Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অজগৰ Pythonৰ বিষয় বিশ্লেষণ

By Nzmina Begum

Published On:

অসমীয়াত অজগৰ Pythonৰ বিষয় বিশ্লেষণ

অসমীয়াত অজগৰ Pythonৰ বিষয় বিশ্লেষণ

অজগৰ (Python) এবিধ বৰ ডাঙৰ বিষহীন সাপ। নিউজিলেণ্ডৰ বাহিৰে পৃথিৱীৰ সকলো দেশতে অজগৰ পোৱা যায়। এতিয়ালৈকে অজগৰ 35 টা প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

ইয়াৰে 32 টা প্ৰজাতি আছে আফ্ৰিকাত। অজগৰৰ বিষদাঁত আৰু বিষযন্ত্ৰ নাই। আহাৰ গ্ৰহণ কৰিবৰ সময়ত ই দেহটো কুণ্ডলিত কৰি তাৰ ভিতৰত জীৱ-জন্তু সুমুৱাই চেপি মাৰে।

ইহঁতৰ গাত থকা পেশীসমূহ ইমানেই শক্তিশালী যে এটা ডাঙৰ নাহৰফুটুকী বাঘো আক্ৰমণ কৰি তাক গিলি পেলাব পাৰে। অজগৰ সাধাৰণতে মাটিত থাকে আৰু¸ চৰাই তথা স্তন্যপায়ী প্ৰাণীক চিকাৰ কৰি খায়।

অজগৰে কণী পাৰি পোৱালি জগায়। সাধাৰণতে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত মাইকী অজগৰে এশটালৈকে কণী পাৰে আৰু কণীৰ পৰা পোৱালি নজগালৈকে মাকজনী লগতে থাকে।

ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰজাতিৰ সাপ। সাধাৰণতে অজগৰ 6-7 মিটাৰমান দীঘল হয় যদিও ‘ৰেটিকুলেটেড পাইথন’ নামৰ এবিধ অজগৰ 10 মিটাৰ পৰ্যন্ত দীঘল হয়।

দক্ষিণ আমেৰিকা আৰু ত্ৰিনিদাদত পোৱা আনাকোণ্ডা নামৰ অজগৰবিধো 5-6 মিটাৰ দীঘল আৰু সেই অনুপাতে শকত। অজগৰৰ ছালৰ পৰা নানা ধৰণৰ বিলাসী সামগ্ৰী তৈয়াৰ কৰা হয়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment