Join WhatsApp

Join Now

Join Telegram

Join Now

অমেৰুদণ্ডী প্ৰাণী Invertebrate চৰ্চাৰ বাহিৰৰ প্ৰাণীজগত

By Nzmina Begum

Published On:

অমেৰুদণ্ডী প্ৰাণী Invertebrate চৰ্চাৰ বাহিৰৰ প্ৰাণীজগত

অমেৰুদণ্ডী প্ৰাণী Invertebrate চৰ্চাৰ বাহিৰৰ প্ৰাণীজগত

(অমেৰুদণ্ডী প্ৰাণী Invertebrate) দেহত মেৰুদণ্ড বা ৰাজহাঁড় নথকা প্ৰাণী। অমেৰুদণ্ডী (Invertebrate) প্ৰাণীবোৰক প্ৰাণীজগতৰ এক স্বাভাৱিক বিভাগ বুলি ধৰা নহয়। বিজ্ঞানীসকলৰ মতে আজিৰ পৰা প্ৰায় 40 কোটি বছৰৰ আগতে জলভাগত অমেৰুদণ্ডী প্ৰাণীৰ উৎপত্তি হৈ প্ৰাণীজগতৰ আৰম্ভণি হৈছিল।

প্ৰাণীজগতত অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যাই সৰহ; শতকৰা 96 ভাগ প্ৰাণীয়েই অমেৰুদণ্ডী। স্পঞ্জ, প্ৰবাল, তৰামাছ, সকলো প্ৰকাৰৰ কীট-পতংগ, কেঁকোৰা আদি অমেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ।

অমেৰুদণ্ডী প্ৰাণীক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে–এককোষী আৰু বহুকোষী। এককোষী প্ৰাণীবোৰক পৃথিৱীৰ প্ৰথম প্ৰাণী  আখ্যা দিয়া হয়। এনে প্ৰাণীৰ (যেনে–এমিবা) আকাৰ অতি সৰু; অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইহঁতক দেখা পোৱা যায়।

এককোষী প্ৰাণীৰ ক্ৰমবিকাশ হৈ সৃষ্টি হৈছে বহুকোষী প্ৰাণীৰ। এককোষী-বহুকোষী প্ৰাণীৰো কেইবাটাও পৰ্ব বা ভাগ আছে।

অমেৰুদণ্ডী প্ৰাণীবোৰে মাটি, পানী উভয়তে বাস কৰে। মহাসাগৰৰ তলীৰ পৰা পৰ্বতৰ উচ্চতম শৃংগলৈকে—পৃথিৱীৰ সকলো ঠাইতে, সকলো জলবায়ুতে অমেৰুদণ্ডী প্ৰাণী পোৱা যায়।

এনে প্ৰাণীৰ দেহ সাধাৰণতে কোমল, কিছুমানৰ আকৌ কোমল দেহটো আবৰি এটা কঠিন খোলা আৰু¸ কিছুমানৰ কঠিন চোকোৰা থাকে। পইঁতাচোৰা, কেঁকোৰা, শামুক আদি এনে অমেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ।

অমেৰুদণ্ডী প্ৰাণীৰ বহুবোৰৰ দেহত শ্বাসৰন্ধ্ৰ আৰু সুসংগঠিত অংগতন্ত্ৰ নাথাকে। স্নায়ুতন্ত্ৰ সকলোৰে ক্ষেত্ৰত স্পষ্ট নহয়। কোনা কোনো অমেৰুদণ্ডী প্ৰাণীয়ে দেহকোষ, দেহবেৰ আদিৰ সহায়তেই জৈৱিক কাৰ্য সম্পাদন কৰে। এই প্ৰাণীবোৰ পৰজীৱী বা মুক্তজীৱী আৰু একলিংগী বা উভয়লিংগী হ’ব পাৰে।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment