Join WhatsApp

Join Now

Join Telegram

Join Now

অক্টোপাছ Octopus কাক বোলে আৰু কি হয়?

By Nzmina Begum

Published On:

অক্টোপাছ Octopus

অক্টোপাছ Octopus কাক বোলে আৰু কি হয়?

অক্টোপাছ (Octopus) এবিধ কোমলদেহী সাগৰীয় প্ৰাণী। ইহঁতৰ গাটো ঘূৰণীয়া, মূৰটো ডাঙৰ আৰু মূৰৰ অংশত আঠটা বাহু থাকে। বিজ্ঞানৰ ভাষাত এই বাহুবোৰৰ নাম টেণ্টাক্‌লছ।

আঠখন বাহু থকা হেতুকে ইহঁতক ‘অষ্টপদী’ প্ৰাণী বোলা হয়। এই বাহুবোৰৰ সহায়তে অক্টোপাছে চিকাৰ ধৰে। বাহুবোৰত দুশাৰীকৈ শোষক থাকে আৰু শোষকৰে সৈতে অক্টোপাছ দেখিবলৈ বৰ ভয়লগা।

সাধাৰণতে দিনৰ পোহৰত ই সাগৰৰ শিলৰ ফাকত লুকাই থাকে আৰু ৰাতি হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই আহে। অক্টোপাছে সাধাৰণে কেকোঁৰা, মাছ, শামুক আদি খায়।

কিন্তু ই সাগৰৰ আন জীৱ-জন্তু, আনকি, কেতিয়াবা মানুহকো আক্ৰমণ কৰে। অক্টোপাছে ইয়াৰ বাহুবোৰৰ সহায়ত বগাই ফুৰে।

শত্ৰুৰ মুখামুখি হ’লে ইহঁতে গাৰ পৰা চিয়াহীৰ দৰে এবিধ তৰল ৰস পানীত এৰি দিয়ে। ইয়াৰ ফলত চৌপাশৰ পানীখিনি ধোৱাল বৰণৰ হৈ পৰে আৰু এই সময়তে ই শত্ৰুৰ চকুত ধূলি দি পলাই সাৰে।

অক্টোপাছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলাব পাৰে আৰু সেইবাবে আক্ৰমণ তথা আত্মৰক্ষা কৰিবলৈ ইহঁতৰ বহুত সুবিধা হয়। অক্টোপাছে কণী পাৰি পোৱালি জগায়।

ইহঁতে এবাৰত 5,000 ৰ পৰা 1,80,000পৰ্যন্ত কণী পাৰিব পাৰে। প্ৰশান্ত মহাসাগৰ, ভূমধ্য সাগৰ, ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ অঞ্চলত ঘাইকৈ অক্টোপাছ পোৱা যায়।

চীন আৰু ইটালিৰ মানুহে খাদ্য হিচাপে অক্টোপাছ ব্যৱহাৰ কৰে। পৃথিৱীৰ বহু আদিম আদিবাসীৰো অক্টোপাছ প্ৰিয় খাদ্য আছিল।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment