Join WhatsApp

Join Now

Join Telegram

Join Now

অকাপি Okapi কি আৰু কিদৰে জানিব?

By Nzmina Begum

Published On:

অ’কাপি Okapi কি আৰু কিদৰে জানিব

অকাপি Okapi কি আৰু কিদৰে জানিব?

(অকাপি Okapi) মধ্য-পশ্চিম আফ্ৰিকাৰ ঘন বৰ্ষাৰণ্যত পোৱা জিৰাফ জাতীয় এবিধ স্তন্যপ্ৰায়ী প্ৰাণী। জিৰাফ জাতীয় প্ৰাণী যদিও জিৰাফৰ লগত অ’কাপিৰ বিশেষ সাদৃশ্য নাই।

আকাৰত অ’কাপি জিৰাফতকৈ ভালেখিনি সৰু আৰু ইহঁতৰ ডিঙি জিৰাফৰ দৰে দীঘলো নহয়। ওখই 1.7 মিটাৰমান অ’কাপিৰ ঠেংকেইখনত জেব্ৰাৰ দৰে পথালিকৈ ক’লা-বগা পটি আছে। ইহঁতৰ ওজন 210 ৰ পৰা 250 কিলোগ্ৰাম পৰ্যন্ত হয়।

ঘন আৰু অতি কোমল মখমলৰ দৰে পাতল কজলা-বাদামী বৰণৰ ছালেৰে আবৃত দেহৰ বৰণ আৰু ঠেঙৰ ক’লা-বগা পটিয়ে ইহঁতক ঘন অৰণ্যত লুকুওৱাত সহায় কৰে। ইহঁতৰ কাণ দীঘল আৰু শ্ৰৱণশক্তি প্ৰখৰ। স্বভাৱতে লাজকুৰীয়া অ’কাপিয়ে সাধাৰণতে অকলশৰীয়াকৈ থাকি ভাল পায়।

মতা অ’কাপিৰ মূৰত ধাৰাল শিং থাকে। 453 ৰ পৰা 464 দিন গৰ্ভধাৰণ কৰি অ’কাপিয়ে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে। গছৰ পাত, ফল-মূল, ঘাঁহ-বন আদি অ’কাপিৰ প্ৰিয় খাদ্য। মানুহৰ উপদ্ৰৱৰ বাবে অ’কাপি আজি বিপন্ন প্ৰায়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment