Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অণু Molecule কি? সহজ ভাষাত জানক

By Nzmina Begum

Published On:

অসমীয়াত অণু Molecule কি? সহজ ভাষাত জানক

অসমীয়াত অণু Molecule কি? সহজ ভাষাত জানক

(অণু Molecule)  হৈছে মুক্ত অৱস্থাত থাকিব পৰা পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণা, য’ত পদাৰ্থৰ নিজস্ব ধৰ্ম আৰু বৈশিষ্ট্য অটুট থাকে। অণুৰ সন্নিৱেশৰ ঘনত্ব আৰু গতিৰ তীব্ৰতা অনুযায়ী পদাৰ্থ কঠিন, তৰল আৰু গেছীয় অৱস্থাত বিৰাজ কৰে। মৌলৰ অণুত এক বা একাধিক পৰমাণু থাকে।

যৌগৰ অণুত অৱশ্যে পৰমাণুৰ সংখ্যা সদায়ে একতকৈ বেছি। যেনে- হাইড্ৰজেন আৰু অ’জনৰ অণুত ক্ৰমে দুটা আৰু তিনিটা পৰমাণু থাকে। বিভিন্ন মৌলৰ পৰমাণুৰ ৰাসায়নিক সংযোগৰ সফলত যৌগৰ অণু গঠিত হয়। মৌলৰ অণুবোৰ একেবিধ পৰমাণুৰে গঠিত; কিন্তু যিকোনো যৌগৰ অণু একাধিক বিভিন্ন পৰমাণুৰে গঠিত।

ৰসায়ন বিজ্ঞানত অণু সূচাবলৈ যি প্ৰতীক লোৱা হয় তাক ‘আণৱিক সূত্ৰ’ বোলে। অণুত থকা একে বা বিভিন্ন মৌলৰ পৰমাণুৰ সংখ্যাবোৰক মৌলৰ প্ৰতীকবোৰৰ পদাংক হিচাপে লিখি আণৱিক সূত্ৰ প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, পানী আৰু কাৰ্বন ডাই-অক্সাইডৰ আণৱিক সূত্ৰ ক্ৰমে H2O আৰু  CO2 ।

যিকোনো অণুৰ পৰমাণুবোৰৰ মিলিত ওজনক আণৱিক ওজন আৰু এই ওজনক গ্ৰাম হিচাপে প্ৰকাশ কৰিলে তাক গ্ৰাম আণৱিক ওজন বোলা হয়। সাধাৰণতে অক্সিজেনৰ এটা পৰমাণুৰ ওজন 16 বুলি ধৰি লৈ যিকোনো যৌগিক পদাৰ্থৰ প্ৰত্যেকটো অণুৰ আণৱিক ওজন নিৰ্ণয় কৰা হয়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment