৰ মুখ্য বিষয়া।

খ. চমু উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। আলবেৰুণীৰ লিখনিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: আলবেৰুণীয়ে তেওঁৰ ভাৰত ভ্ৰমণ কাহিণী ‘কিতাব -উল-হিন্দ’ নামৰ গ্ৰন্থখনত লিপিবদ্ধ কৰে। তেওঁৰ লিখনিৰ বৈশিষ্ট্য দুটা হ’ল:

(ক) কিতাপখন আৰবী ভাষাত লিখিত। ইয়াৰ ভাষা সহজ-সৰল আৰু সকলোৱে বুজিব পৰা।

(খ) তেওঁৰ কিতাপখন ৪০ টা অধ্যায়ত বিভক্ত। এই কিতাপখনত একাদশ শতাব্দীৰ ভাৰতৰ নানান দিশ যেনেঃ সাংস্কৃতিক, ৰাজনৈতিক, ধার্মিক, ভূগোল, দর্শন, বিজ্ঞান, অংক আদি বিষয়ৰ বিৱৰণ আছে।

২। জন বেপ্তিষ্ট টেভার্ণিয়াৰ কোন আছিল? H. S. ’18

উত্তৰ: জন বেপ্তিষ্ট টেভার্ণিয়াৰ আছিল এজন ফৰাচী ৰত্ন ব্যৱসায়ী। তেওঁ সোতৰ শতিকাৰ আদি ভাগত মুঠতে ৬ বাৰ ভাৰত ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণ বৃত্তান্তত সেই সময়ৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু ব্যৱসায়িক বিষয়ৰ বৰ্ণনা পোৱা যায়। তেওঁ অটোমান সাম্ৰাজ্যৰ সামাজিক, ৰাজনৈতিক অৱস্থাৰ লগত ভাৰতৰ অৱস্থাৰ তুলনামূলক অধ্যয়ন কৰিছিল।

৩। ‘বিহ্বা’ কি?

উত্তৰ চতুৰ্দশ শতিকাত মৰক্কোৰ ভ্ৰমণকাৰী ইবনবটুতাই ভাৰতৰ ওপৰত লিখা তেওঁৰ ভ্ৰমণ কাহিনীমূলক গ্ৰন্থখনৰ নাম ‘ৰিহলা’। এইখন আৰবী ভাষাত ৰচনা কৰা হৈছিল। এইখনত সেইসময়ৰ ভাৰতৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি বিভিন্ন দিশৰ বিস্তৰ বৰ্ণনা আছে।

৪। বার্ণিয়াৰৰ মতে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ কু প্রভাববোৰ কি আছিল? H. S. ’19

উত্তৰ : বার্ণিয়াৰ মতে ইউৰোপ আৰু মোগল ভাৰতৰ মাজত এটা প্রধান পার্থক্য হ’ল যে ভাৰতীয় নাগৰিকসকল ব্যক্তিগত ভূস্বত্বৰ অধিকাৰী নাছিল। তেওঁ কৈছে যে মোগল সাম্রাজ্যৰ সকলো ভূমিৰ অধিকাৰী আছিল সম্রাট আৰু সম্রাটে এই ভূমি অভিজাত সম্প্ৰদায়ৰ মাজত ভগাই দিছিল। ফলত সমাজ আৰু অৰ্থনীতিৰ ওপৰত বিরূপ প্রভাৱ পেলাইছিল। কিন্তু বার্ণিয়াৰৰ এই মন্তব্য সম্পূর্ণ শুদ্ধ নাছিল বুলি বহুতো ঐতিহাসিকে ক’ব খোজে।

৫। কাৰখানা কি?

উত্তৰ: মোগল যুগত ‘কাৰখানা’ বুলিলে সোণাৰী, চিত্ৰকৰ, বার্ণিচ শিল্পী, বাড়ৈ, কুন্দশাল, দর্জী, মুচি আদি লোকসকলে কাম কৰা প্রতিষ্ঠানক বুজাইছিল। ফ্রান্স পর্যটক বার্ণিয়াৰে তেওঁৰ লিখনিত মোগল যুগৰ কাৰখানাৰ বিষয়ে উল্লেখ কৰিছে।

৬। মধ্যযুগৰ ভ্ৰমণকাৰীসকলে ভ্রমণকালত কি কি সমস্যাৰ সন্মুখীন হৈছিল?

উত্তৰ: মধ্যযুগৰ ভ্ৰমণকাৰীসকলে সম্মুখীন হোৱা সমস্যাসমূহ হ’ল:

(ক) ভ্রমণ কালত বাট-পথত সততে চোৰ, ডকাইত, দস্যু আদিৰ সন্মুখীন হৈছিল।

(খ) ভিন্ন প্রাকৃতিক পৰিবেশত নানান ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল।

৭। বুকানন কোন আছিল? ভাৰত বুৰঞ্জীত তেওঁৰ টোকা কিমান মূল্যবান? H. S. ’15

উত্তৰ: বুকানন আছিল ভাৰতবৰ্ষত ইংৰাজ গৱৰ্ণৰ জেনেৰেল লর্ড ৱেলেচলিৰ ব্যক্তিগত চিকিৎসক।

তেওঁ সেই সময়ৰ ভাতবৰ্ষৰ ওপৰত এক টোকা লিখি থৈ গৈছে। তেওঁৰ টোকাত তেওঁৰ ব্যক্তিগত কথাই স্থান পাইছে যদিও সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে জানিবলৈ তেওঁৰ টোকাই বুৰঞ্জীবিদসকলক সহায় কৰে। গতিকে তেওঁৰ টোকা ৰাজনৈতিক দৃষ্টি ভংগীৰ পিনৰ পৰা মূল্যবান।

৮। মেটেৰোঞ্জি কি? এই বিষয়ত কোনজন পর্যটকে লিখিছিল?

উত্তৰ: মেটেৰোঞ্জি আছিল জোখ-মাখৰ বিজ্ঞান। এই বিষয়ে আলবেৰুণীয়ে লিখিছিল।

৯। ষষ্ঠদশ-সপ্তদশ শতিকাত ভাৰতত মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম উল্লেখ কৰা। H. S. ’19

উত্তৰ: মাটিৰ বাচন-বৰ্তন তৈয়াৰ কৰা আৰু সূতা কাটি কাপোৰ বোৱা।

১০। মোগল সম্রাটসকলে গঢ়ি তোলা দুখন ৰাজধানী নগৰৰ নাম লিখা।

উত্তৰ: আগ্ৰা আৰু ফতেহপুৰ চিক্রি।

১১। মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্ত পুৰুষৰ নাম লিখা। H. S. ’20

উত্তৰঃ খাজা মইনুদ্দিন চিস্তি আৰু বখতিয়াৰ কাকী।

১২। ষষ্ঠদশ আৰু সপ্তদশ শতিকত ভাৰতৰ গ্রাম অঞ্চলত থকা কাৰিকৰসকলৰ দুটা উদাহৰণ দিয়া। H. S. ’20

উত্তৰঃ কুমাৰ আৰু বাঢ়ে।

১৩। ইনব টুটাৰ মতে ভাৰতত প্রচলিত দুবিধ ডাক ব্যবস্থা কি কি আছিল? H. S. ’20

উত্তৰঃ (ক) ঘোঁৰাৰে অনা-নিয়া কৰা ডাক (উল্কৰ) আৰু (খ) খোজকাঢ়ি বা দৌৰি নিয়া ডাক (দাৱা)।

১৪। চিৰস্থায়ী বন্দোবস্ত অনুযায়ী জমিদাৰসকলে আৰম্ভণিতে ইষ্ট-ইণ্ডিয়া কোম্পানীক নিয়মীয়াকৈ ভূমি ৰাজহ পৰিশোধ কৰাত কিয় ব্যর্থ হৈছিল। তাৰ দুটা কাৰণ উল্লেখ কৰা। H. S. ’20

উত্তৰঃ চিৰস্থায়ী বন্ধোৱক্ত অনুযায়ী জমিদাৰসকলে ইষ্ট- ইণ্ডিয়া কোম্পানীক নিয়মীয়কৈ ভূমি ৰাজহ আদায় দিব নোৱাৰাৰ দুটা কাৰণ-

(ক) চিৰস্থায়ী বন্ধোৱস্তৰ পিছত কোম্পানীয়ে জমিদাৰসকলৰ ওপৰত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিছিল।

(খ) ৰাজ্যত হোৱা নানান দুর্ভিক্ষৰ বাবে জমিদাৰসকলে কৃষকসকলৰ পৰা সময়মতে খাজনা আদায় কৰিব পৰা নাছিল। H. S. ’20

১৫। ‘ডামিন-ই-কোহ’ কি আছিল? ইয়াক কেনেকৈ গঢ়ি তোলা হৈছিল?

উত্তৰ ইংৰাজসকলে ১৮২৬ চনত অসমখন অধিকাৰ কৰি অসমৰ চাওতালসকলক হাবি-বনিনি ছাফা কৰি গছ কটা কামত লগাইছিল। পিছত ইংৰাজসকলে চাওতালসকলক সেই ছাফা কৰা ঠাইত সংস্থাপন কৰিছিল। চাওতালসকলে বাস কৰা এই অঞ্চলসমূহক ‘ডামিন-ই-কোহ’ বোলা হৈছিল। সেই অঞ্চলত অন্য কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিছিল। ডামিন-ই-কোহত অকল চাওতালসকলৰ আধিপত্য বিস্তাৰ কৰিছিল।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

১। ইবনবটুতাই ভাৰতীয় দাস প্রথাৰ বিষয়ে কি উল্লেখ কৰিছে বর্ণনা কৰা।

উত্তৰ: মৰক্কোৰ পৰিব্রাজক ইবনবটুতাই তেওঁৰ ‘বিতা’ নামৰ ভ্ৰমণ কাহিনীত চৈধ্য শতিকাৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধর্মীয় আদি বিভিন্ন দিশৰ বৰ্ণনা দাঙি ধৰাৰ লগতে ভাৰতত চলি থকা দাস প্রথাৰ বিষয়েও এক সুন্দৰ বক্তব্য দাঙি ধৰিছে। দাস প্রথাৰ বিষয়ে তেওঁ লিখিছে যে বজাৰত দাস বেচা-কিনা কৰা হৈছিল। কেতিয়ারা দাসসকলক উপহাৰ হিচাপেও সাল-সলনি কৰা হৈছিল। দাসসকলক সাধৰণতে ঘৰুৱা কামত নিয়োগ কৰা হৈছিল। ঘৰুৱা কামত ব্যৱহাৰ কৰা দাসীৰ মূল্য অতি কম আছিল। অধিকাংশ সামর্থবান পৰিয়ালেই এজন বা দুজন দাস ৰাখিছিল। চুলতানৰ সেৱাৰ বাবে নিয়োগ কৰা দাসীসকল নৃত্যত নিপুণ আছিল।

২। ইবনবটুতাই তেওঁৰ টোকাত দিল্লী মহানগৰীৰ বিষয়ে কেনেধৰণৰ বৰ্ণনা দিছে আলোচনা কৰা। H. S. ’20

উত্তৰ: চতুর্দশ শতিকাত ভাৰত ভ্ৰমণ কৰা মৰক্কোৰ পৰিৱাজক ইবনবটুতাই ‘ৰিহলা’ নামৰ ভ্ৰমণ বৃত্তান্তখনত ভাৰতৰ বিভিন্ন বিষয়ৰ বিৱৰণ দিয়াৰ লগতে দিল্লী মহানগৰীৰ ওপৰত এক বাস্তৱ আৰু চাক্ষুস বিৱৰণ দাঙি ধৰিছে। ইবনবটুতাই লিখিছে যে দিল্লী নগৰখন এক বিস্তৃত অঞ্চল জুৰি আছিল। চহৰখন অসমান পকা প্রাচীৰেৰে বেৰি আছিল। প্রাচীৰসমূহ বহলে ১১ ফুট আছিল। ইয়াৰ ভিতৰফালে দুৱাৰ ৰখীয়া আৰু ৰাতিৰ পহৰাদাৰৰ ঘৰ আছিল। দুৰ্গৰ ভিতৰত খোৱাৰ বস্তু, গুলী বাৰুদ, ক্ষেপণাস্ত্র আৰু দুর্গ আক্রমণৰ যন্ত্রপাতিৰ ভঁৰাল আছিল। দুর্গটোৰ ভিতৰত অশ্বাৰোহী আৰু পদাতিক সৈন্যই নগৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘুৰি ফুৰিছিল। প্রাচীৰসমূহ খিৰিকীযুক্ত আছিল। নগৰৰ ফালৰ খোলা খিৰিকীৰে ভিতৰখন পোহৰাই ৰাখিছিল। বেৰবোৰবৰ তলৰ অংশ শিল আৰু ওপৰৰ অংশ ইটাৰে নিৰ্মিত আছিল। ওচৰা-ওচৰিকৈ ভালেমান গম্বুজ আছিল। তাত ২৪ খন প্ৰৱেশদ্বাৰ আছিল। এইবোৰক ‘দৰৱাজা’ বুলি কোৱা হৈছিল। ইয়াৰ আটাইতকৈ ডাঙৰ দৰৱাজাখনৰ নাম আছিল ‘বুলন্দ দৰৱাজা’। ইয়াত এখন শস্যৰ বজাৰ আৰু ফুলৰ বাগিছা আছিল। দিল্লী চহৰখনত এখন সুন্দৰ কবৰস্থান আছিল। প্ৰতিটো কবৰৰ ওপৰত একোটাকৈ গোলাকৃতিৰ স্তম্ভ নিৰ্মাণ কৰা হৈছিল। তাত বিভিন্ন ধৰণৰ ফুলৰ গছ ৰুই দিছিল। গোটেই বছৰ জুৰি তাত ফুল ফুলি আছিল।

৩। সতীদাহ প্রথাৰ বিষয়ে বার্ণিয়াৰে কি অভিমত দাঙি ধৰিছিল?

উত্তৰ ফ্ৰান্সৰ এজন বিখ্যাত চিকিৎসক ফ্রান্সিচ বার্ণিয়াৰে ১৬৬৮ চনত মোগল সম্রাট ঔৰংজেৱৰ শাসনকালত ভাৰত ভ্ৰমণলৈ আহিছিল। তেওঁ তেওঁৰ ভ্ৰমণ কাহিনীত সেই সময়ৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভূমি ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত মূল্যৱান বিৱৰণ লিখি থৈ গৈছে। তেওঁৰ লিখনিত ভাৰতীয় হিন্দু সমাজত চলি থকা সতীদাহ প্রথাৰ ওৰতো এক জীবন্ত বর্ণনা লিখি থৈ গৈছে। তেওঁ লিখিছে যে ভাতৰৰ কোনো হিন্দু তিৰোতাৰ স্বামীৰ মৃত্যু হ’লে স্বামীৰ চিতাত তাই জীৱন্তে পুৰি মৰিব লাগিছিল। কিছুমান বিধৱাক সিহঁতৰ অনিচ্ছা সত্বেও জোৰ কৰি আত্মজাহ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁ এবাৰ এগৰাকী অতি কম বয়সীয়া তিৰোতা এগৰাকীক তাইৰ আত্মীয়সকলে জোৰ কৰি চিতাৰ জুইত পেলাই দিয়া দেখা পাইছিল।

৪। ভাৰতত মাটিৰ মালিকীস্বত্বৰ বিষয়ে বার্ণিয়াৰে কি মত প্রকাশ কৰিছিল? H. S. ’19

উত্তৰ ফৰাচী পর্যটক ফ্রঁচোৱা বার্ণিয়াৰে ১৬৬৫ চনত মোগল সাম্রাজ্য ভ্রমণ কৰিছিল আৰু তেওঁ ভাৰতেৰ বিভিন্ন ঠাই ঘূৰি-পকি ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক দিশৰ ওপৰত ‘ট্রেভেলচ ইন দ্য মোগল এমপায়াৰ’ নামৰ এখন মূল্যবান গ্রন্থ ৰচনা কৰিছিল। বার্ণিয়াৰে ভাৰত আৰু ইউৰোপৰ মাটিৰ মালিকীস্বত্বৰ তুলনা কৰি মত প্রকাশ কৰিছিল যে ইউৰোপ আৰু ভাৰতৰ মাজত এটা প্রধান পার্থক্য হ’ল ভাৰতীয় নাগৰিকসকল ব্যক্তিগত ভূস্বত্বৰ অধিকাৰী নাছিল। তেওঁ কৈছে যে মোগল সাম্রাজ্যৰ সকলো ভূমিৰ অধিকাৰী আছিল সম্রাট আৰু সম্রাটে এই ভূমি অভিজাত সম্প্ৰদায়ৰ মাজত ভগাই দিছিল। ফলত অর্থনীতিৰ ওপৰত বিরূপ প্রভাৱ পৰিছিল। সৰ্বসাধাৰণ ৰাইজে দুখ-দুৰ্দ্দশা ভোগ কৰিছিল। অভিজাত সম্প্রদায়ে প্রজা সাধাৰণৰ ওপৰত জোৰ জুলুম কৰি ৰাজহ আদায় কৰিছিল। কিন্তু বার্ণিয়াৰৰ এই মন্তব্য সম্পূর্ণ শুদ্ধ নাছিল বুলি বহুতো ঐতিহাসিকে ক’ব খোজে।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

১। সোতৰ শতিকাত ভাৰত ভ্ৰমণ কৰা ফৰাচী পৰিব্রাজক ফ্রান্সিচ বার্ণিয়াৰে ভাৰতৰ ওপৰত লিখা টোকাৰ এটি বিৱৰণ দিয়া।

উত্তৰ: ফ্ৰান্সৰ এজন বিখ্যাত চিকিৎসক ফ্রান্সিচ বার্ণিয়াৰে ১৬৬৮ চনত মোগল সম্রাট ঔৰংজেৱৰ শাসনকালত ভাৰত ভ্ৰমণলৈ আহিছিল। তেওঁ তেওঁৰ ভ্ৰমণ কাহিনীত সেই সময়ৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভূমি ব্যবস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত মূল্যবান বিৱৰণ আৰু মন্তব্য আগবঢ়াই থৈ গৈছে। বার্ণিয়াৰে মোগল সম্রাট ছাহজাহানৰ প্রথম পুত্ৰ দাৰাৰ বিষয়ে মন্তব্য দি কৈছে যে দাৰাৰ গাত ভাল গুণ নাছিল। তেওঁ মানুহক সহজে বিশ্বাস কৰিবলৈ টান পাইছিল। ফলত তেওঁ ভাল মানুহৰ সু-দিহা পৰামর্শ লাভ কৰাত ব্যর্থ হৈছিল। ছাহজাহানৰ দ্বিতীয় পুত্র চুজাৰ বিষয়ে বার্ণিয়াৰে কৈছে যে তেওঁ মানুহৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হোৱাৰ গুণ আয়ত্ব কৰিছিল। ঔৰংজেৱৰ বিষয়ে মন্তব্য দি তেওঁ কৈছে যে ছাহজাহানৰ পুত্ৰসকলৰ ভিতৰত ঔৰংজেব অতি বিচক্ষণ, বুধিয়ক আৰু ভাল কুটনীতিবিদ আছিল। ধর্মীয় দিশত তেওঁ অতি সংকীর্ণ মনৰ আছিল। ছাহজাহানৰ চতুৰ্থ পুত্ৰ মুৰাদৰ বিষয়ে বার্ণিয়াৰে কৈছে যে তেওঁ একেবাৰে বুদ্ধিহীন আৰু দুর্বল আছিল। কিন্তু তেওঁৰ মন সহজ, সৰল আৰু ভদ্র আছিল। বার্ণিয়াৰে মোগল যুগৰ ভূমি ব্যৱস্থাৰ ওপৰত মন্তব্য দি কৈছে যে নাগৰিকসকল ব্যক্তিগত ভূস্বত্বৰ অধিকাৰী নাছিল। মোগল সাম্রাজ্যৰ সকলো ভূমিৰ অধিকাৰী আছিল সম্রাট আৰু সম্রাটে এই ভূমি অভিজাত সম্প্ৰদায়ৰ মাজত ভগাই দিছিল। ফলত সমাজ আৰু অর্থনীতিৰ ওপৰত বিরূপ প্রভাৱ পেলাইছিল। কিন্তু বার্ণিয়াৰৰ এই মন্তব্য সম্পূর্ণ শুদ্ধ নাছিল বুলি বহুতো ঐতিহাসিকে ক’ব খোজে।

২। ইবন বটুতাই ভাৰতৰ ডাক ব্যৱস্থাৰ বিষয়ে কি উল্লেখ কৰিছে বৰ্ণনা কৰা।

উত্তৰ: মৰক্কোৰ পৰিব্রাজক ইবন বটুতাই তেওঁৰ ‘ৰিহলা’ নামৰ ভ্ৰমণ কাহিনীত চতুর্দশ শতিাকৰ ভাৰতৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি বিভিন্ন দিশৰ বৰ্ণনা দাঙি ধৰাৰ লগতে সেই সময়ত ভাৰতৰ ডাক ব্যৱস্থাৰ ওপৰত এক সুন্দৰ টোকা লিখি থৈ গৈছে। ইবনবটুতাই লিখিছে যে সেই সময়ত ভাৰতত দুই প্ৰকাৰৰ ডাক ব্যৱস্থাৰ প্ৰচলন আছিল, যেনে-ঘোঁৰাৰে চলোৱা ডাক আৰু খোজকাঢ়ি যোৱা ডাক। ঘোঁৰাৰে চলোৱা ডাক ব্যৱস্থাত প্রতি চাৰি মাইলৰ মুৰে মুৰে একোটা ঘোঁৰা ৰখা হৈছিল। খোজ কাঢ়ি বা দৌৰি নিয়া ডাকত প্রতি মাইলত তিনিজনকৈ লোক অবস্থান কৰি থাকিব লাগিছিল। সিহঁতক ‘দাবা’ বুলি কোৱা হৈছিল। প্ৰতি মাইলৰ এক তৃতীয়াংশৰ বাহিৰত একোটা জিৰণি বা তম্বু ঘৰ আছিল। তাত দাৱাসকল দৌৰিবলৈ সাজু হৈ থাকে। তেওঁলোকৰ প্রত্যেকেই মূৰত তামৰ এটা ঘণ্টা লগোৱা দুই ফুট দীঘল এডাল দণ্ড লৈ থাকে। যেতিয়া কোনো পত্র বাহকে যাত্রা আৰম্ভ কৰে তেতিয়া এহাতে চিঠিখন আৰু আনহাতে ঘণ্টা বজাই বজাই যিমান পাৰে সিমান দৌৰি থাকে। ঘণ্টাৰ শব্দ শুনাৰ লগে লগে আনটো তম্বুত থকা দাবা জন দৌৰিবলৈ সাজু হৈ থাকে। ইজনে আহি পোৱাৰ লগে লগেই সেইজনে চিঠিখন লৈ দৌৰি আন এজন দাৱাৰ ওচৰলৈ যায়। চিঠিখন গন্তব্য স্থান নোপোৱালৈকে এই প্রক্রিয়া চলি থাকে। এই ডাক ব্যৱস্থা ঘোঁৰাৰে চলোৱা ডাক ব্যৱস্থাতকৈ বেছি বেগী আছিল বুলি ইবনবটুতাই উল্লেখ কৰিছে। কেতিয়াবা কেতিয়াবা এই ব্যৱস্থাৰে খোৰাচানৰ পৰা ফল-মূলো অনা হৈছিল বুলি ইবনবটুতাই প্রত্যক্ষ কৰিছিল।

৩। আলবেৰুণী কোন আছিল? ভাৰতৰ জাতিভেদ প্রথা সম্পর্কে তেওঁ কি কৈ গৈছে? H. S. ’20

উত্তৰ: আলবেৰুণী আছিল একাদশ শতিকাৰৰ আৰম্ভণিতে ভাৰতলৈ অহা এজন বিদেশী পর্যটক। তেওঁৰ জন্ম হৈছিল বৰ্তমানৰ উজবেকিস্তানত ৯৭৩ খ্রীষ্টাব্দত। চুলতান মামুদে ভাৰত আক্ৰমণ কৰাৰ সময়ত তেওঁ আক্রমণকাৰীসকলৰ লগত আহিছিল। তেওঁ ভাৰতৰ বিভিন্ন ঠাই ঘুৰি-পকি ভাৰতৰ ৰাজনৈতিক, সামাজিক, ধর্মীয় ব্যবস্থা আদিৰ ওপৰত এক গ্রন্থ ৰচনা কৰিছিল। তেওঁ তেওঁৰ বিৱৰণিত সেই সময়ৰ ভাৰতত চলি থকা জাতিভেদ প্রথা সম্পর্কেও এক টোকা লিখি থৈ গৈছে। তেওঁৰ বিৱৰণীৰ পৰা জনা যায় যে সেই সময়ত ভাৰতীয় সমাজত জাতিভেদ প্রথা বৰ প্রকট আছিল। ব্রাহ্মণসকলে সমাজত উচ্চ স্থান অধিকাৰ কৰিছিল আৰু সিহঁতে বিশেষ সুবিধা আৰু মর্যাদা লাভ কৰিছিল। সিহঁতে সকলো ধৰণৰ ৰাজকীয় সুবিধা পাইছিল আৰু সকলো ধৰণৰ কৰৰ পৰা মুক্ত আছিল। আনহাতে কাৰিকৰ, কৃষক, বাড়ৈ, খনিকৰ আদিক নিম্ন জাতি বুলি ভবা হৈছিল। সকলো ধৰণৰ কৰৰ বোজা সিহঁতে গা পাতি ল’ব লগা হৈছিল। সিহঁতৰ কোনো পূজা পাতল কৰাৰ অনুমতি নাছিল। সমাজত সতীদাহ প্রথা, বাল্য বিবাহ আদি কুপ্রথা প্রচলিত আছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×