Class 12 Economics Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক ভাৰতীয় অর্থব্যৱস্থাত সন্মুখীন হোৱা সাম্প্রতিক প্রত্যাহ্বানসমূহ Class 12 Economics Chapter 8 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
ভাৰতীয় অর্থব্যৱস্থাত সন্মুখীন হোৱা সাম্প্রতিক Class 12 Economics Chapter 8 Solutions
তৃতীয় অধ্যায়
ভাৰতীয় অর্থব্যৱস্থাত সন্মুখীন হোৱা সাম্প্রতিক প্রত্যাহ্বানসমূহ
ক. অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ১)
১। ডলাৰৰ হিচাপত বিশ্বত কোনখন দেশৰ জনমূৰি আয় আটাইতকৈ বেছি?
উত্তৰ: নৰৱে।
২। ভাৰতৰ আটাইতকৈ বেছি দৰিদ্ৰ লোক বাস কৰা ৰাজ্য কোনখন?
উত্তৰ: উৰিষ্যা।
৩। ‘দৰিদ্ৰ সীমাৰেখা’ বুলিলে কি বুজা?
উত্তৰ দৰিদ্ৰ সীমাৰেখা বুলিলে মানুহে তেওঁলোকৰ মৌলিক ন্যূনতম প্রয়োজনীয়তাখিনি ক্ৰয় কৰিব পৰা ক্ষমতাক বুজায়।
৪। ভাৰতবৰ্ষত ১৯৯৯-২০০০ চনত কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছিল?
উত্তৰ: ২৬.১ শতাংশ।
৫। UNICEF ৰ মতে ভাৰতবৰ্ষত পাঁচ বছৰৰ তলত কিমান শিশু মৃত্যু মুখত পৰে?
উত্তৰ: প্রায় ২.৩ মিলিয়ন।
৬। বিশ্বৰ দুখীয়ালোকৰ কিমান শতাংশ লোক ভাৰতত বসবাস কবে?
উত্তৰ: এক পঞ্চমাংশ।
৭। বয়োজ্যেষ্ঠ লোক, দৰিদ্ৰলোক আৰু নিঠৰুৱা মহিলাসকলৰ বাবে চৰকাৰে কি আঁচনি গ্রহণ কৰিছে?
উত্তৰ: NSAP আঁচনি।
৮। প্রধান মন্ত্রী গ্রামোদ্যোগ কোন চনত আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ২০০০-২০০১ চনত।
৯। গ্রাম্য আৰু চহৰাঞ্চলত প্ৰয়োগ কৰা এখন আত্মনিয়োগ আঁচনিৰ নাম লিখা।
উত্তৰ: প্রধান মন্ত্রী গ্রামোদ্যোগ যোজনা।
১০। দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰ দৰিদ্ৰতা হ’ল এনেকুৱা এক আর্থিক অবস্থা য’ত সমাজৰ এক শ্ৰেণীৰ মানুহ সিহঁতৰ কোনো দোষ নথকা সত্বেও জীয়াই থকাৰ বাবে ন্যূনতম প্রয়োজনীয় সামগ্রী ক্ৰয় কৰাৰ ক্ষমতাৰ পৰা বঞ্চিত হয়।
১১। “আমাৰ এই সফলতা (স্বাধীনতা) হৈছে মাত্র এক পদক্ষেপ, আমাৰ বাবে অপেক্ষাৰত এক মহান বিজয়োল্লাস আৰু সিদ্ধি লাভৰ সুযোগৰ আৰম্ভণি…. ই হৈছে দবিদ্ৰতা, অজ্ঞতা, ৰোগ আৰু সুযোগৰ অসমতাৰ অবসান।” উক্তিটো কোনে, কেতিয়া, কাক সম্মেধি কৈছিল?
উত্তৰ: এই উক্তিটো জৱাহৰলাল নেহৰুয়ে ১৯৪৭ চনত ভাৰতৰ সংবিধান সভাক সম্বোধন কৰি কৈছিল।
১২। দৰিদ্ৰতা সম্পর্কীয় তথ্যসমূহ কোনে প্রকাশ কবে?
উত্তৰ: পৰিকল্পনা আয়োগে।
১৩। মূৰ গণনা অনুপাত বুলিলে কি বুজা?
উত্তৰ দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ অনুপাতক দুখীয়াৰ সংখ্যা হিচাপে গণনা কৰিলে, তাক ‘মূৰ গণনা অনুপাত’ বুলি কোৱা হয়।
১৪। চহৰ অঞ্চলৰ লোক এজনৰ বাবে প্রয়োজনীয় কেলৰিৰ পৰিমাণ কিমান?
উত্তৰঃ ২১০০ কেলৰি।
১৫। বিশ্বৰ কিমান সংখ্যক লোকে প্রাথমিক প্রয়োজনখিনি পূৰণ কৰিবলৈ সক্ষম হোৱা নাই?
উত্তৰ : বিশ্বৰ ২৬০ নিযুততকৈ অধিক লোকে।
১৬। কোন চনত পৰিকল্পনা আয়োগে দুখীয়াৰ সংখ্যা নিরূপণৰ বাবে এটা অধ্যয়ন গোট গঠন কৰিছিল?
উত্তৰঃ ১৯৬২ চনত।
১৭। ১৯৭৯ চনত গঠন কৰা নিকায়টোৰ নাম কি?
উত্তৰ: Task Force on Projections of Minimum Need and Effective Consump-tion Demand.
১৮। প্রাক-স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষত দাৰিদ্ৰ সীমাৰেখাৰ ধাৰণাটো কোনে পোন প্রথমতে আলোচনা কৰিছিল?
উত্তৰ: দাদাভাই নৌৰজীয়ে।
১৯। বিশ্ব বেংকে দাঙি ধৰা দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰ : বিশ্ববেংকৰ ‘বিশ্ব উন্নয়ন খতিয়ান’ অনুসৰি দৰিদ্ৰতা হ’ল, ‘ন্যূনত্যম জীবন ধাৰণৰ মান অর্জনত অক্ষমতা’।
খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)
১। দৰিদ্ৰতা দূৰীকৰণৰ দুটা আঁচনিৰ নাম লিখা।
উত্তৰ দৰিদ্ৰতা দূৰীকৰণৰ দুটা আঁচনিৰ নাম হ’ল:
(ক) সম্পূর্ণ গ্রামীণ ৰোজগাৰ যোজনা।
(খ) ৰাষ্ট্ৰীয় কামৰ বাবে খাদ্য আঁচনি।
২। দৰিদ্ৰতা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ দৰিদ্ৰতা দুই প্ৰকাৰৰ। যেনেঃ
(ক) পৰম দৰিদ্ৰতা আৰু
(খ) তুলনামূলক দৰিদ্ৰতা।
৩। ‘কামৰ বাবে খাদ্য’ কার্যসূচীয়ে কি বুজায়?
উত্তৰ: ১৯৭৭ চনত ভাৰত চৰকাৰে ভূমিহীন কৃষক শ্রমিকক সুবিধা প্রদান কৰাৰ বাবে ‘কামৰ বাবে খাদ্য’ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই আঁচনি মতে শ্রমিকসকলক মজুৰিৰ লগতে খাদ্য শস্য যোগান ধৰা হৈছিল। এই খাদ্য কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ প্রদান কৰিছিল।
৪। আয় উপার্জনকাৰী পৰিসম্পদৰ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰে?
উত্তৰ: আয় উপার্জনকাৰী পৰিসম্পদৰ জৰিয়তে দৰিদ্ৰতা দূৰীকৰণ কৰিব পাৰি। কাৰণ এই পৰিসম্পদৰ যোগেদি নিয়োগ সৃষ্টি কৰিব পৰা যায়। নিয়োগৰ সৃষ্টি হ’লে মানুহৰ আয়, কর্মদক্ষতা, শিক্ষা আনকি শাৰীৰিক আৰু মানসিক অৱস্থাৰো উন্নতি ঘটে। সেয়ে আয় উপার্জনকাৰী পৰিসম্পদৰ সৃষ্টি কৰি দৰিদ্ৰতা সমস্যা সমাধান কৰিব পাৰি।
৫। আপেক্ষিক দৰিদ্ৰতা আৰু পৰম দৰিদ্ৰতাৰ মাজত পার্থক্য কি?
উত্তৰ: আপেক্ষিক দৰিদ্ৰতা বুলিলে এজন মানুহৰ আয়ৰ তুলনামূলক পার্থক্যক বুজায়। আনহাতে, পৰম দৰিদ্ৰতা বুলিলে এজন মানুহৰ ন্যূনতম প্রয়োজনসমূহ পূৰণৰ অক্ষমতাক বুজায়।
গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। ভাৰতৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে চাৰিটা আঁচনিৰ নাম উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে থকা চাৰিটা আঁচনি হ’ল:
(ক) জৱাহৰ ৰোজগাৰ যোজনা।
(খ) ক্ষুদ্র কৃষক উন্নয়ন এজেঞ্চি।
(গ) ৰাষ্ট্ৰীয় সামাজিক সহায়তা কার্যক্রম।
(ঘ) ভাৰতীয় গ্রাম্য কর্ম-সংস্থান কার্যক্রম।
২। ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ চাৰিটা কাৰণ হ’ল:
(ক) জন-বিস্ফোৰণ।
(খ) বৈষম্যমূলক বিতৰণ।
(গ) ব্যাপক অর্ধ নিবনুৱা।
(ঘ) নিবনুৱা সমস্যা।
৩। ধৰা হ’ল তুমি এখন গাঁৱৰ বাসিন্দা। ইয়াৰ দৰিদ্ৰতা সমস্যা সমাধানৰ বাবে কেইটামান পৰামৰ্শ উল্লেখ কৰা।
উত্তৰ: আমাৰ গাঁৱৰ দৰিদ্ৰতা সমস্যা সমাধানৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰি
(ক) গ্রাম্য ঘাট-পথবোৰ উন্নত কৰা।
(খ) ভূমিহীন কৃষকক ভূমিৰ যোগান ধৰা।
(গ) ক্ষুদ্র আৰু গ্রাম্য উদ্যোগসমূহৰ উন্নয়ন সাধন কৰি নিয়োগ বৃদ্ধি কৰা।
(ঘ) গ্রাম্য লোকসকলক উপাৰ্জনমুখী কৰিবলৈ পুঁজিৰ যোগান ধৰা।
(ঙ) কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰা।
৪। শ্বাহীন ৰফী খান আৰু ডামিয়েন কিলেনে আগবঢ়োৱা দৰিদ্ৰতাৰ চৰ্তসমূহ কি কি?
উত্তৰ: শ্বাহীন ৰফী খান আৰু ডামিয়েন কিলেনে আগবঢ়োৱা দৰিদ্ৰতাৰ চৰ্তসমূহ হ’ল:
(ক) দৰিদ্ৰতা হ’ল কর্মহীনতা।
(খ) দৰিদ্ৰতা হৈছে ৰোগগ্রস্ততা আৰু চিকিৎসকক দেখুৱাৰ অসমৰ্থতা।
(গ) দৰিদ্ৰতা হ’ল বিদ্যালয়লৈ যোৱাৰ অসমৰ্থতা।
(ঘ) দৰিদ্ৰতা হৈছে ভীতি, দিনে এসাঁজ খাদ্য প্রাপ্তি।
(ঙ) দৰিদ্ৰতা হ’ল ক্ষমতাহীনতা, প্রতিনিধিত্ব কৰা সুযোগ আৰু স্বাধীনতাৰ অভাৱ।
৫। ঘূর্ণয়মান আৰু উপলক্ষ্যজনিত দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰ ঘূৰ্ণয়মান দৰিদ্ৰতা: কেতিয়াবা কেতিয়াবা ক্ষুদ্র কৃষক আৰু ঋতুজনিত বনুৱা দৰিদ্ৰতাত পতিত হয় আৰু কেতিয়াবা ইয়াৰ পৰা মুক্ত হয়। এই দুই শ্ৰেণীৰ দুখীয়াসকলক ‘ঘূর্ণয়মান দৰিদ্ৰ’ বুলি কোৱা হয়।
উপলক্ষজনিত দৰিদ্ৰতা: যিসকল লোক অধিকাংশ সময় আর্থিকভাবে সচ্ছল হৈ থাকে, কিন্তু মাজে মাজে অভাৱত পৰে, তেনে লোকক ‘উপলক্ষ্যজনিত দৰিদ্র’ বোলে।
ঘূর্ণয়মান দৰিদ্ৰতা আৰু উপলক্ষ্যজনিত দৰিদ্ৰতাক একেলগে ‘সাময়িক দৰিদ্ৰতা’ বুলিও কোৱা হয়।
ঘ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক- ৫। ৬)
১। দৰিদ্ৰতা দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰধান আঁচনিসমূহ আলোচনা কৰা।
উত্তৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্রহণ কৰিছে। যেনেঃ
(ক) কৰ্মৰ সলনি খাদ্য আঁচনি: ১৯৭০ দহকত এই আঁচনি আৰম্ভ হয়। এই আঁচনিত মজুৰিৰ লগত শ্রমদান কৰা বনুৱাসকলক চৰকাৰে বিনামূলীয়াকৈ নির্দিষ্ট পৰিমাণৰ খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিছে।
(খ) ৰাষ্ট্ৰীয় গ্রাম্য নিশ্চিতকৰণ আইন: এই আইনৰ অধীনত যিসকল নিম্নতম মজুৰিত শ্রমদান কৰিবলৈ ইচ্ছুক তেওঁলোকে এই আঁচনি ৰূপায়িত হৈ থকা ক্ষেত্ৰত হাজিৰ হ’ব পাৰে। পৰিকল্পনাটো কেন্দ্র আৰু ৰাজ্যৰ মাজত 50:50 ভাৰত ভাগ কৰা হৈছে। DRDAৰ যোগেদি এই আঁচনি ৰূপায়ন কৰি থকা হৈছে।
(গ) অন্নপূর্ণা আঁচনি: এই আঁচনি ২০০০ চনত আৰম্ভ কৰা হয়। এই আঁচনিৰ জৰিয়তে বৃদ্ধ পেঞ্চন আঁচনিৰ অন্তর্ভুক্ত নোহোৱা বৃদ্ধসকলক মাহে দহ কিলোগ্রাম খাদ্য বিনামূলীয়াকৈ যোগান ধৰা হয়।
(ঘ) নিয়োগ নিশ্চিতকৰণ আঁচনি: এই আঁচনিৰ জৰিয়তে গ্রাম্য অঞ্চলত দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক কায়িক শ্রমৰ সুবিধা প্রদান কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে।
(ঙ) জৱাহৰ গ্ৰাম্য সমৃদ্ধি যোজনা: এই আঁচনি ১৯৮৯ চনত গাওঁ অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ মানুহক নিয়োগ পোৱাৰ সুবিধা দিয়া হৈছে।
২। ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ দৰিদ্ৰতা সমস্যাৰ মূল কাৰণসমূহ হ’ল:
(ক) জনসংখ্যা বিস্ফোৰণ: ভাৰতবৰ্ষত দৰিদ্ৰতাৰ এক অন্যতম কাৰণ হ’ল অত্যধিক জনসংখ্যা বৃদ্ধি। ভাৰতত জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পোৱা নাই। ফলত দৰিদ্ৰতা বৃদ্ধি পাইছে।
(খ) দৰিদ্ৰতাৰ ভয়াবহ চক্রঃ ভাৰতীয় লোকৰ নিম্ন আয়, মূলধনৰ অভাৱ আদি পুৰুষানুক্রমে প্রজন্মলৈ বাগৰি অহাত দৰিদ্ৰতা চক্রাকাৰ গতিত আবর্তিত হৈ আছে।
(গ) নিবনুৱা সমস্যাঃ ভাৰতত নিবুনৱা সমস্যাই ভয়াবহ ৰূপ লৈছে। নিবনুৱাসকলে মূলধনৰ অভাৱত বা কাৰিকৰী শিক্ষাৰ অভাৱত কোনো কামত নিয়োজিত হ’ব পৰা নাই। ফলত দৰিদ্ৰতাই প্রকটৰূপ ধাৰণ কৰিছে।
(ঘ) নিম্নমানৰ উৎপাদন ক্ষমতা: ভাৰত কৃষিখণ্ডত আজিলৈকে উন্নত প্রযুক্তিৰ ব্যৱহাৰ হোৱা নাই। ফলত উৎপাদন বৃদ্ধিৰ হাৰ প্রয়োজন অনুসৰি বৃদ্ধি নোহোৱাত দৰিদ্রতা বৃদ্ধি পাইছে।
(ঙ) পৰিকল্পনাত ত্রুটি: ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহ বাস্তৱত ৰূপায়িত কৰাত বহুত ত্রুটি থাকি যায়। বহুতো উন্নয়নৰ আঁচনি কাগজে কলমে ৰৈ যোৱাত সৰ্বসাধাৰণ লোকে পৰিকল্পনাৰ সুফলৰ পৰা বঞ্চিত হয়। তাৰ প্ৰভাৱ দেশৰ অৰ্থনীতিৰ ওপৰত পৰে। সেয়ে জনসাধাৰণ দৰিদ্ৰতাৰ পাক চক্ৰৰ পৰা ওলাই আহিব নোৱাৰে।
(চ) ক্রমবর্ধমান মূল্যস্তৰ ভাৰতীয় অর্থনীতিত হোৱা উচ্চ হাৰত মূল্যবৃদ্ধিয়ে নিম্ন আয়ৰ মানুহৰ প্ৰকৃত আয়ক আৰু তললৈ নমাই দৰিদ্ৰতা সমস্যাটোক প্রকট কৰি তুলিছে।
৩। ভাৰতৰ দৰিদ্ৰতা দূৰীকৰণৰ বাবে ল’বলগা পদক্ষেপসদমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতত দাৰিদ্ৰ সমস্যাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছ। এই দৰিদ্ৰতা সমস্যা সমাধান কৰাৰ বাবে তলত দিয়া পদক্ষেপসমূহ গ্রহণ কৰিব পাৰি
(ক) ভূমিৰ সৰ্বোচ্চ সীমা নির্ধাৰণৰ আইন বাস্তৱত ৰূপায়িত কৰি উদ্ধৃত ভূমিখিন ভূমিহীন লোকসকলকৰ মাজত বিতৰণ কৰি দিয়া।
(খ) কৃষিৰ উন্নয়নৰ আৰু উৎপাদন বৃদ্ধিৰ বাবে কৃষিত উন্নত প্রযুক্তিৰ ব্যৱহাৰ সুচল আৰু সুলভ কৰা। (খ) দেশত কুটিৰ আৰু ক্ষুদ্র উদ্যোগ স্থাপনত উপযুক্ত বিত্তীয় সাহর্য আগবঢ়াই স্ব-নিয়োজনত উৎসাহ প্রদান কৰা।
(গ) পশুপালন, দুগ্ধপাম, হাঁহ-কুকুৰা পালন, মৎস্য পালন আদি বিভিন্ন্মধৰণৰ প্ৰকল্পৰ কাম চলোৱাৰ বাবে উন্নয়ন কেন্দ্র গঢ়ি তোলা।
(ঘ) তত্ত্ব ভিত্তিক শিক্ষাৰ লগে লগে স্কুল কলেজত কাৰিকৰী শিক্ষাৰ ওপৰত সমানে গুৰুত্ব আৰোপ কৰা।
(ঙ) দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে লোৱা আঁচনিসমূহ দুর্নীতিমুক্ত কৰি সফল ৰূপায়ণত জোৰ দিয়া।
(চ) চৰকাৰী বিষয়াসকলক দুর্নীতিৰ পৰা মুক্ত কৰি স্বচ্ছ আৰু নিকা কর্ম সংস্কৃতি সৃষ্টি কৰা।
৪। দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্রিমাত্রিক ব্যবস্থা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: দৰিদ্ৰতা ভাৰতবৰ্ষত আজি এক ভয়াবহ ব্যাধিৰ দৰে দেখা দিছে। এই সমস্যা সমাধান কৰিবলৈ চৰকাৰে বহুতো পদক্ষেপো গ্রহণ কৰিছে। এই পদক্ষেপসমূহ ত্রিমাত্রিক। যেনে
(ক) প্ৰথমতে, চৰকাৰে দৰিদ্ৰতা নিবাৰণৰ কাৰণে যিবোৰ পদক্ষেপ গ্রহণ কৰিছে সেয়া বৃদ্ধিমূলক। এই পদক্ষেপত আশা কৰা হৈছে যে মুঠ ঘৰুৱা উৎপাদন আৰু জনমুৰী আয়ৰ খৰকতীয়া বৃদ্ধি হ’ব আৰু ইয়াৰ সুফলসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকে ভোগ কৰিব পাৰিব।
(খ) দ্বিতীয়তে, ভাৰবৰ্ষই ইয়াৰ তৃতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ বাবে কেইবাটাও আঁচনি গ্রহণ কৰিছে। যেনে কামৰ বাবে খাদ্য আঁচনি, গ্রামীন নিয়োগ সৃষ্টি আঁচনি, প্রধান মন্ত্ৰী ৰোজগাৰ যোজনা, স্ব-নিয়োজন আঁচনি ইত্যাদি।
(গ) তৃতীয় পদক্ষেপ হৈছে জীৱন ধাৰণৰ বাবে জনসাধাৰণক নিম্নতম মৌলিক সুবিধাসমূহ প্রদান কৰা। সামাজিক ভোগকাৰ্যৰ প্রয়োজনসমূহ যেনে – ৰেহাই মূল্যত খাদ্যশস্য যোগান, বিনামূলীয়া শিক্ষা লাভৰ সুযোগ প্রদান, স্বাস্থ্যসেৱাৰ সুযোগ, বিশুদ্ধ খোৱাপানীৰ যোগান ইত্যাদি।